বহী বন্ধা (দিগন্ত ভট্টাচাৰ্য)

বহী বন্ধা (দিগন্ত ভট্টাচাৰ্য)

স্কুলত থাকোতে জানুৱাৰী মাহ আৰম্ভ হোৱাৰ লগে লগে দিস্তা কাগজৰ পৰা এখিলা এখিলা পাত জাপি জাপি বহী বনাই পাইছিল নে ?

আজিকালি বোধহয় স্কুলত সকলোৱে দোকানত পোৱা ৰেডি’মেড বহীবোৰ ব্যৱহাৰ কৰে। আগতে ভোগালী বিহুৰ পিচতেই আৰম্ভ হৈছিল নতুন শ্ৰেণীসমূহ। মনত নতুন শ্ৰেণীত যোৱা আনন্দ-উত্সাহ। নতুন কিতাপবোৰ হাতেৰে চুই চাই, প্ৰথমৰে পৰা শেষলৈ পাতবোৰ লুটিয়াই মনতে ধাৰণা এটা কৰাৰ চেষ্টা কৰিছিলো এই কিতাপবোৰে আগন্তুক বছৰটোত কিমান কষ্ট দিব !

দেউতাই বৈশ্য দাৰ জাৰ্ণাল এম্পোৰিয়াম’ৰ পৰা আনি দিয়া ‘গাখীৰ হান ঢকঢইকা বগা’ এক ৰীম কাগজ আমি দাদা বাইদেউ সমানে ভাগ কৰি লৈছিলো। আৰম্ভ হৈছিল বহী বনোৱা কাম। দীঘল পাতখিলা প্ৰথমে চাৰিও চুক মিলাই জাপি লোৱা হয়। স্কুলত নিবলৈ বনোৱা বহীবোৰৰ কাৰণে তাৰ পিচত আকৌ এবাৰ মাজেৰে জাপি সৰু কৰা হৈছিল। সঘনাই ব্যৱহাৰ হোৱা গণিতৰ বহীখন আছিল শকত-আবত, তেনেকৈ প্ৰাইমেৰীত লগা মৌখিকৰ বহীখন আছিল তেনেই কনমাণি। বহীবোৰ চিলাই কৰাৰ পিচত আৰম্ভ হয় বাকলা\বকলা\ক’ভাৰ বন্ধা কাম। সযতনে কৰিব লাগে এই কাম, ইয়েই যে দিয়ে বাহ্যিক সৌন্দৰ্য ।
এই প্ৰক্ৰিয়াৰ শেষ আৰু আটাইতকৈ প্ৰিয় কাম আছিল বহীবোৰত ধুনীয়াকে লেবেল লগোৱা। “হি-মেন” -সুঠাম দেহ, হাতত অদ্ভূত অস্ত্ৰ আৰু দুচকুত খঙৰ জুইৰে বিদেশী ধৰ্মেন্দ্ৰ বা ‘স্পাইদাৰমেন’ – যাক দেখিলে শিশু মনত উদয় হৈছিল এটাই প্ৰশ্ন ‘এওঁ বা ভাত পানী খায় কেনেকৈ’ অথবা মৰমলগা ‘মিকি মাউচ’ৰ ছবি থকা লেবেল বিচাৰি কম হাবাথুৰি খাব লগা হৈছিলনে! ঘৰৰ ডাঙৰসকলে সকিয়াইছিল ‘হি-মেন’ক দেখি হেনো সৰস্বতী মা দূৰৈৰ পৰাই পলাব। দুবাৰ সৰস্বতী মন্ত্ৰটো গাই ‘আই মাফ কৰি দিবা’ বুলি শিশুমনটোৱে কিন্তু ‘হি-মেন’কে আকোৱালি লৈছিল।

সোণোৱালী শৈশৱ! ৰোমন্থন কৰি আনন্দ নে বেজাৰ লাগে ধৰিবই নোৱাৰো দেখোন!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক