বন্ধু, মেলি দে তোৰ দুখৰ দুখনি হাত – গীতিকা শইকীয়া

 

“আন সকলোৰে কথাবোৰ নুশুনোঁ বুলি ধৰি লৈ আমি আমাৰ নিজৰ কথা পাতিব পাৰোঁনে? ”-অভিকে সুধিলে…৷

ৰশ্মি থমকি ৰ’ল৷ কিন্তু উভতি অভিকলৈ ঘূৰিও চোৱা নাই৷ বুকুত কিবা এটা বিষে খুন্দিয়াই উঠিল, এই যেন টুকুৰিয়াই দিলেই পাৰ ভাঙি বাগৰি আহিব….!

অভিকো অকণমান থমকি ৰ’ল৷ ৰশ্মিৰ প্ৰতিক্ৰিয়া কি হ’ব বুলি পাৰে ভাৱি সামান্যকে ভয়ো লাগিল৷ বহুত বছৰেই হৈ গ’ল ৰশ্মিক লগ নোপোৱাৰ৷ পাৰ হৈ যোৱা বছৰবোৰত কিমান বা সলনি হ’ল তাই! তথাপি মনতে অকণমান সাহস গোটাই অভিকে পুনৰ কৈ উঠিল, –

“কিমান আৰু আনৰ কথা শুনি শুনি নিজৰ নিজৰ পৰা আঁতৰি থাক…? ”

“নিজৰ পৰা…! তইহে মোৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ থাকিলি! মইতো একে ঠাইতে ৰৈয়েই থাকিলোঁ৷ “ -ৰশ্মিয়ে কিছু উস্মাৰে কৈ উঠিল৷

“সেইয়াইতো ভুল৷ মই নিজৰ মানে মোৰ নিজৰ তোৰ নিজৰ বুলি ক’ব বিচৰা নাছিলোঁ৷ “-অভিকে কৈ উঠিল৷

“তেনেহ’লে? ”- ৰশ্মিয়ে এইবাৰ উভতি অভিকলৈ চালে৷

“উস! ৰক্ষা! অন্ততঃ উভতি চালি যে! ”- অভিকে সামান্য হঁহাৰ নিচিনা কৰি ক’লে, -“এই তোৰ মোৰ শব্দৰ অৰ্থৰ মাজত আমি আমাৰ জীৱনৰ বহুকেইটা সোণালী বছৰ হেৰুৱাই পেলালোঁ৷ এতিয়াও কি মান-অভিমান কৰি আঁতৰিয়েই থাকিম বুলি ভাৱিছ…? নে আকৌ পৰিয়ালৰ মানুহৰ, ওচৰ-চুবুৰীয়াৰ, তথা লগৰবোৰৰ মনৰ মাজত অকাৰণতে আহি যোৱা সন্দেহৰ বীজবোৰ সিঁচিবলৈ সুবিধা দিবি….! ”

কিছুসময় দুয়ো মনে মনে থাকিল৷ এয়া ৰশ্মি-অভিকৰ মাজৰ কথোপকথন, সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছত, ৰশ্মিৰ বান্ধৱী ৰিতিৰ ঘৰৰ ওপৰৰ চাদত৷ সন্ধিয়াৰ জোনাকভৰা আকাশ৷ অ’ত ত’ত জোনাকী পৰুৱাই টিপিক-টাপাককৈ পোহৰৰ ৰেখা আঁকি গৈছে৷ ৰিতিৰ ঘৰ মহানগৰীতে যদিও ব্যস্ততাপূৰ্ণ চহৰীয়া হেম-গেমৰ পৰা কিছু নিলগত হোৱা বাবে জোনাক ভৰা আকাশখন অথবা দিনৰ শুকুলা মেঘৰ আকাশখন এতিয়াও দেখা পোৱা যায়৷ দূৰৈৰ ক’ৰবাত কোনোবা ডিচকথিক্চৰ পৰা উত্তাল সংগীতৰ ঢৌ ভাঁহি আহিছে যদিও সেইয়া যথেষ্ট ম্লান স্তৰতহে শুনা গৈছে৷

ৰিতিৰ ঘৰত সেইদিনা অভিক, ৰশ্মিৰ লগতে আৰু দুটা পৰিয়ালকো নিমন্ত্ৰণ জনাইছিল৷ সেয়েহে ৰশ্মি আৰু অভিকক চাদৰ ওপৰলৈকে কথা পাতিবলৈ ৰিতিয়ে পঠিয়াই দিছিল৷ হঠাতে তলৰ ৰুমৰ পৰা অলপ উচ্চ স্বৰত বাজি উঠা এটি গীতে ৰশ্মি-অভিকক উচপ খুৱাই দিলে৷ সিহঁতৰ জীৱনৰ কোনো এটা সময়ত অতিকৈ প্ৰিয় হৈ পৰা গীতটো শুনি দুয়ো নষ্টালজিক হৈ পৰিল৷ সিহঁতৰ কৈশোৰ, যৌৱনৰ কিছু সময়ত সেই গীতটিয়ে দুয়োকে এক অচিন আবেগেৰে যেন বান্ধি ৰাখিছিল৷ ৰেডিঅ’ৰ গীতিমালিকাত প্ৰায়েই শুনা সেই গীতটিয়ে সিহঁতক আকৌ এবাৰ সিহঁতৰ এৰি অহা জীৱনলৈ লৈ যাওক বুলিয়েই ছাগৈ ৰিতিয়ে গানটো বজাই ভলিউম বঢ়াই দিছিল৷ এনেকুৱা লাগে কবি-গীতিকাৰ হীৰেন ভট্টাচাৰ্যই সিহঁতক লৈয়েই যেন এই গীতটি লিখিছিল…..

“বন্ধু, মেলি দে তোৰ দুখৰ দুখনি হাত…বন্ধু…. বন্ধু, মেলিদে তোৰ দুখনি হাত….এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত…বন্ধু…বন্ধু……”

সুদীৰ্ঘ পোন্ধৰ বছৰৰ পিছত অভিক-ৰশ্মিয়ে ইটোৱে সিটোক লগ পাইছে৷ সেই দীঘলীয়া পোন্ধৰ বছৰত কিমান কি যে ঘটি গ’ল! শৈশৱৰ খেলাৰ লগৰী হওঁতেই জনা-নজনা সময়ৰ পৰাই ইটোৱে সিটোক জীৱনভৰ বন্ধুত্বৰ হাত আগবঢ়োৱাৰ কথা দিছিল৷ কিন্তু জীৱনৰ কোনো এক সন্ধিক্ষণত সিহঁত দুয়োটাৰ জীৱনে থমকি ৰ’ব লগা হৈছিল৷ নহয়, ৰশ্মিৰ জীৱনে থমকি ৰ’ব লগা হৈছিল৷

অভিকৰ পৰা বন্ধুত্বৰ সেই আস্থাভৰা হাতখনৰ বাবে ৰশ্মিয়ে আকুল হৈ অপেক্ষা কৰিছিল৷ ভাৱিছিল, আন সকলোৱেই তাইৰ বিষয়ে যিয়েই নকওক, সি অন্ততঃ এবাৰ যদি তাইৰ ওচৰলৈ আহিলেহেঁতেন! এবাৰ যদি আন সকলোৱেই তাইৰ বিষয়ে কোৱা বেয়া, অস্বস্তিকৰ কথাবোৰ পোনপতীয়াকৈ সুধিলেহেঁতেন! তাইক ককৰ্থনা কৰি অলপ গালিকেই যদি পাৰিলেহেঁতেন! গালি পাৰি তাইৰ লগত কোনো সম্পৰ্ক নাই বুলি আঁতৰি যোৱা হ’লেও তাই অন্ততঃ মানসিক শান্তি পালেহেঁতেন! নাই, সি তেনে একোৱেই নকৰিলে৷ তাইক লগ কৰাটো দূৰৈৰ কথা তাইৰ খবৰ এটা নোলোৱাকৈয়ে সি নিমাতে আঁতৰি গ’ল৷ জীৱনভৰৰ বন্ধুত্বৰ হাত আগবঢ়াম বুলি কথা দিয়া ল’ৰাটো তেতিয়া হয়তো সঁচাকৈয়ে ডাঙৰ মানুহ হৈ পৰিছিল৷ এনেকুৱা ডাঙৰ মানুহ যিয়ে এজনী বদনামী ছোৱালীৰ ওচৰত আহি থিয় হোৱাটো, বিপদৰ বন্ধু বুলি আস্থাৰ হাত আগবঢ়োৱাটো উচিত বুলি নাভাৱিলে৷

দুধোৰ-মুধোৰত পৰি শুন-নুশুন অভিযোগবোৰৰ মাজেদি পাৰ হৈ যাওঁতে অভিকো থমকি ৰৈছিল, কি কৰা উচিত বুজিবলৈ সময় লাগিছিল৷ বুজি উঠিবলৈ চেষ্টা কৰা সেই সময়খিনি কেনেকৈ তাৰ অলক্ষিতেই দিন, মাহ পাৰ হৈ বহুবছৰ হৈ গ’ল সেয়া অভিকে গমকে নেপালে৷ আনহাতে আশাহত হৈ পৰা অপেক্ষাৰ অন্তত ৰশ্মিয়ে অকলসৰেই খুপি খুপি জীৱনৰ বাট বুলিলে, মনত এজাক খং-অভিমান লৈ!

অৱশ্যে যেতিয়া অভিকে বুজিলে যে সেইয়া ৰশ্মিৰ ভুল নাছিল, তেতিয়ালৈ ৰশ্মিয়ে আকৌ নিজকে সামৰি-সুঁতৰি জীৱন পথত সফলতাৰে অগ্ৰসৰ হৈছে৷ এইবাৰ তাৰ ইতঃস্ততবোধ হ’ল৷ মানুহৰ কুটিলতাৰ চিকাৰ হৈ তাই বাগৰি পৰি থাকোঁতেই সি হাতখন আগবঢ়াই তাইক আশ্বস্ত কৰিবলৈ সাহস গোটাব নোৱাৰিলে৷ জ্বলি জ্বলি সোণ হৈ উজ্জ্বলি উঠা তাইৰ ওচৰত সি এতিয়া কি বুলি থিয় হয়! মনতে খকা-খুন্দা খাই থকা কথাবোৰ গুণা-গঁথা কৰি কৰি এনেকৈয়ে আকৌ বাগৰি গ’ল বহুবছৰ৷ নোকোৱাকৈ থকা কথাবোৰেৰে, অভিকৰ প্ৰতি ৰশ্মিৰ অভিমানবোৰেৰে সিহঁতৰ মাজৰ দূৰত্বৰ বিস্তৃতিয়ে সাগৰ সদৃশ হৈ পাৰ চুব নোৱাৰাকৈ বাঢ়ি গৈয়েই থাকিল৷

সময়ৰ হিচাবত ৰশ্মিয়ে তাইৰ জীৱনত ঘটা সেই কথাবোৰ বহু আগতেই এৰি আহিব লাগিছিল৷ এতিয়া বহুতৰ বাবে ঈৰ্ষাৰ কাৰক হৈ উঠা তাইৰ জীৱনৰ সফলতায়ো দেখোন তাইক সেই কথাবোৰৰ পৰা আঁতৰাই আনিব পৰা নাই৷ বৰঞ্চ দিন-প্ৰতিদিন নিৰলে থকা সময়বোৰত সেইবোৰ কথাই মনতে পাক-ঘূৰণি খাই থাকিবলৈ লৈছে৷ তাৰ লগতে মনলৈ অনবৰতে আহি থকা হৈছে অভিকৰ স্মৃতি৷ তাইৰ অভিদাৰ কথাবোৰ৷ এয়া বয়সৰ দোষ নেকি বাৰু? ৰশ্মিয়ে ভাৱি থাকে৷

ৰশ্মিৰ মাকে-দেউতাকে প্ৰায়েই কৈছিল সময়ে সকলো ঠিক কৰাই দিব৷ সময়ে সকলো পাহৰাইও দিব৷ বয়স হ’লে বহু কথা চোৱাৰ, কোৱাৰ দৃষ্টিভংগীও সলনি হৈ যায়৷ তেনেকৈয়ে সকলো সলনি হৈ যাব৷ ক’তা, একোৱেই দেখোন তাই পাহৰা নাই! বৰঞ্চ বয়স বাঢ়ি যোৱাৰ লগে লগে অভিকৰ স্মৃতিবোৰে ৰশ্মিক বেছিকৈহে আমনি কৰিবলৈ ধৰিছে৷ ৰশ্মিৰ বায়েকে কোৱাৰ দৰে অভিকে ইতিমধ্যে আন কোনোবাক বিয়া পাতি তাইৰ পৰা যে একেবাৰে আঁতৰি গ’ল সেইটোও স্পষ্টকৈ বুজাই দিছে৷ তথাপিও তাই কিয় তাৰ কথা ভাৱি থাকে? কিয় ভাৱে যে কেতিয়াবা কোনো এক মুহূৰ্তত অভিদা আহি তাইৰ সন্মুখত ওলাব আৰু তাইৰ পৰা ইমান বছৰে আঁতৰি থকাৰ বাবে ক্ষমা খুজিব৷ অভিকৰ বাবে থকা তাইৰ সীমাহীন ভালপোৱাৰ তুলনাত তাৰ প্ৰতি থকা খং, অভিমানবোৰ যে অভিকৰ এষাৰ কথাতেই পাহৰি পেলাব সেই কথাটোও তাই ভালকৈয়ে জানে৷

০০০০

বহুবছৰৰ মূৰত তাই চহৰখনলৈ আহিছে৷ আচলতে লণ্ডনৰ অফিচৰ পৰা ভাৰতত থকা দিল্লীৰ অফিচৰ মুৰব্বী হিচাবে ৰশ্মিয়ে জইন কৰিছেহি! অফিচৰ কাম-কাজ ভালকৈ আৰম্ভ হোৱাৰ আগতেই নিজৰ ৰাজ্য তথা জীৱনৰ এছোৱা সময় কটোৱা চহৰখনত কৰিবলগীয়া দুটামান কামৰ বাবে ৰশ্মিয়ে ৰিতিহঁত থকা ঠাইখনলৈ আহিছে৷ কলেজ-হোষ্টেলৰ ঘনিষ্ঠ বান্ধৱী ৰিতিয়ে ঘৰলৈ মাতিছিল তাইক৷ সম্পূৰ্ণ ঘৰুৱা পৰিবেশত পুৰণি বান্ধৱীক লগ পাই ভাল লাগিব বুলিয়েই গৈছিল তাই৷ তাইৰ জীৱনত ঘটা সেই চৰম বিপৰ্যয়ৰ ঘটনাটোৰ পৰাই তাই লগৰ বন্ধু-বান্ধৱী সকলোৰে পৰা নিজকে আঁতৰাই আনিছিল যদিও ৰশ্মিয়ে ৰিতিক আঁতৰাব পৰা নাছিল৷ ৰিতিয়ে যেনেকৈ হ’লেও ৰশ্মিৰ বিপদৰ সময়ত আছিল তাইৰ লগত৷ ৰশ্মিৰ লগত সংযোগ ৰাখি আহিছিল সদায়েই! সেয়েহে ৰশ্মিক ৰিতিৰ ঘৰলৈ মাতাত নেযাওঁ বুলি ক’ব পৰা নাছিল ৰশ্মিয়ে৷

তাই থকা হোটেলখনৰ পৰা ৰিতিৰ ঘৰ ভালেখিনি দুৰত৷ চহৰখনৰ পাশ্বৱৰ্তী এলেকাত ৰিতিহঁতে ঘৰ বনাইছে৷ চহৰৰ বহুমহলীয়া ফ্লেটবোৰতকৈ চহৰৰ দূৰৈত মাটি কিনি ঘৰ বনাই থকাটোকহে ৰিতি আৰু হাজবেণ্ড সঞ্জীৱে উচিত বুলি ভাৱিলে৷ হোটেলৰ পৰা ওলাই টেক্সিত উঠাৰ আগতে ওচৰতে থকা ডিপাৰ্টমেণ্টেল ষ্টোৰখনৰ পৰা ৰশ্মিয়ে কেডবেৰী চকলেটৰ কেইটামান পেকেট তথা মিঠাই আদি সৰহকৈ কিনি ল’লে৷ ঘৰুৱা পৰিবেশ যদিও ৰিতিয়ে হেনো আৰু দুই তিনিঘৰ মানুহকো সেইদিনা তাইৰ ঘৰলৈ মাতিছিল৷ সেয়ে ৰশ্মিয়ে বহুদিনৰ মূৰত শাৰী এখনকে পিন্ধি যোৱাৰ কথা ভাৱিলে৷ পিছে লগত যে শাৰী এখনো অনা নহ’ল! সেয়ে হোটেলৰ কাষতে থকা ডিজাইনাৰ বুটিকখনৰ পৰা দিনৰ ভাগতেই এখন শাৰী, ব্লাউজ আদি কিনি আনি ৰেডী কৰি থৈছিল৷ বহুদিনৰ মূৰত প্ৰিয় বান্ধৱীক লগ পোৱাৰ কথাটো ভাৱি টেক্সিত বহি গৈ থাকোঁতেও ৰশ্মিৰ মুখখনত মিঠা হাঁহি এটিয়ে ঢৌ খেলি গৈ থাকিল৷

ৰিতিয়ে কোৱা মতেই বিশেষ অসুবিধা নোহোৱাকৈয়ে তাইৰ ঘৰৰ গেটৰ আগত টেক্সিখন ৰ’ল৷ এনেকুৱা লাগিল যেন ৰিতিয়ে তাইলৈকে বাট চাই আছিল৷ টেক্সিখন ৰোৱা মাত্ৰকে ঘৰৰ মূল দুৱাৰ খুলি দৌৰি দৌৰি ৰিতি আহি ৰশ্মিৰ ওচৰ পাই ইতিমধ্যে গাড়ীৰ পৰা নমা ৰশ্মিক আঁকোৱালী ধৰিছিল৷ দুয়োজনীয়ে অলপ সময় ইজনীয়ে সিজনীলৈ চায়েই কটালে৷ তেনেতে ৰিতিৰ ছোৱালী মৌমা দৌৰি আহিল৷ ’তুমিয়েই ৰশ্মি আণ্টী’ বুলি অকণমানি ছোৱালীজনীয়ে ৰশ্মিক সাৱতি ধৰিলে৷ শিশুৰ সেই স্বৰ্গীয় সৰলতাত ৰশ্মি মুগ্ধ হৈ পৰিল আৰু মৌমাক জোৰেৰে সাৱতি ধৰিলে৷

মৌমাই ৰশ্মি, ৰিতিৰ হাতত ধৰি জঁপিয়াই জঁপিয়াই ঘৰৰ ভিতৰলৈ বুলি খোজ দিবলৈ ধৰিলে৷ মৌৰ শিশুসুলভ বিভিন্ন কথাৰ উত্তৰ দি দি হাঁহি হাঁহি সিহঁত যেতিয়া ঘৰৰ ভিতৰলৈ সোমাই আহিল তেতিয়া ৰশ্মিক অবাক, হতচকিত কৰি এক অস্বস্তিত পেলাব পৰা এটা পৰিস্থিতিয়ে তাইলৈ অপেক্ষা কৰি আছিল৷ ৰিতিৰ ঘৰৰ ড্ৰয়িং ৰুমত বহি আছিল অভিক৷ মৌৰ লগত কথা পাতি হাঁহি হাঁহি ভিতৰলৈ সোমাই যোৱা ৰশ্মিয়ে অভিকক দেখাৰ লগে লগেই একেঠাইতে স্থবিৰ হৈ পৰিছিল৷

০০০০

কোৱা নোকোৱাৰ মাজতে কিবা এক ভাললগা সম্বন্ধই গঢ় লৈ উঠিছিল ৰশ্মি-অভিকৰ মাজত৷ সেই ভাললগা সম্বন্ধই পূৰ্ণতা পাওঁ যেন হওঁতেই ঘটিছিল ৰশ্মিৰ জীৱনৰ সেই অথন্তৰটো! ক’বলৈ গ’লে সেই অথন্তৰ ঘটাৰ সময়ৰে পৰা সিহঁতে নিজে নিবিচৰাকৈয়ে কিবা এক অভেদ্য প্ৰাচীৰৰ দুয়োকাষে দুয়ো থিয় হৈ ৰৈছিল৷ সময়ৰ লগে লগে সিহঁতে সেই প্ৰাচীৰ ভাঙিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে প্ৰাচীৰৰ পৰা যেন বহু যোজন বাট দুয়ো দুফালে গুচি গৈছিল৷ ইমানদুৰ বাট গ’লগৈ যে সিহঁতে মনতে ভাৱিও পুনৰ সেই দুৰ্ভেদ্য প্ৰাচীৰৰ ওচৰ নাচাপিল অথবা চাপিবলৈ ভয় কৰা যেন হ’ল৷

খুব সৰু অৱস্থাতেই সিহঁতে ইটোৱে সিটোক লগ পাইছিল৷ অভিকহঁতৰ ঘৰৰ অলপ ওচৰতে থকা এটা ঘৰ প্ৰায়েই ভাড়াত দিয়া হয়৷ তেনেকৈয়ে ৰশ্মিৰ দেউতাকৰ চাকৰি অভিকহঁতৰ টাউনখনলৈ বদলি হোৱাত পৰিয়ালসহ সেই ঘৰটোত থাকিবলৈ আহিছিল৷ পৰিয়ালটোৰ দুজনী ছোৱালী৷ ডাঙৰজনী অঞ্জনা হাইস্কুলৰ ওপৰৰ শ্ৰেণীত, সৰুজনী ৰশ্মি অভিকতকৈ তিনিবছৰৰ সৰু৷ মৰমলগা ৰশ্মিয়ে অতি কম সময়ৰ ভিতৰতে চুবুৰীটোত সকলোৰে প্ৰিয় হৈ পৰিছিল৷ তেনেদৰেই অভিকৰ খেলাৰ লগৰীও হৈ পৰিল৷ অভিকৰ ভনীয়েক অনামিকাৰ সেইসময়ত দুবছৰহে হৈছিল৷ হাইস্কুলৰ ওপৰৰ শ্ৰেণী পোৱালৈ অভিক-ৰশ্মিয়ে একেলগেই চাইকেল চলাই স্কুল যায়৷ স্কুলত, বাটে-ঘাটেও অভিকে অভিভাৱকৰ দৰে ৰশ্মিৰ ওচৰে ওচৰে থাকে৷ কোনোবা এটা সময়ত কেনেকৈ সিহঁত দুটাই ইটোৱে সিটোক ’তই তই’ বুলিও মাতিবলৈ ল’লে সিহঁতে নিজেই নাজানিলে৷

অভিকে গীটাৰ বজাবলৈ শিকাৰ লগতে গানো গাইছিল৷ এবাৰ স্কুলত হোৱা অনুষ্ঠানত অভিকে প্ৰথমবাৰৰ বাবে গাইছিল সেই গানটো, –

“বন্ধু, মেলি দে তোৰ দুখৰ দুখনি হাত….বন্ধু..”

মূলতে নাৰী কণ্ঠৰ গীত আছিল যদিও অভিকৰ কণ্ঠত সেই গীতটোৱে সকলকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল৷ শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ পাইছিল অভিকে সেইবাৰ৷ ৰশ্মিৰ ফূৰ্তিৰ অন্ত নাছিল৷ কেইদিনমানৰ পিছতে অভিকৰ লগৰ সংগীতাৰ জন্মদিনলৈ মাতিবলৈ আহোঁতে সংগীতাৰ দেউতাকে অভিকক জন্মদিনৰ পাৰ্টিৰ বাবে যাওঁতে গীটাৰখনো লৈ যাবলৈ কৈছিল৷ দেউতাকৰ লগত চিনাকি থকা বাবেই ৰশ্মি, তথা বায়েককো সংগীতাৰ জন্মদিনৰ পাৰ্টিলৈ মাতিছিল৷ সেইদিনা সংগীতাই অভিকক সেইটো গানকে গাবলৈ অনুৰোধ কৰাত অভিকে প্ৰাণঢালি গাইছিল৷ পিছে তাৰ দুদিনমানলৈকে ৰশ্মিয়ে অভিকৰ লগত কথা পাতা নাছিল৷ অভিকে সেইবাৰ মেট্ৰিক দিব৷ নিজৰ পঢ়া-শুনাত ব্যস্ত আছিল যদিও ৰশ্মিক তাৰ মাজতেই সুধি ফুৰিছিল৷ বহুতবাৰ সোধাৰ পিছতহে ৰশ্মিয়ে কৈছিল অভিকে যেন আৰু কেতিয়াও কাৰো আগতে সেই গানটি নেগায়৷ লাহে লাহে সময় পালেই ৰশ্মিৰ আব্দাৰত অভিকে কেৱল তাইৰ বাবেই গীটাৰ বজাই গানটো গায় আৰু তাই বিভোৰ হৈ শুনে৷ এদিন তেনেকৈয়ে চকু মুদি অভিকৰ গান শুনি থকা ৰশ্মিক চাই চাই অভিকে কৈ উঠিছিল, -“আমি দুটাই সদায় এনেদৰেই ইজনে আনজনৰ বন্ধু হৈ থাকিম দেই! জীৱনত কেতিয়াবা কিবা বিপদত পৰিলে সদায়েই ইজনে সিজনৰ ওচৰত থিয় দিম, ইজনে সিজনক সাহস যোগাম৷ “ ৰশ্মিয়ে মিঠা হাঁহি এটা মাৰি অভিকৰ হাতৰ ওপৰত নিজৰ হাতখন ৰাখিছিল৷

মেট্ৰিকত ভাল ৰিজাল্ট কৰি অভিকে দূৰৰ কলেজখনত পঢ়িবলৈ গ’ল৷ তিনিবছৰৰ পিছতে ৰশ্মিয়েও একেখন কলেজতে পঢ়িবলৈ গ’ল যদিও অভিকে ইতিমধ্যে ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুচি গৈছিল৷ কিন্তু সিহঁতৰ মাজত যোগাযোগ আছিল৷ চিঠি দিয়াতকৈ বন্ধ পালেই দুয়োটা ঘৰ পাইগৈ, সেইকেইদিন সিহঁতৰ কথা-বতৰা, হাই-কাঁজিয়া আদিৰে দুয়োখন ঘৰ মুখৰ হৈ থাকে৷ ইতিমধ্যে ৰশ্মিৰ দেউতাকে ভাড়াঘৰৰ ওচৰৰে ঘৰে-মাটিৰে এটা ঘৰ কিনি লৈ নিগাজিকৈ তাতেই থাকিবলৈ লৈছিল৷ বায়েক অঞ্জনাৰ বিয়া হৈ গৈছিল৷ নক’লেও হ’ব যে দুয়োখন ঘৰে ইতিমধ্যে ধৰি লৈছিল যে অভিক আৰু ৰশ্মিৰ মাজত প্ৰেমৰ সম্বন্ধ আছে, গতিকে বিয়া হ’বই! কাৰো আপত্তি কৰিবলগীয়াও একো নাছিল৷ পিছে সকলো ঠিক থাকিলেও বিধাতাৰ নামত কিছুমান মানুহে কৰা ভণ্ডামীৰ ফলত আন কিছুমান নিৰীহ মানুহে জীয়াতু ভুগিবলগীয়া হয়৷ অভিক-ৰশ্মিৰো সেয়াই হ’ল৷

০০০০

ইতিমধ্যে অভিকে ইঞ্জিনিয়াৰিং শেষ কৰি চাকৰি কৰাৰো প্ৰায় ডেৰ-দুবছৰ হৈছিল৷ কেইটামান দিন বন্ধ থকা বাবে অভিকে ঘৰলৈ অহাৰ কথা ভাৱিলে৷ ৰশ্মিৰ ফাইনেল পৰীক্ষাও শেষ হ’ব তেতিয়ালৈ! সেয়ে সিহঁত দুয়ো উৎফুল্ল হৈ পৰিল যে এইবাৰ সিহঁতে বহুত সময় পাব৷ সিহঁত দুয়োৱে ইটোৱে সিটোক কোনোদিনেই প্ৰেমৰ প্ৰস্তাৱ দি পোৱা নাই৷ সেয়ে ইটোৱে সিটোক ঘনিষ্ঠ বন্ধু বুলিয়েই কয়৷ কলেজত ৰশ্মিক প্ৰেমৰ প্ৰস্তাৱ দিয়া বা তেনে প্ৰস্তাৱ ৰশ্মিলৈ লৈ অহা লগৰ দুই এজনীয়ে প্ৰায়েই কৈ থাকে, -“তোৰ যদি সেই অভিক নে কি তাৰ লগত একো প্ৰেমৰ সম্বন্ধই নাই তেন্তে তোলৈ অহা আন কাৰোবাৰ প্ৰেমৰ প্ৰস্তাৱ তই গ্ৰহণ কিয় নকৰ…? ”

ৰশ্মিৰ পোনপতীয়া উত্তৰ- “এইখিনি পঢ়াৰ সময়৷ পঢ়ি উঠি নিজকে যোগ্য কৰাৰ সময়৷ আৰু কাৰোবাক ভাল পাবলৈ হ’লে তেওঁক ভাল লাগিবও লাগিব যে…! মোৰ যে তেনে ভাৱ নাহেই দেখোন! ”

“কেনেকৈনো আহিব? ”- অতি ঘনিষ্ঠ হৈ পৰা বান্ধৱী ৰিতিয়ে কৈ উঠে, – “তোৰ মনত সেই অভি দাৰ ৰূপটোৱেই যে আছে৷ যদি সঁচায়ে তহঁতৰ মাজত কোনো প্ৰেমৰ সম্বন্ধ নাই তেন্তে তোৰ কোনোবা নহয় কোনোবাক কিবা কাৰণত ভাল লাগিবই! আচলতে তোৰ আৰু অভিকৰ মাজত ভালপোৱাৰ সম্বন্ধই আছে, কেৱল তহঁতে ইটোৱে সিটোক সেই কথাটো নজনাৱ, অথবা জনাবলৈ সংকোচ কৰ আৰু নহ’লে জনোৱাৰ প্ৰয়োজনেই নাই বুলি ধৰি লৈছ৷ তহঁতৰ দুয়োঘৰৰে মানুহেও চাগৈ ধৰি লৈছে যে তহঁতৰ মাজত প্ৰেমৰ সম্বন্ধ আছে, সময়ত বিয়াৰ কথা পাতিব আৰু….! ”

ৰশ্মিয়ে হু-হুৱাই হাঁহি দিয়ে, -“তই যে কিমানলৈকে ভাৱিব পাৰ? সঁচাকৈ কৈছোঁ ৰিতি, তই ভালকৈ লিখা-মেলাত মনোযোগ দে, বিৰাট ভাল কাহিনী লিখিব পাৰিবি…? ”

ৰিতিয়ে কিবা এক হুমুনিয়াহ কাঢ়াৰ দৰে কৰি কৈ উঠে, – “এনেকুৱা বহুত কমৰে হয়, তই জাননে…? তই কাৰোবাক ভাল পাইছ, তোৰ ঘৰৰ মানুহেও কোনো প্ৰশ্ন নকৰাকৈ তোৰ সেই ভালপোৱাক স্বীকাৰ কৰিছে, এসময়ত তোৰ সেই ভালপোৱাক সামাজিক স্বীকৃতি দি সকলোৱে আদৰি লৈছে৷ বহুতৰ ক্ষেত্ৰত মাক-দেউতাকৰ নিজৰ জেদ, অহংকোৰ, আভিজাত্য, সামাজিক স্থিতিৰ, জাত-পাতৰ ধামখুমীয়াত কিমান ছোৱালীয়ে যে নিজৰ ভালপোৱাক বিসৰ্জন দিবলৈ বাধ্য হয়৷ মোৰ বায়ে তেনেকৈয়ে জীৱনৰ লগত সহ-অৱস্থান কৰিবলৈ বাধ্য হৈছে৷ বাৰ অৱস্থা দেখিয়েই ময়ো প্ৰেম-ভালপোৱাৰ পথক পৰিত্যাগ কৰাৰে সিদ্ধান্ত ল’লোঁ৷ অথচ মানুহে একো নজনাকৈয়ে বদনাম ৰটিবলৈ আৰম্ভ কৰে যে ছোৱালীবোৰে ’টাইমপাছ ’ কৰিবৰ বাবেই প্ৰেমত পৰে আৰু সময়ত মাক-দেউতাকৰ বিৰুদ্ধে যাব নোৱাৰোঁ বুলি ভাল চাকৰি কৰা, সমাজত নাম থকা মানুহৰ লগত বিয়া হৈ সুখৰ সংসাৰ কৰে৷ প্ৰায়েই মাক-দেউতাকবোৰে তেওঁলোকৰ নিজৰ নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ ল’ৰা-ছোৱালীবোৰৰ আৱেগক ব্যৱহাৰ যে কৰে সেই কথাটোত কোনেও গুৰুত্ব নিদিয়ে৷ “

ৰশ্মিৰ বেয়া লাগি যায়৷ তাই জানে ৰিতিৰ বায়েক ৰিণিকী বাৰ কথা৷ ৰিণিকী বায়ে ভালপোৱা ল’ৰাজনৰ লগত বিয়া হ’বলৈ বিচৰাৰ কথা জানি ৰিতিৰ মাকে নিজৰ হাতৰ শিৰা কাটি আত্মহত্যা কৰিবলৈ ওলাইছিল৷ মাক-দেউতাকৰ অবাধ্য নোহোৱাকৈ ডাঙৰ হোৱা ৰিণিকী বায়েয়ে নিজৰ ভালপোৱা ল’ৰাজনক ত্যাগ কৰি মাক-দেউতাকৰ পছন্দমতেই বিয়াত বহিছিল৷ নিজৰ ছোৱালী আদ্যৱন্ত ঘৰৰ একমাত্ৰ সন্তানৰ পত্নী হোৱাটোকেই ৰিতিৰ মাক-দেউতাকৰ বাবে ডাঙৰ সপোন হৈ পৰিছিল৷ তেওঁলোকে এবাৰো ভাৱি নাচালে ধনী ঘৰৰ সেই পুত্ৰই কেৱল উচ্চ বৃত্তিধাৰী পিতৃৰ অৰ্জিত ধনেৰেহে ব্যৱসায় আৰম্ভ কৰিছিল, সেইয়া নিজৰ কষ্টোপাজ্জিত নহয় বাবেই ব্যৱসায় ঢোঁৱাচাঙত উঠিল৷ পুৱা-গধূলী কেৱল পাৰ্টি, মদ, জুৱাৰ নামত পাৰ কৰা পৰিবেশত ৰিতিৰ বায়েকৰ মানসিক স্থিতিৰ কথা কৈ ৰিতিয়ে প্ৰায়েই কান্দিছিল৷ ধনৰ গৰ্বেৰে অংহকাৰী ভিনিহীয়েকৰ ঘৰখনে ৰিণিকী বাক ঘৰৰ পৰা ওলাই গৈ চাকৰি কৰিবলৈকো দিয়া নাছিল৷ বিয়াৰ প্ৰথম বছৰতেই সন্তান জন্ম হোৱাৰ ফলত এতিয়া ভাৱিলেও সেই সম্বন্ধৰ পৰা ওলাই আহিবলৈ মানসিক, শাৰীৰিক কোনো দিশতেই ৰিতিৰ বায়েক প্ৰস্তুত নহয়৷

ৰিতিয়ে কৈছিল, – “প্ৰথম তিনিমাহতেই ভিনদেউৰ স্বভাৱ গম পাই ৰিণি বা ঘৰলৈ গুচি আহিব বিচাৰিছিল৷ মায়ে নিদিলে, এবাৰ বিয়া হৈ ওলাই যোৱা ছোৱালী ঘৰলৈ একেবাৰে উভতি আহিলে ঘৰখনৰ মান-সন্মান সকলো শেষ হ’ব৷ আৰু ৰিণি বা এনেকৈ ঘৰলৈ ঘূৰি আহিলে মোৰো বোলে বিয়াৰ বাবে কোনো সুপাত্ৰই পোৱা নাযাব৷ নিজৰ জেদ পূৰাবৰ বাবে প্ৰথমে মায়ে নিজৰ হাতৰ শিৰা কাটি মৰিবলৈ লোৱাৰ অভিনয় কৰি ৰিণি বাক বাধ্য কৰালে বিয়াত বহিবলৈ, আৰু তাৰপিছত মোৰ ভৱিষ্যতৰ কথা দেখুৱাই তাইক আকৌ বাধ্য কৰালে তাইৰ নিজৰ অনিচ্ছাতে সেই ঘৰখনত, সেই জুৱাৰী, মদাহীটোৰ লগত চিৰ জীৱনৰ বাবে থাকি যাবলৈ…! ”

ৰশ্মিৰ জীৱনত ঘটা সেই ভয়ংকৰ ঘটনাটোৰ সময়ৰ পৰা আন বহুতৰ লগতে ৰিতিৰ লগতো তাই কোনো যোগাযোগ ৰাখিব খোজা নাছিল৷ পিছে সঁচা বান্ধৱী ৰিতিয়ে কিছু দেৰিকৈ হ’লেও নিজেই বিচাৰি ৰশ্মিৰ ঘৰ পাইছিলহি৷ ৰিতি অবাক হৈ গৈছিল যেতিয়া ৰশ্মিয়ে কৈছিল যে সেই সময়ত ঘৰলৈ অহা স্বত্বেও তাইৰ অভি দাই এবাৰৰ বাবেও তাইৰ খবৰ লোৱা নাছিল! সঁচা কথা ক’বলৈ হ’লে মাক-দেউতাকৰ বাহিৰে তাইৰ বিপদত মাত দিবলৈ কেৱল ৰিতিহে আহিছিল৷ আনকি তাইৰ বায়েক-ভিনিহীয়েকেও ককৰ্থনা কৰি আঁতৰি গৈছিল৷

০০০০০

ইতিমধ্যে বহু কষ্টেৰে পোৱা সফলতাৰ পথত ৰশ্মি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰখনত ইমানেই ব্যস্ত হৈ পৰিছিল যে সুদূৰ লণ্ডনৰ পৰা ৰিতিৰ বিয়ালৈ আহিব পৰাটো সম্ভৱ হৈ নুঠিল৷ সেয়েহে এনেকৈ বহুবছৰৰ পাছত নিজে পঢ়া চহৰখনলৈ আহিব লওঁতেই ভাৱি থৈছিল যে ৰিতিক, তাইৰ পৰিয়ালটোক এবাৰ লগ কৰিবই লাগিব৷ কিন্তু ৰিতিয়ে যে তাইৰ বাবে এক অস্বস্তিকৰ পৰিবেশৰহে সৃষ্টি কৰি থব সেইটো ৰশ্মিয়ে কল্পনাতো ভাৱিব পৰা নাছিল৷ সেয়েহে অভিকক ৰিতিহঁতৰ ড্ৰয়িংৰুমত দেখি ৰশ্মি স্তব্ধ হৈ পৰিছিল৷ অৱশ্যে তৎক্ষণাতে তাই নিজকে সংযত কৰিও লৈছিল৷ সেইখিনি ক্ষমতা আহি গৈছে তাইৰ৷

কিন্তু অভিকক তাৰপিছত তাই এবাৰো মূৰ তুলি চোৱাৰ প্ৰয়োজন বোধ নকৰিলে৷ নহয়, আচলতে অভিকৰ চকুৱে চকুৱে পৰিলে হয়তো তাইৰ চকুপানীহে ওলাব৷ নিজৰ চকুহালক তাই বৰ ভয় কৰে৷ কোন সময়ত সকলো বাধা নামানি পাৰ ভাঙি চকুলোবোৰ ওলাই আহে তাই গমকে ধৰিব নোৱাৰে৷ বিশেষকৈ নিৰলে থকা সময়বোৰত যেতিয়া অভিকৰ কথাবোৰ মনলৈ আহে তেতিয়া এই চকুদুটাই তাইক বাৰে বাৰে বিশ্বাস ঘাটকতা কৰে৷ সেয়েহে অভিকলৈ নোচোৱাকৈ তাই তাত বহি থকা বাকীসকললৈ চালে৷ ইতিমধ্যে ৰিতিয়ে তাইৰ মৰমৰ বান্ধৱী বুলি ৰশ্মিক সকলোৰে লগত চিনাকি কৰাই দিলে৷

মনে মনে ৰশ্মিৰ ৰিতিলৈ খঙো উঠিবলৈ ধৰিছিল৷ ৰিতিয়ে ৰশ্মিৰ জীৱনৰ সকলো কথা জানে৷ অভিকৰ ওপৰত থকা পৰ্বত সদৃশ খং-অভিমানৰ কথাও জানে৷ তথাপিতো ৰশ্মিক মাতি, লগতে একে সময়তে অভিককো কেনেকৈ মাতি দিব পাৰে বাৰু!

হঠাতে ৰশ্মিৰ মনলৈ প্ৰশ্ন আহিল, ৰিতিয়ে অভিকক কেনেকৈ চিনি পালে? অভিকক নিশ্চয় খুব ভালকৈয়ে ৰিতিহঁতে লগ পাব লাগিব, তেতিয়াহে এনে এক ঘৰুৱা অনুষ্ঠানলৈ কাৰোবাক নিমন্ত্ৰণ কৰিব পাৰে৷

তাইৰ লগত মেইলযোগে অথবা কেতিয়াবা ফোনত কথা পাতিলেও ৰিতিয়ে কেতিয়াও অভিকৰ কথা উল্লেখ কৰা নাই৷ এয়া কোনো প্লেনিং নহয়তো! অভিকৰ বাহিৰেও আন দুটা পৰিয়ালো আছে ৰিতিৰ ঘৰত৷ লগতে অভিকৰ পৰিয়ালো থাকিব পাৰে ছাগৈ! কথাবোৰ ভাৱি ৰশ্মি উচপ খাই উঠিল৷ তাইৰ হাত-ভৰি কঁপি উঠা যেন লাগিল৷ কেনেকৈ অভিকৰ পত্নীৰ মুখামুখি হ’ব বাৰু তাই?

গতিকে বেছি উচ্চ-বাচ্য নকৰাকৈ কিবা আৰ্জেণ্ট কাম ওলোৱাত ৰিতিক মাত দি মনে মনে গুচি যোৱাই ভাল হ’ব বুলি ৰশ্মিয়ে ভাৱিলে৷

মনতে তেনেদৰে ভাৱি অসহজ হৈ পৰা ৰশ্মিক ৰিতিয়ে ঠিকেই লক্ষ্য কৰি আছিল৷ ৰশ্মিক হাতত ধৰি লাহেকৈ তাই পাকঘৰলৈ লৈ গৈছিল৷

“তই কিয় এনে কৰিলি ৰিতি? ”-ৰিতিৰ হাতখন জোৰকৈ এৰুৱাই ৰিতিয়ে কিবা কোৱাৰ আগতেই ৰশ্মিয়ে অলপ ককৰ্ষ হৈয়েই সুধিলে..!

“মই বুজিছো তই কি ক’ব খুজিছ? হয়তো ভাৱিছও যে এয়া নিশ্চয় প্ৰি-প্লেনিং৷ মিছা নকওঁ, অলপ প্ৰি-প্লেনিঙেই আছিল ৰশ্মি”- ৰিতিয়ে দুয়োখন হাতেৰে নিজৰ কানত ধৰি পুনৰ ক’লে, – “মাফ কৰি দে না…তোক নোকোৱাকৈ এনেদৰে কৰিলোঁ৷ “

ৰশ্মিয়ে একো নোকোৱাকৈ ৰিতিলৈ চাই থাকিল৷ আচলতে কি কোৱা উচিত সেইয়াও যেন পাহৰি গ’ল৷ তাকে দেখি ৰিতিয়ে ক’বলৈ ধৰিলে, –

“তিনিবছৰমানৰ আগতে অভিক ছাৰ, মানে অভি দা মোৰ হাজবেণ্ড সঞ্জীৱৰ অফিচৰ বছ হৈ ইয়ালৈ আহে৷ সঞ্জীৱৰ মুখত শুনিয়েই বুজি গৈছিলোঁ যে এইজন সেই তোৰ মুখত শুনা অভি দাই হ’ব৷ কাৰণ তেখেতৰ ঘৰো তোৰ ঘৰৰ টাউনখনতে বুলি সঞ্জীৱে কৈছিল৷ সেয়ে তাৰ ছমাহমানৰ পিছত সঞ্জীৱৰ অফিচৰ পাৰ্টি এটাত অভি দাক লগ পাওঁতে মুখামুখিকৈয়ে তোৰ কথা সুধিছিলোঁ৷ বিশ্বাস কৰিবি তোৰ নাম শুনিয়েই অভিদা বহুদেৰি মৌন হৈ পৰিছিল৷ তোৰ সমান নহ’লেও অভিদাৰ ওপৰত মোৰো খং এটা আছিল, বিপদৰ সময়ত তোৰ এবাৰ খবৰ নোলোৱাৰ বাবে, তোৰ ওচৰত থিয় নোহোৱাৰ বাবে, কলেজৰ সেই বছৰকিটাত তোৰ মুখত কেৱল অভিদাৰ কথা শুনি শুনি আমনি লাগি যোৱা সেই সময়বোৰৰ বাবে, কলেজৰ আন কাৰোৰে প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ আঁৰত তোৰ অভিদাৰ প্ৰতি থকা প্ৰেম– এই সকলোবোৰৰ বাবেই মানুহজনৰ প্ৰতি কিবা এক খং আছিল৷ সেয়ে সুধি দিছিলোঁ তোৰ কথা৷ বহুদেৰি মৌন হৈ পৰা মানুহজনে পিছত কথা পাতিম বুলি সেইদিনা আধাতে পাৰ্টি এৰি গুচি গৈছিল৷ আচৰিত কথা কি জান, মই ভাৱিছিলোঁ অভি দাই চাগৈ বিয়া-বাৰু পাতিলে, ল’ৰা-ছোৱালীও হ’ল চাগৈ! পিছে সেইদিনা পাৰ্টিত তেথেত অকলেই আহিছিল৷

সঞ্জীৱে ভয়ো খাইছিল, তেওঁৰ বছক মই তেনেকৈ কোৱাটো উচিত হোৱা নাই বুলি! তাৰপিছত দুদিন ধৰি অভি দা অফিচলৈ নাহা দেখি সঞ্জীৱ ভীষণ চিন্তাত পৰিছিল৷ সেয়ে তৃতীয়দিনা অভি দাক অফিচত দেখি সঞ্জীৱে মোৰ হৈ ক্ষমা খুজিবলৈ তেখেতৰ কেবিনলৈ গৈছিল৷ পিছে সঞ্জীৱক আচৰিত কৰি অভি দাইহে সেইদিনা পাৰ্টিৰ পৰা আধাতে গুচি যোৱাৰ বাবে চ’ৰি কৈ সঞ্জীৱক তোৰ কথা সুধিছিল৷ মই সঞ্জীৱক তোৰ বিষয়ে কৈছিলোঁ যদিও সঞ্জীৱে অভি দা আমাৰ ঘৰলৈ মাতি দিছিল মোৰ লগত কথা পাতিবৰ বাবে৷ আহিছিল তেখেত তাৰ পিছৰ শনিবাৰটোতেই! মোৰ পৰা তোৰ কথাবোৰ শুনি তেখেতে আমাৰ সন্মুখতে কান্দি পেলাইছিল৷ “

“আৰু তহঁতৰ তেতিয়াই বেয়া লাগি গ’ল নহয় নে..? ”-ৰশ্মিয়ে তেতিয়াও খঙেৰেই প্ৰশ্ন কৰিলে..৷

“নহয় অ’ ৰশ্মি! সঞ্জীৱে বাৰে বাৰে মানা কৰা স্বত্বেও আমাৰ ঘৰত অহাৰ দিনাও মই তেখেতক ককৰ্থনা কৰিয়েই আছিলোঁ৷ তেতিয়াহে তেখেতে কৈছিল কিদৰে তেখেতৰ মাকে নিজৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিব খুজিছিল যেতিয়া অভি দাই সেইসময়ত কথাবোৰ শুনি তোৰ ওচৰলৈ যাব বিচাৰিছিল৷ মাক-দেউতাকৰ এইধৰণৰ জেদবোৰক মোতকৈ আৰু কোনে ভালকৈ বুজিব, তই ভালকৈয়ে জান৷ তই জাননে, তেতিয়াৰে পৰা অভি দায়ে নিয়মমাফিক মাক-দেউতাকৰ প্ৰতি কেৱল কৰ্তব্যখিনিহে কৰি গৈছিল বোলে! অৱশ্যে দুয়োজনৰে মৃত্যু হৈছে৷ এতিয়া কেৱল ভনীয়েকহে আছে৷ তোৰ বিষয়ত অভি দাৰ মাকৰ মনোভাৱ বেয়া কৰাত ভনীয়েকৰো বোলে হাত আছিল৷ পিছত নিজৰ ভুল বুজি মাকে ক্ষমা খুজিছিল! কিন্তু মাকৰ হাজাৰ কাকূতি-মিনতিতো বোলে অভি দাই আন কাৰোবাক বিয়া পাতিবলৈ সন্মতেই নহ’ল৷ তেতিয়াহে জানিব পাৰিছিলোঁ যে অভি দাই বিয়া পতাই নাই৷ “

“হোৱাট! অভি দায়ে বিয়া পাতা নাই? কিন্তু মোৰ বায়ে কৈছিল দেখোন বিয়া পাতা বুলি…! কোনোবা বাহিৰৰ ছোৱালী বিয়া পাতিলে, সেয়ে ঘৰলৈ নাহে বোলে..! ”-ৰশ্মিয়ে আচৰিত হৈ সুধিলে৷

“সেইটোৱেইতো কথা! তোক, অভি দাক তহঁতৰ চাৰিওকাষৰ, নিজৰ বুলি ভাৱি থকা মানুহবোৰেই মিছা কথা কিছুমানেৰে তহঁতৰ মাজত থকা ভুলবোৰ বঢ়াই গৈ আছে৷ প্ৰথমে অভিদাৰ মাকে, এতিয়া ভনীয়েকে তথা তোৰ বায়েৰে সকলোৱে নিজৰ নিজৰ সুবিধা অনুযায়ী কথা কিছুমান বনাই বনাই তহঁতক জনাই গৈ আছে আৰু তহঁতে সেইবোৰৰ ভিত্তিতে ধাৰণা কিছুমান কৰি লৈ ইটোৱে সিটোক বেয়া পাই গৈ আছ৷ এবাৰ দুয়ো সমুখা-সমুখিকৈ অন্ততঃ কথা পাতি চাছোন! লাগিলে খঙেই কৰ, কিন্তু সন্মুখতে কৰ৷ আনৰ কথা শুনি ইটোৱে সিটোৰ বাবে নিজাকৈ ধাৰণা বহুত কৰিলি৷ সেইমতে ইটোৱে সিটোৰ ওপৰত খং কৰি বহুত বছৰ আঁতৰে আঁতৰে কটালি৷ এতিয়া অন্ততঃ আনৰ কথা নুশুনাকৈ নিজে নিজে কেৱল তহঁতৰ নিজৰ কথা পাত৷

আচলতে অভি দায়ে এই কথাটোকে মোক অনুৰোধ কৰি আছে যোৱা দুই বছৰ ধৰি৷ তেখেতক যে আমি লগ পাইছোঁ সেইটোও তোক ক’বলৈ মানা কৰিছে৷ জানে যে তই তেতিয়া আমাৰ লগতো কোনো সম্পৰ্ক নাৰাখিবি৷ সিমানখিনিলৈকে তোক বুজি পায় অভি দাই৷ আৰু তোৰ বিপদৰ সময়ত তোৰ ওচৰলৈ নোযোৱাৰ ফলত কি মানসিক কষ্টত অভি দাই ইমান বছৰ কটাইছে সেইয়া মোক কৈছে যদিও সেইবোৰ মই তোক নকওঁ৷ অভি দাই নিজেই কওক, তয়ো তোৰ খং-অভিমানবোৰ অভিদাক মুখামুখিকৈয়ে কৈ দে৷ তাৰপিছত যি কৰ তহঁতৰ কথা, কিন্তু এবাৰ মুখামুখি হৈতো চা৷

ৰশ্মি, তোৰ বিপদৰ সময়ত মই লগত নাছিলোঁ যদিও আন বহুতে বহু কথা কৈ থাকোঁতেও মই বিশ্বাস কৰা নাছিলোঁ৷ তোক ভালকৈ বুজিছিলোঁ কাৰণেই সেই অভদ্ৰবোৰে তোৰ বিষয়ে কোৱা বেয়া কথাবোৰ কেতিয়াও বিশ্বাস কৰা নাছিলোঁ৷ সেয়ে দেৰিকৈ হ’লেও তোৰ ওচৰলৈ গৈছিলোঁ৷ তোৰ-মোৰ বন্ধুত্বক সদায় মনত ৰাখি আহিছোঁ৷ সেই বন্ধুত্বৰ খাতিৰতে তই এবাৰ অভি দাৰ লগত কথা পাত, প্লীজ…৷ “

একো নোকোৱাকৈ পাকঘৰৰ পৰা ওলাবলৈ ঘুৰোঁতেই ৰশ্মিয়ে দেখিলে, তাইৰ ঠিক সন্মুখতে অভিক ৰৈ আছে৷ চকুৱে চকুৱে পৰাত হঠাতে অভিকে তললৈ মূৰ কৰিলে৷ এনেকুৱা লাগিল যেন সময় সেইখিনিতে স্থবিৰ হৈ পৰিল৷ নিস্তব্ধ সময়খিনিত কেৱল ড্ৰয়িং ৰুমত খেলি থকা ৰিতি-সঞ্জীৱৰ ছোৱালী মৌ আৰু বাকী দুটা পৰিয়ালৰ ল’ৰা-ছোৱালীকেইটাৰ খিলখিলনি ভাঁহি আহিল৷ কোনেও একো নোকোৱা দেখি ৰিতিয়ে কিবা এটা ক’বলৈ লওঁতেই অভিকে কৈ উঠিল, –

“ৰশ্মি, তোৰ চকুত চকু থৈ কিবা কোৱাৰ অধিকাৰ মই কেতিয়াবাই হেৰুৱালোঁ৷ তথাপি ক’ব বিচাৰিছোঁ, অলপমান সময় দিবিনে? অন্ততঃ তোক ক্ষমা খুজিবলৈকে অকণমান সময় দে৷ জোৰ কৰাৰ অধিকাৰো তেতিয়াই হেৰুৱালোঁ৷ সেয়ে তই যদি একো নোকোৱাকৈয়ে যাৱগৈ তেতিয়াও বেয়া নাপাওঁ৷ মাথোঁঁঁঁঁ এবাৰ মোক মোৰ কথাখিনি কোৱাৰ সুযোগ দে, প্লীজ..৷ “

ৰশ্মিয়ে কিবা কোৱাৰ আগতেই ৰিতিয়ে কৈ উঠিল, –

“এটা কাম কৰক অভি দা, আপোনালোক চাদৰ ওপৰলৈ যাওক৷ তাতে কথা পাতক৷ এই পাকঘৰৰ পৰা বাহিৰলৈ যোৱা দুৱাৰখনেদি ওলাই ওপৰৰ চাদলৈ যোৱা খটখটিটো আছে৷ সেইফালেদিয়েই যাওক৷ ৰশ্মি, যা-মই বাকী আলহীসকলক ব্যস্ত কৰি ৰাখোঁ৷ “-এইবুলি কৈ ৰিতিয়ে ইতিমধ্যে সজাই থোৱা ড্ৰাই ফ্ৰুইট্চৰ প্লেটখন লৈ ড্ৰয়িং ৰুমলৈ যাবলৈ ধৰিলে৷

ৰশ্মি-অভিক দুয়োটা অলপ সময় স্থানুৰ দৰেই ৰৈ থাকিল৷ ৰশ্মিয়ে অভিকলৈ চাই দেখে সি তাইলৈকে চাই আছে৷ যেন ৰশ্মিয়ে খোজ আগবঢ়োৱালৈকে বাট চাই আছে….৷

০০০০

চাদৰ ওপৰতো বহুদেৰি দুয়োটাই একো নোকোৱাকৈ থাকিল৷ যেন কোনে আগতে ক’ব তাৰ বাবেই বাট চাই আছে৷ তেনেতে তলৰ ড্ৰয়িং ৰুমত বাজি থকা মিউজিক চিষ্টেমটোত বাজি উঠা চিৰ পৰিচিত গানটো শুনি দুয়োটাই উচপ খোৱাৰ দৰে হ’ল৷ আগতে ৰেডিঅ’ত প্ৰায়েই শুনিবলৈ পোৱা কণ্ঠশিল্পী ৰুবী সিংহৰ “বন্ধু, মেলি দে তোৰ দুখৰ দুখনি হাত” গীতটো অভিক-ৰশ্মি দুয়োৰে প্ৰিয় আছিল৷ এদিন তেনেকৈ শুনি থাকিয়েই অভিকে কৈ উঠিছিল, -“আন যিয়েই নহওক যিকোনো বিপদৰ সময়ত আমি দুয়ো দুয়োৰে কাষত থাকিম দেই! “

গীতটি শুনি ৰশ্মিৰ দুখবোৰ উজাৰি অহা যেন লাগিল৷ “মোৰ কাম আছে, মই যাওঁ”-বুলি উভতি খোজ ল’ব ধৰোঁতেই অভিকে কৈ উঠিল, –

“অলপ ৰছোন প্লীজ৷ জানো, মোৰ ওপৰত তোৰ সীমাহীন খং আছে৷ তই মোক কেতিয়াও যে ক্ষমা কৰিব নোৱাৰ সেইটো মই জানো৷ মই কৰা দোষৰ কৈফিয়ত দিবলৈ খোজা নাই, কেৱল কথা কিছুমান ক’ব খুজিছোঁ৷ এই প্ৰকাশ নোহোৱা কথাবোৰে মোৰ বুকুতে থিতাপি লাগি থকাৰ ফলত মই সেইবোৰৰ ভৰ বহন কৰিব নোৱাৰা হৈ গৈছোঁ৷ সেয়েহে কৈছোঁ, অকণমান সময় ৰ না প্লীজ! ”

শেষৰ ফালে অভিকৰ মাতটোত কান্দোনৰ সুৰ আছিল৷ নোৱাৰে তাই, সেইটোৱেই শুনিব, অথবা চাব নোৱাৰে৷ অন্ততঃ তাইৰ অভিদাৰ কান্দোনৰ কথা যে কল্পনাও কৰিব নোৱাৰে৷ কি কৰিব, এতিয়া কি কৰা উচিত তাই….! ”—ৰশ্মিয়ে ভাৱি থাকিল৷

“তোৰ লগত ঘটা ঘটনাটোৰ ঠিক এসপ্তাহৰ পিছতেই মই ঘৰ গৈ পাইছিলোঁ৷ “- অভিকে লাহে লাহে ক’বলৈ ধৰিলে, –

“ঘৰলৈ যোৱাৰ আগতে তোৰ হোষ্টেলৰ কাষৰ পিচিঅ’টোত আগতে কৰাৰ দৰেই ফোন কৰি তোক মাতি দিবলৈ কৈছিলোঁ৷ পিচিঅ’টোৰ মানুহজনে কৈছিল তই বোলে হোষ্টেলত নাই৷ তেতিয়া তোৰ ঘৰলৈ ফোন কৰিলোঁ, কোনেও ফোন নুঠালে৷ তেনেকুৱা আগতে কেতিয়াও হোৱা নাছিল৷ চিন্তা হোৱাৰ লগতে আচৰিতো হৈছিলোঁ৷ কি হ’ল তোৰ?

এয়াৰপোৰ্টৰ পৰা ঘৰ গৈ ৰাতি পাইছিলোঁ, গৈ পায়েই ’তই ঘৰলৈ আহিছ নেকি’ বুলি মা, অনামিকাক সুধিছিলোঁ৷ মাৰ ভেকেহা মৰা উত্তৰ, -সেই নষ্ট চৰিত্ৰৰ ছোৱালীজনীৰ লগত তোৰ আকৌ কিহৰ হ’লিগলি…! আমাৰ গোটেই ঠাইখনকে বদনামী কৰিলে৷ তোৰ কোনো দৰকাৰ নাই তাইৰ খবৰ জানিবলৈ! কেইদিনমানৰ বাবে ঘৰলৈ আহিছ, থাক, আকৌ যাবিগৈ! ”

মই অধৈৰ্য হৈ উঠিছিলোঁ, -“মা, ৰশ্মিৰ কি হৈছে নোকোৱা কিয়…? ”

অনামিকাৰ মতে তোৰ হেনো মদ-ভাং-জুৱা খেলা গেং এটাৰ লগত জড়িত আছিলি, হোষ্টেলৰ পৰা মনে মনে গৈ সিহঁতৰ লগত বোলে তই প্ৰায়েই পাৰ্টি কৰি থাক৷ এনেকৈ এদিন সন্ধিয়া পাৰ্টি কৰি থাকোঁতে সিহঁতেই তোক ধৰ্ষণ কৰি ৰাস্তাত পেলাই থৈ গৈছিলহি! দুদিনমান হস্পিতেলত থাকি এতিয়া বোলে তই ঘৰতে আছহি! ”

“বাকী একো কথাই মোৰ মনলৈ অহা নাছিল৷ তই সেই গেংটোৰ লগত কিবা প্ৰকাৰে জড়িত আছিলি বুলিও মোৰ মনলৈ কোনো প্ৰশ্নও অহা নাছিল৷ মাথোঁঁঁঁঁ তই শাৰীৰিক-মানসিকভাৱে কিমান কষ্ট পাইছ সেইবোৰ ভাৱি শিঁয়ৰি উঠিছিলোঁ৷ লগে লগেই তোৰ ওচৰলৈ যাব ওলাইছিলোঁ৷ “

মা জাঙুৰ খাই উঠিছিল, – “তই তাইৰ ওচৰলৈ জীৱনত আৰু কেতিয়াও যাব নোৱাৰ৷ নহ’লে মোৰ মৰা মুখ দেখিবি অভি….? ”

“তই বিশ্বাস কৰিবিনে, মই মাৰ কথা মানা নাছিলোঁ৷ যি হয় হ’ব বুলি ঘৰৰ পৰা আহিব ওলাইছিলোঁ৷ আচৰিতকৈ মায়ে দৌৰি গৈ পাকঘৰৰ বাহিৰৰ ফালে থকা মাটিৰ চৌকাটোৰ কাষতে থোৱা কেৰাচিন তেলৰ গেলনটো লৈ আহি মোৰ সন্মুখতে নিজৰ গাত ঢালি ঢালি কৈছিল, – ’তই ৰশ্মিৰ নিচিনা ছোৱালী এজনীৰ লগত সম্বন্ধ ৰাখিলে মই মোৰ গাত জুই লগাই দিম৷ ’

ৰুদ্ধ হৈ গৈছিলোঁ মই, একো ভাৱিব নোৱাৰি ৰুমতেই সোমাই থাকিলোঁ৷ পোন্ধৰদিনৰ কাৰণে গৈ দুদিনতেই গুচি আহিবলৈ লৈছিলোঁ৷ মাৰ কি অদ্ভুত জেদ দেখিছিলোঁ সেই দুদিনত! মই কিজানি তোৰ ওচৰলে যাওঁ সেই ভাৱি মোৰ ওচৰে ওচৰেই থাকিছিল৷ মোক বজাৰলৈও যাবলৈ দিয়া নাছিল৷ কিজানি কিবা প্ৰকাৰে মই তোৰ ঘৰলৈ যাওঁ! দেউতায়ো একো কোৱা নাছিল৷ ই

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Hiran
2 years ago

পঢ়িলো…..এটি বৰ্ণনাধৰ্মী গল্প…ভাল লাগিল

Anonymous
2 years ago

Parhi khub val lagil……congratulations

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক