বলি ( ‎অনিতা গগৈ )

শতিকা প্ৰাচীন ক্ৰুৰ অন্ধকাৰত
সাজু আছে পিপাসাৰ্ত বলিশাল
কামনাৰ
বাসনাৰ
ক্ষুধাৰ

আমি পাতি দিছোঁ
বঙহৰ ডিঙি!

নিৰ্বোধ খঞ্জৰৰ অন্ধ প্ৰহাৰত
থৰে থৰে চিটিকি পৰিছে
সভ্যতাৰ শিৰ!

হোলোকা হোলোকে ৰক্তৰ ধাৰ
কল্ কল্
তল্ বল
ৰক্তপ্ৰপাত্

শোনিতেৰে পখালিছোঁ সিৰা উপসিৰা
কলহে কলহে পান কৰি উষ্ণ ৰক্ত
ফনা তুলি তুলি
সংস্কৃতিৰ শিৰে শিৰে
কৰিছোঁ দুষ্কৃতিৰ তাণ্ডৱ

বঙহৰ তেজেৰে শলিতা জ্বলাই
মঙহেৰে বৰভোজ খাই
নিৰবধি নদীৰ সোঁতত
তমসাৰ অনলেৰে
লিখি গৈছোঁ অবিৰাম
নৃশংসতাৰ নীচক আখ্যান৷

যুগে যুগে
বলি দি মানৱতা
মহাশূন্যৰ বুকুত
উৰুৱাইছোঁ উন্মাদনাৰ উত্তাল নিচান

তেজৰ চেকাৰে দুৰ্গন্ধময় আমাৰ দুহাতত
ছাঁই হৈ সৰিছে মৰহা পৃথিৱীৰ গান৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments