বদ-অভ্যাস (প্ৰতিভূ দত্ত)

 

হেমন্তৰ কথাবোৰলৈ মোৰ চকু দিবলৈ সময়ে নাপালো ৷ মনটো উৰা মাৰিল ২০০৮চনলৈ ৷
ফ্লেছবেক :
মই ইন্টাৰনেচনেল হস্পিতালত ডাক্টৰ দাসৰ সন্মুখত বহি আছো ৷
ডাক্টৰে এফালৰ পৰা চাই গৈছে ৷ ৰক্তচাপ, শৰীৰ তাপমান, হৃদপিন্ডৰ ঢপঢপণি……. ৷
এপাকত যন্ত্ৰপাতিবোৰ সামৰি ডাক্টৰ নিজৰ চকিত বহিল গৈ ৷ চকু দুটা মুদি কিবা অকনমান চিন্তা কৰিলে ৷ ডাক্টৰৰ মুখলৈ চাই মোৰ ভাব হ’ল, ‘‘মোৰ ছাগৈ ষ্ট্ৰক হৈ গ’ল দুটামান !’’
মোৰ উৎকন্ঠা বাঢ়ি গৈছে ৷ অৱশেষত ডাক্টৰ দাসে মোক সুধিলে, ‘‘দত্ত,এই বুকুৰ বিষ বাৰু আপোনাৰ কেতিয়াৰ পৰা হৈ আছে ?’’
মই কওঁ নকওঁকৈ ক’লো, ‘‘ধৰক প্ৰায় দুঘন্টামান হৈছে ৷’’
ডাক্টৰ দাসে উচপ খোৱাৰ দৰেই সুধিলে, ‘‘কি কৈছে ? দুঘন্টা ??????’’
তেওঁৰ প্ৰতিক্ৰিয়া দেখি মই আৰু ভয় খালো ৷ মনতে ভাবিলো, ‘‘বহু পলম হ’ল ছাগৈ ! দুঘন্টা ৰ’ব নালাগিছিল ৷ প্ৰনবে ঠিকেই কৈছিল তাৰমানে !’’
মই মনে মনে থকা দেখি ডাক্টৰে সুধিলে, ‘‘দুঘন্টা আগতে কি হৈছিল ?’’

আকৌ ফ্লেছবেক (দুঘন্টা আগলৈ):
মোবাইলত জিলিকি উঠিল প্ৰনবৰ ফোন নম্বৰ ৷
‘‘হৌৰা ! খবৰটো পালা ?’’
মই তাৰ মাততে গম পালো কিবা এটা হ’ল ৷ ‘‘কোনটো খবৰ ?’’
‘‘এহ্ ঠাকুৰ ঢুকাল হে ৷’’
আচৰিত হৈ সুধিলো, ‘‘কেনেকৈ ?’’
‘‘এহ্ নক’বা আৰু ৷ ঘৰৰ পৰা সি গাড়ীখন লৈ ওলাই আহিছিল বজাৰলৈ বুলি ৷ ক্লাব ৰোডৰ ওচৰতে বুকুখনত অকনমান বিষ এটা হোৱা যেন লাগি গাড়ীখন ৰখালে ৷ তাৰ পাছত দৰ্জাখন খুলিবলৈকে নাপালে হে !’’
‘‘কি কোৱা হে প্ৰনব ?’’
‘‘অ হে ! ষ্ট্ৰোক হ’ল বুজিছা নে ?’’
‘‘কি কোৱা হে ? ষ্ট্ৰোক হ’ল বুলিয়ে ডেকা ল’ৰা এটা এনেকৈ মৰি যাব নেকি ? এবাৰ দুবাৰ মান ষ্ট্ৰোক হ’লে একো নহয় বুলি কয় দেখোন হে !’’
‘‘আৰু প্ৰভু তুমি গম পোৱা নাই ৷ এইযে মাজে মাজে আমাৰ বুকুখন বিষাই যে ৷ সেইবোৰ কি বুলি ভাবিছা ?’’
‘‘কি বুলি ভাবিবা আৰু ? গেছ ছাগৈ ! ওমেজ (omez) খালে ভাল হৈ যায় ৷’’
‘‘বুজিছা প্ৰভু ময়ো তেনেকৈয়ে ভাবিছিলো কথাটো ৷ কিন্তু এতিয়া ভাবিছো সেইবোৰ গেছ-তেছ একো নহয় ৷ এটা এটা ষ্ট্ৰোকেই হয় ৷ বডী অলপ টাইট আছে কাৰনে গিৰাব পৰা নাই ৷ কিন্তু এদিন ঠাকুৰৰ দৰে গাড়ী চলাই থাকোতেই চেটেপ হৈ যাব ৷’’

তাৰ পাছত প্ৰনবে আৰু কি কি কৈছিল মোৰ মনত নাই ৷
মই তভক মাৰি কথাবোৰ ভাবিবলৈ ধৰিলো ৷ কিমানবাৰ গেছে খুন্দা মাৰি ধৰিছিল মনত পৰে নেকি ভাবিবলৈ ধৰিলো ৷ যিমানেই ভাবিছো সিমানেই বুকুখনৰ বিষ বাঢ়িবলৈ ধৰিলে ৷ চকুৰ আগেদি এৰি অহা দিনোবোৰ ফ্লেছবেকৰ দৰে পাৰ হৈ যাবলৈ ধৰিলে ৷
কিমান সময় তেনেকৈ থাকিলো ক’ব নোৱাৰো ৷
শেষত গৈ পালো গৈ ইন্টাৰনেচনেল হস্পিতাল ৷

পুনৰ ইন্টাৰনেচনেল হস্পিতালত ডাক্টৰ দাসৰ ছেম্বাৰ :
‘‘দত্ত, কি কয় হে ? আপুনি সেইটো কথাৰ কাৰনেই হস্পিতাল আহি গ’ল ?’’
সুধিবলৈ ভয় লাগিল, ‘‘ক‘লৈ যাব লাগিছিল ?’’
ডাক্টৰ দাসে মোক ক’লে, ‘‘একো চিন্তা নকৰিব ৷ আপোনাৰ একো অসুবিধা নাই ৷ সকলো ঠিক আছে ৷ মাত্ৰ বয়স হৈ আহিছে ৷ গতিকে ছিগাৰেট-মদ আদিৰ পৰা আতৰি থাকিব ৷ ডায়েট কন্ট্ৰল কৰিব ৷ অলপ এক্সাৰচাইজ কৰিব ৷ সকলো ঠিকে থাকিব ৷’’
‘‘কিন্তু ডাক্টৰ মোৰ যে বুকুখন বিষাইছিল ?’’
‘‘আপুনি এটা কাম কৰক ৷ এতিয়াই ঘৰলৈ যাওঁক আৰু পৰিবাৰৰ সৈতে অকনমান ক’ৰবাত পাক এটা মাৰি আহক ৷ বুকুৰ বিষ ভাল হৈ যাব ৷ ’’

মনতে ভাবিলো, ‘‘আজিৰ পৰা সকলো বদ অভ্যাস এৰিব লাগিব ৷ ডায়েট কন্ট্ৰল কৰিব লাগিব ৷ মহাদেব ডেকাৰ তালৈ গৈ অলপ এক্সাৰচাইজ কৰিব লাগিব …..’’

ঘৰ গৈ পালো ৷ এওঁক কথাটো নক’লো ৷

পাছদিনা কামলৈ বুলি ওলাই গৈ পন্ডিতৰ দোকানত পান কিনিবলৈ ৰৈ মনত পৰিল ‘বদ অভ্যাস’বোৰ এৰিব লাগিব ৷

নিজকে আকৌ বুজালো, ‘‘হয় বদ অভ্যাসবোৰ এৰিব লাগিব ৷’’

এখন পান মুখত ভৰালো, আনখন পান আৰু ফিল্টাৰৰ পেকেটটো জেপত ভৰালো ৷
এই ‘মৃত্যু ভয়’ৰ দৰে বদ অভ্যাসবোৰ এৰিবৰ হ’ল !!!!!!!!!!!

পুনৰ :
হেমন্ত মেছেজ দিলে, ‘‘মৃত্যুৱে আপোনাক আমনি কৰেনে ?’’
এক মুহুৰ্তও পলম নকৰি উত্তৰ দিলো, ‘‘নকৰে ৷’’
মনতে ভাবিলো তাক ক’ম,‘‘ কিয় কৰিব ? জন্ম,বিবাহ, মৃত্যু………. ৷’’
অকনমান চিন্তা কৰি ভাবিলো তাক ক’ম, ‘‘কিয় কৰিব ? মোৰ দেউতা ঢুকাইছিল মোৰ হাততে ৷ মই বৰ বেছি ভাঙি পৰা নাছিল ৷ সহজ ভাবেই লৈছিলো ৷’’
অকনমান চিন্তা কৰি ভাবিলো তাক ক’ম, ‘‘কিয় কৰিব ? মৃত্যুৱে আমনি কৰা লোকসকল বৰ দুৰ্বল মানুহ ৷ মোক নকৰে মৃত্যুৱে আমনি ৷’’

তাৰ পাছতহে ভাবিলো, ‘‘হেমন্তক মই লগ পাইছো মাথো এবাৰ ৷ তাৰ লগত ফেছবুকত কথা পাতিছো এবাৰ৷ সি বাৰু ৰাতিপুৱাই কিয় এই কথাষাৰ সুধিলে ? নিশ্চয় কিবা কথা আছে ৷’’

মৃত্যুক ভয় নকৰা ‘মই’ হেমন্তক ভয়ে ভয়ে সুধিলো, ‘‘ৰাতিপুৱাই এই কথা সুধিলা যে ? কিবা হ’ল নেকি ?’’
হেমন্তই উত্তৰ দিলে, ‘‘দাদা লগৰ এজন ঢুকাল যোৱা কালি ৷ ষ্ট্ৰোক হৈ ৷ যোৱা কালিৰে পৰা মই মাথো……’’
হেমন্তৰ কথাবোৰলৈ মোৰ চকু দিবলৈ সময়ে নাপালো ৷ মনটো উৰা মাৰিল ২০০৮চনলৈ ৷

ফ্লেছবেকৰ অন্তত,
হেমন্তৰ প্ৰশ্নৰ উত্তৰ, ‘‘সঁচা কথা কৈছো ৷ মই পলাই ফুৰো মৃত্যুৰ পৰা ৷ যেতিয়া মৃত্যু আহিব পাৰিলে সেই ঠাইত থাকিব লগা নহ’লে ভাল পাম ৷
আৰু এটা কথা,
কবিতাৰ ভাষাত ঠিকেই আছে কিন্তু তথাপিও কিয় জানো মৃত্যু এটা শিল্প বুলি মানি ল’বলৈ অকনমান টান পাওঁ মই ৷’’

‘‘হেমন্ত বৰ বেছি চিন্তা নকৰিবা ৷ জীৱন এনেকৈয়ে চলি থাকিব ৷’’

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক