ব’হাগৰ আধৰুৱা গল্পটো ( তুলিকা নিৰ্মলীয়া )

… কথাবোৰ এঠাইত ৰৈ যায়। ভাবি ভাবি কথাবোৰ বুজি পাওঁ। বুজি পালেই বুজি পাওঁ এই যে ৰৈ গ’ল ভাৱনাবোৰ, য’ৰপৰা বুজি পোৱাখিনিক তেনেদৰে আগুৱাই লৈ যাবলৈ মন নাযায়, সেইখিনিয়েই আচলতে সঁচা। যেতিয়াই বুজি পাওঁ সঁচা বুলি, তেতিয়াই কথাবোৰে ভুকু এটা মাৰে ক’ৰবাত অকণমান দুখ পোৱাকৈ! আৰু ঠিক তেতিয়াই কথাবোৰ লুটিয়াই ভাবিবলৈ আৰম্ভ কৰি দিওঁ… দুখ নোপোৱাকৈ, ভাৱনাবোৰক ভাঁজ এটা দি নতুন বাট এটা মুকলি কৰি লওঁ… মিছাক সঁচা বুলি, সঁচাক মিছা সাজি নিজকে পতিয়ন নিয়াই সান্ত্বনা দিওঁ আগুৱাই যাবলৈ!…

আজি উৰুকা। নবৌ তাঁতশালত ব্যস্ত ৰঙা আঁচুৰ সপোন গুঁঠাত, মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে আপোনজনলৈ বিহুৱান বোৱাত। আমাৰ ঘৰত তাইৰ এইটো প্রথম ব’হাগ বিহু। বিহুৰ আগতে গামোচা যুতি বৈ শেষ কৰিব লাগে বুলি তাই তাতে ব্যস্ত এইকেইদিন। আজি চাগৈ গামোচা কাটিব। মোৰ কোঠাৰ খিৰিকীৰে তাঁতশালখন দেখি থাকি। … খিতিৰ খিত… খিতিৰ খিত… দুপৰীয়াৰ নির্জনতাখিনিক খুন্দিয়াই তাঁতশালৰপৰা নির্দিষ্ট লয়ত দুৰপতিত মাকো লাগি ভাঁহি অহা বিশেষ শব্দকেইটাই যেন ছন্দোময় কৰি তুলিছে দুপৰীয়াটোক! মাজে মাজে দূৰৈৰ হাবিখনৰ পৰা কুলিৰ মাত ভাঁহি আহিছে। গৰকাত নবৌৰ দুভৰি নাচিছে… দুৰপতি ল’ৰিছে… এপাকত নাচনিৰ জৰী চিঙিলে, দাদাই আহি যোৰা দিছে, খেলি-মেলি হৈ পৰি থকা ফুল তোলা কাঠিবোৰ মাটিৰপৰা তুলি ধুনীয়াকৈ বান্ধি সামৰি দিছে, টোলোঠা মাৰি শকতকৈ পুতি দিছে, দাদাই কিবা কৈ আছে… নবৌৱে লাজ লাজ কৈ হাঁহিছে। মোৰ এনে লাগিল ব’হাগৰ ৰঙবোৰ আহি যেন নবৌৰ তাঁতশালতে বাহৰ পাতিছে! দুয়োটালৈ মৰম লাগি গ’ল!

মইহে তাঁতশালখন আপোন কৰি ল’ব নোৱাৰিলোঁ। যঁতৰত মহুৰা ফুৰাবলৈ দিলেও সূতাই তর্জনী আঙুলিটো কাটে! পৰাৰ ভিতৰত মাথোঁ ফুল তুলিবহে পাৰোঁ। বাকী কামবোৰ মোক কৰিবলৈ দিয়া মানে দুগুণ কাম বঢ়াই লোৱা! ব’ তুলিবলৈ দিলে শালিকী-ঠুটীয়া লাগে, ব’বলৈ দিলে মাকোৰ আগে কিমান সূতা চিঙে ঠিকনা নাই! ৰাঁচ ভৰাবলৈ দিলেতো আৰু কথাই নাই, ৰাঁচৰ বিন্ধাবোৰ চকুকেইটাই দেখিয়েই নাপায়। মই হাইস্কুলত পঢ়ি থাকোঁতে এবাৰ মায়ে মোক ব’ তুলিবলৈ দি বৰমাৰ সৈতে কিবা কথা পাগুলিয়াই আছিল। চেগ বুজি মাই গম নোপোৱাকৈ ব’ চুঙাটো নি মিহিৰ দাইটিক গগনা সাজিবলৈ দি আহিছিলোঁ। দাইটিয়ে বৰ ধুনীয়াকৈ মাটিৰে সুতুলিও সাজি দিছিল আমাক। ব’ চুঙা হেৰুৱাৰ পাছত মা’ৰপৰা কিমান যে গালি খাইছিলোঁ হিচাপ নাই। নতুনকৈ গাভৰু হোৱা ছোৱালী বুলিহে কিল খোৱাৰপৰা বাচি গৈছিলোঁ। হঠাতে তাঁতৰ পাতত বহি থকা নবৌৰ ঠাইত মাক দেখা যেন লাগি গ’ল! উজাই অহা দুখটোক হেঁচা মাৰি থ’বলৈকে তাঁতশালৰ পৰা দুচকু আঁতৰাই আনি নিজৰ কামত মন দিলোঁ।

নিজৰ কোঠাটোত এবাৰ চকু ফুৰালোঁ। এচুকত দ’ম হৈ থকা কিতাপবোৰলৈ চকু গ’ল। আগৰবাৰ হোষ্টেলৰপৰা আহোঁতে কিতাপ অলপ থৈ গৈছিলোঁ ঘৰত। মোৰ কোঠাৰ বস্তুবোৰ সাধাৰণতে কোনেও ইফাল-সিফাল নকৰে। সেয়ে চাগৈ পাতলকৈ ধূলিৰ চামনি পৰিছে। তাৰেপৰাই চাফাই অভিযান আৰম্ভ কৰোঁ বুলি ভাবি কিতাপৰ ধূলি আঁতৰাব খোজোঁতেই পুৰণি ডায়েৰীখন পালোঁ। হালধীয়া বৰণ লোৱা পাতবোৰ লুটিয়াই দিওঁতেই ধূলিবোৰ নাকে মুখে সোমাল। পুৰণি সুবাস এটা পাই হাঁচি দুটামান ওলাই আহিল, দুচকু থমকি ৰ’ল ক্ষন্তেক… “… কথাবোৰ এঠাইত ৰৈ যায়। ভাবি ভাবি কথাবোৰ বুজি পাওঁ।…”

দুখিলামান পাত লুটিয়াই চালোঁ এনেয়ে… “যি দিনাৰ পৰা দুখবোৰ সুখ বুলি দুচকুত সানি ল’বলৈ শিকিছোঁ, বিষাদবোৰ ক্ষন্তেকীয়া অৱসাদৰ দৰে জোকাৰি পেলাবলৈ শিকিছোঁ, দুচকুৰ শাওনক ফাগুনৰ দুষ্ট বতাহজাকৰ দু-পাখিত বান্ধি উৰুৱাই দিব পাৰিছোঁ… ঠিক যেন সেই দিনাৰ পৰাই হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ! হেৰুৱাইছোঁ আৱেগত তিতি সেমেকি যোৱা শব্দবোৰ, অচিনাকি হৈছে ভিজা মাটিৰ গোন্ধ, হেৰুৱাইছোঁ খিৰিকীৰ সিপাৰৰ জোনাক, হেৰাইছে টিপটিপাই জ্বলি থকা জোনাকী পৰুৱাবোৰ! অভিযোগ, আক্ষেপ, উপেক্ষা… সকলোকে বিদায় দি ব্যস্ত হৈ পৰিছোঁ নিজকে ব্যস্ত ৰখাৰ অনুশীলনত। অভ্যস্ত হৈ পৰিছোঁ লাহে লাহে… নিপুনতাৰে!! থুকুচি থুকুচি ধুই ৰ’দত মেলি দিওঁ আৱেগত তিতা সেমেকা শব্দবোৰ! নিকা হৈছে আৱেগৰ আত্মা! যি হৈছে, সেয়া স্বাভাৱিক! যি হ’ব, সেয়াও স্বাভাৱিক! যি হৈছিল, তাতো একো অস্বাভাৱিকতা নাছিল! উৎকণ্ঠাই উদ্বাউল নকৰে! বাউলী নকৰে অভিমানী অপেক্ষাই! সকলো আওকাণ কৰি জী উঠে মাটিৰ পুতলা এটি!!”

শেতা হাঁহি এটা আপোনা-আপুনি ওলাই আহিল। এটা সময়ত মাত্র এই শব্দবোৰেই আছিল মোৰ সহচৰ। দিনটোৰ অভিনয়ৰ শেষত মুখা খুলি জী উঠিছিলোঁ মই! শব্দৰ সৈতে হাঁহিছিলোঁ, কান্দিছিলোঁ, ওমলিছিলোঁ…কেতিয়াবা নিজক হেৰুৱাইছিলোঁ, কেতিয়াবা বিছাৰিছিলোঁ……….. আৰু কেতিয়াবা হেৰাইছিলোঁ তেওঁত!

“শব্দেৰে আৰম্ভ, শব্দতেই শেষ
শব্দেৰে বিলাসিতা,
তোমাক পোৱাৰ
অথবা হেৰুৱাৰ…”

তেওঁ হেৰাই থাকিল! মই, মই হৈ নাথাকিলোঁ! বহু দেৰিকৈ বুজিলোঁ মোৰ মৃত্যুত আছিল তেওঁৰ জীৱনৰ ঠিকনা! ডায়েৰীৰ টুকুৰা টুকুৰ অনুভৱত হেৰুৱালোঁ আকৌ নিজক… জমি যায়, গলি যায়… সময়! জীৱন নামৰ কায়াহীন অস্থিৰতা! মতিভ্রম নে অনুৰাগ? জুই, ধোঁৱা আৰু ছাই…ফিৰিঙতি হৈ উফৰি আহে ভেষজ ভালপোৱা!!

______*________*_________

“অ’ ভনীমা, ভনীমা। বেগাই গৰম পানী অলপ কৰচোন।”

কিমান পৰ তেনেকৈ ডায়েৰীখন হাতত লৈ ধ্যানস্ত ঋষিৰ দৰে বহি আছিলোঁ নাজানো। কোনোবাই ঢেকীশালৰপৰা চিঞৰাতহে মোৰ সম্বিত ঘূৰি আহিল। দেখিলোঁ নবৌ উধাতু খাই ঢেকীশালৰ ফালে দৌৰিছে। মই গৈ দেখিলোঁ ওচৰৰে মামনি বৌৰ সোঁহাতখন ঢেকীয়ে খুন্দিলে। অঞ্জুৱে ঢেকী দি আছিল। আগবেলাটো কোনোবাই কোনোবাই পিঠা খুন্দিলে। ঢেকীশালখন আজৰি নাছিল বাবে অঞ্জু আৰু মামনি বৌ দেৰিকৈ আহিছিল চিৰা খুন্দিবলৈ। আগৰ ঢেকীটো অলপ অলপ পচিবলৈ লোৱাত দেউতাই এইবাৰ বাৰীৰ চুকৰ বৰকৈ কঁঠাল নলগা গছজোপা কটুৱাই নতুন ঢেকী এটা পাতি দিছিল। আগৰটোতকৈ গধুৰ। ওখ ভঁৰালটোৰ তলতে আটোম-টোকাৰিকৈ পাতি দিয়া ঢেকীশালত বিহুৰ কেইদিন চুবুৰীয়া প্রায় আটাইকেইঘৰৰ জীয়ৰী-বোৱাৰী কেইজনী মিলি পিঠা-জলপান খুন্দে। সেইকেইদিন বিয়নি-মেল, মুখ-চুপতি, হাঁহি-খিকিন্দালিৰে ৰঙীন হৈ থাকে আমাৰ ঘৰখন। মামনি বৌৰ হাতৰ তিলপিঠাকেইখনৰ কথা সকলোৱে শলাগে; পাতল, দীঘল, ধুনীয়া… সকলোৰে ওপৰত বুলি কয়। পিছে এতিয়া ঢেকীয়ে খুন্দা হাতখনেৰে কি কৰিব! বেচেৰীৰ চকুপানী বৈ গৈছে। বৌয়ে মোৰ হাতৰপৰা গৰম পানীৰ গামলাটো লৈ তাতে কাপোৰ এখন তিয়াই চেপি লৈ লাহে লাহে মামনি বৌৰ হাতখন ধুৱাই দিলে। দেউতাই ক’ৰবাৰপৰা ঢেকীয়া নে বিহলংগনি পাত এখিনি খুন্দি বৌৰ হাতত দি মামনি বৌৰ হাতত বান্ধি দিবলৈ ক’লে; বিষ কমে বোলে! অন্যমনস্কতাৰ বাবে চাগৈ মামনি বৌৰ হাত ঢেকীৰ খুবুলিত সোমাল। নহ’লেবা গধুৰ ঢেকীটো দিওঁতে চাগৈ অঞ্জুৰ কষ্ট হৈছিল। তাইৰ মুখত দোষী দোষী ভাব। অঞ্জুৰ সৈতে বৌ আৰু মই মিলি চিৰাখিনি খুন্দি শেষ কৰো মানে প্রায় গধূলিয়েই হৈছিল।

দেউতাই পিছফালে বাৰীত থকা মাখিয়তীজোপাৰ ডালকেইটামান কাটি আনিলে। দাদাই গৰুকেইটা আনদিনাতকৈ আজি অলপ সোনকালে বান্ধিলে। নবৌয়ে কাৰেণ্ট যাব বুলি লেম্পৰ চিমনিকেইটা খৰধৰকৈ চাফা কৰিলে। মই পদূলিলৈ আগুৱাই গৈ নঙলা এডালতে থুতৰিটো লগাই ৰৈ থাকিলোঁ। পদূলিৰ আগেদি বাটৰ ধূলি উৰুৱাই গৰুকেইটামান খেদি খেদি চেঙেলীয়া ল’ৰা দুটামান হৈ চৈ কৰি পাৰ হৈ গ’ল। কিছুদূৰ গৈ তাৰে দুটামানে উঁকি দুটামান মাৰিলে। হাঁহি উঠি গ’ল মোৰ। ধৰিব পাৰি, ঠিক ডেকা ল’ৰাৰ দৰে যেন পৰিপক্ক নহয় উঁকিকেইটা! এই উঁকি আৰু উৰুলি চবেই ধুনীয়াকৈ দিব নোৱাৰে। আগতে বিহুৰ বতৰত ৰাতি ফূর্তি পানী খায় ৰাজেন কাইটিয়ে যিটো উঁকি মাৰি ঘৰলৈ চাইকেল থেলি থেলি যায়, উঁকি মৰা চেওটোতেই চবে জানে সেইটো ৰাজেন গৈছে বুলি। আৰু বিয়াই হওঁক বা কিবা মাংগলিক অনুষ্ঠানেই হওঁক উৰুলিৰ বাবে চবেই মাঘী বৰমাক বিচাৰে।

নবৌয়ে ধূনা দিছে চাগৈ। সুগন্ধি এটা পদূলিলৈকে বৈ আহিছে। মোক তেনেকৈ আন্ধাৰতে ৰৈ থকা দেখি তাই ভিতৰলৈ মাতিলে। মই একো নামাতিলোঁ। কিয় জানো তেনেকৈয়ে ৰৈ থাকিবলৈ মন গ’ল। ভাব হ’ল এই যেন কোনোবা পাৰ হৈ যাব চাইকেলৰ টিলিঙা বজায় বজাই…সুহুৰিয়াই…! ঢোল-পেঁপাৰ গুমগুমনি এটা ভাঁহি আহিছে। সংঘত চলি থকা বিহুৰ আখৰা সামৰিছে চাগৈ। সৰুতে আমি গোৱা জেং বিহুলৈ মনত পৰি হাঁহি উঠি গ’ল। পথাৰৰ মাজত থকা আম গছজোপাৰ তলত আমি গাঁৱৰ কেইজনীমান মিলি জেংবিহুৰ আখৰা কৰিছিলোঁ। আৰু বিহুৰ শেষত গছজোপাৰ তলতে বিহু উৰুৱাইছিলোঁ।

বিহুত গাঁৱৰ আটাইৰে ঘৰত জেং বিহু গাই ফুৰিছিলোঁ। মা-পেহী-বৰমা-খুড়ীহঁতৰ ৰিহাবোৰ কঁকালত মেৰিয়াওতে মেৰিয়াওতে আমাৰবোৰৰ এমুঠিমান ককাল দুই হাতেৰে ঢুকি নোপোৱা যেন হৈছিল। এতিয়াৰ ল’ৰা-ছোৱালীৰ ক’ত আৰু সেই শৈশৱ-কৈশোৰ! নিগনি দৌৰত ব্যস্ত নহ’লে উপায় নাই বেচেৰাহঁতৰ! নিজক শ্রেষ্ঠ প্রতিপন্ন কৰিব নোৱাৰিলে চব অসাৰ! এতিয়া আৰু নাই সেই তাহানিতে ভৰ দুপৰীয়া বৰশি বাবলৈ মনে মনে ওলাই যোৱা শৈশৱ, হাঁহ পোৱালি এসোপা লৈ কেঁচু বিচাৰি ফুৰা শৈশৱ,পথাৰত লেচেৰি বুটলি ফুৰা শৈশৱ, খালে-পথাৰে মাছ ধৰি ফুৰা শৈশৱ, আনৰ বাৰীৰ লেটেকু-পনিয়ল চুৰ কৰি খোৱা শৈশৱ!! আৰু টঙীঘৰত বহি বহি কঠীয়াতলিৰ চৰাই খেদা শৈশৱ! আসঃ! “হুৰ হুৰ বটা চৰাই, মোৰ ধান নাখাবি তোক দিম গোটা কৰাই।” দুপৰীয়া সাৰ পাই উঠে আইতাৰ সাধুৰ চম্পাৱতী! হাবিৰ মাজৰপৰা যেন ভাঁহি আহে কাৰোবাৰ মাত “ধানো খাম, পতানো খাম, চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম!”

যদিও লাহে লাহে চহৰমুখী মোৰ গাঁও, তথাপি আজিও মোৰ গাঁওখন গাঁও হৈ আছে। বিশ্বায়নে এতিয়াও সম্পূর্ণ গ্রাস কৰিব পৰা নাই। গাঁৱৰ এটাই সংঘ, এটাই নামঘৰ। উৎসৱ-পার্বনে গাঁৱৰ সকলো তাতে গোট খায়। সকলো বিষয় আলোচনা হয়, সৰু-বৰ সমস্যাৰ মীমাংসা হয়, মিট-মাত হয়। সাউৰী মাতি ৰোৱা ৰুৱে, ধান চপায়। কঠীয়া পাৰিবলৈকো ইঘৰে আনঘৰক সহায় কৰি দিয়ে। খেতি চপাই উঠি আটায়ে একেলগে নামঘৰতে ন-খোৱা পাতে। পথাৰত এটাই ভেলাঘৰ সাজে, মাঘত মেজিৰ জুই একুৰাই জ্বলে, সকলোৱে মিলি ৰাস-ভাওনা পাতে। বিহুত এতিয়াও গাঁৱৰ এল পি স্কুলৰ ল’ৰা-ছোৱালীখিনি গৈ গুৰুজনাক সেৱা কৰে। চেনেহ, মিলা-প্রীতি, ভক্তি… এতিয়াও আছে মোৰ গাঁৱত। পদূলিয়ে পদূলিয়ে এতিয়াও তগৰৰ সুবাসে মলমলাই থাকে, বাৰীৰ তামোল গছত কপৌ ফুলে। নিউজ চেনেলত ওলাবলৈকে পথাৰত গৈ গৰুৰ গা নুধুৱায় মোৰ গাঁৱৰ ডেকাই, সাজি-কাচি ঢেকীশালত পিঠা নুখুন্দে জীয়ৰী-বোৱাৰীয়ে। মোৰ গাঁৱৰ ডেকা-গাভৰু যে অশিক্ষিত তেনেও নহয়। ঢৌত উটি নগৈ নিজৰ শিপাডাল খামুচি আছে, আকাশ চুবলৈ গৈ পাহৰা নাই মাটি। বিহু বুলিলে সেয়ে কংক্রীটৰ চহৰৰপৰা ময়ো ধপলিয়াই আহোঁ ঘৰলৈ। আপোন গাঁওখনলৈ। বুকু ভৰাই উশাহ ল’বলৈ!

: সেইজনী ভনীমা নহয়নে? কেতিয়া আহিলি ঐ তই? বাউ না?
ৰাজেন কাইটিয়ে মোক দেখিয়েই হ’বলা চাইকেলৰপৰা নামি ৰৈ দিলে।

: অ’ কাইটি, ময়ে। হ’ল দুদিনমান। মোৰ একদম বাৰু দেই। তোমাৰ একা?
: আমাৰ নো কি! তহঁতৰ বাউ যেতিয়া আমাৰো বাউৱেই আউ দে!
: হয়নে? আহা আক’, চাহপানী এটুপিকে খাই যাবা।
: এহ্ আজি নালাগে থক। বিহু খাবলৈ আহিম বাউ দে। এতিয়া অলপ কাম আছে। যাওঁ দে মই। তইনো এই কানি-মুনি বেলা আন্ধাৰে মুন্ধাৰে কি কৰি আছ’? যা যা ভিতৰলৈ যা।
: হ’ব তেন্তে কাইটি। যোৱা। ময়ো যাওঁ বাৰু ভিতৰলৈ। বিহু খাবলৈ আহিবা কিন্তু।
: আহিম দে।

ৰাজেন কাইটি গাঁৱৰ সকলোৰে কাইটি। কিহৰ দুখত নো কাইটিয়ে সংসাৰ নাপাতিলে কোনেও নাজানে। বয়সে চাগৈ’ ৫০ৰ দেওনা চুলে। ঘৰত ভায়েক-বোৱাৰীয়েক, দুটা ভতিজা। ৰঙীয়াল মানুহ কাইটি। যাওঁতে গুণগুণাই গ’ল… “গুণ গুণ গুণ গুণ গুণ কাইটি, গুণৰ লগত সেইটো ঘন কাইটি…”

……. কাৰ বুকুৱে কি বেদনা কঢ়িয়াই কোনে জানে! কোনেও নাজানে! কাইটিয়েও চাগৈ বুকুত কঢ়িয়াই লৈ ফুৰিছে আমি নজনা-নুশুনা কোনোবা ৰাজকুমাৰীৰ সাধুকথা! যিবোৰ সাধু কেতিয়াও পুৰণি নহয়! নহয় কেতিয়াও পাহৰণি!

ভাত খাই দাদাই দেউতাৰ লগত বহি বহি লাউ, বেঙেনা, থেকেৰা, কেৰেলা কাটি গৰু গা ধুৱাবলৈ চাটকেইদাল যতনালে। ময়ো বৌৰ সৈতে জুহালতে বহি বহি জেতুকা পিহিলোঁ পতাত। সৰুতে হাতত জেতুকা লগাই কলপাতেৰে মেৰিয়াই তাৰ ওপৰত পলিথিন এটাৰে বান্ধি শুই থাকিছিলোঁ, যাতে ৰাতি কাপোৰে-কানিয়ে নালাগে। তাই পিঠা পুৰি সামৰে মানে মাজৰাতিয়েই হ’ল। দেউতা, দাদা শুই থাকিল। তাইক অকলে এৰিবলৈ বেয়া পাই হাতে-ভৰিয়ে জেতুকা লগায় তাইৰ ৰখীয়া হৈ থাকিলোঁ। ৰখীয়া আৰু কি, মাখি সোমাবৰ জোখাৰে মুখখন মেলি হালি-জালি টোপনিয়াই থাকিলোঁ। তাই মোক শুই থাকিবলৈ কৈ ধমকি দুটামানো দিলে।
____*____*________

আজি গৰু বিহু। দাদাই গোহালিৰপৰা গৰুকেইটা উলিয়াই লৈ গৈছে। পদূলিৰ আগেৰে পাৰ হৈ যোৱা কোনোবাই কোনোবাই চিঞৰি থৈ গ’ল দাদাক সোনকালে আহিবলৈ। ওচৰৰ পথাৰখনতে সবে গৰু গা ধুৱায়।

বিহু বুলিয়েই ৰাতিৰ টোপনি খতিৰ জাল নাই। তিয়াই থোৱা মাহ-হালধিখিনি পিহি কলপাত এখনত যতনাই থলোঁ। গা-পা ধুই আজৰি হৈ তিনিওটাই দেউতাক সেৱা কৰিলোঁ। দেউতাই আশীর্বাদ দিলে। শেষৰ ফাললৈ থোকাথুকি মাত! গামোচাৰে দুচকু মচি ল’লে। মোৰো মনটো সেমেকিল। ঘৰখনত ‘মা’ নোহোৱাকৈ এইটো প্রথম ব’হাগ বিহু। নবৌয়ে চাগৈ কথাটো মন কৰিছিল। সেৱা কৰি উঠিয়েই তাই ক’লে__

: আহক আহক দেউতা, আমি চাহ-জলপান খাওঁ। নহ’লে ইটো-সিটো আহিবলৈ ল’লে চাহ অকনো খোৱা নহ’ব।

চাৰিওটাই বৌৱে যতনাই দিয়া দৈ-চিৰা, চাহ, পিঠা-পনা-লাড়ু খালোঁ। দাদাই বৌয়ে দিয়া গামোচাখন মূৰত মাৰি পদূলিমুখত কণী যুঁজ খেলি হলস্থূল কৰি থকা ল’ৰাকেইটাৰ ওচৰ পালেগৈ। তাহাঁতৰ লগতে অলপ সময় ধেমালি কৰি কোনোবাফালে ওলাই গ’ল। দেউতাক সেৱা কৰিবলৈ, ইটো সিটো কৰি খুড়াদেউ-বৰদেউতাহঁত আহি থাকিল।

আবেলিলৈ নবৌৰ সৈতে এশ এবিধ শাক বুটলিলোঁ। বাৰীৰ শিলিখা জোপাত তিনিটামান আমৰলি বাহ আছিল। দাদাই ভদ্র দাইটিৰ সৈতে সেইকেইটা ভাঙি টোপ পাৰি থৈছে। দেউতাই বেটৰ গাজ পুৰি খাই বৰ ভাল পায় বুলি তাকো যতনাই থৈছে। আন্ধাৰ হোৱাৰ আগতে গৰুকেইটা আনি গোহালিত বান্ধিলে, জাক দিলে, পিঠা খুৱালে। দেউতাই গোঁসাই ঘৰত সোমাই চাকি জ্বলালে। বৌৱে ধূনা দি মাখিয়তী গছৰ ডাল দুটামান পাতৰ সৈতে দুৱাৰৰ ওপৰত গুজি থ’লে। ধুমুহা বৰষুণে একো বিঘিনি নঘটাবলৈ বুলি দেউতাই নাহৰৰ পাতত কিবা লিখি ক’ৰবাত ক’ৰবাত লগাই থ’লে। ব্যস্ততাই দিনটো চুটি কৰি পেলালে।

_____*_______*_________

এই এক সপ্তাহ কেনেকৈ পাৰ হ’ল ততকে ধৰিব নোৱাৰিলোঁ। বিহু বুলি ইটো-সিটো আহিয়েই থাকিল; চাহ খোৱা আলহি, ভাত খোৱা আলহি। বেচেৰী বৌয়ে আজৰিয়েই পোৱা নাই। মাকৰ ঘৰলৈয়ো সেয়ে দুদিনমান পিছত যোৱাটোকে ঠিক কৰিছে। ওচৰৰ বৰমা-খুড়ীহঁতৰ ঘৰলৈকে যাবলৈ আহৰি পোৱা নাই তাই। আজি আলহিৰ কোব অলপ সেৰেঙা বুলি তাই দুপৰীয়া ভাতকেইটা খাই জিৰণি লৈছে। ময়ো বিচনাতে পেট পেলাই আকাশ-পাতাল ভাবি বাগৰি আছোঁ। কাইলৈ যামগৈ বুলিছিলোঁ। পিছে কাইলৈ বোলে কোনোবা আলহি আহিব, শিৱসাগৰৰ। বৌয়ে সেয়ে আৰু দুদিন থাকি যাবলৈ কৈছে। মোক চাবলৈ আহিব কোনোবা! এম এৰ ফাইনেল চেমিষ্টাৰৰ পৰীক্ষা শেষ হ’লেই মোৰ বিয়াখন বোলে পাতি দিব। দেউতাৰো বয়স হৈ আহিছে, দাদাৰো দায়িত্ব আছে ভনীয়েকৰ প্রতি! কথাবোৰ ভাবি থাকোতে ‘মা’লৈ মনত পৰিল। অজানা শোক এটাই বুকুখনত খুন্দা মাৰি ধৰিলে। চকুপানীখিনিক বাধা নিদি বৈ থাকিবলৈ দিলোঁ।

: ভনীমা!

— কেতিয়ানো বৌ আহি দুৱাৰ মুখত ৰৈ আছিল নাজানো! খৰধৰকৈ চকুকেইটা মছি বিচনাতে বহিলোঁ। তাইৰ হাতত সেউজীয়া কেঁচা পাটৰ কাপোৰ এযোৰ, বগা সূতাৰে সৰু সৰু বুটা বচা।

: আমাক এৰি যাম বুলি বেজাৰ লাগিলেইনে তোমাৰ? চোৱাচোন কাপোৰযোৰা। কাইলৈ পিন্ধিবা। ভাল লাগিছেনে?
চাদৰখন মোৰ কান্ধতে মেৰিয়াই দি অলপ আঁতৰৰপৰা তাই এবাৰ চাই ল’লে মোক।

: নবৌ, মই জানিছোঁ নহয় তোমালোকে মোক ঘৰৰপৰা অতি সোনকালে খেদাবলৈ পাং পাতিছা।
: হয় নে? থাকা তেন্তে আজীৱন মোৰেই বান্দী হৈ।
তাই হাঁহি হাঁহি মোৰ নাকটো টেপা মাৰি দিলে।
: কথা এটা সোধোঁনে বৌ?
: সোধা আক’! এটা কিয়, দুটা সোধা!
বৌয়ে তাইৰ মৰমিয়াল হাঁহিটোৰ সৈতে মোৰ কাষতে বহি ল’লে।

: এদিন মাত্র ক্ষন্তেকলৈ চাইয়েই কিদৰে এজনী ছোৱালীক নিজৰ জীৱন সংগী কৰিব পাৰে কোনোবাই? ল’ৰাই ছোৱালী চোৱা সেই এক দুই ঘণ্টীয়া সময়ৰ ভিতৰতেই ইজনে সিজনক কিমানলৈ বুজি পাব? কি চায় সেয়া তুমিও জানা বৌ। প্রথম চর্ত ‘ধুনীয়া’ হ’বই লাগিব! লাহী-পাহি, বগা-ধুনীয়া, ওখ-পাখ। এক কথাত, পচন্দ হ’ব লাগিব দেহৰ ভূগোল! আজিকালিৰ বিহুগীতত গোৱাৰ দৰে ‘তপিনা ডাঙৰ’, ‘বেছি দিন যোৱা’ এজনী হ’লে তো একেবাৰতেই ‘পচন্দ’ হৈ যাব!

: ছিঃ! কথাবোৰ তুমি কিয় তেনেকৈ ভাবিছা ভনীমা? সকলোৱে কেৱল শাৰিৰীক সৌন্দর্যক প্রাধান্য নিদিয়ে। থাকিব লাগিব সুন্দৰ মন এটা…

: একেদিনাই সেই সুন্দৰ মনটোক কেনেকৈ চিনি পাব বৌ? কাইলৈ যদি মোক পচন্দ কৰে? কেৱল মাত্র মোৰ শৰীৰটোকহে পচন্দ নকৰিব জানো?

বৌক কথা শেষ কৰিবলৈ নিদিয়াকে মই কৈ উঠিলোঁ! তাই চাগৈ অলপ আচৰিতেই হ’ল। কি বা বুজিলে অনুমান কৰিব নোৱাৰিলো। তাই বেচ শান্ত স্বৰেৰে উত্তৰ দিলে মোক।

: কাইলৈয়েতো সকলো মীমাংসা হৈ নাযায়। কথা পাতিবা দুদিনমান। বুজিবলৈ চেষ্টা কৰিবা ইজনে সিজনক। তোমাৰ যদি ভাল নালাগে আমি জোৰ নকৰোঁ নহয়।

: এই যে তুমি কথা-বতৰা পাতি আগুৱাবলৈ কৈছা, সেইটোও নির্ভৰ কৰিব কাইলৈ তেওঁলোকে মোৰ চেহেৰা পচন্দ কৰা-নকৰাৰ ওপৰত।

: তুমি সেইটো লৈ কিয় চিন্তা কৰিছা? তুমি তো এলাগী নহয়। তোমাক দেখা মাত্রকে পচন্দ কৰিব। ল’ৰাই ক’ব আজিয়েই লৈ যাওঁ।

: … আৰু লাহে লাহে যদি তেওঁৰ ভাল নলগা হয় মোক? তেওঁ বিচৰাৰ দৰে যদি মই হ’ব নোৱাৰোঁ? তেতিয়া? যদি মানসিক তৃপ্তি বুলি একো নাথাকে? তেওঁ যদি মোক আঁতৰি যাবলৈ কয়? এৰি আহিম নে তেওঁক? আদৰি ল’বানে তোমালোকে মোক?

: তুমি কি কথাবোৰ ভাবি আছা ভনীমা? কথাবোৰ ইমান জটিল কৰি নেপেলাবা। বুজাবুজিত হে সংসাৰ চলে। কিছু এৰা-ধৰা নকৰিলে কেনেকৈ হ’ব। তুমি যদি সঁচাকৈ কাৰোবাক ভালপোৱা, তেওঁ যেনেকুৱাই নহওঁক কিয়, ভালে-বেয়াই তেওঁৰ সকলোখিনিক তুমি আদৰি ল’ব পাৰিবা।

: কথা সেইটোৱেই বৌ! ভাল নোপোৱাকৈ কাৰোবাক গোটেই জীৱনলৈ কেনেকৈ আদৰি ল’ম কোৱা? এই মুহূর্তত মোৰ কোনো মানসিক প্রস্তুতি নাই এইবোৰলৈ।

ভাবাচোন, অন্তৰঙ্গ মুহূর্তত তোমাক সাৱটি ধৰা দাদাৰ হাতৰ খামোচ যদি হঠাতে শিথিল হৈ যায়? তুমি দাদাৰ দুচকুত যদি তোমাৰ বাদে আন কাৰোবাৰ প্রতিচ্ছৱি দেখা? দুচকুত দেখা চকুপানী যদি আন কাৰোবাৰ বাবে হয়? দাদাৰ সৈতে একাত্ম হোৱাৰ সময়ত যদি তুমি অনুভৱ কৰা আন কাৰোবাৰ উপস্থিতি? তুমি তেতিয়া কি কৰিবা বৌ? আজিৰ দৰেই একেদৰেই সমান আকুলতাৰে ভাল পাব পাৰিবানে দাদাক? পাৰিবনে তোমাৰ হৃদয়ে আদৰি ল’ব এতিয়াও আন কাৰোবাৰ হৈ থকা হিয়াখনক। পাৰিবানে সেইজন মানুহক পূজিব যাৰ হৃদয়ে তোমাৰ বাবে নহয়, আজিও আন কাৰোবাৰ বাবে উচুপে? পাৰিবানে তুমি তোমাৰ প্রিয় পুৰুষজনক ভগাই ল’ব?

: সময়ে সকলো পাহৰাই, নিজৰ নিজৰ ঠাইত সকলো ঠিক কৰি দিব ভনীমা। সকলো কথা দর্শনেৰে চালে নহ’ব অ’ আইজনী মোৰ! ল’জিক এণ্ড ফিল’চফিত পঢ়া মনত আছে__ গৰুৰ চাৰিটা ঠেং, টেবুলৰো চাৰিটা ঠেং, গতিকে টেবুলখন এটা গৰু!! তুমিও কথাবোৰ এনেকৈয়ে ভাবিছা। বাস্তৱ জীৱনত যাৰ একো মূল্য নাই।

: তেওঁ যি, তেনেকৈয়ে মই আঁকোৱালি ল’লো বাৰু। কিন্তু ভাল নোপোৱাকৈ এজন অচিনাকী মানুহৰ শয্যা সংগী কেনেকৈ হ’ব পাৰি!! মাত্র দুটা শৰীৰৰ বুজাবুজিৰ মাজতেই শেষ নহ’বনে জীৱনটো? সন্তান জন্ম দিম, বংশ ৰক্ষা কৰিম। সমাজক দেখুৱাই সুখী জীৱন এটা যাপন কৰিম, আজীৱন অভিনয় কৰিম তেওঁক ভালপোৱাৰ, অথচ হৃদয়ে হাহাকাৰ কৰিব আন কাৰোবাৰ বাবে! ধৰি ল’লো আজীৱনৰ কাৰণে নিজৰ কৰি লোৱা মানুহজনে হৃদয়ৰ সমস্ততাৰে ভাল পাব মোক, সন্মান দিব, মোক বুজিব, সুখেৰে ওপচাব, সৰু সৰু প্রয়োজন পূৰাব… কিন্তু মই হাহাকাৰ কৰি মৰিম আন কোনো পুৰুষৰ বাবে, উচুপিম আন কাৰোবাক সুঁৱৰি! তেওঁৰ অপাৰ ভালপোৱাক বঞ্চনা কৰা নহ’বনে মই? সেয়া মোৰ পাপ নহ’বনে? মোৰ নিজলৈকে ঘিণ লাগিব নবৌ। নিজক বাৰু বিলাই দিম! কিন্তু মোৰ আত্মাটোৰ কি হ’ব নবৌ? হৃদয়খনৰ? তাৰ ভাগ-বতৰা কিদৰে কৰিম নবৌ?

: জীৱন একে ঠাইতে একেদৰে ৰৈ নাথাকে ভনীমা। অনবৰতে হাঁহি-ফূর্তি কৰি থকা মোৰ ননদজনীয়ে ইমান গধুৰ শিল এটা বৈ ফুৰিছে বুলি ভবাই নাছিলোঁ। তেওঁ যদি তোমাক নিজৰ সমস্ততাৰে ভাল পাব পাৰে, তুমি জানো সেই ভালপোৱাৰে সমৃদ্ধ হৈ এৰি অহাখিনিক পাহৰিব নোৱাৰিবা? নিশ্চয় পাৰিবা। কিজানিবা তেওঁৰো আছে কিবা বিষাদ-গধুৰ অতীত! আগলৈ যাবলৈ হ’লে তুমি এৰি অহাখিনিক খুচৰি ফুৰিলে নহ’ব ভনীমা। সি তোমাক আগলৈ যাব নিদিয়ে, পিছলৈহে টানিব। এবাৰ তেওঁৰ হাতত ধৰি যেতিয়া বাট বুলিবা, দেখিবা তুমি সঠিক পথত, তোমাৰ প্রিয় পুৰুষৰ সৈতে। যি গুচি গ’ল সেয়া আচলতে তোমাৰ নাছিলেই। কেতিয়াবা আওৰাবা প্রার্থনাৰ দৰে। তাত পাপ-পূণ্যৰ কথা নাহে। সেয়া প্রার্থনাৰ দৰেই পৱিত্র ভালপোৱা। কিন্তু তুমি পূজিব লাগিব তোমাৰ বর্তমানক। সেয়াহে তোমাৰ ধর্ম। অতীত মৰহা ফুল। তাক তুমি তোমাৰ বর্তমানত সতেজ ফুলৰ দৰে ৰাখি থ’ব খোজাটো নিশ্চয়কৈ ভুল হ’ব। সেয়া উচিতো নহয়। সি তোমাৰ জীৱনত সুবাস বিলাব বুলি নাভাবিবা। তেনেকৈ ভাবিলে তুমি তোমাৰ বর্তমানক অশ্রদ্ধা, অসন্মান কৰাহে হ’ব। মোৰ কথাবোৰত তুমি সহমত নহ’বও পাৰা। জীৱনটো মই তেনেকৈয়ে গ্রহণ কৰিছোঁ। মই কথাবোৰ ইমান জটিলকৈ নাভাবোঁ। তুমিও নাভাবিবা। জীৱনটো বৰ ধুনীয়া। মাথোঁ জীবলৈ জানিব লাগে। সাজ লাগিলেই। ব’লা গোঁসাই ঘৰত আজি আমিয়ে চাকি জ্বলাওঁ। আজি গাঁৱৰ হুঁচৰিযোৰাও অহাৰ কথা। দাদাক ক’ম মই কথাবোৰ। তুমি চিন্তা কৰিব নালাগে। কাইলৈ আলহী আহিম বুলিছে যেতিয়া আহক। আহিল বুলিয়েই তোমাক ধৰি-বান্ধি দি নপঠিয়াও নহয়। কিবা গণ্ডগোল কৰিলে শিশুপাল খেদা দিম বাপ্পেকে।

বৌয়ে ভাওনাৰ ভংগীমাৰে ঠিয় হ’ল। দুয়োজনীয়ে জোৰকৈ হাঁহি দিলোঁ। দাদাই হাঁহি শুনিয়েই ভুমুকিয়াই চাই থৈ গ’ল এপাক। বাধ্য ছোৱালীজনী হৈ বৌৰ সৈতে গোঁসাই ঘৰত বন্তি জ্বলাই প্রার্থনা কৰিলোঁ। তাইৰ কথাবোৰকে ভাবি থাকিলোঁ। নিজকে নিজে সুধিলোঁ ‘ইমান সহজ জানো’!? প্রার্থনা সামৰি ওলাই আহোঁতেই পদূলিত হুঁচৰিৰ মাত শুনিলোঁ… “দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলেমলায় ঐ গোবিন্দাই ৰাম…”

: বুজিছা বৌ, কাইলৈ ঢুলীয়াই আহেনে, পেঁপুৱাই আহেনে, নে কলীয়া কৃষ্ণই আহে আহক! আজি এপাক নাচি লওঁ ব’লা।

: এইয়াহে লায়েকৰ কথা কৈছা। ব’লা ব’লা। কাইলৈটোক নিজৰ ঠাইত এৰি দিয়া।

ডিঙিত গামোচা এখন লৈ দেউতা ওলাই আহিল। দাদাই পানীৰ ঝাৰ এটাৰ সৈতে গিলাচ দুটামান লৈ বিহুৱাকেইজনক পানী খাবলৈ দিলে। আমি দুয়োজনী হুঁচৰিযোৰাৰ ফালে আগুৱাই গ’লোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments