বন্ধ পানীৰ মাছ – উৎপলা কৌৰ

তুঁহখিনি পানীত ছটিয়াই দিয়াৰ অলপ পাছতে ক’লা-কজলা মূৰ কিছুমানে পানীপৃষ্ঠত খুন্দা মাৰেহি। তুঁহগুৰি উদৰস্থ কৰিবলৈ মেলা মুখবোৰ পুখুৰীৰ পাৰত ৰৈ থকা বৰুৱা খুড়াৰ চকুত ঠিকেই পৰেহি। খুড়াই দিনটোত কেইবাবাৰো এইকামটো কৰে।

‘হৌৰা, ৰৌকেইটা ডাঙৰ হৈছেহে.. তিনিপোৱামান হ’ল কিজানি!’
‘কি যে হ’ব এই মানুহটোৰ.. দিনটোত কেইবাৰ তুঁহ দিয়েনো মাছকেইটাক!”
‘ভাল লাগে। সিহঁতে মোক চিনি পোৱা হৈছে..তুঁহ দিলে গোটেইসোপা ওপৰলৈ উঠি আহে.. কাইলৈ জালখন মাৰি চাব লাগিব সিহঁত কিমান ডাঙৰ হৈছে..”

খুড়াই জাল মাৰে। খেৱালি জালখনক সোঁহাতৰ কিলাকুটিৰে ভৰ দি বাকীখিনি সুষমভাবে মিলাই ওলোমাই লয়। কাতি হৈ থিয় দি হঠাৎ পুখুৰীমুৱা হৈ জালখন পুখুৰীটোলৈ প্ৰক্ষেপ কৰে। বহল হৈ পৰা জালখন শিশুৰ হাতেৰে অংকিত বৃত্তটোৰ দৰে পুখুৰীত পৰেগৈ। লাহে লাহে জালখন ডুব যায়। কিছু দেৰিকৈ ভৰি দুখন আগ পিছ কৰি খোপনি পুতি খুড়াই জালখন পাৰলৈ টানি আনে। জালত লাগি আহে পোন্ধৰ-বিছটা ৰূপোৱালী মাছ। মাছে যিমান চটফটাই খুড়া আৰু কাষত ৰৈ থকা খুড়ীৰ মুখত সিমানে হাঁহি বিৰিঙে। আলফুলে, পানী কেঁচুৱা ধৰাদি ধৰি খুড়াই মাছবোৰ এটা এটাকৈ উলিয়াই আনে। খুড়ীযে আলফুলে চুই চায়, লাহেকৈ বহি পৰে খুড়া, মাছবোৰ পানীত এৰি দিয়ে; কোনোবাটোক খুড়ীয়ে এৰি দিয়ে। পানী পায়েই খলখলাই আঁতৰি যোৱা মাছটো চাই পুনৰ আধা পানীত ডুব গৈ থকা জালখনৰ পৰা আনটো ধৰি আনি এৰি দিয়ে। এটা বা দুটা খাবলৈ ৰাখি বাকীবোৰ মাছক পুনৰ পানীলৈ ঘূৰাই পঠিয়ায়।

কেইবাদিনৰ নেৰা-নেপেৰা বৰষুণৰ পাছত নৈ, বিল-পুখুৰীবোৰ ওফন্দি উঠিছে। মানুহৰ মাজত বু-বু বা-বা চলিছে, এইবাৰ কিজানি পানী হ’ব! কলং-কপিলী উফন্দি উঠিছে। নাতিদূৰৈত তিনিসুঁতি উত্তাল হৈ পৰিছে। তিনিসুঁতিৰ লগতে লাগি থকা মথাউৰীৰূপী ৰাস্তাৰ প্ৰায় সমানে সমানে পানীৰ স্তৰ। কেতিয়া ৰাস্তাৰে পানী বাগৰে ঠিক নাই।

ৰাষ্টাটোৰ এবখলা বোলে নদীয়ে খালে! মানুহে বাঁহ পুতি মাটিৰ বস্তা দি ৰখাবলৈ চেষ্টা কৰিছে। ৰাস্তাৰে যোৱা কোনোবা এটাই ৰিঙিয়াই থৈ যোৱাত খুড়াৰ ল’ৰাটোও লৰালৰিকৈ সেইফালে ওলাই গ’ল।

আবেলিতে ওলাই যোৱা ল’ৰাটো হুৰমুৰকৈ আন্ধাৰ হোৱাৰ বহু দেৰিৰ পাছত ঘৰলৈ উভতি আহিল। ৰাস্তাৰ ওপৰেৰে পানী বাগৰিছে। কেতিয়া ঘৰত সোমাই ঠিক নাই। বস্তু-বাহানি সামৰিব লাগে!

খুড়াই টৰ্চটো হাতত লৈ ঘৰলৈ সোমাই আহি কাপোৰ বান্ধি থকা খুড়ীক ক’লেহি, পুখুৰীৰ পৰা পানী কাষৰ পথাৰলৈ বাগৰিছে বুইছা? ছেহ!
মুঢ়া এটাৰ ওপৰত উঠি লেপ এখন আলমাৰীটোৰ ওপৰলৈ উঠাই থকা খুড়ীৰ হাতদুখন ক্ষন্তেক ৰৈ গ’ল। খুড়াৰ চকুদুটাত অসহায়তা, শূন্যতা বিদ্যমান।
” এহ! চাই নাথাকিব বাৰে বাৰে তাকে। এইখন উঠাওকচোন।” বিছনাত থকা আন এখন লেপলৈ আঙুলিয়াই খুড়ী আঁতৰি গ’ল।

“পানী বৰ জোৰেৰে বাগৰিছেহে! মাছবোৰো ওলাই গৈছে। ” এইবাৰ কাষলটিৰ তলত টৰ্চটো চেপা মাৰি সোমোৱাই অনা খুড়াৰ হাতত আধাকেজি মানৰ কমনকাৰ্প মাছ এটাই চটফটাই আছে। খুড়ীৰ সময় নাই।” কিনো মাছবোৰৰ লগতে লাগি আছেহে? মোক অকণ সহায় কৰি দিব নোৱাৰে? আৰু এইটো কিয় ধৰি আনিলে? মই এতিয়া মাছ ৰান্ধিব নোৱাৰোঁ!”

“খাবলৈ আনিছোঁ নেকি কিবা? দেখুৱাবলৈহে আনিছোঁ..” কৈ কৈ ওলাই যোৱা খুড়াৰ মাতটো কান্দোন যেন শুনা গ’ল।

**

লাহে লাহে পানীবোৰ শুকাইছে। ঘৰৰ দেৱালবোৰত মাটিৰ চিন থৈ গৈছে পানীয়ে। সেউজীয়া বাৰীখনত অকালতে পক ধৰিছে। ঘাঁহ-বনবোৰ পঁচি দুৰ্গন্ধ ওলাইছে। কেঁচুবোৰ গছকত লপথপিয়া হৈ দুৰ্গন্ধত উজান দিছে। পানীত ডুব যোৱাৰ পৰা বচাব নোৱাৰা আচবাব, কিতাপ-পত্ৰৰ দমৰ পৰা কাকো আমনি নকৰাকৈ সাপ ওলাই গৈছে। কেইবাদিনো নিজে নিজে পানী ওলাই থকা দমকলটো যেন ভাগৰুৱা হৈ পৰিছে।

কেনেকুৱা কেইটামান দিন যে পাৰ হৈ গ’ল। বহু বছৰৰ মূৰত বানপানী দেখা ঠাইখিনিৰ মানুহে বানপানীৰ কাৰণবোৰ নিজৰ মতে বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে। আচলতে অৰুণাচলত বৰষুণ বেছিকৈ দিছে কাৰণেহে… নহয় নহয় আচলতে নদী বান্ধৰ পানী এৰি দিয়াৰ বাবেহে!

বাৰাণ্ডাৰ পানীত ভিজা শালকাঠৰ বেঞ্চখন ভালকৈ শুকুৱাই নাই। তাতে বহি সাঁজ লাগি ভগাৰ পাছত খুড়া খুড়ীয়ে চাহ-বিস্কুট খাই কথাৰ মহলা মাৰে। ছোৱালীজনীক বিয়া দিয়াৰ পাছত এই কথা-বতৰাত তাইৰ কথা বা তাইৰ বিয়াখন অথবা শহুৰেকৰ ঘৰৰ কথাই আগস্থান পাই আহিছিল। সেই সুখদায়ী স্মৃতি মোহাৰি বানপানীয়ে নিজে গোজ পুতি বহিল। ‘অমুকটো বস্তু তমুক কৰি থলে পানীত নষ্ট নহ’লহেঁতেন।’ শেষত গৈ খুড়ীয়ে খুড়াৰ ওপৰত বিষ উজাৰে। “মই অকলে কি কৰিম? আপুনি কেৱল মাছকেইটাৰ লগতে লাগি থাকোতে গ’ল। আৰে! সিহঁত পানীৰ বস্তু.. আপুনি হাজাৰ চেষ্টা কৰিলেও সিহঁতক ৰাখিব নোৱাৰিলেহয়!”

পৰিৱেশটো গোমোঠা হৈ পৰে। কথকী খুড়াৰ মাত হৰে।

নীৰৱ আৰু গোমোঠা হৈ পৰা পৰিবেশটো পাতল কৰিবলৈ খুড়ীয়ে আকৌ প্ৰথমে মাত লগাই, “হয় দিয়ক! বৰ দুখ লাগে, মাছকেইটালৈ মনত পৰিলে। আমি পানী অলপ অলপ বাঢ়োঁতেই যিমান পাৰি ধৰি খাই পেলাব লাগিছিল।”

“কি সতেনো খাওঁ সিহঁতক..!” কিছু পৰ নিশ্চুপ হৈ থকা খুড়াই হাতেৰে নিজৰ বুকুখন মোহাৰি কোৱা কথাকেইটা পুনৰ কান্দোন যেন শুনা গ’ল..।
☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক