ব’হাগ অসমীয়াৰ আয়ুস ৰেখা -পাপৰি বৰা

ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ-জীৱনৰ ই সাহ………

অসমীয়াৰ হিয়াৰ আমুঠ ড° ভূপেন হাজৰিকাদেৱৰ এই গীতৰ শাৰীকেইটিয়ে যেন অসমীয়াৰ প্ৰিয় মাহ ব’হাগৰ পৰিচয় বহন কৰে। ব’হাগ কি দৰে আহে প্ৰকৃতিলৈ? বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপ লয়। কৃষি-সংস্কৃতিৰ আৰম্ভণিৰ পৰাই অসমীয়া জনসাধাৰণৰ মাজত বহু সংস্কৃতিৰ আৰম্ভণি। খেতি মাটিডৰাৰ উৰ্বৰতাৰ লগতে সমন্ধ ৰাখি অসমীয়া সমাজে এই ব’হাগ বা ৰঙালী বিহুৰ আয়োজন কৰে। বিহুৰ নীতি-নিয়মবোৰ যেন অসমীয়া সমাজৰ দাপোনস্বৰূপ; য’ত দেখা পোৱা যায় সমাজখনৰ সংস্কৃতি আৰু পৰম্পৰাসমূহ। এই কৃষিজীৱী চহা অসমীয়াৰ বাবে সৌৰ বৰ্ষপঞ্জীত ভাস্কৰাব্দ পহিলা ব’হাগৰ পৰা নৱবৰ্ষ আৰম্ভ হয়। আমাৰ অসমীয়া সমাজত যেতিয়াই কোনো মাংগলিক অনুষ্ঠান যেনে বিয়া-বাৰু, উৎসৱ আদিৰ আয়োজন হয় তেতিয়া সদায় এই ভাষ্কৰাবব্দৰ ভিত্তিতে পালন কৰাৰ যো-জা কৰা হয়।
বসন্তৰ প্ৰথমজাক বৰষুণেই বসুমতি শস্যসম্ভৱা হোৱাৰ বাবে সাজু হোৱাৰ বতৰা কঢ়িয়াই আনে। গছ-বিৰিখৰ কোমল কুঁহিপাত, ফলে-ফুলে জাতিস্কাৰ হোৱা ৰূপৰে প্ৰকৃতিয়েই যেন নতুন বছৰক আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰে। অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু ৱা ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু; তাৰ পিছদিনাই অৰ্থাৎ দ্বিতীয় দিনটো মানুহ বিহু। এই মানুহ বিহুৰ দিনটোৱে ব’হাগৰ এক তাৰিখ, নতুন বছৰৰ প্ৰথম দিন। নৱবৰ্ষৰ পহিলা দিনটোতে বিভিন্ন ৰীতি-নীতি পৰম্পৰাৰে অসমীয়া সমাজে নতুন বছৰক আদৰি লয়। ঘৰৰ সকলোৱে পুৱা মাহ-হালধি সানি গা ধোৱাৰ নিয়ম। গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ লয়। বিহুৰ নতুন বস্ত্ৰ, বিহুৱান, উপহাৰ আদিৰ আদান-প্ৰদান কৰা হয়। এই বিহুৱান বা গামোচা ন বস্ত্ৰৰ আদান-প্ৰদানতে লুকাই থাকে ইজনৰ প্ৰতি আনজনৰ মৰম-স্নেহ, শ্ৰদ্ধা-ভক্তি। বিহুৱানৰ মৰ্যদা অন্যন; কোনো মূল্যৰে ইয়াক জোখা সম্ভৱ নহয়, য’ত থাকে আপোনজন, জেষ্ঠজন, সন্মানীয়জন বা বন্ধু-বান্ধৱ আত্মীয়সকলৰ অমূল্য মৰম, শুভাশীষ।
অসমীয়া বৰ্ষৰ পহিলা দিনটোত অৰ্থাৎ ব’হাগৰ প্ৰথম দিনটোতে জ্যোতিষীৰ হতুৱাই কৰ্মফল গণনা কৰাৰ নিয়মো ঠাই বিশেষে এতিয়াও আছে। অসমীয়া সমাজত এই প্ৰথম দিনটোতে এশ এবিধ শাক খোৱাৰ প্ৰথা এটাৰো প্ৰচলন আছে। এশ এবিধ শাক গোটাবলৈ গৈ বাৰীৰ, পথাৰৰ বিভিন্ন তৃণজাতীয় বা গুল্মজাতীয় ঔষধি গুণৰে ভৰপুৰ উদ্ভিদ গোটাই আনি খোৱা হয়। গতিকে নিয়মৰ দোহাই দি মহৌষধহে খোৱা হয়। আমাৰ আৰ্য়ুবেদ শাস্ত্ৰত এনে বহু ঔষধি গুণসম্পন্ন উদ্ভিদৰ গুণাগুণৰ বিৱৰণ আছে গতিকে এইসমূহৰ সেৱনে আমাক বছৰটো সুস্থ-সৱল হৈ থকাত সহায় কৰে। বছৰৰ প্ৰথম দিনাখন এই ঔষধি সেৱন কৰা প্ৰথাত পোৱা যায় অতীজৰ এখন অভিজ্ঞ অসমীয়া সমাজৰ বৈজ্ঞানিক দৃষ্টিভঙ্গী জড়িত নীতি-নিয়ম। আজিৰ কংক্ৰিটৰ নগৰিত এই এশ এবিধ শাক বিচাৰি পোৱাটো সম্ভৱ ন’হলে প্ৰতীকী ৰূপত সাতবিধ শাক গোটাই “সাতশাকী” খোৱাৰ নিয়ম আছে। ইয়াৰ উপৰি পহিলা ব’হাগতে ঘৰখন অমঙ্গল, বিপদ- বিঘিনি, বতাহ-বৰষুণ, বজ্ৰপাত আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা ৰক্ষা কৰিবলৈ নাহৰৰ পাতত শ্লোক লিখি দুৱাৰৰ সন্মুখত আঁৰি দিয়াৰো নিয়ম আছিল।
শ্লোকতো এনে ধৰণৰ আছিল,
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।”
এইদৰেই আৰাধ্য দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয়। বছৰৰ আৰম্ভণিতেই গোঁসাইঘৰত ধূপ-ধূনা, চাকি-বন্তি, নতুন গামোচা, তামোল-পাণৰ টোপোলা আগবঢ়াই মাহ-প্ৰসাদ, ফল-মূলেৰে শৰাই এখন দিয়ে আৰু মূল গৃহস্থৰ লগতে পৰিয়ালৰ সকলোৱে নেদেখাজনৰ আগত মূৰ দোৱাই আৰ্শীবাদ লৈ এই নতুন বছৰৰ আৰম্ভণি কৰে।
নতুন বছৰে সকলোৰে জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনক। বৰ অসমৰ কৃষ্টি-সংস্কৃতিয়ে যেন বিশ্বদৰবাৰ জিলিকাই ৰাখে এয়া সকলোৰে কাম্য। শেষত কওঁ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ উত্তৰণ হওঁক। একতা আৰু ভাতৃত্ববোধ অটুত ৰওঁক। জয় আই অসম।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক