বনলতা সেন (মূলঃ জীবনানন্দ দাস; অনুবাদঃ টুনুজ্যোতি গগৈ)

বনলতা সেন

হাজাৰ বছৰ জুৰি বাট বুলিছো আমি পৃথিৱীৰ বাটত
সিংহল সাগৰৰ পৰা মালয় সাগৰলে’ ৰাতিৰ আন্ধাৰত
বহু দূৰ ফুৰিছো আমি, বিম্বিসাৰ অশোকৰ ধূসৰ জগত
তাতোকৈ আৰু দূৰ অচিন বিদৰ্ভ নগৰত,
ভাগৰুৱা আমাৰ পৰাণ, চৌপাশে জীৱনৰ সাগৰ সফেন
দুদণ্ড শান্তিৰ জুৰণি লওঁ জুমি চাই নাটোৰেৰ বনলতা সেন।
কেশ তাইৰ আন্ধাৰ বিদিশাৰ নিশা
মুখত শ্ৰাৱস্তীৰ কাৰুকাৰ্য,
দূৰ সাগৰৰ ব’ঠা ভাগি যি নাৱৰীয়াই হেৰুৱাই দিক
দেখা পাম সেউজীয়া ঘাঁহনিৰে ভৰা ‘দাৰুচিনি’ মাজুলীৰ অন্তৰীণ
তেনেদৰেই মই চকু মেলি চাওঁ তাৰ আন্ধাৰত,
সোধে, ‘ইমান দিন ক’ত আছিলা?’
বিহংগৰ নীড়ৰ দৰে স্নিগ্ধ চকু তুলি চাই নাটোৰেৰ বনলতা সেন।
দিন শেষ হ’লে শীতৰ শব্দেৰে গধূলি নামে
দুই ডেউকাৰে ৰ’দ ভাঙি ভাঙি
বিৰঞ্জিত পৃথিৱীত পাণ্ডুলিপিয়ে কৰে আয়োজন গল্পৰ
জোনাকীৰ ৰং জিকমিক চিকমিক
নীড় মুখী বিহংগ, সকলো নদীয়ে
পাৰ কৰে জীৱনৰ সমগ্ৰ লেন-দেন
থাকে মাথোঁ আন্ধাৰ, সন্মুখত বহি থাকে বনলতা সেন।।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
k. s. deka
5 years ago

Translation is not at all satisfactoru

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক