ব’হাগ (কৌস্তভমণি শইকীয়া দত্ত)


হাগ
কৌস্তভমণি শইকীয়া দত্ত
ব’হাগত এবুকু উশাহ লওঁ,
নিশ্বাসত এৰি দিওঁ জীৱনৰ শীত আৰু হেমন্ত।
ন-কুঁহি যেন শুৱনি সাজযোৰ পিন্ধি
খুলি পেলাওঁ সুখ আৰু দুখৰ পুৰণি পোচাক।
এইদৰেই পাৰ হ’ল
জীৱনৰ বহুত ব’হাগ
নাহৰ তগৰৰ সুবাসে বহুবাৰ চুলে উশাহ..
জীৱন জুৰি সপোন যেন ব’হাগ
ব’হাগৰ বহু সপোন সপোন অনুভূতি বিগত..
ব’হাগৰ বহু সপোন সপোন উপহাৰ অনাগত…
ব’হাগ ঋতুৰো উশাহ..
যি উশাহৰ উত্তাপত গজি উঠে
লহপহীয়া এডৰা কঠীয়া..
সেউজ ঘাঁহনি যেন…
ৰঙীন ফুল যেন…
ধুনীয়া গছ যেন…
সৃষ্টিৰ প্ৰাণ যেন ব’হাগ।
ব’হাগক এৰি মই কি ?
তুমি কি ??
যৌৱনেই বা কি???
সকলো আৱহ সংগীত ব’হাগৰ…
সৃষ্টিৰ মূৰ্চ্ছনা….প্ৰবল ব’হাগৰ ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments