বন্ধ, চিকিত্‍সালয় আৰু বেদনা (জ্যোতি প্রকাশ নাথ)

দেউতাৰ অসুখৰ বাবে এইকেইদিন নিউ বঙাইগাওঁ ৰেল’ৱে চিকিত্‍সালয়ত থাকিব লগীয়া হৈছে। চিকিত্‍সালয়ৰ নিয়ম অনুসৰি তেওঁলোকৰ ফালৰ পৰা অকল ৰোগীসকলক হে খাদ্য দিয়ে। ৰোগীৰ চোৱাচিতাৰ বাবে থকা মানুহখিনিৰ খোৱাবোৱাৰ কাৰণে চিকিত্‍সালয়ে একো দায়িত্ব নলয় আনকি পইছা দিলেও নিদিয়ে। বাৰু যি কি নহওক শনিবাৰ দেওঁবাৰে বাহিৰৰ হোটেলত অন্নমুঠি গ্ৰহণ কৰি পেটপূজা কৰিলো। কিন্তু লেঠা লাগিল সোমবাৰে। দেওঁবাৰেই সন্ধিয়া চিকিত্‍সালয়ত হাহাকাৰ কাইলৈ বন্ধ আমাৰ কি হ’ব কোনে আমাক খাবলৈ দিব। অৱশেষত উপায় এটা ওলাল। চিকিত্‍সালয়ৰ কাষতে থকা সৰু চাহ দোকানীজনে অতিৰিক্ত মুল্যৰ বিনিময়ত দিনত দুসাঁজ আলু দাইল ভাত দিয়াৰ ব্যৱস্থা কৰিব বুলি কলে। আৰু তাৰেই আজি দুদিন কোনোমতে চলাই আছো। দিনে প্ৰায় চল্লিশ জনমান মানুহে দুবেলা আলু দালি ভাতৰ কাৰণে চাল্লিশ টকাকৈ দি থিয়ৈ বহি এটা যুদ্ধসদৃশ পৰিবেশত ভাত খায় কাৰণ ভাত শেষ হৈ গ’লে আৰু উপায় নাই লঘোন দিব লাগিব। এয়া আমাৰ বন্ধ সংস্কৃতিৰ নমুনা। ইয়াৰ পৰা বন্ধ দিয়া কেইটাৰ কি বা লাভ হয় নাজানো। ব্যক্তিগত ভাবে মই কোনো কাৰণত বন্ধ সমৰ্থন কৰিব নোৱাৰো। বিপ্লব কৰিবলৈ আন বহুতো উপায় আছে। যিখন দেশত মানুহ প্লেটফৰ্মত শোৱে, হোটেলৰ পেলনীয়াৰ পৰাও ৰাতিৰ সাজ খোৱাৰ সপোন দেখে, যিয়ে শাক পাচলি বিক্ৰী কৰি পোৱা দৈনিক লাভৰ টকাৰে পৰিয়াল পোহপাল দিয়ে, এদিন দিন-হাজিৰা নকৰিলে যিখন ঘৰত চাৰি পাঁচটা প্ৰাণীয়ে লঘোঁনে থাকিব লাগে (আৰু যে কিমান উদাহৰণ ওলাব) সেইখন দেশত অকল বন্ধ ঘোষনা কৰিহে প্ৰতিবাদ কৰিব পাৰিনে? বন্ধ দি কৰা প্ৰতিবাদ আচলতে দুৰ্বল আৰু এলেহুৱা প্ৰতিবাদীৰ হে চৰিত্ৰ। শুনিলো বঙাইগাঁৱৰ অভাৰব্ৰীজৰ কাষত কেইজন মানে শাক পাঁচলিৰ পোহাৰ মেলিছিল। পিকেটিং কৰা সকলে খেদিলে, লপা থপাও দিলে চাগে দুই এটাক।

ভাবিছিলো এনেকৈ দুদিন কিবাকৈ পাৰ কৰিম কাৰণ আজি বন্ধ শেষ হোৱাৰ কথা আছিল। কিন্তু আকৌ শুনিলো কাইলৈৰ পৰা আকৌ ছয়ত্ৰিশ ঘন্টীয়াকৈ আকৌ বন্ধ। মই বোলো এই বন্ধ দিয়া কেইটাৰ মগজ ঘোলা হৈছে যেন পাও। এতিয়া ৰাতি ভাত খাই থাকোতে (সেই আলু দুটুকুৰ অলপ দাইল আৰু ভাত) দোকানত শুনিলো বজাৰৰ পিনে কোনোবা এটাই হেনো সন্ধিয়া আন্ধাৰত পটল কেইটামান আনিছিল বেছিবলৈ। শুকান পটলকেইটা বোলে নিলাম হোৱাদি বিক্ৰী হ’ল। এজনে কলে ট্ৰেঈনৰ পৰা নামি হস্পিটেললৈ আহিবলৈ একো নাপায় ৰিক্সা এখন আনিলে এশ টকা ভাৰা কৰি য’ত ৰিক্সা আহে ত্ৰিশ টকাত। মানুহজনক দেখাত নিম্ন মধ্যবিত্ত যেন লাগিল। দৈনিক আয় চাগে চাৰিশ টকা মান হ’ব। এনেকুৱা উদাহৰণ মই দেখিলো বাবেহে এইকেইটা হ’ল। গোটেই অসমত চাগে কি কি হৈছে এই দুদিনত। আৰু কাইলৈ বন্ধ। কি যে হ’ব। এই মানুহখিনিৰ দুখ কি বন্ধ দিয়া কেইজনে নুবুজে নেকি? বিপ্লব প্ৰতিবাদ কাৰ কাৰণে কৰিছে? জনগণৰ হিতৰ কাৰণে নে নিজৰ পকেট গৰম কৰিবলৈ? মই সেই কেইটাক সুধিব খোজো তহঁতৰ আন্দোলনৰ উদ্দেশ্য সৃষ্টি নে ধ্ধংস?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক