বদনামী মাইকী ( দীপাংকৰ মল্ল বৰুৱা )

বাবুনগৰৰ দুৰ্গা পূজাৰ মণ্ডপত দুৰ্গাৰ বিশাল মূৰ্তিটোলৈ চাই ফাল্গুনীয়ে জীয়েক চম্পাক ক’লে, “দুৰ্গা মাৰ এই মূৰ্তিটোত ক’ৰ মাটি আছে জাননে”?
চম্পাই মাকলৈ চালে৷ আঠ বছৰীয়া ছোৱালীজনীয়ে মাকৰ কথা ভালদৰে বুজি পোৱা নাই৷
“আমাৰ ঘৰৰ দুৱাৰদলিৰ মাটি আছে দুৰ্গা মাৰ মূৰ্তিত”, ফাল্গুনীয়ে গৌৰৱেৰে ক’লে৷
“আমাৰ ঘৰৰ দুৱাৰদলিৰ মাটি কিয় মা”? চম্পাই চকু মোহাৰি মোহাৰি সুধিলে৷
“কাৰণ আমাৰ ঘৰৰ দুৱাৰদলিৰ মাটি হ’ল আটাইতকৈ পৱিত্ৰ মাটি”৷ ফাল্গুনীয়ে চম্পাৰ মূৰত হাত ফুৰাই হাঁহি মাৰি ক’লে৷
চম্পাই একো নুবুজা ভাৱেৰে মাকৰ মুখলৈ চালে৷ “তই ডাঙৰ হ’লে সকলো বুজিবি৷ তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ’ব লাগিব৷ সেইযে দেখিছ, ভদ্ৰলোক ভদ্ৰমহিলা সকল বহি আছে, তই ডাঙৰ হ’লে তেওঁলোকৰ লগত বহিবলৈ পাব লাগিব৷ দুৰ্গা মাই আশীৰ্বাদ কৰিলে সকলো হ’ব৷ আমাৰ ঘৰৰ মাটিৰে মাৰ মূৰ্তি তৈয়াৰ হৈছে৷ মায়ে কিয় আশীৰ্বাদ নকৰিব”?
কাঞ্চন, বীনা, ৰূপা, পাৰুল, জেৰিনা হঁতে খাৰু মণিৰ দোকানবোৰ পিতপিতাই ফুৰিছে৷ দুৰ্গা পূজাৰ দিনটোত মুকলি মূৰীয়াকৈ ঘূৰি ফুৰাৰ সুযোগ পাই আটাইকেইজনীয়ে খুব স্ফূৰ্তি কৰিছে৷ চম্পাই মাকক টানি কাঞ্চন হঁতৰ ওচৰলৈ লৈ গ’ল৷
“দিদি, চম্পাৰ কাৰণে মই এই কানফুলিযোৰ লৈছোঁ”, কাঞ্চনে ফাল্গুনীক কানফুলিযোৰ দেখুৱালে৷
“তহঁতে তাইৰ কাৰণে কিয় ল’ব লাগিছে৷ নিজৰ কাৰণে যি লাগে ল’৷ বেছি সময় নকৰিবি৷ আণ্টিয়ে কৈ পঠিয়াইছে এঘণ্টাৰ ভিতৰত আমি গৈ পাব লাগিব”৷ ফাল্গুনীয়ে খৰ খেদা লগালে৷
চান্দিপাড়াৰ নিষিদ্ধ গলিৰ পৰা ওলাই আহি বেছিপৰ বাহিৰত ঘূৰি ফুৰাত তেওঁলোকৰ বাধা আছে৷ ফাল্গুনীয়ে জানে আলেঙে আলেঙে আছলম খানে হয়তো তেওঁলোকৰ ওপৰত চকু ৰাখি আছে৷ আণ্টিয়ে ফাল্গুনীক দায়িত্ব দি পাঁচজনী ছোৱালীক লগত লৈ পূজা মণ্ডপ চাই আহিবলৈ পঠিয়াইছে৷
ফাল্গুনীৰ বয়স হৈছে৷ এসময়ত তাই বহুত ধুনীয়া আছিল৷ তাইৰ কথা চান্দিপাড়ালৈ যোৱা প্ৰতিজন মানুহে জানিছিল৷ পিছে এতিয়া তাই আন কম বয়সীয়া ছোৱালী কেইজনীৰ লগত ফেৰ মাৰিব নোৱাৰে৷ সেয়েহে তাই এতিয়া আণ্টিৰ সহায়ক হিচাপে কাম কৰে৷
ফাল্গুনীক আটাইকেইজনীয়ে সমীহ কৰে৷ তাই আটাইকেইজনীৰ বাবে দিদি৷ তাই নিজৰ অভিজ্ঞতাৰে ছোৱালীবোৰক লাগতিয়াল দিহা পৰামৰ্শ দিয়ে, ডাক্তৰৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱায়, বেমাৰ আজাৰ হ’লে চিকিত্সাৰ ব্যৱস্থা কৰে, প্ৰয়োজন হ’লে গৰ্ভপাত কৰোৱায়৷
এটা সৰু ঘৰতে পাঁচজনী ছোৱালী আৰু তত্ত্বাৱধায়ক হিছাপে ফাল্গুনী থাকে৷ আণ্টি হ’ল ঘৰটোৰ মালিক৷ আছলম খানে দাৰোৱান আৰু সুৰক্ষা কৰ্মীৰ কাম কৰে৷ ছোৱালী কেইজনীয়ে কৰা উপাৰ্জন আণ্টিয়ে ৰাখি থয়৷ তাৰ বিনিময়ত খাবলৈ, পিন্ধিবলৈ, কেতিয়াবা দুই এপদ বস্তু কিনিবলৈ দিয়ে৷
দুৰ্গা পূজা মণ্ডপৰ পৰা ঘূৰি আহি আটাইকেইজনী ছোৱালীয়ে ঘূৰণীয়াকৈ মজিয়াতে বহি ল’লে৷ আটাইকেইজনীয়ে পূজা চাবলৈ গৈ কিনি অনা বস্তুবোৰ উলিয়ালে৷ চম্পাও সিহঁতৰ লগতে বহিল৷ খাৰু, মণি, কাণফুলি, কাজল, লিপষ্টিকবোৰ ইজনী সিজনীয়ে পিন্ধি, লগাই চালে৷
“আজি তহঁতে কি কি বজাৰ কৰিলি মোকো দেখুওৱাচোন”৷ আণ্টিয়ে ছোৱালীকেইজনীৰ ওচৰলৈ আহি ক’লে৷ সিহঁতে কিনি অনা বস্তুবোৰ এপদ এপদকৈ আণ্টিক দেখুৱালে৷
“চম্পা মা, তুমি আজি পূজা মণ্ডপলৈ গৈ কি দেখিলা কোৱাচোন”৷ এইবাৰ আণ্টিয়ে চম্পাৰ পিনে চাই ক’লে৷
“দাদী, আমাৰ ঘৰৰ মাটিৰে সঁজা মা দুৰ্গাৰ মূৰ্তি দেখিলোঁ”, চম্পাই তপৰাই ক’লে৷
“বৰ ভাল কথা৷ তুমি বুজিলানে আমাৰ ঘৰৰ দুৱাৰদলিৰ মাটি ইমানেই পৱিত্ৰ যে এই মাটি নহ’লে দুৰ্গা পূজাৰ মূৰ্তি সাজিবই নোৱাৰি”, আণ্টিয়ে হাঁহি হাঁহি ক’লে৷
“কিয় নোৱাৰি দাদী”, চম্পাই সুধিলে৷ আটাইকেইজনী ছোৱালীয়েও আণ্টিৰ পিনে চালে৷
“তুমি ডাঙৰ হ’লে বুজিবা৷ তোমাৰ এতিয়া বুজিবৰ হোৱা নাই”, আণ্টিয়ে চম্পাক বুজনি দি ক’লে৷
“মায়েও কয় মই ডাঙৰ হ’লে বুজিম, তুমিও একে কথাই কৈছা৷ এতিয়া কিয় বুজি নাপাম৷ এতিয়াই কোৱানা”, চম্পাই দাবী কৰি ক’লে৷
“মই বুজাই কৈছোঁ ৰ’বা”, এই বুলি ৰূপাই চম্পাক ওচৰলৈ মাতি তাইক কোলাত বহুৱাই ল’লে৷
“আমাৰ ঘৰলৈ যে আংকলবোৰ আহে, তেওঁলোকে বোলে সকলো ভাল কামৰ ফল আমাৰ ইয়াতে এৰি থৈ যায়৷ সেই কাৰণে হেনো আমাৰ ঘৰৰ দুৱাৰদলিৰ মাটি আটাইতকৈ পৱিত্ৰ”৷ ৰূপাই ক’লে৷
“আংকলবোৰ খুব ভাল মানুহ নেকি”? চম্পাই ৰূপালৈ চালে৷
“তেওঁলোক ভাল মানুহেই৷ কিন্তু ইয়ালৈ আহি সকলো ভাল কামৰ ফল আমাৰ ইয়াতে এৰি বেয়া মানুহ হৈ উভতি যায়”, ৰূপাই খিলখিলাই হাঁহি দিলে৷
“হয় নেকি ৰুপা মাহী? কিন্তু ভাল মানুহবোৰ আমাৰ ঘৰলৈ আহিলে কিয় বেয়া হৈ যায়”? চম্পাৰ চকুত প্ৰশ্ন৷
“তই ভিতৰলৈ ব’ল চম্পা৷ এতিয়া এইবোৰ কথা পাতিব নালাগে৷ তোৰ পঢ়া শুনা আছে৷ হোম ৱৰ্ক বাকী আছে৷ তই এইবোৰত মন দিব নালাগে”, ফাল্গুনীয়ে ধমক দি চম্পাক হাতত ধৰি ভিতৰলৈ টানি লৈ গ’ল৷
ফাল্গুনীৰ সৰু কোঠাটোত বিছনাখনৰ লগতে এখন টেবুলো সুমুৱাই লৈছে৷ ছোৱালীজনীক মানুহ কৰাটো ফাল্গুনীৰ সপোন৷ তাইক বাবুবজাৰৰ প্ৰাথমিক বিদ্যালয়লৈ পঠিয়াইছে৷ ছোৱালীজনীৰ ভাল হোৱাৰ বাবেই তাই দিনে ৰাতি মা দুৰ্গাক প্ৰাৰ্থনা কৰি থাকে৷ সৰু হৈ আছে কাৰণে তাই চম্পাক বহু কথা নোকোৱাকৈ থাকিব পাৰিছে৷ দেউতাক ক’ত বুলি সুধিলে কৃষ্ণ ভগৱানেই তাইৰ দেউতাক বুলি কৈ আসৈ মাতিব পাৰিছে৷ কিন্তু আৰু কিমানদিন?
চম্পাক পঢ়িবলৈ দি ফাল্গুনী ওলাই আহিল৷ ছোৱালীকেইজনীয়ে নিজৰ মাজতে কথা পাতি স্ফূৰ্তি কৰি আছে৷ অলপ সময় পিছতে আটাইকেইজনী সাজি কাঁচি ৰাতিটোৰ বাবে সাজু হ’ব লাগিব৷
মানুহ বহা কোঠাটোত পূজা বুলি সৰু সৰু লাইট লগাই থোৱা হৈছে৷ লগতে ডেকত মিউজিক বাজিছে৷ এক উত্সৱ মুখৰ পৰিৱেশ৷ পূজাৰ সময়ত ভিতৰলৈ অহা মানুহৰ সংখ্যা বাঢ়ে৷ সেইকেইদিন ছোৱালীকেইজনীয়ে উশাহ লবলৈ সময় নাপায়৷ কেতিয়াবা সৰু সৰু কথাতে খুব হুলস্থুল হয়৷ মাৰপিটো লাগে৷ বহু সময়ত আছলম খানে ডিঙিত ধৰি গতা মাৰি মানুহ উলিয়াই দিবলগীয়াও হয়৷
সেয়েহে দুৰ্গা পূজাৰ কেইদিনত চম্পাক লৈ ফাল্গুনীৰ খুব চিন্তা হয়৷ তাই ডাঙৰ হৈ অহাৰ লগে লগে চিন্তাও বাঢ়ি গৈছে৷
“দিদি, মোক এটা কথা বুজাই দিয়াচোন৷ দুৰ্গাপূজাৰ পুৰোহিতে কিয় আমাৰ ঘৰৰ মাটি বিচাৰি ভিক্ষা কৰিবলৈ আহে”? কাঞ্চনে অন্যমনষ্ক হৈ বহি থকা ফাল্গুনীক সুধিলে৷
“সেয়া হেনো এটা পৰম্পৰা৷ গংগাৰ বোকা, গৰুৰ মূত, গোবৰ আৰু বেশ্যাৰ ঘৰৰ মাটি মিহলি কৰি মূৰ্তি সজা কামত ব্যৱহাৰ নকৰিলে মূৰ্তিটোৱেই আধৰুৱা হৈ থাকে৷ সেই দুৰ্গা পূজা হেনো সফল নহয়”৷ ফাল্গুনীয়ে ক’লে৷
“গোটেই বছৰ আমাৰ কথা সেই সভ্য মানুহবোৰৰ মনত নপৰে৷ কেৱল দুৰ্গা পূজাৰ মূৰ্তিৰ কাৰণে মাটি ভিক্ষা কৰিবলৈ চান্দিপাড়ালৈ আহে৷ তেওঁলোকৰ অলপো লাজ নালাগেনে”? ৰূপাই খঙেৰে ক’লে৷
“লাজ কিহৰ? এই পৱিত্ৰ মাটি নহ’লে সিহঁতৰ পূজা যে সফল নহ’ব৷ দুৰ্গা মা যে অসন্তুষ্ট হ’ব”৷ কাঞ্চনে হাঁহি মাৰি ক’লে৷
“যদি দুৰ্গা মাৰ মূৰ্তিত আমাৰ দৰে ছোৱালী থকা নিষিদ্ধ গলিৰ মাটি লাগে, ভদ্ৰলোক সকলে আমাক কিয় বেয়া ছোৱালী বুলি ক’ব? আমিও বেলেগৰ দৰে কাম কৰি খাওঁ”৷ বীনাই ক’লে৷
“অথচ দিনৰ মুখাপিন্ধা সেই ভদ্ৰলোক সকলৰ কিছুমানেই ৰাতিৰ আন্ধাৰত আমাৰ ওচৰলৈ আহে”, জেৰিনাই উষ্মাৰে ক’লে৷
“বাদ দে৷ সেইবোৰ কথাত মূৰ গৰম কৰি লাভ নাই৷ আমি আমাৰ কাম কৰি যাম, সিহঁতে সিহঁতৰ কাম কৰি যাওক৷ আমি কথা পাতি থাকিলে কি হ’ব? আমি এইবোৰ বন্ধ কৰিব পাৰিম নেকি? অহাবাৰো নিলাজ কেইটাই আমাৰ ঘৰৰ মাটি নিবলৈ আহিব”৷ পাৰুলে ক’লে৷
এইদৰেই চলি থাকে সকলো৷ দুৰ্গা পূজাৰ সময়খিনি ভাল উপাৰ্জনৰো সময়৷ কিছুমান মানুহে দিনত দুৰ্গাৰ মূৰ্তিৰ আগত মূৰ দোঁৱাই ৰাতি স্ফূৰ্তি কৰিবলৈ চান্দীপাড়ালৈ আহে৷ খুছ হ’লে বহুতে মনখুলি কাঞ্চনহঁতক বকছিছ দিয়ে৷ সেয়েহে পূজাৰ কেইদিন ছোৱালীকেইজনীয়ে সোণকালে সাজি কাচি সন্ধিয়াৰ বাবে সাজু হ’বলৈ লয়৷
ৰাতি হোৱাৰ লগে লগে হুলস্থূল বাঢ়ি যায়৷ ফাল্গুনীয়ে চম্পাক বুকুত সাৱটি ধৰি শুৱাই থবলৈ চেষ্টা কৰে৷ কিন্তুু একোটা অবাইচ মাত, একোটা বিকট চিঞৰত তাই ভয় খাই সাৰ পাই যায়৷ বাহিৰত বাজি থকা সংগীতৰ শব্দই তাইকো ব্যাকুল কৰে৷
“মা, মোক বাহিৰলৈ যাব দিয়ানা৷ ইমান ধুনীয়া গান বাজিছে”৷ তাই মাকক খাটনি ধৰে৷
“নাই যাব নোৱাৰ৷ তই শুই থাক”৷ কঠোৰ হৈ কয় ফাল্গুনীয়ে৷ সেই সময়ত তাইৰ বৰ হিংস্ৰ যেন লাগে দুৱাৰৰ সিপাৰৰ পৃথিৱীখন৷
হঠাতে দুৱাৰত ঢকিওৱাৰ শব্দ হ’ল৷ বাহিৰত আছলমৰ চিঞৰ, “দুৱাৰ খোল”৷
দুৱাৰ খুলি দিয়াৰ বাহিৰে উপায় নাই৷ “হাৰামজাদী, বাহিৰত কাষ্টমাৰ চম্ভালিবলৈ এৰি তই আৰাম কৰি শুবলৈ আহিছ” এই বুলি চুলিত ধৰি তাইক সি বাহিৰলৈ টানি লৈ গ’ল৷
দুৱাৰখন বন্ধ কৰি থবলৈও তাই সময় নাপালে৷ বাহিৰত মানুহৰ ভিৰ, আণ্টিয়ে অকলে চম্ভালিব পৰা নাই৷ কাউণ্টাৰত তাইক থেকেচা মাৰি বহাই দি আছলমে ক’লে, “ইয়াৰ পৰা লৰচৰ নহ’বি কৈ দিছোঁ৷ বহুত ভিৰ হৈছে৷ হিচাপ ৰাখিবি৷ পইছা নিদিয়াকৈ যাতে কোনেও যাব নোৱাৰে”৷
সেই খোলা দুৱাৰখনেৰে চম্পা বাহিৰলৈ ওলাই আহিল৷ এজাক হিংস্ৰ, ক্ষুধাৰ্ত মানুহৰ মাজত তাই হেৰাই গ’ল৷ উত্তাল সংগীতৰ শব্দৰ মাজত তাইৰ চিঞৰ কাৰো কানত নপৰিল৷
পুৱতি নিশা কোঠালৈ উভতি গৈ চম্পাক নেদেখি ফাল্গুনীয়ে হাহাকাৰ কৰি উঠিল৷ তাই চিঞৰি চিঞৰি সকলোকে মাতিলে৷ ভাগৰত শুবলৈ যোৱা কাঞ্চন, ৰূপাহঁতো উঠি আহিল৷ ইতিমধ্যে নাক ঘোৰঘোৰাই দুৱাৰদলিত থকা বেঞ্চখনতে শুই পৰা আছলমো উঠি আহিল৷ সকলোৱে ঘৰটোৰ চুকে কোণে চম্পাক বিচাৰিলে৷ নাই, তাই ক’তো নাই৷ কোনেও তাইক বিচাৰি নাপালে৷ ফাল্গুনীৰ হিয়া ঢাকুৰা কান্দোনে পুৱতিনিশাৰ চান্দিপাড়া কঁপাই তুলিলে৷
পুলিছে বহুত বিচাৰ খোচাৰ কৰি গংগাৰ পাৰত চম্পাৰ শৰীৰটো বিচাৰি পালে৷ ৰাতি কোনোবা পাষণ্ডই গাড়ীত উঠাই নি তাইক বলাত্কাৰ কৰি হত্যা কৰিলে৷ তাইৰ ফুলকুমলীয়া শৰীৰটো ক্ষতবিক্ষত কৰি দলঙৰ পৰা নদীৰ পানীত পেলাই দিলে৷
কাৰো বাধা নামানি চম্পাৰ শৰীৰটো কোলাত ডাঙি লৈ বাবুনগৰৰ পূজামণ্ডপত ফাল্গুনী উপস্থিত হ’ল৷ পূজাৰ অঞ্জলি লৈ ভব্য গব্য হৈ বহি থকা ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকলৰ সমুখতে ছোৱালীজনীৰ লাচটো তাই ধাচকৈ পেলাই দিলে৷ সকলোৱে ইচ আচ কৰি উঠিল৷
ফাল্গুনীয়ে দুৰ্গাৰ মূৰ্তিৰ সন্মুখলৈ গৈ বাউলি হৈ ওপৰলৈ দুই হাত তুলি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, “মা তুমি হেনো শক্তি ধাৰিনী, তুমি হেনো মহিষাসুৰ মৰ্দিনী৷ এয়া তোমাৰ কি বিচাৰ মা দুৰ্গা৷ মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ মোৰ ছোৱালীজনীক ডাঙৰ মানুহ হ’বলৈ আশীৰ্বাদ কৰিবলৈ৷ আৰু তুমি তাই ডাঙৰ হোৱাৰ আগতেই মাৰি নিলা৷ তুমি যদি সঁচাকৈয়ে শক্তিৰ অধিস্থাত্ৰী, মোৰ ছোৱালীজনীক জীয়াই দিয়া৷ দেখুৱাই দিয়া তোমাৰ শক্তি৷ মোৰ ঘৰৰ দুৱাৰদলিৰ পৱিত্ৰ মাটিৰে সজা মূৰ্তিৰ মাজত তুমি যে আছা তুমি প্ৰমাণ কৰা৷ আৰু যদি নোৱৰা এয়া লোৱা, মোৰ ছোৱালীজনীকে তোমাৰ ওচৰত উছৰ্গা কৰিছোঁ”৷
ফাল্গুনীৰ কাণ্ডত পূজামণ্ডপত থকা মানুহখিনিৰ মাজত হৈ চৈ লাগিল৷ এজনে তাইৰ চুলিত ধৰি মূৰ্তিৰ সন্মুখৰ পৰা টানি লৈ আহিল৷ মানুহজনে অবাইচ মাতেৰে চিঞৰিলে, “চান্দিপাড়াৰ বদনামী মাইকী হৈ তোৰ ইমান সাহস৷ তই বেশ্যা এজনীয়ে বাবুনগৰৰ দুৰ্গাপূজা কলুষিত কৰিলি”৷
ফাল্গুনীয়ে চম্পাৰ শৰীৰটো সাৱটি ধৰি তাত থকা ভদ্ৰলোক সকললৈ চাই ক’লে, “অ’ মই বদনামী মাইকী, মই চান্দিপাড়াৰ বেশ্যা৷ কিন্তুু এই বেশ্যাৰ ঘৰৰ দুৱাৰদলিৰ মাটি নহ’লে তহঁতৰ দুৰ্গাৰ মূৰ্তিয়েই সম্পূৰ্ণ নহয়৷ এই বেশ্যাৰ ঘৰৰ মাটিৰে সজা মূৰ্তিকেই পূজা কৰি তহঁতে আশীৰ্বাদ লৱ৷ মই বদনামী, কিন্তুু মোৰ এই ফুলকুমলীয়া আঠবছৰীয়া ছোৱালীজনীতো বদনামী নাছিল৷ তাইতো বেশ্যা নাছিল৷ তাই মোৰ দুৱাৰদলিৰ মাটিৰ দৰেই পৱিত্ৰ আছিল৷ ৰাতিপুৱা দুৰ্গা পূজা কৰি ৰাতি চান্দিপাড়াত বদনামী মাইকী বিচাৰি যোৱা তঁহতবোৰেইতো তাইক দকচি দকচি খাই মাৰি পেলালি”৷ কান্দোনত ভাগি পৰা ফাল্গুনীৰ ৰণচণ্ডী ৰূপ দেখি সকলো আচৰিত হ’ল৷ কিছুমানে তাইৰ কথা শুনি তলমূৰ কৰিলে৷
“খবৰদাৰ৷ মই তঁহতক সাৱধান কৰি দিছোঁ৷ আৰু কেতিয়াও দুৰ্গাপূজাৰ মূৰ্তি সাজিবলৈ পৱিত্ৰ মাটি বিচাৰি চান্দিপাড়ালৈ নাযাবি৷ দুৰ্গাপূজাৰ পুৰোহিতে গৈ বেশ্যাৰ ঘৰৰ দুৱাৰে দুৱাৰে মাটি ভিক্ষা কৰিব নালাগে, বেশ্যাৰ ঘৰৰ মাটিৰে মূৰ্তি সাজি দুৰ্গাপূজা কৰিবও নালাগে, এদিনৰ কাৰণে আমাক ইমান সন্মান দিবও নালাগে৷ আকৌ যদি কোনোবাই কেতিয়াবা পৱিত্ৰ মাটি বিচাৰি চান্দিপাড়া যদি গৈ ওলাৱ, খবৰদাৰ, ময়েই দুৰ্গা হৈ তহঁতক বধিম”৷ এই বুলি হুংকাৰ দি তাই অচেতন হৈ মাটিত বাগৰি পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক