ব’হাগৰ বিহু, বসন্তোৎসৱ, অনুভৱ আৰু ইটো-সিটো :ৰঞ্জিত কুমাৰ বৰা

পাতনিত অনুভৱৰ দুআষাৰ…
‘কেলৈ আহিলি বাৰেকৈ বৰষুণ
কেলৈ আহিলি বতাহ
কেলৈ আহিলি শহুৰৰ পুতেক ঐ
হ’বলৈ নাপালোঁ কথা।’

মনৰ মাজত গুপুতে ৰখা গোপন কথাটি কোৱাৰ সময় ব’হাগৰ বিহু। বিহু বসন্তৰ উৎসৱ। মিলনৰ বাতৰি কঢ়িয়াই বসন্ত আহে। সদ্যযৌৱনা প্ৰকৃতিয়ে ন-কইনাৰ দৰে সাজি-কাচি হেঁপাহৰ ক্ষণ গণে। ফুল ফুলে। গোলাপ, তগৰ, চম্পা আৰু ক’ত যে ফুল! সুবাসেৰে ভৰি পৰে চৌদিশ। গছে কুঁহিপাত মেলে। ডালে ডালে সেউজীয়াৰ পয়োভৰ। আকাশত মেঘৰ মাদল বাজে। বৰষুণ হৈ সৰে। অপেক্ষাৰ অন্ত পৰে। মেঘ আৰু প্ৰকৃতিৰ বিবাহত জীপাল হয় মাটি। মানুহ মাটিৰ সন্তান। মাটিত সৃষ্টিৰ মহা আয়োজন। মাটিয়ে মানুহকো টানে। সৃষ্টিৰ তাগিদা জাগে। কুমলীয়া পাতৰ আঁৰ লৈ বসন্তৰ গীত গোৱা কুলিটিয়ে যেতিয়া ‘কুউ কুউ’কৈ মাতে, অজান পুলকত মন নাচি উঠে। প্ৰাণত প্ৰেমৰ বীণা বাজে। আৱেগে পাৰ ভাঙি হিয়াৰ আপোনজনক কাষত বিচাৰে। তাগিদাবোৰ গীত হয়, হেঁপাহবোৰ নৃত্য। ঢোলৰ চাপৰ হৈ মেঘৰ মাদল বাজে। ঢোলৰ চাপৰ শুনি তত্ হেৰুওৱা গাভৰুৱে নিজান পথাৰৰ বৰগছজোপাৰ তললৈ ঢাপলি মেলে। প্ৰকৃতিৰ দৰে সৃষ্টিৰ সুন্দৰৰ পৃথিৱীখনলৈ যাত্ৰাৰম্ভ হয় মানুহৰ… অসমীয়া মানুহৰ। এয়াই বিহু। বিহুৱে জাতি-জনগোষ্ঠী-ধৰ্মৰ সংকীৰ্ণ পৰিধি নামানে। বিহু মানুহৰ উছৱ। বিহু প্ৰাণৰ উছৱ। বিহু মানে সৃষ্টিৰ ৰঙা দলিচা। যি বাটেৰে গৈ আমি জীয়াই থকাৰ নতুন সপোন ৰচনা কৰোঁ। প্ৰকৃতিৰ জীপাল মাটিত চহাৰ নাঙল চলে। বসন্তই জীৱনৰো উৰ্বৰ পৃথিৱীত সৃষ্টিৰ বাট কাটে। জীৱন আগবাঢ়ে। সভ্যতা আগবাঢ়ে। অসমীয়া জাতিও আগবাঢ়ে।

উদ্ভৱকালীন ইতিহাসৰ পমখেদি…

বিহু কেতিয়া, কেনেকৈ, ক’ৰ পৰা? এটা উত্তৰহীন প্ৰশ্ন। সমিধানহীনো। অনেকৰ মতে বিহু আহিছে অথৰ্ৱবেদত উল্লিখিত ‘বিষুৱন’ নামৰ এক পৰ্বৰপৰা। সেই পৰ্বত খেতি-বাতিৰ সুব্যৱস্থাৰ অৰ্থে যাগ-যজ্ঞ কৰা হয়। যাগ-যজ্ঞৰ মূল কথাটো হৈছে সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰা। এয়া আৰ্যীকৰণৰ ইতিহাস বুলি ক’ব পাৰি। নহ’বও পাৰে! অসমৰ প্ৰায় প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে বিহু অথবা বসন্তোৎসৱ পাতে। তেওঁলোকৰ স্বকীয় ইতিহাস আছে। বহুক্ষেত্ৰত আৰ্যীকৰণেৰে সেই ইতিহাসক ঢাকি ৰখাৰ প্ৰৱণতা কিছুসংখ্যক ইতিহাসবিদৰ মাজত আছে বুলি অভিযোগ পোৱা যায়। যিয়েই নহওক, এই প্ৰসংগ ইমানতে এৰিলোঁ। ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ মতে বিহু সম্পৰ্কীয় পুৰণি লিখাটো এজন মুছলমান বুৰঞ্জীবিদৰ। সোতৰ শতিকাত জমিলি নামৰ বুৰঞ্জীবিদজনৰ অপ্ৰকাশিত বুৰঞ্জীখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ আছে। তাত লিপিবদ্ধ বৰ্ণনাৰ সাৰমৰ্ম এনে ধৰণৰ—‘বসন্ত ঋতুত মানুহে গাঁৱে গাঁৱে উৎসৱ পালন কৰে। ৰজাৰ ৰাজধানীত এই উৎসৱ পালিত হয়। এই উৎসৱ প্ৰায় এমাহ ধৰি চলে। কোনো এটা বিশেষ দিনত ৰাতিপুৱা—সম্ভৱতঃ নৱৰুজৰ দিনত মতা-তিৰোতাসকলে নতুন কাপোৰ পিন্ধে। দিনৰপৰা ডেকা-গাভৰুসকলে মুকলি পথাৰত একোটা একোটা দল হৈ সমবেত হয় আৰু নাচ-গান কৰে। ঢোল-পেঁপা বজায়। বয়সস্থসকলে তাত সহযোগ কৰে। নাচ-গানৰ মাজতে হিয়াৰ বিনিময় ঘটে আৰু ডেকাই গাভৰুক পলুৱাই নিয়ে। গধূলিপৰত তেওঁলোকে চাউল আৰু কুঁহিয়াৰৰপৰা বনোৱা মদ, গাহৰি মাংস, কুকুৰা মাংস, ভাত খায়। এই নাচ-গান মাজ ৰাতিপৰ্যন্ত চলে।’

অসমীয়াৰ কোঁহে কোঁহে ৰঙালী বিহু…

ৰঙালী বিহু আমাৰ বাপোতিসাহোন। সেয়ে আমি নেপাতি থাকিব নোৱাৰোঁ। ব’হাগ বিহুৰ দৰে বড়োসকলৰ বৈশাগু, মিচিঙৰ আলি-আয়ে-লৃগাং বসন্তোৎসৱ। এই উছৱত মিচিঙসকলে ঐনিতম্ গায়। দেউৰীসকলৰ বিচুত গোৱা জিম’চ্ছায়া চাজেবাতো প্ৰেম আৰু প্ৰকৃতিৰ গীত। ‘বায়খু’ নামেৰে বিহু পালন কৰা ৰাভাসকলে বায়খুত ছাথাৰ গীতৰ লহৰ তোলে। তিৱাসকলে চ’তৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰৰপৰা ছগ্ৰামিছাৱা নামেৰে বিহু পালন কৰে। ছগ্ৰা মানে সকলোৱে আৰু মিছাৱা মানে নাচা। ছগ্ৰামিছাৱাত গোৱা লালিলাঙত প্ৰকাশ ঘটে প্ৰেমৰ। মিচিঙসকলে ফাগুনৰ প্ৰথম সপ্তাহৰ বুধবাৰৰপৰা আলি-আয়ে-লৃগাং পাতে। ডিমাচাসকলে বাইছাগী বিচু উদ্যাপন কৰে। টাই-বৌদ্ধসকলৰ বসন্ত উৎসৱটি হৈছে পয়চাংকেন। বিহুত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰাচূৰ্যময় কলা-সংস্কৃতি, পৰম্পৰাৰ এনে এখন ছবি পোহৰলৈ আহে, যাক লৈ আমি বিশ্বৰ মানচিত্ৰত সগৰ্বে নিজকে অসমীয়া বুলি পৰিচয় দিব পাৰো।

বিহুৰ কথা নক’ব দেই…

সুধাকণ্ঠই অমৃত-কণ্ঠৰে গাইছিল, ব’হাগ মাথোঁ এটি ঋতু নহয়। ই অসমীয়া জাতিৰ সাহ। কিন্তু এনে এটা দিনো আছিল, যি সময়ত বিহুৰ নাম শুনিলেই লেই লেই চেই চেই কৰা মানুহৰ অভাৱ নাছিল। বিশেষকৈ তথাকথিত শিক্ষিত, সম্ভ্ৰান্ত সমাজত বিহুৰ প্ৰতি ধাৰণা কেনেকুৱা আছিল, তলৰ উক্তিকেইটাই প্ৰাঞ্জলকৈ বুজাই দিছে। ‘সাধাৰণ লোকে স্ত্ৰীলোক ও লম্পট পৰুষসকল একত্ৰ হইয়া অত্যন্ত জুগুপ্সিত নৃত্য-গীত কৰিয়া থাকে। পল্লীগ্ৰামে সৰ্বপেক্ষা এই পৰ্ব অধিক কিন্তু এই কুৰিতি কামৰূপে নাই সৌমাৰে অধিক।’—এই মত হলিৰাম ঢেকিয়াল ফুকনৰ। আনহাতে আনন্দৰাম ঢেকীয়াল ফুকনে এখোপ ওপৰলৈ গৈ বিহুক অসমৰপৰা চিৰদিনলৈ খেদি পঠিয়াবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল—‘এই অসম দেসৰ অনেক ঠাইত বচৰি বিহুত জি সকল বিভিচাৰ ক্ৰিয়া কৰে তাক সকলে জানে। এই কুৰিতি আন কোনো দেসত নাই আৰু সি অসমৰ এক মহা কলংক হৈচে। হাই হাই। লোকৰ কি ধৰম গিয়ান নিচেই গুচিল। সদলোকসকলে কি এই কুচিত কথাত একে বেলিএ চকু মুদিলে? বিহুৰ অকৰমৰ কথাত কাৰ চিতে বিসম নেপাব? হে দেসস্থ বৰ লোকসকল তোমালোকে এই কুকৰম একে বেলিয়ে গুচাবৰ পুৰুসাৰ্থ কৰা।’ ৰঙালী বিহু হেনো অশ্লীল নৃত্য, অশোভনীয় ইংগিতপূৰ্ণ নাচৰ বাহিৰে একো নহয়। সেই কথা গুণাভিৰাম বৰুৱা ডাঙৰীয়াই এইদৰে কৈছিল—‘চৈত্ৰৰ বিহুৰ সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইত ইতৰ লোকসকলে স্ত্ৰী-পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গই নৃত-গীত কৰে। যি সময়ত অবাচ্য আৰু অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জ ভাৱ-ভংগীদেখুৱা হয়। এইটি নিয়ম শীঘ্ৰে দেশৰ পৰা গুচিলে বড় উপকাৰ আৰু সুনীতি সংস্থাপন কৰা হয়।’ কমলাকান্ত ভট্টাচাৰ্য দেৱৰ কথা আৰু ভয়াৱহ। ‘বিহু এটা আমাৰ বাবে বৰ বেয়া সংস্কাৰ আছে। বিহুত যেনে নিলাজ কথাবোৰ বকে, শুনিলেই কাণত হাত দি শ্ৰীবিষ্ণু সুঁৱৰি পলাব লাগে। এইবিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ-অপমানৰ কথা।বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাৰ সমান লাজ ধৰে, শিক্ষিত ডেকাসকলে এবাৰভাবি চোৱাচোন।… শিক্ষিত ভাইসকল বিহুৰ সলনি উপকাৰী ধেমালি এটা সুমুৱাই, বিহুক সোনকালে আঁতৰাবৰ চেষ্টা কৰা।’—এইদৰে কৈছিল কমলাকান্ত ভট্টাচাৰ্যই। সেয়া আছিল ঊনবিংশ শতিকাৰ বিদ্বৎ সমাজৰ মত। অৱশ্যে সেই সময়তো বিহুক অসমীয়া জাতিৰ প্ৰাণ বুলি অভিহিত কৰা বিদ্বৎ লোকৰ সংখ্যা একেবাৰে তাকৰ নাছিল। কিন্তু সিমান সবলো নাছিল। লক্ষ্মীনাথ বেজবৰুৱাই বিহু সন্দৰ্ভত কোৱা কথা অলপ এনেধৰণৰ—‘পশ্চিমত ‘হোলি’ত তলশ্ৰেণীৰ মানুহেনিলাজ নাম গায়, নিলাজ ব্যৱহাৰ কৰে, সেই বুলি ‘হোলি’ উৎসৱটো নিলাজ হ’ল? সৰু মানুহে গোৱা বিহুৰ নামো আটাইবোৰ অশ্লিল নহয়। তাৰ সৰহভাগ জতীয় স্বভাৱ-কবিৰ এনে সুন্দৰ কবিতা যে তাৰ তুলনা নাই। নিলাজবোৰ এৰিএইবোৰ বাছি ল’ব জানিলে জাতীয় সাহিত্যৰ অমূল্য ৰত্ন হ’ব।’ মত যিয়েই নহওক, সময়ে তেওঁলোকৰ কথাৰ মৰ্যাদা নিদিলে। বিহু অসমীয়া জাতিৰ পৰিচয় হৈ পৰিল।

পৰিশেষত পৰিৱৰ্তনৰ কথা…

বিহু চিৰকাল অসমীয়াৰ পৰিচয় হৈয়েই থাকিব। সময় সলনি হৈছে। বাপোতিসাহোন বিহুৰ স্বৰূপো সলনি হৈছে। আজিকালি নিজান পথাৰত বিহুৱা ডেকাৰ ঢোলৰ চাপৰ নপৰে। বৰগছৰ তলৰ বিহুটি কেতিয়াবাই মঞ্চত উঠিল। পৰিৱৰ্তন অবিহনে একো তিষ্ঠি থাকিব নোৱাৰে। সময়ৰ হাতত ধৰি আমি আগুৱাবই লাগিব। কিন্তু পৰিবৰ্দ্ধনৰ লগতে পৰিমাৰ্জন প্ৰক্ৰিয়া যাতে বাস্তৱসন্মত হয় আৰু অসম-অসমীয়াৰ স্বকীয়তাত আঘাত নপৰে, তালৈ সজাগ দৃষ্টি ৰখাটো প্ৰতিজন অসমীয়াৰ কৰ্তব্য। অসমবাসীৰ এৰাব নোৱাৰা দায়িত্ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক