ব’হাগ তোমাৰেই নাম… (পৰশমণি বড়া)

bohag photo
কেঁচা খৰিত জুই দিলে ওলোৱা, ঠিক ক’লাও নহয়, এঙাৰ বুলীয়া বুলিও যাক সম্পূৰ্ণকৈ ক’ব নোৱাৰি- সেই ৰঙৰ ধোঁৱা বৰণৰ এসোপামান ডাৱৰে ওফোন্দাই আনিলে আকাশ; ক’ৰবাৰপৰা অহা এচাটি কোবাল বতাহে চৌপাশৰ গছ-গছনিবোৰত নাচোন তুলিলেহি, শিমলু তুলাবোৰ উৰি-উৰি সিঁচৰতি হৈ পৰিল শুকান ঘাঁহনিডৰাত- যেন শুভ্ৰ দলিছাহে পাৰি দিলে। সেই বতাহজাকে চঞ্চল কৰি তুলিলে ডাৱৰবোৰক, সিহঁত ভাঁহি গৈ থাকিল, গৈ থাকিল- আৰু ভৰাই পেলালে আকাশ। আৰু সেই ডাৱৰবোৰে ভাঁহি-ভাঁহিয়েই আমন্ত্ৰণ জনালে সৰু-সৰু টোপালবোৰ কঢ়িয়াই অনা বৰষুণজাকক। ছন্দোবদ্ধ গতিৰে সিহঁত বৈ আহিল ঘাঁহনিডৰাৰ মাজেৰে, সিক্ত কৰি তুলিলে শুভ্ৰ দলিছাৰ তুলাবোৰক, তামোল গছৰ চিৰিলা-চিৰিলি পাতবোৰক, তগৰজোপাৰ নুফুলা কলিবোৰক। এনেহেন বতৰত কাৰনো মন নাচি নুঠে? ক’ৰবাৰপৰা সেয়েহে ভাঁহি আহিল কুলিজনীৰ মিঠা মাত— ব’হাগ যে আহি পাবৰে হ’ল!

চ’তৰ শেষত অহা সেই বৰষুণজাক তায়ো দেখিলে, ময়ো দেখিলোঁ। সেই সময়ত হেনো তাই পিনপিনাই ঘুৰি ফুৰিছিল খালী ভৰিৰে উদং পথাৰখনৰ কাষৰ গছ-গছনিৰে গিজগিজাই থকা হাবিডৰাত- কোনকেইজোপা গছৰ ফেৰেঙণিত কপৌফুল ফুলিব লৈছে, কোনকেইজোপা আমে মলিয়াইছে, হাবিডৰাৰ কাষেৰে বৈ যোৱা সৰু নৈখনত কিমাননো পানী ৰৈছেগৈ- এইবোৰৰ ভূ ল’বলৈ। হঠাৎ নামি অহা বৰষুণজাকত জুৰুলি-জুপুৰি হৈ তাই সেইভাগেই জঁপিয়াইছিল ভৰিৰ সৰুগাঁঠি পৰ্যন্ত ডুব যোৱা বৰষুণৰ পানীত। ময়ো দেখিছিলোঁ সেই বৰষুণজাক, কিন্তু হাবিৰ মাজত, ঘাঁহনিৰ ওপৰত থিয় হৈ নহয়, বাৰাণ্ডাত বহি, গ্ৰীলৰ ফাঁকেদি! অজস্ৰ যান-বাহন চলাচল কৰা, পদযাত্ৰীৰে গিজগিজাই থকা ঘাইপথটো ক্ষন্তেকলৈ জনশূণ্য হৈ পৰিছিল। কিন্তু অলপ সময়ৰ পাছতেই ৰাস্তাৰ ওপৰত ভূমুকি মাৰিছিলহি আকাশ নীলা, ক’লা, বগা ৰঙৰ, নাইবা ফুলাম ছাতিবোৰৰ মুখকেইখনে। হুৰহুৰাই নামি অহা বৰষুণৰ ছন্দোবদ্ধ মাতত এখন্তেকলৈ গাড়ী-মটৰৰ কাণ তাল মৰা শব্দবোৰ তল পৰি গৈছিল। মোৰ দৃষ্টি নিবদ্ধ হৈছিল ৰাস্তাৰ সিটোপাৰৰ বিশাল হ’ৰ্ডিংখনত অঁকা মৰমলগা মুখৰ নাছনীজনীৰ মিচিকিয়া হাঁহিটোলৈ, তাইৰ মুখলৈ চাই পেঁপাত ফু দিয়া ঢুলীয়াটোলৈ আৰু কাষতে লিখি থোৱা কেইশাৰীমান বাক্য- “ৰঙালী বিহুৰ শুভেচ্ছাৰে….” কোনোবা এটা বিখ্যাত কোম্পানীৰ বিজ্ঞাপন সেয়া। Airtel, Aircel, Vodaphone, Idea, Reliance- আটাইবোৰ ম’বাইল সেৱাৰ কোম্পানীয়ে হেনো গ্ৰাহকলৈ আগবঢ়াইছে আকৰ্ষণীয় অফাৰ! এৰা, মহানগৰীত বিহুক আদৰাৰ প্ৰস্তুতিতো এয়াই!

সিহঁতৰ গাঁওখনত হেনো আখৰা চলিছে- বিহুক আদৰাৰ। ইমূৰৰপৰা সিমূৰলৈ হেনো শুনা গৈছে ঢেঁকীৰ মাত। তাই হেঁপাহেৰে লগোৱা গামোছা কেইযুতিও হেনো সামৰিবৰ হৈছেই। নিস্তব্ধ দুপৰীয়াবোৰ হেনো গমগমাই তুলিছে ৰিণিকি-ৰিণিকি ভাঁহি অহা ঢোল-পেঁপাৰ মাতে! ৰাতি হ’লে হেনো তাই শুনিবলৈ পায় বাঁহীৰ অন্তৰত ঢৌ তোলা মাত! সিহঁতৰ ঘৰৰ সন্মুখৰ ফুলনিৰ তগৰজোপা হেনো দোঁ খাই পৰিছে ধকধকীয়া বগা ফুলবোৰেৰে, চ’তৰ শেষৰ বৰষুণজাকত চপচপিয়া হৈ উঠিছে পিছফালৰ বৰ পুখুৰীটো, নৈখন। হুঁচৰিৰ আখৰা চলিছে হেনো ডেকাহঁতৰ মাজত। নামঘৰত পহিলা ব’হাগৰ দিনাই নাম এষাৰ পতাৰ যো-জা চলাইছে সিহঁতৰ গাঁৱৰ ৰাইজে। তাইৰ হিয়াখনো উথলি পৰিছে, ভাবিয়েই অন্ত পোৱা নাই তাই- কেনেকৈনো আদৰা যায় হেঁপাহৰ বিহুটিক!

আমাৰ ইয়াতো বিহুক আদৰাৰ প্ৰস্তুতি চলিছে পূৰ্ণোদ্যমে। কৰ্মশালা পতা হৈছে যোৱা এমাহমানৰ আগৰপৰাই, ওচৰৰে যুৱসংঘ এটাত। গিজগিজাই আছে ঢোল, তাল, পেঁপাং, বাঁহীৰ সন্মিলিত মাতেৰে; হাত-চাপৰি, টকাৰ শব্দৰে। ল’ৰা-ছোৱালীৰেপৰা ডেকা-জীয়ৰীলৈকে সৰু-বৰ আটায়ে হাত মিলি, কঁকাল ভাঙি নাচিবলৈ শিকিছে। মঞ্চ বিহু পতা হ’ব বহু ঠাইত। শ্ৰেষ্ঠা মৌ কুঁৱৰী, বিহুৱতী, শ্ৰেষ্ঠ বিহুৱা, ঢুলীয়া, পেঁপাৱাৰ খিতাপটো ল’বলৈনো কাৰ মন নাযায়? ওচৰতে ৰঙালীৰ হাট বহিছে, ভমকাফুলীয়াৰপৰা গুটিফুলৰ গামোছালৈকে বিধৰ-বিধৰ বিহুৱান, ৰিহা, মেখেলা-চাদৰেৰে ভৰি পৰিছে বিবিধ বিপণী। গৈছিলোঁ সৌ সিদিনা, এনেয়ে, দেখা পাইছিলোঁ এটা চুকত- জোনবিৰি, গলপতা, কেৰুমণি-থুৰিয়াৰ পয়োভৰ। কোনোবা এটা চুকত দেখিছিলোঁ অসংখ্য গগণা, হুতুলি, কাকৈ, বাঁহী…। ক’ব নোৱাৰাকৈ আগবাঢ়ি গৈ তুলি লৈছিল মোৰ হাতখনে গগণা এপাত, মনৰ মাজলৈ বৈ আহিছিল এফাঁকি বিহুনাম, সেই যে তাই গায়- বিহু অহাৰ উলাহত-

আগলি বাঁহৰে লাহৰি গগণা
বহি তাঁতৰ পাতত বাওঁ,
আহে কি নাহে মোৰে ধন চেনাই ঐ
চিৰিপতি মঙলখন চাওঁ।

বৰ মন যায় তাইৰ গাওঁখনলৈ যাবলৈ, তাই বোৱা গামোছাত এমাকো মাৰিবলৈ, পথাৰে-পথাৰে পিঙপিঙাই ফুৰিবলৈ, বাঁহীৰ মাত দোভাগ নিশা তাইৰ সৈতে ঢেঁকীশালত বহি নিতাল মাৰি শুনিবলৈ, কপৌ এপাহ গুঁজি ঢোলৰ চাপৰত নাচি উঠিবলৈ। পিছে সময়ৰ যে নাটনি! ভৱিষ্যৎ জীৱন সুখৰ কৰিবলৈ কৰা সংগ্ৰামত যে নিজকে ব্যস্ত কৰিব লগীয়াত বাধ্য! নহ’লেনো এই প্ৰতিযোগিতাৰ যুগত তিষ্ঠি থকা যায় কিদৰে! তথাপি, আজৰি সময় পালেই সেয়েহে মই ভাবোঁ তাইৰ কথা, আকাশত উৰা মুক্ত বিহংগজনীৰ কথা। হ’ব পৰা হ’লে তাইৰ দৰেই মুকলিমূৰীয়া! এদিন সেই দিন আহিব। তেতিয়া চামগৈ তাইৰ মৰমৰ গাঁওখনক, ঢোলৰ চাপৰত বিলাই দিম মনৰ সীমাহীন আনন্দখিনি, ব’হাগৰ বৰষুণত তিতিম তাইৰ সৈতে একেলগে…বোকোচাত বান্ধি লৈ আহিম ব’হাগৰ ৰংবোৰ। আপুনিও বাৰু আহিবনে এপাক, আমাৰ সৈতে ব’হাগৰ সান্নিধ্য ল’বলৈ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments