বন্ধ যাত্ৰা (নীলাঞ্জন গোহাঁই)

এবাৰ নাজিৰাৰ বন্ধু কেইজনমানে পিকনিক খাবলৈ নিমন্ত্ৰণ দিছিল। যোৰহাটৰপৰা শিৱসাগৰ হৈ নাজিৰালৈ বৰ বেছি দূৰ নহয়। ৰবিবাৰে পিকনিক খাই সন্ধিয়া ভাগৰ লগাত সোমবাৰেই ওভতাৰ সিদ্ধান্ত ল’লো। পিছদিনা পুৱা কিন্তু ওলায়ে গম পালো যে সেইদিনা চাহ জনগোষ্ঠীয়ে কিবা অসম বন্ধ দি ৰাখিছে। হে: হে: হে:!! বন্ধ সংস্কৃতিৰ কবলত পৰি ককবকাই থকা এখন ঠাইত ইয়াতকৈ আৰু ভাল খবৰ কি হ’ব পাৰে?

নাজিৰাৰপৰা শিৱসাগৰলৈ আহিবলৈ কিন্তু বিশেষ একো কষ্ট ন’হল। “অ’ এন জি চি”ৰ বাছ এখন পোৱা গ’ল। টকা দহটা দি সুকলমেই শিৱসাগৰ পালোঁহি। এইবাৰ যোৰহাট অভিমুখী বাছৰ বাবে অপেক্ষাৰত হৈ ৰ’লো। কিন্তু অনেক সময় ধৰিও কোনো এখন বাহন দেখা নগ’ল। স্কুটাৰ আৰোহী এজনে সামান্য ৰৈ কৈ গ’ল – “আজি বাছ নাই দেই। কেৱল সোণাৰি-গুৱাহাটী বাছ এখন যাব। আপুনি ‘এ এচ টি চি’তে ৰওকগৈ।”

ততাতৈয়াকৈ গৈ খবৰ ল’লো – “দাদা, সোণাৰি-গুৱাহাটীত চিট এটা পামনে বাৰু?”
কাউন্টাৰৰপৰা

ৰিণিকি-ৰিণিকি ভলিউমৰ উত্তৰ – “টিকট নাই। ডাইৰেক্ট বাছৰ কণ্ডাক্টৰৰ লগতে কথা পাতিব।”

এটা সময়ত বাছ আহিল। খবৰ কৰি কেবিনতে কোনোমতে চিট এটা লৈ বহিবলৈ পালো। বহুতো পলমকৈ বাছে গতি ল’লে। আৰক্ষীৰ লোকে কিছু দূৰলৈকে এচক’ৰ্ট চাৰ্ভিছো দিলে। মনতে ভাবি শান্তি পালো যা হওক আজি অ’ফিচ পামগৈ তেন্তে। ৰাস্তা পদূলি তেনেই সেৰেঙা পাই ড্ৰাইভাৰেও বাছ তামাম চুটাই দিলে।

হঠাৎ জগদুৱাৰৰ “ফুড ভিলা” বোলা ৰেষ্টুৰেণ্টখনৰ মুখত বাছ ৰৈ দিলে। সন্মুখত অজস্ৰ গাড়ী-মটৰ ৰৈ থকা দেখা গ’ল। আনকি নাগালেণ্ড বেটেলিয়ানৰ কনভয় এটাও ৰৈ আছে। যুঁজাৰু নগাভাইহঁত বিশ্ৰাম মুডত বহি আছে। গাড়ীবোৰত মতা, মাইকী, সৰু ল’ৰা ছোৱালী আদি বিভিন্ন মানুহে হা-হুমুনিয়াহ কাঢ়ি বহি আছে। ৰাজপথৰ মাজতে চাহ জনগোষ্ঠীৰ কিছু লোক লাং খাই পৰি আছে। প্ৰায়বিলাকেই মহিলা আৰু সৰু ল’ৰা-ছোৱালী। মতাবোৰে পিছফালৰ পৰা ৰখীয়া দি আছে। মুঠতে এক্কেবাৰে ৰাস্তা বন্ধ। ইফালে সিফালে খবৰ লওঁতে শুনিলোঁ কাৰোবাৰ কাৰোবাৰ হাতত হেনো ধনু-কাড় আৰু দা-কটাৰী পৰ্যন্ত আছে। মানে খোজ কাঢ়ি পাৰ হ’লেও বিপদ হৈ যাব পাৰে। বিশ্বাস কৰিব নোৱাৰি। মনত টেনচন – অ’ফিচত কামো আছে, অ’ফিচাৰে বেয়া পালেও বিপদ। কি কৰা যায়। প্ৰভু প্লিজ্ হেল্প মি আউট।

অহুকাণে-পহুকাণে শুনিলোঁ আৰক্ষীৰ লোক আহি কিবা এটা  আলোচনা কৰিব হেনো। কিন্তু মোৰ যে ৰ’বৰ টাইম নাই। আলোচনা কৰি সমস্যাৰ সমাধান ন’হবওতো পাৰে। ইতিমধ্যে চিন্তা ভাৱনাতে দুঘণ্টা পাৰ হ’ল। নষ্ট হ’ল বৰঞ্চ। লেপটপ আৰু কাপোৰৰ বেগ দুটা লৈ বাছৰপৰা নামি ইফালে সিফালে পায়চাৰি কৰিবলৈ ধৰিলোঁ। যেনেতেনে টিয়ক পালেই হেনো আৰু চিন্তা নাই। তাৰ পাছত হেনো ৰাস্তা একদম খালি আছে। জগদুৱাৰৰপৰা টিয়ক কেৱল এক কিলোমিটাৰমানৰ বাট। এইখিনি যেনেতেনে পাৰ হ’লেই যোৰহাটলৈ পথ সুচল।

তেনেতে মোৰ দৰেই টেনশ্যনত ভুগি থকা বাইকধাৰী যুৱক এজন চকুত পৰিল। মোৰ কম্পিউটাৰ ব্ৰেইনটোত হঠাৎ কিবা এটা খেলি গ’ল। ম’বাইলটো উলিয়াই চিধাই “গুগল মেপ” চলাই দিলোঁ। কিছুপৰ ঠাইখিনি চাই মেলি বুজিলোঁ যে বেলেগ বাট এটা ধৰিব পাৰিলেই কিজানি এই পথচোৱা পাৰ হৈ যাব পৰা যাব। মানে মেইন ৰাস্তাইদি নগৈ যদি বেলেগ বাট লৈ লোৱা যায়, হয়তো টিয়ক ওলাই যাব পৰা যাব। লোকেল দুই এজনক সোধ-পোছ কৰি মেলি বাট এটাৰ খবৰ উলিয়ায়ে দিলোঁ। মাথোন এক কিলোমিটাৰৰ ঠাইত বাৰ কিলোমিটাৰমান যাব লাগিব।

বাইকধাৰীৰ লগত কথাৰ মহলা মাৰি পতিয়ন নিয়ালোঁ যে এই এলেকাৰ ৰাস্তা মোৰ একেবাৰে নখ-দৰ্পনত বিৰাজমান। গতিকে “চিমবায়’চিচ / কমেনচেলিজিম” ফাণ্ডা ব্যৱহাৰ কৰি ইজনে সিজনক সহায় কৰিলে দুয়োজনৰে প্ৰবলেম চল্ভ্ হৈ যাব। অ’ফিচৰ টেনশ্যন দুয়োৰে সমান।

বাইক ষ্টাৰ্ট দি ডেকা যাবলৈ সাজু হ’ল আৰু বাইক ওলোটা দিশে ঘুৰালেই। ময়ো বহি ল’লো দুহাতে দুয়োটা বেগ সাবটি। মোৰ কনফিডেঞ্চ্ দেখি ডেকা সুখী কিন্তু ভিতৰে ভিতৰে মইহে জানো কি ডাঙৰ ৰিস্ক লৈছোঁ। যদি মই ভবাৰ দ’ৰে ৰাস্তা নোলায়, যদি সেই ৰাস্তাতো চাহ জনগোষ্ঠী বহি আছে, যদি ক’ৰবাত খুজি কিল খাবলগা হয়, আদি এশ একুৰি চিন্তাত মই শেষ। চুলি কেইডালমান আৰু সৰি গ’ল লগে লগে। ইফালে যিহে বেয়া ৰাস্তা! থেকেচনিৰপৰা নিজকেই বচাম নে বেগ দুটা ধৰি ৰাখিম। গৈ আছো আৰু।

আন্দাজমতে আৰু অলপ গ’লেই টিয়ক পাম। ঠিক তেনেতে বাটতে ৰৈ থাকক কেবাজনো চাহ জনগোষ্ঠী টাইপ চেহেৰাৰ লোক। এইবাৰ মোৰ প্ৰেচাৰ একদম “হাই” হৈ গ’ল। ৰাজপথত ধুলাই খালে বাৰু মানুহ আছে বচাবলৈ। কিন্তু ইয়াত কোনে বচাব এতিয়া? ডেকাৰ বাৰু হেলমেট আছেই, মোৰতো চুলিলৈকে সেৰেঙা। ঔ পৰিলে নাৰিকল চেটেপ হোৱাতো খাটাং। ডেকাৰো বাইক কেঁকো-জেঁকোকৈ কৰি যোৱাৰ উমান পালো। পিছে অলপ ধৈৰ্য্য ধৰি লাহেকৈ মোচকোচালৈ হাত এখন নিলোঁ। যিমান পাৰি অলপ চেটিং কৰি সামান্য পকাই পুলিচ টাইপ এফেক্ট এটা দি ল’লো। মানুহকেইজনৰ আগতে বাইকখন ৰখাবলৈ ক’লো। বুকুত ইফালে ধান বনা মেছিন চলি আছে কিন্তু ঈশ্বৰৰ নাম লৈ মোৰ ভুৱা কনফিডেঞ্চ ফুল চুইং চলিও আছে।

অলপ সাহস গোটাই বাইকৰপৰা নামি বুকু যিমান পাৰি ফুলাই অলপ “ভি-চেপ্” দি – “হৈৰি শুনকচোন। এইফালে টিয়ক থানা যাব পৰা যাবনে?”
আমাক চাগৈ পুলিচ বুলিয়ে ভাবিলে। লাহেকৈ উত্তৰ আহিল – “অ’ পাৰিব কিন্তু আজি থানাত চাগৈ কাকো নাপাব। মেইন ৰোডত পথ অৱৰোধ চলি আছে। সকলো তালৈকে গৈছে।”
মোৰ ডবল কনফিডেঞ্চৰ উত্তৰ – “অ’ হয় নেকি? তেতিয়া ফোন কৰোঁতে মোকচোন একো ন’কলে। বাৰু হ’ব দিয়ক। মই অপেক্ষা কৰি ল’ম থানাতে।”

ডেকাই কেওফালে নাচাই বাইক উৰুৱাই নিলে। মনে মনে বা কি ভাবিছে নাজানো আৰু। টিয়ক বাৰু পালো পিছে ক’ৰ থানা, কি থানা। চিধাই মোক চটাইৰ অ’ফিচৰ আগত নমাই হে মুখ মেলিলে – “দাদা আজি ভাল বাচি আহিলো দেই। থেংক ইউ।” ময়ো গহীনাই – “এহ্, থেংক ইউ মইহে দিব লাগে। আপুনি নাথাকিলে আজি তাতে পেটত গামোছা মাৰি বহি থাকিবলগা হ’ল হয় সন্ধ্যালৈকে। হে: হে: হে:!!!”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক