বসন্ত, বিহু, কপৌ, চেৰী-ব্লজ্‌ম ইত্যাদি… (স্যামন্ত কুমাৰ গোস্বামী)

বসন্ত, বিহু, কপৌ, চেৰী-ব্লজ্‌ম ইত্যাদি…

স্যামন্ত কুমাৰ গোস্বামী

“…….বিহু অসমীয়াৰ জাতীয় উৎসৱ । বিহু তিনিটা – ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু । ব’হাগ বিহু সাদিনীয়া । এই বিহুৰ সময়চোৱাত গছ-গছনিত কুঁহিপাত ওলায় । ডেকা-গাভৰুৱে বিহুগীত গায় আৰু বিহু নাচে । এই বিহুক ৰঙালী বিহুও বোলা হয় । বিহুৰ প্রথমদিনাখনক গৰু বিহু বোলে । সেইদিনা গৰুক ওচৰৰ নদী-বিল আদিলৈ নি দীঘলতি আৰু মাখিয়তি পাতেৰে কোবাই গা ধুওৱা হয় ।

………….

“তাৰ পিছত?”

“…….. তাৰপিছত গৰুক নতুন পঘাৰে বান্ধে আৰু…………”

“ আৰু ?”

“ ই এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু । ই ঘাঁহ, খেৰ, দানা আদি খাই জীয়াই থাকে । ই ৰঙা, বগা, মুগা, কজলা, পখৰা আদি বিভিন্ন বৰণৰ……!”

“হেৰৌ, হাত পাত! মুখস্থ কৰিছ নহয় কেৱল?? তলা-মূধা একো এটা বুজাই নাই !”

সৰৌপ সৰৌপ……..

 

♫ ♫ ইট্‌চ দা টাইম টু দিস্কো!! কৌন মিলে দেখো কিচ্‌কো ♫ ♪ ♫….

“মর্ণিং দিউদ।” মুখত এমুখ ফেন লৈ ডিঙিটো কেতিয়াবা চিম্পল হার্ম’নিক মোচনত অগা-পিছা কৰি আৰু কেতিয়াবা ৰোটেচনেল মোচনত লৰচৰ কৰি দাঁত মাজি থকা নিউজিলেণ্ডৰ ৰুমমেটজনে ভলিউমটো অকমান কমাই দি মাত লগালে । বুজিলোঁ যোৱাৰাতি তাক শুনোৱা গীতকেইটা এতিয়ালৈকে বজায়েই আছে সি । হেৰৌ ভাল পালি বুলিয়েই দিনে-ৰাতিয়ে এনেকৈ!

“দিদ ইউ…..?” কিবা এটা ক’ব খুজি ৰৈ গ’ল সি। “ৱেইট এ হোৱাইল।” হাতৰ ভংগীমাৰে বুজালে যে মুখৰ ফেনখিনি নেপেলোৱালৈকে আৰু বেছি কথা কোৱাৰ সামর্থ্য নাই তাৰ ।

এইবাৰ আৰম্ভ হ’ল –

♫ ♫ চুব্‌হ চুব্‌হ জব খিড়কী খোলে বাজুৱালী লড়কী হায়…দিল মেৰা বোলে ♫ ♪ ♫….

 

“হেৰৌ, খোল আগতে খিৰিকীখন। তেতিয়াহে দেখিবি!” মনতে ভাবি খিৰিকীখন খুলি দিলোঁ। শীতল মলয়া এচাটি সোমাই আহিল। খিৰিকীখনৰ খুন্দাত কাষৰে চেৰী এজোপাৰ পৰা সৰি পৰিল অসংখ্য চেৰীফুলৰ পাহি। মৌজোল গোটাবলৈ অহা মৌমাখি কেইটামান উৰা মাৰিলে। সৰি পৰিল পানীৰ টোপালকেইটামান। বোধহয় পুৱাৰাতিৰ বৰষুণজাকৰেই। বতাহত তাৰে দুটামান সোমাই আহি মজিয়াত পৰিলহি। গোটেইখন চেৰী আৰু মেগ্‌নোলিয়া ফুলেৰে জাতিষ্কাৰ। কাষৰে চেৰী এজোপাৰ তলত আইতা এজনীয়ে কাপোৰ এখন পাৰি লগত লৈ অনা মোনাটো খুলি তাৰপৰা মাকৈ, দুবিধমান ফলৰ ৰস আদি উলিয়াই দিনটোৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে।

মেগ্‌নোলিয়া ফুল এজোপা চেৰিফুলেৰে পৰিপূর্ণ গছবোৰ

“…হেল্ল’ হাও আৰ ইউ…. না না না না….দিদ ইউ শ্লিপ ৱেল?” মুখৰ ফেনখিনি পেলাই আহি বাজি থকা গীতটিৰ বাকীখিনি গুণগুণাই গুণগুণাই সেই একে সুৰতে সি সুধিলেহি ।

“য়াহ, হোৱাট এবাউট ইউ?” মনতে ভাবিলোঁ – ৰাতিপুৱাই ৰাতিপুৱাই ইট্‌চ দা টাইম টু ডিস্ক’ লগাই থৈ “দিদ ইউ শ্লিপ ৱেল” সুধিবলৈ আহিছ! এনেতে ঘড়ীটোলৈ চকু যোৱাত দেখিলোঁ ৯:৩০ বাজিল।

“মি টু । ইট্‌চ এ নাইচ চং মেন! এণ্ড দা প্রিভিয়াচ ওৱান টু।”

“হুইট্‌চ ওৱান?”

“আই দ’ন্ট ৰিমেম্বাৰ একজাক্টলি । চামথিং লাইক ঢে-ঢেকীয়া…. । ৰিয়েলি কুল ওৱান। আই হেভ লিচন্‌ড দেট মেনি টাইম্‌চ। হোৱাট কাইণ্ড অফ চং ইজ ইট এক্‌চুৱেলি?”

ৰহ, উঠিবলৈ দে আগতে। বুজিলোঁ সি কোনটোৰ কথা কৈছে। মুখখন ধুই আহি দেখিলোঁ সি বিহু গীতৰ ভিডিঅ’টো চাই আছে। অসমৰ সেই বিহুৰ দিনবোৰলৈ উৰা মাৰিলে মনটো। হঠাৎ তাৰ চকুত পৰিল, বিহু নচা ল’ৰাজনে মূৰত মৰা কাপোৰখন আৰু মই মুখ মচাখন দেখোন প্রায় একেই।

“ইট্‌চ এ বিহু চং…এণ্ড ডেট্‌চ কল্‌ড বিহুৱান। আই শ্বেল এক্সপ্লেইন ইউ লেটাৰ ইন ডিটেইল্‌চ।”

“ব’ল, কিবা এটা খাই আহোঁগৈ।” প্রাতঃকর্মখিনি কৰি তাৰ কথামতেই দুয়ো কিবা এটা খাবলৈ বুলি ওলালোঁ।

ক’লৈনো যাওঁ বুলি ভাবি থাকোতেই মনত পৰিল – চেৰী ব্লজ্‌ম উৎসৱৰ মেলাতেই কিবা এটা খাই ল’ব পৰা যাবচোন। চেৰী ব্লচ্‌ম মানেই বসন্ত । আৰু বসন্ত মানেই আমাৰ চেনেহৰ ৰঙালী বিহু। আকৌ এবাৰ সেই এচাৰিৰ কোব খোৱা দিনটোলৈ মনত পৰি গ’ল। কোঠাৰ পৰা ওলাওঁতেই চুই গ’ল এচাটি মলয়াই। বতৰটোতো বসন্তৰ পৰশ। যোৱাৰাতিৰ বৰষুণজাকৰ পিছত বতাহত এতিয়াও বিয়পি আছে সেই পোৰামাটিৰ গোন্ধটো। দীঘলকৈ উশাহ এটা ললোঁ। কণমানি ছোৱালী এজনীয়ে ঘৰচিৰিকা কেইটামানক খাবলৈ দিছে আৰু খিলখিলাই হাঁহিছে। চৰাইকেইটায়ো যেন সকলো পাহৰি খাইছেহি ‘থুপুক থাপাক ভণ্টিজনীৰ হাতৰ পৰা। এৰা, ব্যস্ততাৰ মাজত এইবোৰ উপলব্ধিয়েই হোৱা নাছিল। যান্ত্রিকতাৰ মাজত যেন হেৰাই গৈছিল সকলো। অষ্টম নে নৱম শ্রেণীত পঢ়া হেন্‌ৰি ডেভিছৰ Leisure কবিতাটোলৈ মনত পৰিল –

What is this life if, full of care, We have no time to stand and stare.

No time to stand beneath the boughs

And stare as long as sheep or cows.

 

No time to see, when woods we pass,

Where squirrels hide their nuts in grass!

 

শীতকালত জমা হৈ থকা বৰফৰ ডাঠ তৰপ গলি শেষ হোৱাৰ পিছতেই দুই এজাক পাতলীয়া বৰষুণ আৰু তাৰ পিছতেই গছৰ লঠঙা ডালবোৰত চেৰী আৰু মেগ্‌নোলিয়া ফুলবোৰ ফুলা আৰম্ভ হয়। এটাও পাত নথকা গছৰ ডালবোৰত কেবল ফুলেই ফুল। প্রথমতে ফুলে মেগ্‌নোলিয়া ফুলবোৰ। প্রায় জবা ফুলটোৰ সমান ডাঙৰ কিন্তু ৰং শুভ্র বগা। কিছুমান গছত ইমানেই মেগ্‌নোলিয়া ফুলে যে তাৰ মাজেৰে আকাশখনো দেখা নাযায় । পিছে ই ক্ষণস্থায়ী। প্রায় দুই সপ্তাহমানৰ পিছতে ফুলৰ পাহিবোৰ সৰি পৰে। ইতিমধ্যে চেৰীৰ কলিবোৰৰ চুপহি ঠেলি ওলাই আহে বগা-গুলপীয়া ৰঙৰ পাহিবোৰ আৰু তাৰ মাজেৰে যেন বগুৱা বাই ওলাবলৈ ধৰে পৰাগৰেণুৰে পূর্ণ কেশৰবোৰ। চেৰীৰ ৰং প্রায় কপৌফুলৰ ৰঙৰ সৈতে একেই। এবাৰ কপৌফুল দেখা যিকোনো এজনৰেই চেৰী ফুল দেখাৰ পিছত এবাৰ হ’লেও মনত পৰিব কপৌফুলৰ কথা। “ব’ল, এপাক ঘূৰি আহোঁ আগতে। ঘূৰি আহি খামহি।”

“অ’ কে।”

যিমান দূৰলৈ চকু যায় কেৱল ফুল আৰু ফুল। দুই এটা সৰু ডাল ফুলৰ ভৰত দোঁ খাই পৰিছে। তাৰ মাজেৰে দেখা গৈছে নীলিম আকাশখন। সঁচাকৈয়ে নয়ন জুৰোৱা দৃশ্য ! দূৰৈত এজোপা গছৰ তলৰ ছাঁত বহি এজাক ডেকা-গাভৰুৱে ষ্ট্রবেৰীৰ সোৱাদ লৈছে। তাৰে এজনে কোনোবা এজনীক যাঁচিছে এটি চেৰী ফুলৰ থোপা। যেন এহাল ঢুলীয়া আৰু নাচনীহে। কিছুদিন পিছতেই সৰু সৰু গুলপীয়া ফুলপাহিবোৰ সৰি পৰি ৰাষ্টাত যেন পাৰি দিয়ে এখন গোলাপী দলিছা। আৰু সেই সময়তেই ডালবোৰত কুঁহিপাত ওলোৱা আৰম্ভ হয়।

উল্লেখ্য যে এই সময়ত ইয়াত যথেষ্ট পৰিমাণে ষ্ট্রবেৰী ওলায় ।  এই চেৰী ফুলবোৰ জাপানৰ পৰা অনা হৈছিল বুলি প্রবাদ আছে। কোৰিয়া জাপানৰ অধীনত থকা কালচোৱাতেই কোনোবাই হেনো ইয়ালৈ কঢ়িয়াই আনি ৰুইছিল এই ছাকুৰা (Sakura) অর্থাৎ চেৰী ফুল।

ইতিমধ্যে যথেষ্টখিনি খোজকাঢ়িছিলোঁ আমি।

“হেই মেন, আৰণ্ট ইউ হাংৰি? লেট্‌চ হেভ চামথিং।”

আইতাজনীয়ে ৰাষ্টাৰ কাষতে দিয়া সৰু দোকানখনতে ৰলোঁহি। কাষতে শুকাই সৰি পৰা পাতৰ মাজত খাদ্যৰ সন্ধান কৰিছে এহাল কের্কেটুৱাই।

“ঢে-ঢেকীয়া….না না না না…….ইট্‌চ দা টাইম টু দিস্ক’….ৰা ৰা ৰা…………” আকৌ গাবলৈ আৰম্ভ কৰিলে সি।

“হেৰৌ, চব খিচিৰি বনাই নেপেলাবিচোন।” মনতে ভাবিলোঁ।

ভুলে-শুদ্ধই গালেও এজন বিদেশীৰ মুখত এশাৰী বিহু শুনিবলৈ পাই অবশ্যে বৰ ভাল লাগিছিল; তাকো বিহুৰ বতৰত।

পুনৰ সেই ফুলগছবোৰৰ মাজে মাজে ঘূৰি আহিলোঁ। সি তেতিয়াও ঢে-ঢেকীয়া গায়েই আছে। এনেতে তাৰ মনত পৰিল – মই যে তাক সেই গীতটিৰ ‘অৰিজিন’ৰ বিষয়ে ক’ম বুলি কৈছিলোঁ। আৰম্ভ কৰিলোঁ “বিহু অসমীয়াৰ মানে আমিবোৰৰ জাতীয় উৎসৱ। বিহু তিনিটা – ব’হাগ বিহু, কাতি বিহু….. । মনটো আকৌ উৰা মাৰিলে ক’ৰবালৈ।

=============================

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক