“বন্ধুত্ব“ এক অবুজ মাপকাঠি -(-মিঠুন ভট্টাচাৰ্য্য)

★★“বন্ধুত্ব“ এক অবুজ মাপকাঠি ★★
– মিঠুন ভট্টাচাৰ্য্য

“বন্ধু“ বোলা শব্দটোত মনোজ অলপ পিছ পৰা৷ সেইবাবেই চাগৈ যেতিয়াই কোনো আত্মীয়তা ভৰা বন্ধুৰ হাত এখন তাৰ ফালে আগ বাঢ়ে সি সজোৰে খামুচি ধৰিব খোজো যাতে সময়ৰ সোঁতত হেৰাই নাযায় সেই হাত, তথাপি যেন ব্যৰ্থ হয় বাৰে বাৰে৷ কওঁ নকওঁকে থমকি ৰ’ল মনোজ৷ মোক প্ৰশ্ন কৰিলে৷ বহু ক্ষেত্ৰত কাৰক সি নে তাৰ আত্মীয়তা৷

ৰাজ, বনশ্ৰী, প্ৰিয়ংকা, অমৰ তথা ৰিংকু নুতুবা পাপু৷ এইবোৰ মাথোঁ নাম নাছিল মনোজৰ বাবে তাৰ জীৱনত৷ যেতিয়াই লগ পাওঁ সি উৎফুল্ল হৈ উঠে সিহঁতৰ কথা কৈ৷

“জান’, যোৱা কালি ৰাজৰ দেউতাকৰ খুব জ্বৰ হল নহয়, নাৰ্ছিংহম ত এডমিত কৰিব লগা হল৷ আজি পোৱা তাৰ পৰাই আহি আছো৷ ডাক্তৰে চিন্তা কৰিব লগা একো নাই কোৱাত যেনিবা অকণ সকাহ পালে সকলোৱে৷ “

“বনশ্ৰীয়ে এইবাৰ লাষ্ট চেমিষ্টাৰ দিব৷ তাকে ভগৱানক কৈছো, যাতে বহুত ভাল ৰিজাল্ট এটা তাই কৰিব পাৰে৷ খুড়াৰো সপোন৷ এবাৰ কৈছিল মোক যে তাইক বহুত কষ্ট কৰি পঢ়ুৱাইছে জান’৷ ভাল ৰিজাল্ট এটা কৰিলে যেন আত্মাই শান্তি পাব খুড়াৰ৷ কলো খুড়া, চিন্তা নকৰিব তাই পাৰিব৷ যিখিনি আমি নোৱাৰিলোঁ সেইখিনি তাই পাৰিব৷ “

“প্ৰিয়ংকাই ভাল পোৱা লৰাটো খুব ভাল জান’৷ সেই যে আমাৰ লগৰ হিৰন্ময়, সি হে৷ তাকে ঘৰত সকলোৰে সন্মতি হ’লেই হ’ল৷ নহলেতো কৈছো মোক কবি৷ মই গৈ খুৰা খুৰী লগত কথা পাতিম৷“

“অ’ তোক কব পাহৰিছিলোৱেই৷ অমৰে বাঙ্গালোৰত ভাল চাকৰি এটা পালে নহয়৷ হওক দে, খুড়াৰ সপোন যেন পূৰ্ণ হল৷ এতিয়া অলপ মোৰো গৰ্ব হব দেচোন তাক লৈ৷ নামাতিমেই তহঁতক বাপ্পেকে৷ হে হে হে৷“

“ঐ শুন, ৰিংকুৱে গাড়ী এখন ললে নহয় যোৱা পূজাটোত৷ এইবাৰ আহিয়ে পাৰ্টি দিব বোলে আমাৰ সকলোকে৷ কালি ফোন কৰি কৈছে সি৷ এবাৰ অপেক্ষাৰ নামত জান’ তাক কেইটা যে বাবুল গাম খুৱাই খুৱাই ৰখাইছিলোঁ৷ হে হে হে৷“

তাৰ মাজতে মই সুধিলো “ঐ, পাপু কত অ আজিকালি?“ সি খন্তেক স্থিৰ হৈ মাথোঁ উত্তৰ দিলে “য’তেই আছে ভালেৰে থাকিলেই হল৷ ভগৱানে যেন তাক আশাকৰা মতে উন্নতি দিয়ে জীৱনত৷ “কথাখিনি কৈ মন কৰিলোঁ ঘপহকে সি ৰুমালেৰে দুচকু মচি ললে৷ হয়তো কিঞ্চিত সেমেকি আহিছিল তাৰ চকু৷

যেতিয়াই লগ পাই নিজৰ কথা কম আৰু এই বন্ধুবোৰৰ সুখ দুখৰ খবৰ বেছি থাকে তাৰ হাতত৷ তাৰ বাবে যেন এই সকলোবোৰ আছিল কিছু বন্ধুত্বতকৈও বহুত ওপৰত৷ আছিল এক বুজাব নোৱাৰা আত্মীয়তা ও বিশ্বাস৷

কিন্তু, কিছু সময়ৰ গৰ্ভত আৰু কিছু সময়ৰ পাকচক্ৰত আজি তাৰ সেই খামুচি ধৰা হাতৰ মুঠি দুটা যেন শূন্য৷ ঠিক বালি খামুচিব খুজিলে যিটো হয়৷

এইবাৰ লগ পাওঁতে মোক এক বিষাদ মনেৰে কলে “বুজিছ, কেতিয়াবা ভাবো সময়ৰ ঘড়ীটোক অকণ পিছলৈ নিব পৰাহেতেন৷ বহু প্ৰশ্ন আজিও প্ৰশ্ন হৈয়ে ৰল৷ “

মাথোঁ এক হুমুনিয়াহৰ বাদে যেন উত্তৰ দিবলৈ মোৰ হাতত শব্দৰ অভাৱ৷

ট্ৰিং ট্ৰিং…..

এনেতে তাৰ হাতত থকা মোবাইলটো বাজি উঠিল৷ লক্ষ্য কৰিলোঁ তাৰ মুখত এক বুজাব নোৱাৰা ফুৰ্তি মোবাইলটোলৈ চাই৷

মোক কলে “ঐ, অমিতাই ফোন কৰিছে৷ দে, পিছত পাতিম তোৰ লগত৷ আহোঁ এতিয়া৷ “

কৈয়েই আঁতৰি গল সি মুখত এক আনন্দৰ হাঁহি লৈ৷ পিছে, কোন এই অমিতা? আগতেচোন শুনা নাই৷ বাৰু, যিয়েই নহওক তাৰ মুখত এই হাঁহি যেন সদায় থাকে৷
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক