বন্ধুৰ সংসাৰ – ধ্ৰুৱজ্যোতি অৰ্জুনা

আমাৰ সাতজনীয়া গেঙটোৰ প্ৰথমজন বন্ধুৰ বিয়া৷ বিয়া মানে যে পুৰুষৰ বলিশাল নিজৰ বিয়াৰ পাছত হে অনুমান কৰিছো৷ তেতিয়া মনত অলেখ ৰঙীণ কল্পনা৷ চিনেমাৰ গানৰ দৰে নিজকে নায়ক আৰু কলিজাত থকাজনী নায়িকা কল্পনা কৰি ৰোমাঞ্চিত হোৱাৰ সময়৷ বিয়া মানে ভাল লগা অলেখ নিষিদ্ধ মাদকতা আমাৰ বাৱে তেতিয়া৷ বন্ধুৰ বিয়াত হিয়া উজাৰি ফূৰ্তি কৰিলো৷ বিয়াত কামকৰা ভাগৰ সাতদিনলৈকে আছিল৷ বিয়াৰ ফুলশয্যাৰ নিশা বন্ধুক মিনাৰাম যোগাৰ কৰি দিয়াটো অলেখ ভাগৰ লগা কামৰ এটা৷ লগতে ফুলশয্যাৰ নিশা বিশেষ কামৰ আছিলা উলিয়াই বন্ধুলৈ বিএচএনএলৰ পোষ্টপেইড চিমত তেতিয়াৰ দিনত নগদ দুশ টকাৰ বিল তুলি শেষত বন্ধুক ম’বাইল চুইচ কৰিৱলৈ বাধ্য কৰোৱাটোও এক ভাগৰুৱা পৰিক্ৰমা৷

যি কি নহওক এসপ্তাহৰ পাছত বন্ধুৱে নিজৰ গেঙটোক মাতিলে ন-কইনাৰ সতে চিনাকি হৈ ভাত এসাঁজ খাবলৈ৷ উল্লেখযোগ্য যে একুৰি প্ৰেমৰ অধ্যায়ৰ অন্তত লাঠ খাই খাই বন্ধুৰ এৰেঞ্জ মেৰিজ বোলা মন্ত্ৰৰে সংসাৰ হৈছিল৷ গোটেই কেইটা সেইদিনা সন্ধিয়া বন্ধুৰ ঘৰত ভালদৰে এপেট খাম বুলি দুপৰীয়া কম কমকৈ খালো৷ বন্ধুৰ ঘৰত অভ্যাসবশ:ত কলিং বেল নিটিপি হুৰমুৰকৈ সোমাই কইনাৰ সতে অহা নতুন চোফাত ঠেং-ঠুং তুলি আৰামত বহি ললো৷

নতুন কুৰ্তা পায়জামাৰে তমস্কাৰ হৈ অহা ন-দৰা ৰূপী বন্ধুৰ ঘোপা হোৱা চকুৰ পাকত আমি কেইটা যেনিবা বান্দৰ বহনৰ পৰা চোফাত ভব্য গব্যৰূপী মানুহ হিচাপে সলনি হলো৷ লাজ লাজ খোজেৰে অলংকাৰৰ ৰুণজুন মাত তুলি বন্ধুপত্নী নকইনা উলাই আহিল৷ হাতত চফ মছলাৰ বটা৷
লাজুকী কইনাজনীক দেখি মোৰ কল্পনাৰ ঘোঁৰাই ডেউকা (?) মেলিলে৷ হায়ৈ মোৰজনীয়ো এদিন এনেকৈয়ে আহিব৷ কোনোদিম পূজাৰ নামত ধুপ জলাই নোপোৱা মই ভগৱানক খাটিলো সোনকালে সেই সুদিন আনা প্ৰভু৷

: পৰিস্মিতা ভালনে? – গ্ৰুপৰ সকলোতকৈ অঘাইটং বন্ধুটোৱে কইনাক মাতিলে৷

ইফালে ন-দৰাৰূপী বন্ধুৰ চকু অমৰা গুটিটোৰ সমান হ’ল৷ তাৰ মেলা মুখত মাখি কি তেতিয়া পাৰ এজনীয়ো সোমাই যাব৷

: হেই পৰিস্মিতা নহয় ঔ, এই প্ৰেৰণা হে – দুই নম্বৰ অঘাইটং বন্ধুৰ শুধৰণি৷

: অস! ই পৰিস্মিতা নাপালে মৰি যাম বুলি কৈছিল যে সেয়ে ভাবিলো তাইক যেনে তেনে আনিলে৷ চেহ একো নাই সেইবোৰ পুৰণি কথা৷ – প্ৰথম বন্ধুৰ আফচোচ৷ যেন বহু দোষী সি৷

দৰা বন্ধুৰ হাতত কপঁনি৷ দুখৰ নে খঙৰ তাকহে ধৰিব নোৱাৰিলো৷ কইনাৰ চকুৰ তলত অলপ যেন মেঘ জমা হ’ল৷ পৰিস্থিতি বিৰূপ দেখি মই লাহেকৈ ঠিয় হৈ বন্ধুপত্নীৰ পাণ তামোলৰ বটাটো হাতত লৈ তাইক আমাৰ কাষতে ঠাই এৰি দিলো বহিবলৈ৷ ওন্দোলা মুখেৰে মোৰ কাষতে বন্ধুপত্নী বহিল ৷

জ্ঞানীলোকে কোৱা কথা এষাৰ মোৰ মনত পৰিল সেই সময়তে৷ যিকোনো সম্পৰ্ক পানীৰ দৰে ফটফটীয়া হলেহে সম্পৰ্ক মধুৰ হয়৷ সদ্য সংসাৰী দৰাৰ মুডৰ পৰা গম পালো ই পৰিস্মিতাৰে নহয় অন্য বহু কথাই লুকুৱাইছে সদ্য পৰিণীতা বন্ধুপত্নীৰ পৰা৷ ইহঁতৰ সংসাৰখন মধুৰ হৈ থকাটো মনে প্ৰাণে বিচাৰো৷ তাৰ বাবে তাই বন্ধুৰ অতীত জনাটো অতীৱ প্ৰয়োজন৷ গতিকে তাৰ কোন কোন প্ৰেয়সীৰ বাৱে মই পিয়নৰ কাম কৰিছিলো, কোন কোন জনীয়ে তাক কি কি ডিজাইনত লাঠ মাৰিলে সকলো শাস্ত্ৰ বন্ধুপত্নীৰ আগত বীৰদৰ্পে বেকত কৰিলো৷

সকলো শুনি মেঘমল্লাৰৰ ৰাগৰ দৰে বন্ধুপত্নীয়ে “আপোনালোক বহক, মোৰ অলপ মুৰ বিষাইছে” বুলি খৰধৰকৈ তাৰ পৰা উঠি প্ৰস্থান কৰিলে৷ পাছে পাছে ধুমুহাৰ গতিৰে বন্ধু৷ যাওঁতে আমালৈ খঙাল চাৱনি এটা দলিয়াই গ’ল৷ ভাতনো কি খাম৷ আহি ধাবাত পকেটৰ ধন ভাঙি পেটৰ জুই নুমুৱালো৷ দুবছৰৰ পাছত বন্ধুৰ ল’ৰাৰ শুদ্ধিত হে সেই ঘৰৰ দুৱাৰ দলিত পুনৰ ভৰি দিয়াৰ সৌভাগ্য মিলিল৷ সেই সৌভাগ্য অৱশ্যে এতিয়াও অক্ষুণ্ণ আছে৷

বন্ধুৱেহে ফোনত এঘণ্টাৰ অন্তৰে অন্তৰে পত্নীক ৰিপোৰ্ট দি থাকিব লগা হয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক