ব’হাগ আৰু কিছু অনুভৱ : জ্যোতির্ময় দত্ত

ব’হাগ আৰু কিছু অনুভৱ

জ্যোতির্ময় দত্ত

 

আকৌ আহিছে ব’হাগ। ভৰযৌৱনা হৈছে প্ৰকৃতি। উৰণীয়া হৈছে অসমীয়া ডেকা- গাভৰুৰ মন। বিহুৰ উদ্ভাৱক কোন সেয়া জনা নাযায় যদিও শুনিছিলোঁ সৰুতে গোৱা এফাকি গীত-

“ লাহে লাহে ঐ
বিহু কোন ঢালে আহে ?
পূবে-পশ্চিমে উত্তৰে-দক্ষিণে
বিহু কোন ঢালে আহে ?
মানদেশত আছিলে মানতৰা এযুৰি
আছিলে নৰিয়া পৰি,
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে কাছুতি ধৰি |”

বিহু অসমৰ মাটি-পানী-বায়ু অসমীয়াৰ তেজত প্ৰবাহমান। বাৰে-ৰহণীয়া অসমীয়া জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ ঘাই শিপাডাল ধৰি ৰাখিছে এই বিহুৱেই। বিহু মানেই আনন্দ আৰু আনন্দ। ডেকা-গাভৰুৰ গা সাতখন-আঠখন কৰি উঠে। কিৰিলি পাৰি গোৱা গীতফাকিয়েই যেন সেই কথাই সোঁৱৰায় –

“শালিকি চৰায়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলে পায়
গাঁৱৰ ডেকাল’ৰাই কিৰিলি পাৰিলে
ৰঙালী বিহুটি পায়।।”

লোক-সংস্কৃতিত বুৰঞ্জীৰ আঁচোৰ পৰে। অসমৰ জাতীয় জীৱনত আহোম ৰাজত্বৰ প্ৰভাৱ বৰ্ণনাতীত। তাহানিতে এই আহোম স্বৰ্গদেউৱেই বিহুক পথাৰৰ বোকা-পানী, নৈৰ পাৰ, গছ তলৰ উঁই হাফলুৰ আঁৰৰপৰা তুলি আনি মঞ্চত ঠাই দিছিল। বিহুনামতো সেই কথাই ঠাই পাইছে-

“স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা ;
কাণত জিলিকিলে নৰা-জাংফাই
গাত গোমচেঙৰ চোলা।।”

বিহু মানেই ডেকা-গাভৰুৰ মনত দুৰু দুৰু প্ৰেমৰ অনুৰণন। ভেবেলিৰ লতা ফুলাৰ বতৰ পালেহি গাত বিহুৰো দেওধ্বনি উঠে, উজুটিতে যঁতৰ ভাঙি গাভৰু গৈ ফুল-পানী ছিগা পায়গৈ। সেয়ে বিহুৰ বতৰত বিহুৱা ডেকাই নাচনীলৈ চাই গায়-

“নামদাং নৈ ভেটিব জেঙে জাবৰে
দিখৌ নৈ ভেটিব কোনে
ভগা খোলাকটি কুমাৰে গঢ়িব
তোমাকনো গঢ়িব কোনে।।”

আৰু কোনোবা বিহুৱাই এখোপ চেৰাই গৈ হেঁপাহৰ উদ্মাদনাত গায়-
“ঢোলে বাই ঢুলীয়া, খোলে বাই খুলীয়া
কাৰ ঘৰৰ নাচনী নাচে,
ওচৰ চাপি চাপি নাহিবা নাচনী
তোমাৰ গাত মোহিনী আছে।।”

“হাতো শুৱনি, ভৰিও লাৱনি
বুকুতো পদুমৰ কলি;
আঁচুৱলী ৰিহাৰে তুমি কি ঢাকিবা
আপুনি উঠিব ফুলি।।”

বসন্তৰ আগমনৰ লগে লগেই গছ-লতিকাই কুঁহিপাত মেলে। কুলি-কেতেকীৰ হিয়া ভগা বিননিত ডেকা-গাভৰুৰ মন ৰাই-জাই কৰে। কোনোবা ক্ষণত হয়তো ভৰ যৌৱনা গাভৰুৰ মুখেৰে আপোনা আপোনি ওলাই আহে-

“আহোঁতে দেখোঁ ধন, যাওঁতে দেখোঁ ধন
বগী জামুকৰে পুলি;
খোৱাৰো নহ’লি, পিন্ধাৰো নহ’লি
চকুৰহে পোৰণি হ’লি।।”

সময় গতিশীল। সময়ৰ চাকনৈয়াত পৰি বিহুৱে আগৰ প্ৰকৃত গতি-প্ৰকৃতি হেৰুৱাইছে বুলি আমাৰ ধাৰণা হয়। সময়ৰ পৰিৰ্ৱতনৰ লগে লগে বিহুতো পৰিৱৰ্তনৰ কিছু মিশ্ৰণ-সংমিশ্ৰণ হোৱাটো স্বাভাৱিক। কিন্তু এনে পৰিৱৰ্তনৰ গইনা লৈ কৰা কিছুমান কৰ্ম-কাণ্ডইহে চকু কপালত তোলে। সেই কামে আমাৰ কৃষ্টি-সংস্কৃতিক বিশ্বদৰবাৰত মূৰ তুলি উঠাৰ বিপৰীতে লজ্জ্বানতহে কৰিবলৈ বাধ্য কৰায়। বিহুৱে অস্তিত্বৰ কাঠগৰাত ক্ষণ গণাৰ পৰত পৰিতাপৰ কথা যে সততে আমি দেখা পাওঁ বিহু উদযাপনৰ নামত বিহু সমিতিৰ কৰ্ম-কৰ্তাই বাট ভেটি কৰা চান্দা সংগ্ৰহ, নৈশ সাংস্কৃতিক শিল্পীয়ে বিহু মঞ্চত পৰ্য্যামানে পৰিবেশন কৰা হিন্দী গীতৰ তালত তাল মিলাই নচা উদ্দাম নৃত্য, সুৰাত মতলীয়া যুৱক-যুৱতীৰ অশালীন আচৰণ আদি। সংস্কৃতিৰ নামত আমদানিকৃত অপসংস্কৃতিয়ে অসমীয়া জাতিৰ কামিহাড়স্বৰূপ বিহুটো যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ কাৰণে সময় থাকোতেই চিন্তা কৰিবৰ হ’ল। লগতে এই কথাও মনত ৰখা ভাল যে বিহুৰ প্ৰকৃত স্বকীয়তা, নিজস্ব মহিমাইহে বিহুক অনন্য কৰি তোলে।

***********************************
“চকুলৈ চালে হাঁহা মিচিকিয়াই
হাঁহিতে লগোৱা বেথা;
তোমাক আনিবলৈ মনে লিকলিকাই
সৰু হৈ লগাইছা লেঠা।”
“দকৈ পথাৰত ধান দাই আছিলোঁ
ঘিলা চকলীয়া মুঠি;
সকলোকে দেখোঁ লাহৰীক নেদেখোঁ
ঢাপৰে ওপৰত উঠি।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments