বন্ধকী ( বি জে ৰঞ্জন )

Bandhaki-BJ Ranjan

 

 

 

ঘৰ মচিছোঁ। খুড়ীয়ে নিমিষ নেপেলোৱাকৈ মোৰ পিনে চাই আছে। কাষৰ কোঠাৰ পৰা খুড়াৰ কাহৰ শব্দ ভাহি আহিছে।

বিশ বছৰ আগৰ দিন এটালৈ মনত পৰিল। দেউতাই মোক খুড়াহঁতৰ ঘৰত থ’বলৈ আহিছিল সিদিনা। খুড়ীয়ে একথিৰে মোলৈ চাইছিল। তেওঁৰ দুচকুৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি মই তলমূৰ কৰিছিলোঁ।
দেউতাই মোক কৈছিল- “আজিৰ পৰা এইখনে তোৰ নিজৰ ঘৰ। ভালকৈ থাকিবি।”

ঘৰত এসাজ খাবলৈ হাহাকাৰ হোৱা অৱস্থাৰ পৰা খুড়াৰ ঘৰলৈ আহি দুয়ো বেলা পেট ভৰাই খাব পাই ৰাজসুখ পোৱা যেন লাগিছিল। ফটা চিটা কাপোৰ পিন্ধিবলৈও অক্ষম পৰিস্থিতি এটাৰ পৰা আহি তাত খুড়া-খুড়ীৰ ল’ৰা ৰিতুৰ মুঠেও পুৰণি নোহোৱা, ধুনীয়া পোছাকবোৰ পিন্ধিব পাই জীৱনটো সাৰ্থক হোৱা যেন লাগিছিল।
স্কুললৈ যাব পাইছিলোঁ, সময় উলিয়াই পঢ়িব পাৰিছিলোঁ, বছৰত দুবাৰমান ঘৰলৈ গৈ মা-দেউতা, ভাইটি-ভন্টিহঁতক লগ পাবলৈ সুবিধা পাইছিলোঁ। আৰু কি লাগে!
দেউতাই মোৰ চকুলৈ চোৱা নাছিল। দেউতাৰ চকুৰ চাৱনিটো নেদেখিলেও অৰ্থটো বুজি পাইছিলোঁ। মাৰ লগতহে দিগদাৰি হৈছিল। নকলেওঁ বহুত কথাই মাই বুজি পাইছিল। মাকবোৰ চাগৈ এনেকুৱাই, অধিক সংবেদনশীল। মাই বিচাৰিছিল কথাবোৰ খুলি-ভাঙি কওঁ, চকুলো টুকি আপত্তি দৰ্শাওঁ –“মা, মই খুড়াহঁতৰ ঘৰত আৰু নাযাও, মোক তেওঁলোক বন কৰা ল’ৰাৰ দৰেই ব্যৱহাৰ কৰে। কাপোৰ ধুবলৈ দিয়ে, ঘৰ সৰা-মচা কৰিবলৈ দিয়ে, আনকি বাচনো ধুৱলৈ দিয়ে। কৰিলেও কিবা যদি ভুল হয়, মাৰে, চৰিয়াই।”
কোৱা নাছিলো। ক’বলৈ বাধ্যবাধকতা আছিল। দেউতাৰ আশা আছিল মোক নিজৰ ভৰিত নিজে থিয় দিয়া চাবলৈ।

মোৰ খবৰ ল’বলৈ খুড়াহঁতৰ ঘৰলৈ আহোঁতে এবাৰ মায়ে মোক মজিয়া মচি থকা দেখিছিল। খুড়ীয়ে মাক কৈছিল-“চোৱাচোন তোমাৰ লৰা কেনেকুৱা কথা নুশুনা বিধৰ। মানা কৰিলেওঁ নুশুনে। সি বোলে বাৰাণ্ডাখন মচিবই।”
কিমান দুৰ্ঘোৰ মিছা কথা এষাৰ সাজি কব পাৰে মুহূৰ্ত্ততে- মই আচৰিত হোৱা নাছিলো, কাৰণ খুড়ীৰ এই গুণবোৰ মোৰ পৰিচিত হৈ পৰিছিল।
মায়ে মোলৈ চাইছিল। মাৰ সেই দৃষ্টি মই সহ্য কৰিব পৰা নাছিলোঁ। এনে লাগিছিল আবেগে যেন সীমা চেৰাই পাৰ ভাগি দুগালেৰে চকুপানী হৈ বৈ পৰিব। নিজক সংযত কৰি মালৈ চাই কৈছিলো- “হয় অ মা, এওঁলোকে মোক একো কাম কৰিব নিদিয়ে। মই নিজেই কৰো কেতিয়াবা, খুড়ীৰ অলপ সহায় হওক বুলি।”
মোক অকলে পালে মায়ে ভয়ে ভয়ে সুধিছিল-“বাপু, কিবা অসুবিধা পাইছ নেকি?”
মাক আশ্বস্ত কৰিবলৈ কৈছিলো- “কেলেই ইমান চিন্তা কৰিছা মা ? তেওঁলোকে ৰিতুক যেনেকৈ ভাবে, মোকো তেনেকৈয়ে ভাৱে। খোৱা-লোৱাতো ভাল, ঘৰত নেদেখা কিমান কি বস্তু খাবলৈ পাইছোঁ এতিয়া।”
মাক কোৱা নাছিলোঁ খুড়াহঁতৰ ডাইনিং কোঠাৰ কেইবা মিটাৰ দূৰৈতে অদৃশ্য লক্ষ্মণ-ৰেখা এডাল মোৰ বাবে টানি থৈ দিয়া আছে। কোৱা নাছিলোঁ সকলোৱে মৰমতে কাঁহীত এৰি থৈ যোৱা এৰেহা খাদ্যৰে মোৰ পেট ভৰে বুলি।
এবাৰ ঘৰলৈ যাওঁতে মায়ে মোৰ পিঠিত দাগ দেখি সেয়া কিহৰ সুধিছিল। কৈছিলোঁ- ৰিতুৰ লগত বাইকত উঠি যাওঁতে ৰাষ্টাত বাগৰি পৰি ছাল যোৱা চিন বুলি। মায়ে কৈছিল- এনেতো নালাগে, দেখিলে পিঠিত কিহবাৰে কোবোৱা চিন যেন লাগে।
মই হোঁহোৱাই হাঁহি কথাটো উৰুৱাই দিছিলোঁ। হাঁহিৰ মাজতে পিঠিৰ দাগৰ প্ৰকৃত কাৰণ অদৃশ্য হৈ গৈছিল।

ৰিতুৱে টেনত থাকোতে এদিন দেউতাকৰ মটৰ চাইকেলখনেৰে এক্সিডেন্ট কৰি চিগনেল আৰু হেড-লাইট ভাঙিছিল। দেউতাকৰ খঙৰ পৰা ৰক্ষা পাবলৈ সি মোক খাটনি ধৰিছিল। বাইকখন মই চলোৱা বুলি ক’বলৈ দিছিল। তাক না ক’ব পৰা নাছিলো। ৰিতুৱে মোক বহুত সহায় কৰিছিল, কিতাপ যোগাৰ কৰাৰ পৰা চোলা পেন্ট আদিলৈ। মাজে মাজে সি মোক দুই এপইচাও দিছিল। মই ৰিতুৰ সহায়ৰ প্ৰতিদান দিছিলোঁ।
মোক চোতালত ঠিয় কৰাই মূৰটো তললৈ হলাই দিয়া হৈছিল। ফলা খৰিৰ প্ৰচণ্ড কোব মোৰ পিঠিত পৰিছিল। খুড়ীয়ে বাৰাণ্ডাৰ পৰা খুড়াক কৈছিল- “ভালকৈ দিয়া অলপ, মজা পাব লাগে এইবোৰে।”
ৰিতুৱে আলেঙে আলেঙে মোৰ চকুলৈ চাইছিল। ময়ো তালৈ চাইছিলোঁ।
মোৰ মুখমণ্ডলত এটা অদ্ভূত তৃপ্তিৰ ৰেশ বৈ পৰিছিল। ৰিতুয়ে কৰা দয়াৰ অকণমান প্ৰতিদান সুজিব পাৰি মই ধন্য হৈ পৰিছিলোঁ।
বিল্ডিঙৰ চাদত থাকিবলৈ দিয়া মোৰ সৰু চালিখনলৈ ৰিতুৱে ৰাতি মনে মনে সোমাই আহিছিল। মোৰ পিঠিখন দেখি সি কান্দো-কান্দো কৰিছিল। পিঠিত এচপোলিন ঘঁহি দিছিল। সি যিমানে দুখ কৰিছিল মোৰ সিমানে ভাল লাগিছিল। ভাল লাগিছিল কিবা এটা যেন প্ৰতিদানৰ মূল্য দিব পাৰিছো।

সময় যোৱাৰ লগে লগে ৰিতুৰ পঢ়া-শুনা নষ্ট হৈ গৈছিল। একেটা শ্ৰেনীতে সি বাৰে বাৰে ফেইল কৰিছিল। আনহাতে মোৰ পৰীক্ষাৰ ফলাফলবোৰ ভাল হৈ গৈ আছিল। যিমানে জনা-বুজা হৈছিলো, সিমানে কেনেকৈ কম সময়ত পঢ়িব লাগে তাক আয়ত্ব কৰি পেলাইছিলোঁ।
এটা সময় আহিল এনেকুৱা যে মই খুড়াহঁতৰ ঘৰৰ বহুখিনি দায়িত্ব ল’বলগীয়া হৈ পৰিল। দায়িত্ববোৰ গুৰুত্ব সহকাৰে পালন কৰিছিলোঁ। তেতিয়ালৈ খুড়া-খুড়ীৰ একমাত্ৰ সন্তান ৰিতু সম্পূৰ্ণকৈ ধ্বংশৰ গৰাহত। এদিন ঘৰত পইচা খুজি নাপাই সি খুড়াক মাৰিবলৈ হাত ডাঙি খেদি গ’ল। মই বাধা দিলোঁ। তাৰ ঘোচা লাগি মোৰ নাকেৰে তেজ বৈ গ’ল। মোৰ ৰক্তাক্ত মুখলৈ চাই সি মনে মনে আতঁৰি গ’ল। খুড়া নিমাত হৈ পৰিল। খুড়ীয়ে ভাগ্যক দোষ দি সিদিনা যে কাক কিবোৰ গালি পাৰিলে বোধকৰোঁ নিজেই নাজানিলে। আৰু মই? যন্ত্ৰণাত মই প্ৰতিদানৰ তৃপ্তিবোধ অনুভৱ কৰিলোঁ।

ৰিতুক ভাল কৰিবলৈ তেওঁলোকে অশেষ চেষ্টা কৰিছিল। ব্যৱসায় কৰিবলৈ নিয়া খুড়াৰ পইচাবোৰ সি নিচাত উৰুৱাইছিল। লাহে লাহে খুড়াৰ বল পৰি আহিছিল। তেতিয়া মই প্ৰাইভেট কৈ এম.এ. পঢ়ি পাৰ্ট-টাইম কাম কৰিছিলোঁ।
এদিন ৰিতুৱে ঘৰৰ পৰা বহুত টকা লৈ ছোৱালী এজনী লগত উধাও হ’ল। তাৰ আৰু একো খা-খৱৰ পোৱা নগ’ল।
ইতিমধ্যে মই কলেজ এখনত চাকৰি এটাত যোগ দিলোঁ। মোৰ পইচাৰে তেওঁলোকক অভাৱ অনুভৱ কৰিব নোৱাৰাকৈ ৰাখিব পাৰ্যমানে চেষ্টা কৰিলোঁ।

দেউতাৰ জীৱনত এটাই আশা আছিল পুতেকক নিজৰ ভৰিত নিজে থিয় দিয়া চাবলৈ। কিন্তু সেইটো চাবলৈ নাপাওঁতেই সকলোকে এৰি থৈ দূৰলৈ তেওঁ গুছি গ’ল।
ইতিমধ্যে গাঁওৰ ঘৰখনো পোন কৰিলোঁ। ভনিটীক বিয়া দিলোঁ। খেতি-খোলা কৰি স্বনিৰ্ভৰশীল হ’বলৈ টকা পইচা দি ভাইটিকো সহায় কৰিলোঁ। সিও যোৱা বছৰ বিয়া পাতিলে।

খুড়াহঁতক এৰি যোৱাটো মোৰ বাবে সহজ কথা হৈ থকা নাছিল। মই গুছি যাম বুলি সন্দেহ কৰিয়ে তেওঁলোকে আবেগেৰে জব্দ কৰিব চেষ্টা কৰিছিল। সুযোগ, সুবিধা পালেই মোক কৰা সহায়ৰ কথা উল্লেখ কৰিছিল। মই যেন অলিখিতভাৱে মোৰ জীৱনটো তেওঁলোকৰ ওচৰত বন্ধকীত থৈছিলোঁ। তেওঁলোকৰ কথা শুনি মোৰ ঘিণ লাগিছিল। নাই, ঘিণ তেওঁলোকলৈ লগা নাছিল। লাগিছিল মোৰ নিজৰ জীৱনটোলৈ।

একালৰ মহা প্ৰতাপী খুড়া খুড়ী দুয়োজনেই বাৰ্ধক্য আৰু ৰোগৰ কবলত পৰি এতিয়া প্ৰায় শয্যাগতই হৈছে। ঘড়ীৰ কাটা চাই আজিকালি মই দুয়োকে দৰৱ খাবলৈ দিওঁ, হাতত ধৰি ধৰি বাথৰুমলৈ নিওঁ, শৰীৰ চাফা কৰি তেল-পাউদাৰ সানি দিওঁ।
দুদিন আগতে গা-ধোৱা কোঠাত পিচলি পৰি খুড়ীদেউ বিচনাৰ পৰা উঠিব নোৱাৰা হৈ আছে। ৰন্ধা-বঢ়াকে ধৰি ঘৰৰ সমস্ত কাম মই মূৰ পাতি লৈ কৰি গৈ আছোঁ।

সময়ৰ কি আচৰিত ধৰ্ম! সিদিনাৰ কথা যেন লাগে। জীৱনটো যেন চকুৰ এক পলক। দেউতাই এদিন কৈছিল- আজিৰ পৰা এইখন তোৰ নিজৰ ঘৰ।
নিজকে সুধোঁ-সঁচাকৈয়ে এইখন মোৰ নিজৰ ঘৰনে….?
পাকঘৰৰ পৰা অহা প্ৰেচাৰ-কুকাৰৰ চিটিয়ে মোক সচকিত কৰি তুলিলে। কথাবোৰ ভবা-চিন্তা কৰিবলৈও এতিয়া মোৰ সময়ৰ অভাৱ।

ধূলি, এলান্ধুৰে ভৰি পৰা গোটেই ঘৰটো আজি চাফা কৰিবলৈ মন গ’ল।
কোঠাবোৰ এটা এটাকৈ সাৰি মচি গৈছোঁ। খুড়ীয়ে নিমিষ নমৰাকৈ বিচনাৰ পৰা মোৰ পিনে একথৰে চাই আছে। কাষৰ কোঠাৰ পৰা খুড়াৰ কাহৰ শব্দ ভাহি আহিছে….আৰু চকুপানীৰে ভৰি পৰা খুড়ীৰ দুচকুৰ চাৱনি সহ্য কৰিব নোৱাৰি মই মূৰটো ঘুৰাই দিছোঁ।

বিশ বছৰ আগৰ দিনবোৰলৈ মোৰ মনত পৰিব ধৰিলে।
খুড়ীয়ে একথিৰে মোলৈ চাইছিল…..তেওঁৰ দুচকুৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি মই তলমূৰ কৰিছিলোঁ…… দেউতাই কৈছিল …আজিৰ পৰা এইখনে তোৰ নিজৰ ঘৰ……

ছিইইইই! ছিইইইই!
কুকাৰে আৰু দুটা হুইচেল মাৰিলে।
গেছটো নুমাবলৈ পাকঘৰলৈ দৌৰি দিলোঁ।।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments