ব’হাগ (সুকন্যা ৰাজনন্দিনী)

দেওধনী ছেওত 
বৰদৈচিলা নাচে
, 
ডাৱৰ ক
লা চুলিৰ 
ভাঁজে ভাঁজে বিজুলীয়াই 

বহাগৰ আকাশ
…….

চেনেহীৰ সপোন এটাই 
বিহুৱান হৈ মেৰাই ধৰে
, 
ঘূৰি ব’হাগলে’ চেনাইৰ সপোন ভাগে
…. 
থন্ 

থন্ 

থন্ 

থন্ 

শহুৰৰ পদুলি উদুলি
মুদুলি
মটৰত উঠি 

শিৱ গোঁসাই আহে
, 
ভগা সপোনবোৰ 

ঢোলটোতে সুমুৱাই 

চেনাইয়ে দেওধনী মাতে
;

গাঁৱত যিমানটা গৰুবাট, চেনাইৰ সিমান মৰম; 
চেনেহীয়ে বাৰু কিয় নুবুজে
???

ভগা ঢোলটো বুকুত লৈ 
চেনাই শুই পৰে
, 
জয় পৰে 

এশ এটা সপোনৰ মালিতা
, 
বিহুৰ পথাৰত 

সাধু হৈ পৰি ৰয় চেনাইৰ বুকুভগা কান্দোন
………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments