ব’হাগ (মনোজ মন কলিতা)

হাগ
মনোজ মন কলিতা
ব’হাগ আহিবৰ পৰত থমকি ৰ’লোঁ মই
ঢোলৰ মাত শুনিবলৈ কাণ উনাইছোঁ,
নাই ! নি:শব্দতাৰ শিপাডাল উজাই গৈ আছে,
ক্ৰমাৎ হৃদয়ৰ পৰা হৃদয়লৈ ।
পিতাইৰ বুঢ়া চাইকেলত উঠি ফুৰিছিল মন
আইয়ে শিকাইছিল আকাশৰ প্ৰেমত পৰিবলৈ ;
এতিয়া সৌখিনিতে পৰি ৰ’ল তাহানিৰ দিনবোৰ ।
শূন্য এটা হৈ হৈ বাগৰি ফুৰিছে উশাহঘন নিশাবোৰ,
একোৱেইতো নাই এই উদং পথাৰখনত,
সপোন এটা দেখিবলৈও জোনাকৰ অভাৱ ।
পানেশৈ হ’ব বিচৰা ছোৱালীজনীক বাৰু আপুনি ল’গ পাইছিলনে !
এৰি অহা বাটতেই তাই উচুপি আছিল,
তাইৰ চকুপানীত দৰিকণা হৈ ফুৰিছিল ভালপোৱাবোৰ ।
কাৰ বাবে উৰুৱাই আছোঁ গধুৰ গধুৰ হুমুনিয়াহবোৰ !
ব’হাগ অহাৰ খবৰ দিয়া এই বতাহজাকৰ বাবে ?
নষ্ট চৰিত্ৰৰ বৰদৈচিলাজনীয়ে ক’ত জানো পালে মোৰ ঠিকনা !
সেই বাবেই নি:শব্দতাৰ শিপাদাল উজাই গৈ আছে,
ক্ৰমাৎ হৃদয়ৰ পৰা হৃদয়লৈ ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments