বসুন্ধৰা: এটা গল্পৰ ট্ৰেইলাৰ—নিৰ্মালি সন্দিকৈ

বনৰীয়া কলডিল, নতুনকৈ খন্দা আলু, জিলমিল এমুঠি, খুতৰা দুডালমান আৰু হাঁহকণী এটাৰে শাক পাচলিৰ খৰাহীটো ভৰি থাকিলেও তাইৰ জুইকুৰা ধৰি ভাতসাঁজ ৰান্ধিবলৈ মন যোৱা নাই৷ বাবুলে জানটোত ঘৰৰ সমস্ত লেতেৰা কাপোৰ ধুই পাৰত দি লোৱা বাঁহৰ দাঙত মেলি আছেগৈ৷ ঘৰত তাই অকলে৷ পাৰ দুটাৰ ৰুণৰ বাদে দুপৰীয়াটো নিশব্দ বুলিব পাৰি৷
তাইৰ মনটো বেয়া৷ কিয় বেয়া তাই নিজেই বুজা নাই৷ মুঠতে একো ভাল লগা নাই৷ ল’ৰাটো স্কুললৈ পঠিয়াই তাই পিৰালিতে জুপুকা লাগি বহি আছে৷

বাবুল বিস্কুট বেপাৰী৷ গাঁৱে গাঁৱে চাইকেলত গৈ ঘৰে ঘৰে বিস্কুট বিক্ৰী কৰে৷ তায়ো বাবুলৰ বিস্কুট কিনিছিল৷ তাইৰ পিতাকক বাবুলে কৈছিল, “আমা সৈপিনে নায়িকল নহয়েই খুআদৌ! এযোৰ বেচিব নে কি?“ তাইৰ পিতাকে নাৰিকল দুযোৰ বাবুলক দিছিল৷ বিনাপইচাত৷ দহদিন মান সি নাহিল৷ বাৰদিনৰ দিনা নাৰিকলৰ লাড়ু কেইটামানেৰে হাজিৰ হৈ সি তাইৰ মাকক কৈছিল, “আমা ওচঅঅ কাষয়ি গাঁৱত ভাওনা আছিল৷ এইকিদিন বেপাঅত লাগিবই পৰা নাই৷ মায়ে লস্কৰা দি পঠাইছে৷“
তাৰ দুমাহ পাছত তাইৰ জন্ম গাঁৱত ভাওনা পতাৰ দিনা ৰাতি তাই বাবুলৰ লগত আহি তাৰ ঘৰ পালেহি৷ গম পালে,
বাবুলে আলি লিখে৷ বুঢ়া বাপেক হে আছে৷ মাক নাই৷ দুমহীয়া ল’ৰা এটা থৈ বাবুলৰ প্ৰথম ঘৈণীয়েক মৰিছে৷
তাই থাকিল৷ নাথাকি উপায়ো নাছিল৷ মাথো, মাত কথাবোৰ কমিল৷ বাবুলে অপৰাধীৰ দৰে তাইলৈ চায়৷ তাই একো নকয়৷ মনে মনে সকলো কৰে৷ বুঢ়া বাপেকৰ আল পৈচান ধৰে, ল’ৰাটো তাইৰ নহয় বুলি ভুলতো নেভাবে৷ ল’ৰাই দ্বিতীয় শ্ৰেণী পাইছেগৈ৷ তাইৰ গাৰ উম নেপালে এতিয়াও ৰাতি ফেঁকুৰে৷ তাইৰ নিজৰ গৰ্ভ শূন্য৷ কোলা কিন্তু উমাল৷ তেনেকৈয়ে ভাল তাইৰ৷ যশোদা হবলৈ আপত্তি নাই তাইৰ৷
চৌথাদিনা মাহৰি আটিৰ মানুহ দুজন আহিছিল, বাবুলক বিচাৰি৷ তাইলৈ ৰ লাগি চালে বহুপৰ৷ কথা বেছি কবলৈ নিদি বাবুল নাই বুলি তাই বিদায় দিলে৷ আজি মানুহ দুজন আকৌ অহাৰ কথা৷ সেয়ে তাইৰ ভাল লগা নাই৷
মানুহ দুজন আহিল৷
বাবুল আছিল৷
এজনে সুধিলে, “হওঁতে আপুনি গোমোঠা গাঁৱ জোঁৱাই হৈছে? “
মানুহজনৰ কণ্ঠত শ্লেষ আছিল৷
বাবুলৰ মূৰটো অকণমান দোঁ খাই পৰিল৷
তাই বঁটাটোত তামোল চালি লৈ বাৰাণ্ডালৈ ওলাই আহিছিল৷ বাবুলে এবাৰ তাইলৈ চালে৷
ওৰণিখন এনেয়ে ঠিক কৰি উত্তৰটো তায়ে দিলে-“গোমোঠা গাঁৱ পিনে আমা মানুহ নাই নহয় কোৱাইদৌ৷ মই জাজয়ি পিনঅ হে! তামোল খক৷“
মানুহ দুজনে বাবুলৰ লগত কিবাকিবি পাতিলে৷
যাবৰ পৰত তাইক সুধিলে, ভনীটিৰ নামটো কি আছিল?
“ছবেৰা৷“ তাই এনেকৈ ক’লে যেন আগৰ জনমতো তাইৰ নাম সেইটোৱেই আছিল৷
মানুহ হালে বাটত কথা পাতিলে, “থাকে থাকে৷ একে চেহেৰাৰ মানুহ থাকে৷ ধৰ্মকাইৰ ভনীয়েকৰ নাম সবিতাহে আছিল৷“

©নিৰ্মালি নয়নতৰা সন্দিকৈ
কাৰ্বি আংলং

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক