বন্ধ দুৱাৰখন খুলি – কৌশিক দাস

আজি আকাশ আৰু আশাই যুগ্মজীৱনৰ তৃতীয় বৰ্ষ সম্পূৰ্ণ কৰিলে৷ তেওঁলোকৰ একমাত্ৰ ছোৱালীজনীৰো আজিৰ দিনটোতে জন্ম হৈছিল৷ বিবাহ-বাৰ্ষিকী আৰু জন্মদিনৰ যৌথ আয়োজনত ৰঙীন হৈ পৰিছে পঞ্চতাৰকাযুক্ত হোটেলখন৷ কোনোবাৰ বহু প্ৰতিক্ষীত উদ্বিগ্নতাৰ মাজতো তিনি-চাৰি জনীয়া একোটা জুম ফালি ওলাই আহিছে হাঁহিৰ খিলখিলনি…৷ কিছুমানে দূৰৈৰ পৰা চিঞৰিছে……“হাই”, “হেল্ল”, “ডাৰ্লিং”৷ বিকৃত তালত… সকলোৰে হাতে-মুখে আলিঙ্গন আকুল প্ৰকাশভঙ্গী! ! গগণচুম্বী অট্টালিকাটোৰ ভিতৰৰ বেপৰোৱা কোলাহলে অৱশ্যে আকাশক আগুৰি পেলাবলৈ সক্ষম হোৱা নাই৷ তেওঁৰ উদাসীন মুখমণ্ডল নিয়ন্ত্ৰণ কৰিছে বেলেগ এটা বিষয়েহে৷ ড্ৰীম লাইটৰ মায়াক অসহায়ভাবে সাৱটি ধৰা এইবোৰ মানুহৰ সান্নিধ্যত আকাশে আগলৈও পাৰ কৰিব লাগিব এনে বহু দিন আৰু ৰাতি৷ তেওঁলোকেও আকাশক অতিক্ৰম কৰি চলিব নোৱাৰে৷ সেয়া পৰস্পৰৰ কৰ্মক্ষেত্ৰ নিৰ্ভৰ বাধ্যবাধকতা৷

“সন্মূখৰ অচিন বাটৰুৱাবোৰে আমালৈ ভাবুক দৃষ্টি নিক্ষেপ কৰি হয়তো ইতিকিঙৰ সুৰতে হাঁহে! নাহাঁহিব! ! ! ! ! থুওৱা যে নাই! ! আমি কিবা লেখত ল’বলগীয়া নিচানত উপনীত হৈছো নেকি যে ধূপ-চাকি জ্বলাই পূজা কৰিব! ! ! ভাল কামৰ উপযোগী ক্ষমতা আৰু দক্ষতাখিনি বিসৰ্জন দি দি জীৱনটো নিকৃষ্টহে কৰি পেলালোঁ! !”
“ কি ভাবি আছা, আকাশ?”….
আত্মগ্লানিত জৰ্জৰ আকাশৰ সামান্য সম্বিত ঘূৰি আহিল আশাৰ মাতত ……অলপ পৰ মনে মনে ৰৈ “সকলোৰে আগত কৈ আছো ৰবা” বুলি জোৰকৈ হাঁহি এটা উলিওৱাৰ চেষ্টা কৰিলে৷

: চাবা আকৌ৷ অতিথি দেৱো ভৱ৷ কোনোবাই অসন্তুষ্ট হৈ ওলট পালট লগাই নিদিলে হ’ল৷

: চিন্তা নকৰিবা৷ আৰু তুমিতো মোক জানাই, …কেনেকৈ জীয়াই থাকি ভাল পাওঁ! !

আকাশৰ নীলা চোলাটোৰ পৰা সৰু পৰুৱা জাতীয় কিবা এটা এৰুৱাই দিয়াৰ চলেৰে কান্ধত স্পৰ্শ কৰি আশাই সঁহাৰি জনায়……

: জানো বাবেইতো তোমাক খুৱ ভাল পাওঁ, বুদ্ধু৷

: বাৰু, কোৱাচোন তুমি “শ্ৰীবিদ্যা”ৰ দৰে পত্নী/ মাতৃ আমাৰ মাজত থকাৰ কথা কেতিয়াবা ভাবিব পাৰানে?

: কোন শ্ৰীবিদ্যা?

: তামিলনাডুৰ এবোদ জিলাৰ উপায়ুক্ত ড° আৰ.আনন্দ কুমাৰৰ পত্নী৷ তোমাৰ দৰে তেৱোঁ এগৰাকী সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰবল প্ৰতাপী বিষয়া৷

: কি কৰিলেনো তেওঁ?
আকাশৰ ফাইলটোৰ পৰা ওলাই অহা পুৰণি কাকতখনৰ নিৰ্দিষ্ট বাতৰিটোত সকলোৰে দৃষ্টি নিবদ্ধ হ’ল৷ ……উপায়ুক্ত ড° আনন্দ কুমাৰে তেওঁৰ ছয়বছৰীয়া জীয়ৰী গোপিকাক স্থানীয় চৰকাৰী প্ৰাথমিক বিদ্যালয় এখনত নামভৰ্তি কৰাইছিল৷ সেই সময়ত পৰিয়ালৰ কিছু লোক, সহকৰ্মী বন্ধু আনকি তামিলনাডু প্ৰশাসনৰ ফালৰ পৰা বহু বাধা আহিছিল৷ নিৰাপত্তা, ষ্টেটাচ আদিবোৰৰ কথালৈ৷ কিন্তু নিজৰ স্থিতিৰ পৰা এখোজো লৰচৰ নহ’বলৈ মানুহজনীয়ে(শ্ৰীবিদ্যা) তেওঁক মানসিকভাবে সহায় কৰিছিল৷

: বন্ধুসকল, ৰাজহুৱা অনুষ্ঠানক লৈ প্ৰচলিত অস্পৃশ্যতাক ড° আনন্দই জনোৱা প্ৰত্যাহ্বানক আমি কিমানে গ্ৰহণ কৰিব পাৰিছো!
কাঁহ পৰি জীন যোৱা পৰিবেশটোৰ সুযোগ বুজি আকাশে এজন জ্যেষ্ঠ বিষয়াক লক্ষ্য কৰি ল’লে………………
আপুনি স্বাস্থ্য বিভাগৰ সঞ্চালক, আৰু মই শিক্ষা বিভাগৰ ৷ দুয়োটা বিভাগীয় আইন আৰু আঁচনিবোৰ আমিয়েই কাৰ্যকৰী নকৰো জানো?

: হয় কৰো

: তেনেহ’লে ৰাইজে আমাক উচ্চস্তৰীয় অপদাৰ্থ বোলাত কিবা আপত্তি আছে জানো?

: কি কলা? অপদাৰ্থ! ! ম–ম–মই কিয় হ’ম অপদাৰ্থ! ! তোমাৰ এনে তিৰস্কাৰ শুনিম বুলি জানিলেতো আজিৰ নিমন্ত্ৰণেই ৰক্ষা নকৰিলোহেতেন!

: হেইয়া, বৰুৱা চাহাব! মাত্ৰ আপোনাকে বুলি কোনে ক’লে? আমাৰ মাজত হাজৰিকা, কলিতা, শইকীয়া, বসুমতাৰী, পেগু সকলো আছে৷ ঠিক আছে আপোনাক বাদ দিলোঁ! ! শইকীয়া চাৰ, আপুনিতো শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক! আপোনাৰ ল’ৰা-ছোৱালীয়ে জানো চৰকাৰী স্কুলত পঢ়িছিল? নাই পঢ়া৷ আপুনি অসুখৰ নিৰাময় বিচাৰি কেতিয়াবা চৰকাৰী মেডিকললৈ গৈ পাইছেনে? নাই পোৱা৷ তেনেহ’লে অনুভৱ নকৰেনে …… ইমানসোপা ক্ষমতা আৰু কৃতিত্ব অধিকাৰ কৰি থাকিও আমিবোৰ আচলতে যে বিকলাংগ …! আমাৰ কৰ্মৰ নমুনা নিজে উপলব্ধি কৰোঁ বাবেই হয়তো…ল’ৰা-ছোৱালীৰ উচ্চাকাংক্ষা পূৰণ নহ’ব বুলি নিশ্চিত থাকোঁ আৰু সেই অনুষ্ঠানবোৰৰ সেৱা গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহওঁ! ! খোজ কাঢ়ি, গাড়ীত অহা-যোৱা কৰা ৰাজহুৱা পথটোৰ বাহিৰে আমাৰ ৰাজত্বত থকা গোটেই বিভাগবোৰতে দেখোন আমাৰ অস্তিত্ব শূন্য! ! “
নিস্তব্ধ আৰু নিস্তেজ মুখবোৰৰ মাজত এজন বিষয়াও উন্নত শিৰেৰে থিয় হ’ব পৰা অৱস্থাত নাছিল৷ আশাৰ হাঁহি আৰু আকাশৰ প্ৰকাশে স্পষ্ট কৰিছিল… তেওঁ অতি সোনকালেই ড° আনন্দৰ যাত্ৰাৰ অংশীদাৰ হ’ব৷

আই.এ.এছ বিষয়া আকাশ আৰু আশাই সহকৰ্মী সকলক নিমন্ত্ৰণ কৰি নিজৰ অভিব্যক্তি প্ৰকাশৰ বাবে গ্ৰহণ কৰা ব্যৱহাৰ কোনোবাই সৌজন্যমুক্ত বুলি কলেও নৈতিকভাবে সম্পুৰ্ণ শুদ্ধ আছিল৷ বন্ধ দুৱাৰখন খুলি দিয়াৰ স্বাৰ্থত৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক