বন্ধুত্বৰ মুখা (দিপুল হালৈ)

কথাবোৰ যে কেনেকৈ কি হৈ গ’ল | ক’তনো ভাবিছিল তাইৰ ইমান সংখ্যক বন্ধু-বান্ধৱী হ’ব বুলি | এটা দুটা নহয় দুশ পচিশ গৰাকী ! স্কুল-কলেজতো বহুতো বান্ধৱী আছিল | লাজকুৰীয়া স্বভাৱৰ বাবে তাইৰ ল’ৰা বন্ধু তেনেই সীমিত | আৰু আজি তাইৰেই অ’ত সোপা বন্ধু-বান্ধৱী | প্ৰকাশে এদিন ফেচবুক চাই থাকোতে প্ৰতীক্ষাক সুঁধিছিল “ তোমাৰো এটা ফেচবুকত একাউন্ট খুলি দিম নেকি ? ” তাই পোনচাতেই “নাই নাই নালাগে দেই ”- বুলি মূৰ জোকাৰিছিল | ফেচবুকৰ নাম শুনিছে যদিও বৰ আগ্ৰহ নাই ; বাতৰিটো ফেচবুকৰ যিবোৰ কথাহে ওলাই থাকে ! ফেচবুক কাণ্ডৰ বাবে অসম বন্ধ পৰ্যন্ত হৈ গ’ল | আৰু সেই প্ৰতীক্ষাই এদিন এজনী বান্ধৱী লগত ফোনত কথা পাতি সিদ্ধান্ত ল’লে এটা একাউন্ট খোলাৰ | প্ৰকাশে প্ৰথমে আচৰিত হৈছিল কিয়নো এবাৰ খুলি দিবলৈ লওঁতে মূৰ জোকৰা মানুহগৰাকীয়ে এতিয়া নিজেই আগ্ৰহ কৰিছে | পিচদিনাই শ্ৰীমতীৰ নামত এটা ফেচবুক একাউন্ট খুলি দিলে | তাৰ পাচত সন্ধিয়া এঘন্টামান ফেচবুকত বহে | প্ৰফাইল, নোটিফিকেচন চাব পৰা হ’ল | ফ্ৰেইন্ড ৰেকুৱেষ্ট পঠোৱাৰ লগতে গ্ৰহণ কৰিব পৰা হ’ল | টেগ, ছেয়াৰ, লাইক, কমেন্ট, আপলোড, আনফ্ৰেইণ্ড, ব্লক, ৰিপোৰ্ট আদি ফেছবুকিয়া শব্দবোৰ এতিয়া আখৈ ফুটাদি ফুটে |

এদিন একাউন্ট খুলি এটা বন্ধুত্বৰ প্ৰস্তাব দেখিলে | “সমীৰণ বৰুৱা” , লগে লগে নামটোত ক্লিক কৰি প্ৰফাইল চোৱাত লাগিল | চাকৰিয়াল, কলেজৰ সহযোগী অধ্যাপক, বিবাহিত, — গোটেই প্ৰফাইলটোত এবাৰ চকু ফুৰাই বন্ধুত্ব গ্ৰহণ কৰিলে | “ ধন্যবাদ” – এটা বতাহত উৰি আহিল | অজানিতে এটা হাঁহি বিৰিঙি গ’ল | সমীৰণ বৰুৱাই মাজে মাজে আপডেট দিয়ে ; ভাল লাগিলে প্ৰতীক্ষাই লাইক কৰে | ফটোও টেগ কৰি থাকে | কিন্তু মানুহজনৰ কথাবোৰ দাৰ্শনিকৰ দৰে বাবে মাজে মাজে তাইৰ ব’ৰ লাগে।
“ভালনে তোমাৰ ?”
“ভাল, আপোনাৰ ?”
“ভাল | কি কৰি আছা?”
“ টিভি চাই আছো”
“আপুনি ?”
“এনেয়ে, ফেচবুক | আৰু ..?”
-এনেদৰে চেট আৰম্ভ হ’ল অচিনাকি বন্ধুৰলগত | সদায় সন্ধিয়া ফেচবুক খুলিলেই অলপ সময় পাচতেই সমীৰণৰ নাম পৰ্দাত জিলিকি এটা মেছেজ আহে | তাৰ পাছত ইটো সিটো কথাৰ আলাপ | ভালো লাগে প্ৰতীক্ষাৰ | প্ৰকাশৰ লগত দুয়ো  সকলোবোৰ কথা পাতে | আনকি কেতিয়াবা কি লিখিব তাক প্ৰকাশক সুঁধিয়ে লিখি দিয়ে | কিছুমান কথা প্ৰকাশৰ ভাল নালাগে , প্ৰতীক্ষাৰো | যেতিয়া লিখে “ U r in my heart” “ U r very sweet” | সি কয় , “কি লিখিছে এইবোৰ , তোমাক কোনোবাই এনেকৈ ক’লে মোৰ ভাল নালাগে দেই |” – প্ৰতীক্ষাই প্ৰকাশলৈ চায় | কয়, “ মোৰো ভাল নালাগে |” বুলি কোৱাৰ লগে লগে টংকৈ বাজি এটা বাৰ্তা জিলিকিল : I miss u dear | I like yr simplicity . বন্ধুত্ব চলি থাকিল | সন্ধিয়া অলপ সদায় নেটত বহে প্ৰতীক্ষাই | মাজে মাজে সমীৰণ বৰুৱাৰ কথা ভাবে- মানুহটো কি বাৰু | ইমান উচ্চ পদত থকা এজন অধ্যাপকে এনেকুৱা চুপতি মাৰিব পাৰেনে | যিমান দূৰ জানিছে একাউন্টো ও মিছা নহয় | প্ৰকাশেও প্ৰতীক্ষাক সকিয়াই দিছে – এইটোৰ লগত বেছি চেটিং  নকৰিবা দেই | ভাল ভাল কথাবোৰ দুয়ো একেলগে পঢ়ে | মাজে মাজে দুয়োৰে দুই এখন ফটোও আপলোড কৰে | সুন্দৰ মন্তব্য দেখিলে দুয়োৰো ভাল লাগে |
“কি কৰিছা| ”
– টিভি
– আপুনি
– ফেছবুক
“luv u lotz “
“ always luv u “
কি লিখিছে এইবোৰ ! খং উঠি গ’ল | প্ৰতীক্ষাৰ ধৈৰ্যৰ বান্ধ ছিঙি গ’ল | লগে লগে প্ৰতীক্ষাই সমীৰণ বৰুৱাক বন্ধুৰ তালিকাৰ পৰা আঁতৰাই দিলে | বতাহত আহি বতাহতে শেষ হ’ল বন্ধুত্ব | যিমান বন্ধুত্বই নহওক কিয় কিছুমান কথা গ্ৰহণ কৰিব নোৱাৰি | পাৰে মাথোঁ প্ৰেমিক- প্ৰেমিকা বা স্বামী-স্ত্ৰীয়েহে | বহুতো বন্ধুৰ লগত আলাপ কৰি এক আনন্দ পোৱা যায় | য’ত এইধৰণৰ কথা নাথাকে- থাকে কিছুমান প্ৰাত্যহিক জীৱনৰ সৰু সৰু ভাল লগা কথা | কৈ ভাল লাগে, শুনিও ভাল লাগে | কেৱল ফটোখনেই দেখা কিমান যে বন্ধু হ’ল প্ৰতীক্ষাৰ | ফেছবুকৰ বন্ধু |
পিছদিনা এটা বন্ধুত্বৰ প্ৰস্তাৱ আহিল |
প্ৰতীক্ষাই গ্ৰহণ নকৰিলে | তাইৰ মনটো আজি বহুদিনৰ মূৰত বৰ মুকলি মুকলি লাগিল |
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments