‘বহী বনাই পাইছিল নে?’ লেখাৰ আঁত ধৰি (মহান জে দত্ত)

‘বহী বনাই পাইছিল নে?’ লেখাৰ আঁত ধৰি (মহান জে দত্ত)

দিগন্ত ভট্টাচার্য্যই অকব-ৰ পাতত লিখিছে, “স্কুলত থাকোতে জানুৱাৰী মাহ আৰম্ভ হোৱাৰ লগে লগে দিস্তা কাগজৰ পৰা এখিলা এখিলা পাত জাপি জাপি বহী বনাই পাইছিল নে?…” কথাখিনি পঢ়ি মোৰ মনত কিছুমান স্মৃতি আৰু কিছুমান চিন্তাৰ ঢৌ উঠিল।
স্মৃতি ৰোমন্থন আমাৰ এক সহজাত প্রবৃত্তি। আমি সকলোওে জীৱনৰ ব্যস্ততা ভৰা সময়ৰ মাজত ক্ষন্তেক থমকি ৰৈ ভাল পাঁও শৈশৱৰ সোণোৱালী দিনবোৰলৈ উভতি চাবলৈ। দিগন্ত ভট্টাচার্য্য ডাঙৰীয়াৰ পোষ্টটো পঢ়ি মোৰ মনটোও বহু বছৰ পাছলৈ উভতি গ’ল। কি দিন আছিল সেয়া! এক ৰোমান্তিক ভাৱৰ ঢৌত মই উটি ভাঁহি গ’লো।
আজি প্রায় এটা দশক হ’বৰে হ’ল অসমৰ মাটিৰ পৰা আতঁৰত থকা। কিন্তু কিছুমান বস্তু দূৰৰ পৰা বেছি ভালকৈ দেখি। এয়া মোৰ ব্যক্তিগত পৰিবেক্ষণ যে আমি অসমীয়া মানুহবোৰ (অসমীয়া ভাষাবাসী মধ্যবিত্ত সমাজ) স্বভাৱত ৰোমান্তিক। “আগৰ দিনবোৰ কিমান ভাল আছিল”, “আজিকালি এইখন কিনো হ’ল”, “আজিকালিৰ ল’ৰা-ছোৱালীবোৰ তেনেই জহন্নামে গ’ল”, “আমাৰ দিনত অমুক আছিল তমুক আছিল…” ইত্যাদি কথাবোৰ আমি সকলো সময়তে শুনিবলৈ পাঁও।
দিগন্ত ভট্টাচার্য্যৰ পোষ্টটোৰ আধাৰত আৰম্ভ কৰিলেও মোৰ ক’বলগীয়া কথা কেৱল তাতে সীমাবদ্ধ নহয়। মই পাতিব খুজিছো আন কিছুমান কথা যিবোৰৰ পৰা আমি সাধাৰণতে হাত সাৰি থাকিব বিচাৰো। তেখেতে কোৱাৰ দৰে আগৰ দিনত আমিও নিজে বা দেউতা, দাদাৰ সহায় লৈ নিজে বহী বান্ধিছিলো, তাত লেবেল লগাইছিলো –সঁচা কথা। সেই দিনবোৰ বৰ সুন্দৰ আছিল। সেয়াও সঁচা কথা। কিন্তু এতিয়া এয়া আমাৰ সকলোৰে বাবে মাঁথো এক ৰোমান্তিক বিলাসীতা, এক চেণ্টিমেণ্ট। আজি কাৰো হাতত ইমান সময় নাই কাগজৰ দিস্তা কিনি বহী বান্ধি ব্যৱহাৰ কৰিবলৈ আৰু কাৰোবাৰ সময় থাকিলেও ধৈর্য্য নাই। আনফালে ল’ৰা-ছোৱালীকে ধৰি সকলোওে বিচাৰে ধুনীয়া ষ্টেচনেৰী ব্যৱহাৰ কৰিবলৈ। তাতকৈ আজি বজাৰত ৰকমৰ ৰঙচঙীয়া নোটবুক, স্কেচবুক, ডায়েৰী বিধে বিধে পায়। তেনেস্থলত কি এই চেণ্টিমেণ্টবোৰ ধৰি ৰাখি কিবা লাভ আছে?
সৌভাগ্যৰ কথা এয়ে যে, আমাৰ বর্তমান আৰু নিকট ভৱিষ্যত হ’ল সুবিধাৰ (opportunity) সময়। আজি আমাৰ সমাজ বজাৰ/ অর্থনীতি ভিত্তিক। ইয়াত সকলো স্থাৱৰ-অস্থাৱৰ বস্তু কিনা-বেচা কৰিব পাৰি আৰু এই বজাৰত আটাইতকৈ দামী বস্তু হ’ল– চেণ্টিমেণ্ট। সেয়েহে আমাৰ এই চেণ্টিমেণ্টবোৰৰো সম্পূর্ণ সুবিধা লোৱা উচিত। সেয়া আজি আমি নিজে নললেও আনে বাহিৰৰ পৰা আহি ল’ব আৰু তেতিয়া আকৌ আমি সেই বহিৰাগত বনিকগোষ্ঠীক দোষ দিম! তেনেহ’লে আমাৰ চেন্তিমেণ্টৰ মূল্য কিমান, তাক আমি বিক্রী কৰিম ক’ত, কোনে কিনিব সেয়া?
দিগন্ত ভট্টাচার্য্যৰ পোষ্টটোৰ প্রসংগতে যিহেতু মোৰ কথাৰ অৱতাৰণা কৰিছিলো উত্তৰো তাৰ পৰিপেক্ষিততে দিম। যদিও এয়া মাত্র এটা নিচেই সাধাৰণ প্রচেষ্টাৰহে উদাহৰণ কিন্তু ইয়াক বহল অর্থত ব্যৱহাৰ কৰিলে আমি এক সুন্দৰ ভৱিষ্যতৰ ছবি দেখিবলৈ পাওঁ। মোৰ স্নাতকোত্তৰ শিক্ষা ৰাষ্ট্রীয় ডিজাইন সংস্থা, National Institute of Design (NID) আহমেদাবাদত। যিকোনো শিক্ষানুষ্ঠানতে বহী আৰু অন্যান্য ষ্টেচনেৰী প্রডাক্টৰ ব্যৱহাৰ আটাইতকৈ গুৰুত্বপূর্ণ আৰু সুন্দৰ ষ্টেচনেৰী প্রডাক্টৰ প্রতি আমাৰ সকলোৰে লোভ। থিক এইখিনিতে দিগন্ত ভট্টাচার্য্যই কোৱা চেণ্টিমেণ্টৰ মূল্য যোগ হয়। কোনেনো নিবিচাৰিব এখন সুন্দৰ নোটবুক য’ত থাকিব হাতৰ পৰশ। সেই ধাৰণাকে লৈ আমি কেইজনমান বন্ধু-বান্ধবীয়ে মিলি ইয়াৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিলো। য’ত প্রতিখন বহীৰ পকাবন্ধা ক’ভাৰত (hard binding) থাকিব বিভিন্নজনে অঁকা বিভিন্ন সুন্দৰ ছবি (illustrations)। বহী বন্ধাৰ বিভিন্ন কৌশল দুই- তিনিদিনৰ ভিতৰতে সকলোৱে কর্মশালাৰ দৰে আয়োজন কৰি শিকি ল’লে। কিছুদিনৰ ভিতৰতে এই অপূর্ব নোটবুকবোৰক সম্পূর্ণ এটা পণ্যসামগ্রী (প্রডাক্ট, ব্রেণ্ড) হিচাপে মুকলি কৰা হ’ল; ব্রেণ্ডৰ নাম “বেইচেন নগৰী” (Bechain Nagri)। লগতে তাক ছচিয়েল নেটৱর্কিঙ আৰু ৱেবছাইটৰ যোগেদিও প্রচাৰ আৰম্ভ কৰা হ’ল। বেইচেন নগৰীৰ বিভিন্ন প্রডাক্ট চাবৰ বাবে মই তাৰ লিঙ্কটোও উল্লেখ কৰি দিছো। https://www.facebook.com/bechainnagri http://www.bechainnagri.com/ এইক্ষেত্রত মন কৰিব লাগিব ব্রেণ্ডৰ বাবে তাৰ পেকেজিং আৰু পাব্লিচিটি অতি গুৰুত্বপূর্ণ। কাৰণ ১৫০ বা ২০০ টকা দি কিনাৰ আগতে তাক দেশী- বিদেশী পৰিচিত ব্রেণ্ড থাকোতে গ্রাহকে কিয় উনৈছ-বিছ বছৰীয়া ল’ৰা-ছোৱালী কেইটামানে আৰম্ভ কৰা এটা নাম নুশুনা ব্রেণ্ডৰ প্রডাক্ট কিনিব? গ্রাহকে কিনাৰ আগতে যে আন দহটা কোম্পানীৰ বস্তুৰ লগত ৰিজাই তাৰ পুংখানুপূংখ বিশ্লেষণ কৰিব সেয়া সাধাৰণ কথা। কিন্তু সেয়া ৰিজাই চালে তেওঁ পাব যে ডাঙৰ এটা ব্রেণ্ডৰ একে ৰেহ-ৰূপৰ হাজাৰ-হাজাৰ নোটবুকতকৈ কাৰোবাৰ হাতেৰে অঁকা এখন সুন্দৰ পেইণ্টিঙৰ ক’ভাৰ লগোৱা, নিপুণ হাতেৰে চিলাই কৰা এখন বহী অনেক বেছি মূল্যবান। বেইচেন নগৰীৰ এই নোটবুকে অভূতপূর্ব সঁহাৰি পালে। তাৰ মানে, আমাৰ চেণ্টিমেণ্টৰ পাল্লা ভাৰী হ’ল।
দিগন্ত ভট্টাচার্য্যৰ কথাৰ প্রসংগৰে আৰম্ভ কৰিছিলো যদিও মোৰ আচল বক্তব্য হ’ল এয়ে যে আমি আৰু কিমান দিনলৈকে আমাৰ উঁৱলি যোৱা অতীতৰ ৰোমন্থন কৰি হাঁ-হুতাহ কৰি থাকিম। আমাৰ চেণ্টিমেণ্টৰ দাম আছে, তাক অপচয় নকৰিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক