ব’হাগঃ এটা প্ৰেমৰ কবিতা ( মৃদুল মৰাণ )

bohagor_Mridul.

প্ৰেমৰ পকোৱা সূতানেছা তয়েই দিছিলি
দিছিলি কলিজাৰঙী আঁছুমুঠি
সূতা উঘাইছোঁ, চেৰেকী পকাইছোঁ
সিৰাই-উপসিৰাই হেঙুল-হাইতাল সানি
বুকুৰ এচুকত সযতনে ৰাখিছোঁ লিহিৰি চিপকাঠী

চেনাই, কুলিয়ে বিনালেই
তোৰ যে খবৰেই নাই
তাঁত-বাতিত দূবৰিও নগজা হ’ল দীঘল পদূলিত
ৰাতি দুপৰৰ কেতেকীৰ মাতে
হিয়াৰ সিৰা-উপসিৰাত আউল লগায়
চেনাই, তোৰযে খবৰেই নাই
সিদিনা গৰখীয়া বাঁহীৰ সুৰত বলীয়া হ’লোঁ মই
গচকত যঁতৰটো তেনেই ভাগিল

চেনাই, তই আহিলেই নাচনী দঙাজৰীয়ে প্ৰাণ পাব
মূৰটি দাঙি তল-ওপৰ কৰি নাচিব সখীয়তি চৰায়ে
তেজৰ সূতাৰ বটা মহুৰাটোৱে মাকোৰ বুকুত সোমাই
বিহুনাম এফাঁকি জুৰিব খিটিৰখিটিৰকৈ
উশাহে প্ৰতি গৰকাত উঠিব নামিব
আঙুলিঘন দুভৰি

চেনাই, তই যিদিনাই আহিবি
প্ৰেমৰ চেৰেকীৰে অভিমানৰ ব আলফুলে ভাঙিম
হিয়াখন আওখালি সানি ল’ম
জেতুকাপাতৰ সোণ-হালধীয়া ৰং
ব চুঙাৰে জুমি জুমি চাম
ৰাতি হালধীয়া জোন
জীৱন হাঁচিতিৰ দহিবটা মুচৰিম আলফুলীয়াকৈ
প্ৰেম আৰু বিশ্বাসৰ সৰু সূতা দি।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
GHANASHYAM
5 years ago

pohi vaal lagil..