বন্ধু (প্ৰাণজ্যোতি নাথ )

“বন্ধু হ’ল এক আত্মাৰ দুই শৰীৰ৷”

 ‘মা’ নামৰ শাৰীৰিক অৱয়ব এটাৰ সতে এটি স্নেহশীল সম্পৰ্ক গঢ় লৈ উঠাৰ সময়তে এটা শিশুৰ মাকৰ সমানেই প্ৰয়োজন হৈ পৰে আন এজন ‘বন্ধু’ৰো৷ মাকৰ পাছতেই সম্বন্ধ গঢ়ি উঠা শৈশৱৰ সেই দ্বিতীয় বন্ধুজন হৈ পৰে তাৰ বা তাইৰ প্ৰথম ’খেলনা বস্তুটো’৷ লাহে-লাহে অলপ বুজা হৈ অহাৰে পৰা পোহনীয়া জন্তু এটা বা পৰিয়ালৰ আন এজনৰ সতে বাঢ়ি অহা সম্পৰ্ক বন্ধুত্বলৈ ৰূপান্তৰিত হয়৷ স্কুললৈ যোৱাৰে পৰা ‘বন্ধু’ শব্দটোৱে এক নতুন পৰিসৰ লাভ কৰে৷ এজন-দুজন-বহুজন বন্ধুৰে এখন নতুন কনমানি পৃথিৱী গঠিত হয় __ যাক এৰি সেই স্কুলীয়া বয়সৰ পৰাই নিজৰ সুকীয়া অস্তিত্ব কল্পনা কৰা টান হৈ পৰে৷ ‘বন্ধু ’; আহ্, বন্ধু শব্দটো উচ্চাৰণ কৰাৰ লগে লগে কিমানবোৰ উচ্ছাস, কিমানবোৰ স্মৃতিয়ে এতিয়াও জুৰুলা কৰি পেলায়৷ বন্ধু নোহোৱাকৈ জীৱন অকল্পনীয়৷ বন্ধু নথকা জীৱন দুৰ্বিষহ৷ কোন এই বন্ধু!

মায়ে বিছনাত শুৱাই হাতেৰে লৰাই থৈ যোৱা, বতাহত গাৰ ওপৰত দুলি থকা ৰঙীণ খেলনাটো; য’ত মোৰ দৃষ্টি নিৱদ্ধ __ সি মোৰ প্ৰথম বন্ধু, মোৰ শৈশৱৰ খেলৰ লগৰী৷ ৰং আৰু গতি, এখন স্থৱিৰ নোহোৱা গতিশীল ছবি __এইয়াই বন্ধু৷ খেলাৰ লগ, কথাৰ লগ, পঢ়াৰ লগ, বিপদৰ লগ, ভৰসাৰ হাত, বিশ্বাসৰ মাত __সেইয়াই বন্ধু, আজীৱন যাৰ সতে বন্ধুত্ব৷ এজন প্ৰকৃত বন্ধু বিপদৰ দিনত আমাৰ পথপ্ৰদৰ্শক, সংশয়কালত আস্থাৰ মাত৷

শ্ৰীকৃষ্ণৰ সতে অৰ্জুনৰ সম্বন্ধটো আছিল সখা বা বন্ধুৰ সম্পৰ্ক৷ কুৰুক্ষেত্ৰ যুদ্ধত স্বজনৰ সতে যুদ্ধত অৱতীৰ্ণ হ’বলৈ গৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰা অজুৰ্নৰ মাৰ্গদৰ্শন কৰিছিল কৃষ্ণই৷ অৱশ্যে এই বন্ধুত্ব আৰু বৈষয়িক জগতৰ বন্ধুত্বৰ মাজত পাৰ্থক্য আছে৷ এইটো হ’ল চিন্ময় স্তৰৰ বন্ধুত্ব, যিকোনো মানুহ এনে বন্ধুত্বৰ অধিকাৰী হ’ব নোৱাৰে৷ কিন্তু এই বন্ধুত্বই হৈছে যুগে-যুগে উৎকৃষ্ট বন্ধুত্বৰ উদাহৰণ৷ সখা কৃষ্ণই যিখিনি জ্ঞানগৰ্ভৰ, সাৰুৱা কথাৰে অৰ্জুনৰ মাৰ্গদৰ্শন কৰিছিল সেয়া আজিও আমাৰ পাথেয়৷ বেদান্ত-দৰ্শনত “গীতা” সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুথি৷

বন্ধু বুলিলে কৃষ্ণ -সুদামাৰ বন্ধুত্বও হ’ল প্ৰকৃত বন্ধুত্বৰ শ্ৰেষ্ঠ উদাহৰণ৷ এজন স্বয়ং লক্ষ্মীপতি নাৰায়ণ আৰু আনজন দয়াৰ আশাত পুৰণি বন্ধুৰ সহায়প্ৰাৰ্থী দুখীয়া ব্ৰাহ্মণ৷ অথচ কৃষ্ণৰ অতিথি শুশ্ৰষাত পোৱা যায় প্ৰকৃত বন্ধুৰ পৰিচয়৷ উদ্ধৱে বন্ধুৰ আতিথ্যেয়তাত ইমানেই আনন্দ বিহ্বল হ’ল যে সেয়াই চৰম প্ৰাপ্তি জ্ঞান কৰি একো নোখোজাকৈয়ে ঘৰমুৱা হৈছিল৷ এইয়াইতো বন্ধুত্ব৷ কিন্তু আজিৰ বস্তুনিষ্ঠ পৃথিৱীত এয়া মাথোঁ কোনোকালে চুব নোৱাৰা দূৰৰ সপোন৷

প্ৰগতিৰ সমানে সমানে ঠেক হৈ পৰিছে মনৰ গণ্ডী৷ কোনে কাৰ সতে কি উদ্দেশ্যে বন্ধুত্ব গঢ়িব খুজিছে বুজাটো কঠিন হৈ পৰিছে৷ সময়সাপেক্ষে বন্ধুৰ সতে সদ্ভাৱ ৰখা আৰু সহায়ৰ আশা কৰাটো অসম্ভৱপ্ৰায় হৈ উঠিছে৷ উন্নত প্ৰযুক্তিয়ে মানুহৰ মাজত সীমাৰ-স্থানৰ দূৰত্ব কমাই আনিছে, বন্ধুৰ সংখ্যা বাঢ়িছে আৰু লগে -লগে বাঢ়িছে মনৰ দূৰত্ব৷ জটিল, যান্ত্ৰিক আধুনিক জীৱনত নঞাৰ্থক চিন্তাই আমাক এনেকৈ ভাৰাক্ৰান্ত কৰিছে যে ইজনৰ-সিজনৰ প্ৰতি বিশ্বাসে সংশয়ৰ-অনাস্থাৰ ৰূপ লৈছে৷ বন্ধুত্বই সুবাসিত কৰিব পৰা নাই জীৱন৷

বন্ধু চিনক:

এইটো ছচিয়েল মেডিয়াৰ জৰিয়তে বন্ধুত্ব গঢ়াৰ যুগ৷ আপোনাৰ ব্যক্তিত্ব, বুদ্ধি-বৃত্তি, সৌন্দৰ্যই অনেকক আপোনাৰ প্ৰতি আকৰ্ষিত কৰে আৰু তাৰে কোনোজন আপোনাৰ অনুগামী আৰু মনে মিলা কোনোজন আপোনাৰ ভাল বন্ধু হৈ পৰে৷ কিন্তু ব্যক্তিগত চিনাকী আৰু সূক্ষ্ম পৰ্যবেক্ষণ অবিহনে এনে কোনোজনৰ সতে বন্ধুত্ব গঢ়ি আপুনি বিপদত পৰিব পাৰে৷ সাৱধান হওক৷ বন্ধু চিনক৷Bondhu_Friend

“যি তোমাৰ দায় ধৰে
সেইজন বন্ধু
যি তোমাৰ প্ৰশংসা কৰে
সেইজন শত্ৰু”

প্ৰকৃত বন্ধুজনে ভুল দেখিলে আমাক আঙুলিয়াই দিয়ে৷ কিন্তু আজিকালি এনে নিস্বাৰ্থ বন্ধু এজন সতকাই লগ পাবলৈ টান৷ কেনে বন্ধুৱে আপোনাক বিপদত পেলাব পাৰে চাওঁকচোন …

সুবিধাবাদী: যি আপোনাতকৈ আপোনাৰ সম্পদক গুৰুত্ব দিয়ে আৰু কোনো সুবিধা আদায়ৰ হেতু আপোনাৰ সতে সম্পৰ্ক গঢ়ে৷ অথচ আপোনাৰ প্ৰয়োজনৰ সময়ত আপুনি তেওঁক বিচাৰি নাপায়৷

আত্মকেন্দ্ৰিক: যি আপোনাৰ কথা শুনাৰ ইচ্ছা নাৰাখি সকলো সময়তে আত্মপ্ৰশংসা আৰু নিজকে জাহিৰ কৰাত ব্যস্ত থাকে৷

গুপ্তচৰগিৰি: সততে এনে বন্ধু আজিকালি বেছিকৈ দেখিবলৈ পোৱা যায়৷ যি আপোনাৰ কাষে-কাষে থাকি আপোনাৰ গোপন কথা জানি লয় আৰু সেই কথা বন্ধু মহলত আলোচনা কৰি আপোনাৰ ঠাট্টা-মস্কৰা কৰাত লিপ্ত হয়৷ তেনে বন্ধুৰ সতে সম্পৰ্ক এৰাই চলক৷যিজনে আপোনাক বাৰে-বাৰে উপেক্ষা কৰে, সেইজনো আপোনাৰ ভাল বন্ধু হ’ব নোৱাৰে৷ এনে বন্ধুৱে বিনাদ্বিধাই আপোনাৰ সময় নষ্ট কৰে, অথচ আপুনি তেওঁৰ সতে কথা পাতিবলৈ মন কৰিলে তেওঁ আপোনাক অৱজ্ঞা কৰে৷

দুমুখীয়া স্বভাৱ: যি আপোনাৰ সন্মুখত আপোনাৰ গুনগান কৰে আৰু আনৰ সন্মুখত আপোনাৰ নিন্দা কৰে তেনেজনৰ পৰা দূৰত্ব বজাই ৰাখক৷ এওঁ
আপোনাক যিকোনো মুহূৰ্ততে বিপদত পেলাব৷

বহু বন্ধুৱে আকৌ আপোনাৰ উন্নতি দেখিলে আপোনাক উৎসাহ দিয়াৰ পৰিৱৰ্তে হিসুংক, অপকাৰীৰ ৰূপ ধাৰণ কৰে আৰু চল পালেই ককৰ্থনা-সমালোচনা কৰি আপোনাক তললৈ নমাবলৈ চেষ্টা কৰে৷ এনে বন্ধুৰ পৰাও নিলগে থাকক৷

সৰ্বশেষত কওঁ, বন্ধুত্ব এক আশীৰ্বাদ৷ সঁচা বন্ধুক উপেক্ষা নকৰিব৷ তেওঁৰ দুখত সান্তনা দিয়ক, সুখত আনন্দ প্ৰকাশ কৰক, হতাশাত আশাৰ ৰেঙণি হওক, আন্ধাৰত পোহৰ দিয়ক, পথভ্ৰষ্ট হ’লে মাৰ্গদৰ্শন কৰক, বিপদত বুদ্ধি-ভৰসা দিয়ক৷ মনত ৰাখিব আপুনি যিখিনি দিব সূতে-মূলে সেইখিনিহে আপুনি ওভতাই পাব৷ কেতিয়াবা আপুনি দিয়াজনৰ পৰা নাপাবও পাৰে৷ কিন্তু বিশ্বাস কৰক, কোনোবা অন্য এজনৰ পৰা হ’লেও নিশ্চয় পাব৷ বন্ধুত্ব হ’ল এক আস্থা আৰু বিশ্বাসভৰা সম্পৰ্ক৷ আস্থাভাজন জনৰ পৰা অৱজ্ঞা-উপেক্ষা পালে সকলোৰে মনলৈ হতাশা আহে৷ গতিকে সন্দেহে গা কৰি উঠিলে দুয়োপক্ষই কথা-বতৰাৰে এই সন্দেহ দূৰ কৰক আৰু বন্ধুত্ব বাহাল ৰাখক৷ আমি মা-দেউতাক, বাই-ভনীক বা পতিয়ে পত্নীক, পত্নীয়ে পতিক ক’ব নোৱাৰা কথাও বন্ধুক ক’ব পাৰোঁ৷ গতিকে বন্ধুক সন্মান দিবলৈ শিকক৷ উভয় পক্ষৰ সন্মান ৰক্ষাৰেহে বন্ধুত্ব সম্ভৱ৷

“এজন ভাল বন্ধু, এখন কিতাপ৷”

এখন ভাল কিতাপো আপোনাৰ নিসংগ সময়ৰ এজন ভাল বন্ধু৷ অকলশৰীয়া বোধ কৰিলে এখন ভাল কিতাপ পঢ়ক, এটা ভাল গান শুনক-গুনগুনাওঁক, এটা পোহনীয়া জন্তুৰ সতে ওমলক, এটা চৰাইৰ মাত শুনক৷ মুঠতে বন্ধুহীন হৈ নাথাকিব৷ প্ৰকৃত বন্ধু এজনে আপোনাৰ মন সৰ্বক্ষণ প্ৰফুল্লিত কৰি ৰাখিব৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments