বন্ধন (প্ৰতিম প্ৰতাপ বৰুৱা)

“আঁতৰ হ, আঁতৰ হ। ব্ৰে’ক চ্ৰে’ক নাই।“
“হেই এইটো, ব্ৰে’কডাল ঠিক কৰি লব নোৱাৰে। গছজোপাত খুন্দাটো মাৰিহে ৰয় এইডালে।“ – গছজোপাত আউজি থিয় হৈ থকাৰ পৰা আঁতৰি প্ৰদীপে বিকাশক ডবিয়াই উঠিল।
“কোনোবা দিনা মৰিবি গাড়ীৰ আগত পৰি। মটৰচাইকেল এখন লৈ নলৱনো কিয় ? – দিগন্তই ক’লে।
“হেই, বাদ দে। চাইকেল চলোৱাৰ মজাই বেলেগ। নাদীম ক’ত ? সি আহি পোৱাই নাই নেকি ? খবৰ এটা শুন। নাদীমে যে কমিচনত ইন্টাৰভিউ দিছিল, চাকৰিটো পালে সি।“ – চাইকেলখন ষ্টেণ্ড কৰি উঠি বিকাশে কোৱা কথাষাৰ শুনি দিগন্ত, প্ৰদীপ, পাৰ্থ, জয়ন্ত, ইনামূল আৰু মই একেলগে চিঞৰি উঠিলোঁ।
দিগন্তই ক’লে – “বঢ়িয়া। কি চাকৰি ?”
“ড্ৰিলিং এচিষ্টেন্ট। মোৰ লগতে ৰিগত কাম কৰিব লাগিব।“
“বঢ়িয়া। এতিয়া আৰু চিন্তা নাই। আমাৰ গোটেইকেইটাৰ গত এটা লাগিল। এতিয়া সি স্বপ্নালীক পলুৱাই আনিব পাৰিব আৰু। মুছলমান ল’ৰালৈ তাইক ঘৰৰপৰাতো নিদিয়েই।“ – পাৰ্থই বিকাশলৈ ডালমুট কেইটামান আগবঢ়াই ক’লে।
“অ’। ৰাজস্থানত যাঁও ব’ল। নাদীম আহিলে তালৈকে যাব। আৰু বচন্তী ক’ত ? লাইন মাৰিবলৈ গৈছে নেকি ? লগত শম্ভু আছেই চাগে ন’। এইপাতৰ একোডাল নহবগৈ আৰু। সি চাই থাকোতেই যাব।“

এইকেইটা হ’লোঁ আমি। গোটেইকেইটা বাল্যবন্ধু। লোকৰ বাৰীৰ ৰবাব টেঙা চুৰ কৰি আনি ফুটবল খেলা দিনৰে পৰা একেলগে খেলি-ধুলি, একেলগে পঢ়ি-শুনি ডাঙৰ হৈছোঁ। আগতে আবেলি আবেলি ফিল্ডত ক্ৰিকেট, ফুটবল খেলিছিলোঁ। কলেজ-ইউনিভাৰ্চিটিত পঢ়িবলৈ লওতে গোটেইকেইটা কিছুদিনৰ বাবে এৰাএৰি হৈছিলোঁ। এতিয়া আকৌ নিজৰ চহৰখনত গোটেইকেইটা বাল্যবন্ধু একেলগ হৈছোঁ। প্ৰদীপৰ বাদে গোটেইকেইটাই চাকৰি কৰোঁ। নাদীম বাকী আছিল, আজি সিও কমিচনত চাকৰি পালে। প্ৰদীপে ব্যৱসায় কৰে। সৰু-সুৰা ঠিকাও কৰে আৰু দিখৌমুখ-টেকেলীফুটা ঘাটত চলা মেচিন নাও এখন আছে তাৰ। গধূলি গোটেইকেইটা ওলাই আহি চাৰিআলিৰ এচুকত থকা কেচেটৰ দোকানখনৰ ওচৰতে থকা খালী ঠাইডোখৰত গছজোপাৰ তলত ৰৈ অলপ সময় আড্ডা মাৰোঁ। দোকানখনৰ সন্মুখত চাইকেল-স্কুটাৰ থৈ গোটেইকেইটাই ৰাজস্থান হোটেলত ৰঙা চাহ আধা কাপকৈ খাও। তাৰ পিছত, বিশেষকৈ গৰমকালি, গোটেইকেইটাই বৰপুখুৰীৰ পাৰত বহি আড্ডা মাৰোঁ।

গোটেইকেইটা ৰাজস্থান হোটেললৈ যাবলৈ লওতেই মুখত বৰ এচটা হাঁহি বিৰিঙাই নাদীম ওলালহি। “পাই গলোঁ ঐ, কমিচনত চাকৰি পাই গ’লোঁ। মা-বাবা খুচ।“ – নাদীমে আহিয়েই গোটেইকেইটাৰ গাত জপিয়াই পৰোঁ যেন কৰি ক’লে।
“ব’ল ব’ল, চাহ খুৱাবি। তোৰ ৰথখন ক’ত ?” – মই সুধিলো।
নাদীমে সদায় চাইকেল লৈ আহে। আজি খোজকাঢ়ি আহিছে। আগফালে বাস্কেট এটা, হেণ্ডেলৰ হাতেৰে ধৰাডোখৰত প্লাষ্টিকৰ ফিটা লগোৱা, স্প’কত প্লাষ্টিকৰ ৰঙা ফুল লগোৱা তাৰ চাইকেলখনৰ কথা আমি ৰথ বুলিহে কও।
“এ সেইখনৰ চকা ফুটি আছে। ব’ল যাও। বচন্তীক দেখি আহিছোঁ। আহিব সি।“
গোটেইকেইটা ৰাজস্থান হোটেলত বহিলোগৈ। এইখিনি সময়ত ৰাজস্থান হোটেলৰ এচুকৰ দীঘলীয়া টেবুলখনত আমাৰ ৰাজত্ব চলে। টেবুলখনৰ লগতে লাগি থকা বেৰখনত এদিন এই নাদীমেই আমাৰ গোটেইকেইটাৰ নাম-উপনাম গোটেইকেইটা লিখিছিল – বচন্তী, শম্ভু, ৰক, ঘাটৈ, নবাব, টেম্পাৰ ইত্যাদি। নামকেইটা আজিও বেৰখনত জিলিকি আছে।
“ৰক্ষা পালোঁ দেই। চাকৰিটো হ’ল যেতিয়া চিন্তা নাই আৰু।“ – নাদীমে ক’লে।
“ঠিকেই। এতিয়া স্বপ্নালীকো পলুৱাই আনিব পাৰিবি দে। তাইক ক’লিনে নাই ?” – পাৰ্থই ক’লে।
“কলোঁ।“
“কি ক’লে ? তোৰ লগত পলাই আহিব নে নাহে ?”
“ধেই। পলুৱাই নানো। আমাৰ মা-বাবাই নিকাহ কৰোৱাব বুলি মানি লৈছেই দেখোন।“
“পিছে তাইৰ ঘৰত মানিলেহে নিকাহডাল কৰিবি। নামানিলে পলুৱায়ে আনিব লাগিব।“
হোটেলৰ ল’ৰা এটাই আনি আমাৰ গোটেইকেইটাৰ আগে আগে চাহ আধাকাপকৈ দি গ’ল। “ঐ, এটা এটা চিঙৰা আৰু অলপ চব্‌জী লৈ আন।“ – ইনামূলে লৰাটোক হুকুমটো দি উঠি ক’লে – “তোৰ দৰমহা হৈ লওক। তাৰ পিছত তামাম খানা এটা দিবি।“
“ও। ঐ বিকাশ, ৰিগত কি কি কাম কৰিব লাগে অ’ ?” – নাদীমে বিকাশক সুধিলে। বিকাশে ক’লে – “একো নাই, চিন্তা নকৰিবি। আমি আছোঁয়েই। চব কাম শিকি যাবি লাহে লাহে।“
“আজি এটাই কৈছে ৰিগত হেনু মাংকি ব’ৰ্ডত উঠিব লাগে। আৰু ধুমুহা আহিলে ব’ৰ্ডখন উৰুৱাই নিও যেন কৰে হেনো।“
“তোক পোনেই মাংকি বৰ্ডত উঠিবলৈ নিদিয়ে, চিন্তা নকৰিবি। আৰু উঠিলেও উঠিবি। কিহৰ ভয় ? মই আগতে বহুত উঠিছিলোঁ। ককালত দুখ পোৱাৰ পৰা নুঠা হ’লোঁ।“
“উঠিব নাজানি ঘোঁৰাত উঠিলে ককালত দুখ পাবিয়েই। এতিয়াও সেইখন ব্ৰে’ক নোহোৱা চাইকেল চলাই ফুৰিছ। অথনি আমাৰ ঘৰৰ আগতে সেইজনীক এখুন্দা দিলিয়েইহেতেন। অলপতহে বাচিল।“

এবাৰ বিকাশ ঘোঁৰাৰ পৰা পৰিছিল। এনায়েকৰ ঘৰত সৰু মোমায়েকৰ বিয়া খাবলৈ গৈছিল। আবেলি ঘোৰাগাড়ীখন ঘৰলৈ অহাৰ পিছত নিম গছ এজোপাৰ তলত তেওঁলোকৰ ঘোঁৰাটো আহি নিজে নিজে থিয় হয়হি। বিকাশে এদিন দুদিন দূৰৰ পৰা ঘোঁৰাটো চালে। তাৰ পিছত এদিন লাহেকৈ নিমজোপাত কিছুদূৰ উঠি লাহেকৈ জাপ এটা মাৰি ঘোঁৰাটোৰ পিঠিত বহি দিলে। ভয় খাই ঘোঁৰাই চুটি মেলিলে। জীৱনত ঘোঁৰাত উঠি নোপোৱা আমাৰ বিকাশে ঘোঁৰাটোৰ ডিঙিত সাৱটি ধৰি চিঞৰত গগন ফালিছে, ঘোঁৰাই যেনিয়ে বাট দেখে তেনিয়ে দৌৰিছে, ইফালে বিকাশৰ হাতত ঘোঁৰাটোৰ ব্ৰে’কডাল নাই। এপাকত বিকাশ ঘোঁৰাৰ পিঠিৰপৰা উফৰি বাটৰ কাষতে থকা পথাৰত পৰিলগৈ। সেই তেতিয়াই দুখ পোৱা কঁকালৰ বিষ তাৰ এতিয়াও সম্পূৰ্ণ
ভাল হোৱা নাই।

আমি চাহ-চিঙৰা খাই থাকোতেই বচন্তী আৰু শম্ভু ওলালহি। বচন্তী আৰু শম্ভু মানে চন্দন আৰু অজয়। দুয়োটাই আজিকালি এটা কামত ঘূৰিছে। এবছৰমান আগতে চন্দনে ছেকেণ্ডহেণ্ড স্কুটাৰ এখন কিনিছিল। স্কুটাৰখনৰ কথা আমি বচন্তী বুলি কৈছিলোঁ। এতিয়া গৈ থৈ চন্দনৰ কথা ক’লেহে বচন্তী বুলি কোৱা হয়। “ঐ চাকৰি পালি, বঢ়িয়া। চিঙৰা বাই আছ ন। মোৰ ক’ত ?” – চন্দনে ক’লে।
“আনিব ৰহ। আজি সিফালে কি খবৰ ? দেখিলি নে নাই।“ – বিকাশে তাক সুধিলে।
“আজি মোলৈ চাইছিলে ঐ।“ – চন্দনে হাত দুখন মোহাৰি মোহাৰি ক’লে।
“হৈছে আৰু। চাইছিলে। চাই থাকোতেই হবগৈ আৰু। মাত নাই, কথা নাই। দূৰৰ পৰা এবাৰ চাবি, আৰু স্কুটাৰখন ঘূৰাই গুচি আহিবি। আৰু মাত্ৰ চাবলৈকে সদায় সদায় স্কুটাৰৰ তেল পুৰি থাকিবি। আৰু লগত এইপাত শম্ভু, তই একো এটা কৰিব নোৱাৰনেকি হা ?” – মই ক’লো।
“শুন, মে-ডাম-মে-ফী আহি আছে। সেইদিনা ৰাইজে সাজি-কাচি তলাতলঘৰলৈ যাব। সেইদিনাই কিবা এটা কৰ।“ – নাদীমে চন্দনক উপায় এটা দিলে।
“হা ? হু।“
“কিহৰ হা হু। নহলে তই চাই থাকোতেই যাব। আনে তোৰ চকুৰ আগতে থপিয়াই নিব।“
“প্ৰব্লেম আছে অ’। জাত নিমিলে। আমি কলিতা মানুহ, সিহঁত কৈৱৰ্ত্ত। মোক দেউতাই ঘৰৰ পৰা বাজ কৰি দিব।“
“বাজ কৰি দিলে দিব। একো নাই। এবছৰ পিছত যেতিয়া নাতিয়েকৰ মুখখন দেখিব ক’ৰ খং কলৈ পলাব ঠিক নাই।“
“ধুৰ, বাদ দে।“

এইটো হ’ল চন্দন। আজি প্ৰায় ছয়মাহ সি সদায় আবেলি মৌচুমীহঁতৰ ঘৰৰ আগেদি এপাক এপাক মাৰি আছে। মৌচুমীয়েও আজিকালি সেইখিনি সময়ত সদায় ঘৰৰ আগফালে বাৰাণ্ডাত ৰৈ থাকে। চন্দনৰ চকুৱে চকুৱেও পৰে মৌচুমী। তায়ো জানিছে কথাটো। কিন্তু চন্দনৰ সাহস নাই। ইফালে নাদীমে কিন্তু স্বপ্নালীক এমাহ মানতে লগ ধৰি কথাটো কৈ দিছিল। স্বপ্নালীয়ে না না কৰি হা কৰিবলৈ ২০ দিন মান সময় লৈছিল।
দিনবোৰ যথা নিয়মে গৈ আছিল। এদিন মে-ডাম-মে-ফী আহিল। শিৱসাগৰত তলাতল ঘৰত ধুমধামকৈ আয়োজন কৰা হয় মে-ডাম-মে-ফী। আমি প্ৰত্যেকবাৰেই যাওঁৱেই। পিছে এইবাৰৰ যোৱাটো অলপ বেলেগ। যেন গোটেইকেইটা অভিযানতহে ওলাইছোঁ। চন্দনে সাজি-কাচি ফিট-ফাট হৈ ওলাইছে। আমাৰ বাকীকেইটাৰ যথানিয়মে তথৈৱচ ষ্টাইল। বহুতদিন নোধোৱা জিন্স, ওলোমা জেকেট, কমিচনৰ ৰিগত পিন্ধা জোতাযোৰ মুচীৰ হতুৱাই মডিফাই কৰোৱাই লোৱা জোতা ইত্যাদি।

“অলপ ভালকৈ পিন্ধি উৰি আহিব নোৱাৰনেকি ? শ্ব’ টো বেয়া হৈ গৈছে আমাৰ।“ – মাজতে চন্দনে ভেকাহি এটা মাৰিছিল। কোনোবা এটাই উত্তৰ দিলে – “খেলখন তোৰহে। আমি কিডাল কৰিবগৈ লাগে ? লগত সেইপাত শম্ভু আছেই। আমি দূৰৰপৰা চাম। নহলে আজিয়েই পলুৱাই লৈ যাওঁ ব’ল তাইক।“
‘হেই, মনে মনে থাক। টেনচনত এই ঠাণ্ডাতো ঘাম বাজ হৈ গৈছে।“
আমি গোটেইকেইটা গৈ তলাতল ঘৰৰ একেবাৰে ওপৰৰ মহলাৰ চিৰিকেইটাত বহিলোঁগৈ। দূৰৰ পৰা দেখিলোঁ ৰাইজ আহি আছে, লগৰ ছোৱালীয়ে বেৰি আছে তাইক।
“ঐ, আহিছে। যা যা।“ – মই ক’লো।
“হা ?” – এইটো চন্দনৰ উত্তৰ।
“ধুৰ। আকৌ হা। যা বুলিছোঁ যা। লগত শম্ভু তয়ো যা।“
“কি বুলি ক’ম ?”
“কি বুলি কবি আমি কিডাল জানো ? মুঠতে যা। নহ’লে হেৰাব।” – দুয়োটাকে গতিয়াই তললৈ নমাই পঠিয়ালোঁ। আমি তলাতল ঘৰৰ ওপৰৰ পৰা চাই আছোঁ। দুইটা গ’ল। ৰাইজে এঠাইত বননিৰ ওপৰত কাপোৰ এখন পাৰি বহিছে। আমাৰ ইহঁত দুইটাই বিশফুটমান দূৰেদি দুবাৰমান অহা-যোৱা কৰিলে আৰু তাৰ পিছত উভতি গুচি আহিল।
“কটা, মুখৰ মাতষাৰ নোলায় এইপাতৰ।“
“এ ইমানজাক ছোৱালীৰ মাজত কেনেকৈ কি কৰোঁ ?”
“লগৰ কোনোবা এজনীকে মাতি আনি কৈ দে।“
“হেই, মই নোৱাৰোঁ।“
“হৈছে আৰু। ঐ, গোটেইকেইটা যাওঁ ব’ল।“
“নেলাগে থ’। পিছত কেতিয়াবা ক’ম।“
“ধেই, বাদ দে। ব’ল গোটেইকেইটা। কৈহে এৰিম আজি।“

গ’লো গোটেইকেইটা। আমাৰ লগৰ প্ৰদীপে কথা নাই বতৰা নাই পোনে পোনে ছোৱালীজাকৰ ওচৰলৈ গৈ ক’লে – “ভন্টীহঁত বহিছা।“
এজনীয়ে উত্তৰ দিলে – “ও বহিছোঁ।“ লগতে দুজনীমানৰ খিলখিল হাঁহি। আচল গৰাকীয়ে মিচিক-মাচাক হাঁহি অইন এফালে চাই আছে।
প্ৰদীপে ক’লে – “হে হে হে। কমলা খাবা কমলা ? ৰ’বা, লগৰকেইটাক মাতি আনো। ঐ আহ।“ কথাষাৰ কৈ সি লাহেকে আঁঠু দুটা পেলাই ছোৱালীখিনিৰ ওচৰতে বহি ল’লে।
আমাৰ লগৰকেইটাৰ এটাৰো ভৰি আগবঢ়া নাই। এটাই চন্দনক গতিয়াই আগবঢ়াই দিলে।
“দাদা, কমলা দিয়ক আকৌ।“ – এজনীয়ে ক’লে।
“অ’ ৰবা। ঐ, কমলা কেইটামান কিনি আনচোন।“
আমাৰ লগৰ দুটা সঁচাকৈয়ে কমলা কিনিবলৈ গ’ল। আমি গোটেইকেইটা প্ৰদীপৰ ওচৰ চাপি থিয়া-থিয়ি কৰিবলৈ ধৰিলোঁ। কি কৰোঁ, কি নকৰোঁ লাগিছে। ছোৱালীজাকে হঁহা দেখি আমাৰ তালুৱেদি জুইৰ ফিৰিঙতি ওলাইছে।
“কথা এটা আছিল হে।“ – প্ৰদীপে কথাষাৰ লাহেকৈ ক’লে।
তাৰ কথাষাৰ শুনি এজনীয়ে উত্তৰ দিলে – “আমি জানো দেই।“
“হয় নেকি ?” – প্ৰদীপে ক’লে। উত্তৰত অইন এজনীয়ে ক’লে – “হয় আকৌ। কৈ দিয়ক আৰু।“
“এ তোমালোকে জানাই দেখোন। এতিয়া সুধি লৈ উত্তৰটো দিয়া আৰু। আমাৰ চন্দনে বৰ টেনচনত আছে দেই।“ – প্ৰদীপে ক’লে। প্ৰদীপৰ কথাৰ উত্তৰত প্ৰত্যেকবাৰে বেলেগ বেলেগ একোজনীয়ে উত্তৰটো দিয়ে। এজনীয়ে ক’লে – “নহ’ব দেই।“
“নহ’ব দেই মানে ? নহ’বই নেকি ? এস্‌।“
ইফালে চন্দনৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁৰ দৰে গৈছে।
“মানে ইমান ইজিলী উত্তৰ দিয়া নহব দেই।“ – এজনীয়ে ক’লে।
“অ, সেইটো কথা। তেন্তে কেনেকৈ উত্তৰটো দিয়া হ’ব ?”
“পাৰ্টি দিব লাগিব।“
“ঠিক আছে। উত্তৰটো যদি য়েচ হয়, তেন্তে পাৰ্টি দিম।“
“পাৰ্টিত কি কি খুৱাব ?”
“পৰঠা আৰু হাফ চাহ।“
“ইস, আমি সেইবোৰ নাখাও দেই। আমাক ধাবাত হাঁহৰ মাংসৰে ভাত খুৱাব লাগিব।“
“খুৱাম খুৱাম। চন্দনে খুৱাব।“
“ঠিক আছে। কেতিয়া খুৱাব ?”
“তাৰমানে উত্তৰটো য়েচ হৈ আছে ন’ ? আমি পিছে কাৰ কথা সুধি আছোঁ গম পাইছানে নাই ?” – চিওৰ হৈ লবলৈ প্ৰদীপে এবাৰ সুধি ল’লে। ইফালে চন্দন আৰু মৌচুমী দুয়োটাৰে অৱস্থা নাই।
“পাইছোঁ দিয়ক। ইমান বেছি বেছি কৰিব নালাগে আৰু। মৌচুমীয়ে লাজ কৰিছে।“
ইতিমধ্যে কমলা আহি পালেহি। প্ৰদীপে কমলাৰ ঠোঙাটো ছোৱালীজাকলৈ আগবঢ়াই দি ক’লে – “হে হে হে। তেন্তে যাওঁ আৰু দেই। পিছত লগ পাম। ধাবাত ভাত খাবলৈ কেতিয়া যাবা ক’বা।“

গোটেইকেইটা গুচি আহিলোঁ। চন্দনৰ মুখত বিশ্ববিজয়ৰ হাঁহি।
“প্ৰদীপ, মানিলোঁ দেই তোক।“
“উফ, বাপৰে বাপ। কটা চন্দন, তোৰ কাৰণে আজি ইমানখিনি কৰিলোঁ দেই।“

সেইদিনা আবেলি আমাৰ আকৌ এটা পাৰ্টি চলিছিল। তাৰ পিছতো চন্দন-মৌচুমীয়ে ইটোৱে সিটোক মাতিবলৈ আৰু এমাহমান লাগিছিল।
দিনবোৰ যথা নিয়মে গৈ আছিল। তাৰ মাজতে আমাৰ দুটামানৰ ঘৰত লাহে লাহে বিয়া-বাৰুৰ কথা ওলাইছিল। তেনেকৈয়ে এদিন নাদীম-স্বপ্নালীৰ বিয়াখনো ঠিক হৈছিল। আমাৰ সৰু চহৰখনত একেলগে হিন্দু আৰু মুছলমান নিয়মেৰে পতা বিয়া সেইখনেই প্ৰথম আছিল। বিয়াৰ দিনাখন নাদীম আৰু স্বপ্নালীৰ দেউতাক দুজনে বিয়াঘৰত ইজনে সিজনক সাৱটি ধৰা দৃশ্যটো বহুত আপুৰুগীয়া আছিল।

নাদীমৰ লগত দৰাঘৰীয়া হৈ কইনা লৈ উভতি আহি থাকোতে আমি আশা কৰিছিলোঁ চন্দন-মৌচুমীৰ বিয়াখনো যেন এনেকৈয়ে ভালে-কুশলে হৈ যায়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক