বহাগ আহিল দুনাই (অঞ্জন কুমাৰ শৰ্মা )

মোৰ ল’ৰাটোৰ প্ৰশ্ন সোধাৰ বয়সটো আহোঁতেই একেলগে আহিছিল বসন্ত কালটো। ব্যস্ত চহৰখনৰ মাজে মাজে অ’ত ত’ত ডাঙৰ হোৱা গছবোৰতো কুঁহিপাত ওলাইছিল, গছৰ ডালত পৰি কুলিয়ে বিনাইছিল। কুলিৰ মাতত অবুজ শিশুৰ ম’নটোৱে পলকতে কুঁহিপাতখিলাৰ দৰে হাঁহিছিল, কাণ পাতি শুনিছিল আৰু মোক প্ৰশ্ন কৰিছিল, “দেউতা সেইটো কিহৰ মাত?” ফাগুনৰ পচোৱাত লঠঙা হোৱা তৰু-তৃণৰ শুকান শৰীৰে, মৌচুমীৰ পৰশত ধৰণীলৈ অহা বৰষাৰ চুমাত কেনেকৈ প্ৰাণ পাই উঠে, কুলিজনী ক’ৰ পৰা আহি গছৰ ডালত পৰি আমাক বহাগৰ জাননী দিয়ে, আমাৰ সহজ সৰল গাঁৱৰ পৰিবেশ কেনেকৈ ঢেকী আৰু ঢোল তালৰ শব্দত ৰজণজনাই উঠে, বহু কথা বুজাব লগা হ’ল তাক। আৰু সেইদিনাৰে পৰাই সিও বসন্তৰ বিষয়ে ভালদৰেই জনা বুজা হৈ পৰিল। মাজে সময়ে প্ৰশ্ন কৰিবলৈ ধৰিলে, “কুলিয়ে কেতিয়া মাতিব?” “কেতিয়া আমি আইতাৰ ঘৰলৈ যাম?” ইত্যাদি।

মানুহে সততে গালি পাৰে চহৰীয়া জীৱনক, বিশেষকৈ বিহুটি আহিলে। অৱশ্যে মোৰ উদ্দেশ্য এনে নহয়। চহৰত বাস কৰা সৰহভাগ লোকৰে এডাল শিপা থাকে, আমাৰ গাঁৱৰ চহা জীৱনৰ মনোৰম পৰিবেশৰ লগত সেই শিপাৰ নিবিড় সম্বন্ধ। কোনোবাই পেহা-পেহী, মোমাই, খুড়ীদেউৰ ঘৰখন নতুবা কোনোবাই আত্মীয়ৰ সম্বন্ধৰে এবাৰলৈ হ’লেও বান্ধ খাই পৰে এই চহা জীৱনৰ লগত। সেউজীয়া পথাৰ, মেটমৰা ভড়াল, জাকৈ, খালৈ, চেপা, খোকা, ঔতল, লাহনি, লেহেতি, বিৰিণা, সৰিয়হৰ ফুল, সুতুলি, ঢোল, খোল, পেপা, বাঁহী, দীঘলতী, আমৰলি, বঢ়মথুৰি, পানীটেঙা, পইতাভাত, পোৰা গৰৈ, কণজলকীয়া, তাঁতৰ শাল, যঁতৰ, মাকো, সাজৰ বাতি, খৰিচা এই শব্দবোৰে কেতিয়াবা বহুজনৰ চহৰৰ যান্ত্ৰিক মনটোত খোচ মাৰি ধৰে। বিহুটি আহিলেই গাঁৱলৈ মনত পৰে। নিজৰ খেতি-মাটি নাথাকিলেও মোৰ মোমাইটিৰ ঘৰখনত সৰুতে পোৱা সেই বোকা মাটিৰ সুগন্ধ এতিয়াও নাকত লাগি আছে। লাহনিৰে পথাৰৰ মাজৰ পুখুৰী সিঁচা, পথাৰৰ বোকা খচি থাকোতে কলাফুলত জোক লগা, সেউজীয়া ধাননিডৰাত চাকি দিবলৈ যোৱা, পথাৰত হালোৱাৰ লগত লগে-ভাগে পইতাভাত খোৱা, সন্ধিয়া চোতালত হাৰিকেনৰ পোহৰত মৰণা মৰা, খেৰৰ ওপৰত জপিওৱা, দুপৰীয়া ৰ’দত দিয়া ধান খাবলৈ অহা চৰাই খেদা, ঢেকীশালত ঢেকীটোত কোমল ভৰিৰে জোৰ দি গাৰ বল জোখা, পিঠা চুৰ কৰা, পথাৰৰ পানীলৈ উলিয়াই দিয়া গৰুবোৰলৈ লাও-বেঙেনাৰ চকল দলিওৱা, সেই সোণালী শৈশৱৰ এৰি অহা দিনবোৰে বৰ আমনি কৰে।

যান্ত্ৰিকতাৰ চোলা পিন্ধা চহৰৰ ব্যস্ত পৰিবেশত আমি বহুজন একপ্ৰকাৰে অনিচ্ছাস্বত্তেও বাধ্য হৈ পৰো নিজকে খাপ খুৱাই ল’বলৈ। আজিৰ প্ৰতিযোগিতাৰ যুগটোত ল’ৰা-ছোৱালীৰ অতি ব্যস্ততাৰ শিক্ষা-ব্যৱস্থা, খেলা-ধুলা, টিউচন, টিফিন ইত্যাদি বিষয়বোৰে চহৰৰ মানুহক সময়হীনতাত ভোগায়। তাৰ মাজতো খেনোৱে বন্ধৰ দিনবোৰতে অৱসৰ-বিনোদনৰ বাবে ফুৰিবলৈ বাহিৰলৈ যায়, কোনোবাই ৰেষ্টুৰাতে মাছে-মঙহে, পিজ্জা-চাউমিনেৰে বিহু পাতে, সোণালী শৈশৱৰ ৰোমন্থনেৰে বহুজনে নিজৰ ল’ৰা-ছোৱালীকেইটাক চহা জীৱনৰ সেউজীয়া মনোৰম পৰিবেশৰ লগত চিনাকি কৰাই দিবলৈ গাঁৱৰ ঘৰখনলৈ ঢাপলি মেলে।

মাৰ্চ মাহ। সচৰাচৰ অসম চৰকাৰৰ ট্ৰেজেৰী অফিচবোৰৰ দৰেই এক ব্যস্ততাপুৰ্ণ জীৱনে লগ দিয়েহি চহৰত বাস কৰা কোম্পানীৰ চাকৰিয়াল সকলক। ইয়াৰ ‘চাইদ ইফেক্ট’ প্ৰায় বহাগ বিহুৰ আগৰলৈকে থাকে। এনে এক ব্যস্ত দিনতে যোৱা কালি বিয়লি বেলা এটি অচিনাকি নম্বৰৰ পৰা মোলৈ এটি ফোন আহিল। কথা পাতি গম পালো, সেয়া একালৰ আমি পঢ়া কলেজখনৰে মোৰ ভাতৃ প্ৰতিম আপোনালোকৰ চিনাকি মৰমৰ কবি ৰমেশদা (ৰমেশ মেধী)। ইতিমধ্যে বহু ধুনীয়া ধুনীয়া কবিতাৰে আমাক আপ্লুত কৰা ৰমেশদা, হাৰুণদাহঁতক (হাৰুণ ৰচিদ) চিনাকি কৰাই দিয়াৰ প্ৰয়োজন অৱশ্যে অনুভৱ নকৰো। কথাৰ প্ৰসংগত দাদাজনে এইমাত্ৰ তেওঁ লিখা কবিতা এটা পঢ়িবলৈ অনুৰোধ কৰিলে। এতিয়াই চাম বুলি অকণমান মিছা মাতি, সন্ধিয়া যেতিয়া ৰমেশদাৰ “পথৰ সিটো মূৰত থকা ঘৰটো” শীৰ্ষক কবিতাটো পঢ়িলো, মন প্ৰাণ ভৰি পৰিল। আশীৰ উৰ্ধৰ তেখেতৰ দেউতাকে এতিয়াও পথাৰত গোজ দিয়াৰ কথা জানি বৰ ভাল লাগিল। ভাল লাগিল, চহৰৰ পৰা সপ্তাহে সপ্তাহে গাঁৱৰ ঘৰখনলৈ গৈ দেউতাকৰ বেমাৰ-আজাৰৰ খবৰ লোৱা ৰমেশদাৰ মনটোক জানি। আটাইতকৈ ভাল লাগিল, তেখেতৰ সন্তানক সময় পালেই গাঁৱত থকা আইতাকৰ ওচৰলৈ লৈ যোৱা আৰু আমাৰ চহা জীৱনৰ লগত সিহঁতক চিনাকি কৰাই দিয়া ৰমেশদাৰ মহান প্ৰচেষ্টা; বহুজনৰ বাবে আদৰ্শ হওক। (এই লিখনিটো ৰমেশদাৰ সেই কবিতাৰ পটভূমিতে লিখা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments