বসন্ত বিদায়ৰ অনুভৱ (ৰুদ্ৰ নাৰায়ন বৰকাকতি)

বসন্ত বিদায়ৰ অনুভৱ

ණ ৰুদ্ৰ নাৰায়ন বৰকাকতি

অসমখন জাতি, বৰ্ণ, ধৰ্ম, অঞ্চল, জলবায়ু আদি বিভিন্ন ক্ষেত্ৰত অসমান৷ এই অসমতাক যিডাল শক্তিশালী ডোলে বান্ধি ৰাখিছে, ইয়াৰ প্ৰধান আঁহডালেই হ’ল – বিহু৷ বিহু অসমীয়া জাতীয় জীৱনৰ আত্মা, যাৰ ওপৰত ভেজা দি অসমীয়া কলা-কৃষ্টি-সংস্কৃতি শিৰনত নকৰাকৈ থিয় হৈ আছে৷ বিহু বুলিলে আমাৰ মনলৈ অহা কিছু পুৰণি স্মৃতি পাঠকৰ মাজত ভাগ কৰিবলৈ এই লেখাৰ পাতনি৷

সোঁৱৰণি – ১

পছোৱা বতাহ ৰিব ৰিবকৈ বয়৷ এই কথাখিনি অনুভৱ কৰিবলৈ চকু দুটা মুদি দি লাহে লাহে শৈশৱলৈ ঘুৰি যাওঁ৷ দ্বিতীয়মান শ্ৰেণীত থাকোতে স্কুলৰ পৰা আধা ছুটি লৈ ঘৰলৈ দৌৰি দৌৰি আহিছোঁ৷ বতৰটো গোমা, বতাহ বলিছে, গছৰ শুকান পাতবোৰ সৰি সৰি পৰিছে৷ মায়ে বাঢ়নি এডালেৰে পাতবোৰ সাৰি এঠাইত গোটাইছে, দেউতা আহিলেই আমি আজি বিহুৰ কাপোৰ কিনিবলৈ বজাৰলৈ যাম৷.. এই যে গোমা বতৰ, বলি থকা বতাহ, গছৰ সৰা পাত ,- এই দৃশ্যবোৰ মনত পৰিলে আজিও মনটো পৰিতৃপ্ত হয়৷

সোঁৱৰণি – ২

যিমান দূৰ মনত পৰে, আমি পঞ্চম মান শ্ৰেণীত থাকোতে বহাগ বিহুত সাত দিন বন্ধ পাইছিলো৷ বন্ধৰ আগদিনা ৰাতিপুৱা স্কুল হৈছিল৷ এনে ক্লাছত আমাক বিহুৰ অভিজ্ঞতাৰ বিষয়ে শ্ৰেণী শিক্ষকে সোধা মনত আছে৷ গৰম বন্ধত ঘৰত কৰিবলৈ দিয়াৰ দৰে এসোপামান হ’মৱৰ্ক বহাগ বিহুৰ বন্ধতো শ্ৰেণী শিক্ষকে দিয়া মনত আছে৷

সোঁৱৰণি – ৩

সৰুকালত এবাৰ হুঁচৰি গাবলৈ মন গ’ল৷ নাজানো একোকে৷ তাতে অমুকা লাজকুৰীয়াও৷ এজনে ক’লে, ৭-৮টা মান ল’ৰাৰ মাজত মুখ মিলাই হাত চাপৰি বজাই থাকিলেই হ’ল৷ ঘৰে ঘৰে কিবাকিবি গালো, হুঁচৰি হ’লনে নাই নাজানিলো৷ কোনোবা গৃহস্থই ১০ পইচা কোনোবাই ২৫ পইচা এনেকৈ দিলে৷ সাত আঠ ঘন্টাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ৬০ টকা মান পালো৷ আমাৰ হুঁচৰি শেষ হয় মানে নিশা দহমান বাজিল৷ এতিয়া পইচা ভগোৱাৰ কাম৷ আমি আৰু হুঁচৰি মৰাৰ মজাটো লবলৈহে গৈছো, টকা সিমান গুৰুত্বপূৰ্ণ নাছিল৷ আমাৰ দলপতি জনৰ মনত দ্বিতীয়টোয়েহে প্ৰাধান্য পাইছিল চাগৈ, এতিয়া ৰোমন্থন কৰিলে ভাৱ হয়৷ কবিৰ দোকানীয়ে বন্ধ কৰি থৈ যোৱা গেলামালৰ দোকানৰ লাইট জ্বলি থকা দেখি তাকে উৎকৃষ্ট জেগা হ’ব বুলি বিবেচনা কৰা হ’ল৷ দোকানৰ সন্মুখত সমান ঠাই যথেষ্ট থকাৰ পাছতো, খালৰ ওপৰত বাহ পেলাই দলং কৰি লোৱা অংশৰ ওপৰতহে দলপতিয়ে বাছনি কৰি পইচা ভাগ কৰাত লাগিল৷ আধলি সিকি কেইবাটাও দলপতিৰ হাতৰ পৰা বাগৰি বাহৰ দলঙেৰে সৰকি তলৰ খালত পৰিল৷ বান্দৰ আৰু মেকুৰীৰ পিঠা ভগোৱা কাহিনী যেন লাগে এতিয়া সেই কথাটো৷ অৱশিষ্ট খিনি সকলোৰে মাজত ভাগ কৰি ছয়-সাত টকা কিবা পাইছিলোঁ৷ মনত নাই৷ তেতিয়া বুধিও কম৷ এতিয়া আজিৰ অভিজ্ঞতাৰে সেই কথা ভাবি হাঁহি হাঁহি তৎ নাপাওঁ৷ কিন্তু আক্ষেপ নাই৷ সেই নিশা চাগৈ দলপতিৰ টোপনিয়ে নাহিল৷ পুৱাই পোহৰ হোৱাৰ আগতে দৌৰি দৌৰি গৈ পইচা ভাগ কৰা ঠাইৰ পৰা তললৈ ইচ্ছাকৃত ভাবে পেলাই দিয়া মুদ্ৰা কেইটা বুটলিছিল ছাগৈ৷ মই সৰুৰে পৰা বিশ্বাস কৰো পাপৰ ধনেও নাটে, বাপৰ ধনেও নাটে৷ চিঞঁৰি-বাখৰি মাত ভাঙি যেতিয়া ৰাতি ঘৰলৈ ওভতো, দেউতাৰ পৰা ককৰ্থনাহে শুনিলো৷ বিহু বা হুঁচৰীৰ প্ৰতি দেউতাৰ অৱজ্ঞা নাছিল, কিন্তু সংগদোষত পৰি ল’ৰা বনৰীয়া হব বুলি হয়তো ভয় খাইছিল৷ তেতিয়াৰ পৰা খং আৰু অভিমানত এনে কামত নোলাইছিলো৷ বাপতি সাহোন বিহুটিক আনৰ দৰে উপভোগ কৰিব নোৱৰাৰ দুখ এটা অবশ্যেই থাকি গ’ল৷ বাহিৰ ওলোৱা বাৰণ কৰা বাবেই হয়তো মই আজিৰ মই হ’লো, নহ’লে আন এক ধৰণৰ হ’লোহেতেন৷

সোঁৱৰণি – ৪
নগাঁওৰ খুটিকটীয়াৰ আমাৰ ঘৰৰ ওচৰত বৰদৈচিলা বিহু উদযাপিত হৈছিল৷ এই বিহুতলিৰ এক সুকীয়া মাদকতা আছিল৷ পাছত স্থান পৰিৱৰ্তন কৰাৰ ফলত পূৰ্বৰ গৰিমা কিছু লাঘৱ হোৱা বুলি ব্যক্তিগত অনুভৱ হৈছে৷ সৰু কালত আমি এই বিহু তলিত বহু সময় ব্যতিত কৰা মনত আছে৷ এবাৰ মই আৰু ভাইটি মিলি ভেশচন প্ৰতিযোগীতাত, দৰা-কইনাৰ ভেশ ল’বৰ ইচ্ছা কৰিলো৷ আমাতকৈ আমাক সজাই দিয়া মানুহৰহে উচ্ছাস বেছি দেখা পাইছিলো৷ দৰাৰ সাজ-পোচাকৰ ওপৰিও বকুলফুলৰ মালা আদি কিবাকিবিৰে আমাক সজাই পৰাই প্ৰতিযোগিতালৈ আগবঢ়াই দিলে৷ বিচাৰকে কিছুমান প্ৰশ্ন সুধিছিল, বুজা নুবুজাৰ মাজতে উত্তৰ দিলো৷ এইখিনিতে মই কব খোজো যে বিচাৰকৰ কিছুমান শব্দৰ অৰ্থ বহু বছৰৰ পাছতহে বুজিছিলো৷ দ্বিতীয় পুৰষ্কাৰ লাভ কৰি অৱশ্যেই গৌৰৱান্বিত হৈছিলো৷
সোঁৱৰণি – ৫
দশম শ্ৰেণী মানৰ পৰা বিহুৰ সামান্যতম মাদকতাও উপলব্ধি কৰিব পৰা নাছিলো,- কাৰণ পৰীক্ষাৰ আগে-পাছে বা মাজতে বহাগ বিহুটি পৰে৷ ঘৰলৈ ওচৰ-পাজৰকে ধৰি দূৰ-দূৰণিৰ হুঁচৰিদল আহে৷ পঢ়াৰ মাজত বাৰে বাৰে উঠি যাবলৈ বিৰক্ত হৈছিলো, যদিও এতিয়া উপলব্ধি কৰি সেই আছৰণ ভুল আছিল৷ বিহুটিত যিমান পাৰি সিমান আনন্দ কৰা ভাল৷

উপসংহাৰ:
বিহুৰ পবিত্ৰদিন কেইটা সাত্বিকভাৱে উদযাপন কৰাৰ লগতে নতুন বছৰটোত অন্ততঃ পাঁচটা ভাল কাম কৰাৰ সংকল্প লোৱা প্ৰয়োজন৷ যি কামে অসমীয়া কৃষ্টি সংস্কৃতিক বিশ্বদৰবাৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠাত বৰঙনি যোগাব পাৰে৷ পৰিশেষত সকলোলৈকে নমস্কাৰ জনাই মনলৈ অহা বিহু এফাঁকিৰে লেখাটিৰ সমাপ্তি কৰিব বিচাৰিছোঁ, “অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো৷ তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেপাতি কেনেকৈ থাকো৷৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক