বন্ধ্যাত্ব( -ৰাজীৱ শৰ্মা)

(১)
সান্ধ্য ভ্ৰমণলৈ যাবলৈ ওলাওঁতেই ফোনটো বাজিল,
চশমাৰ ফাঁকেৰে চালো—অচিনাকি নম্বৰ৷
হেল্ল’হেল্ল’ বুলি মই চিঞৰিলো, তুমি নিমাত হৈ ৰ’লা
অৱশেষত তোমাৰ মাত ’ভালনে তোমাৰ ’
উস্ কি কম মই, যেন তেতিয়ালৈ মই মই হৈ নাছিলোৱেই৷
(২)
বহুদিন হ’ল, নহয় বহু বছৰেই হ’ল
পাৰহৈ গ’ল এজাক পছোৱা
তোমাৰ ভুল নাভাঙিল, নোৱাৰিলো মই
উস্ কেনেকৈ বুজাও তোমাক
গ্ৰীটিংচ কাৰ্ড খন ভুলতেহে দিয়া হ’ল– ১৯৯২চনত৷
(৩)away
তুমি ভবাৰ দৰে মই চেঙেলীয়া বা উতনুৱা নাছিলো,
তোমাক ভালপোৱাৰ পৰাকাস্থাও নাছিল কাহানিও
তথাপিও তুমি নুবুজিলা, মই সামৰি থলো কাপৰ কলম৷
(৪)
অৱশেষত তুমি ফোন কৰিলা,
মই সান্ধ্য ভ্ৰমণলৈ ওলাইছিলো
তোমাৰ কপা কপা মাতত মই আপোন পাহৰা হ’লো৷
যেন দুকুৰি বছৰৰ বন্ধ্যাত্ব সামৰি আকৌ উৰ্বৰা হ’লো৷
(৫)
পত্নী আচৰিত হ’ল—–তুমি লিখিছা
চকুত অবিশ্বাসৰ চাৱনি,
জানা, সকলোৱে মোক আদৰি লৈছে,
সেই তেতিয়াৰ দৰে৷
(৬)
আজি মই সুখী, বহুত সুখী
অৱশেষত তুমি ফোন কৰিলা,
মই সান্ধ্য ভ্ৰমণলৈ যাবলৈ ওলাওঁতেই
তুমি ক’লা, হয় মোৰ ভুল হৈছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments