বহুদিন হ'ল (উপাসনা শৰ্মা)

বহুদিন হ’ল

বহুদিন হ’ল
মই স্বাধীন আছিলোঁ
মুকলি আকাশৰ তলে তলে
সেউজী বনৰ মাজে মাজে
ফুৰিছিলোঁ মই
তেওঁলোকে মোক নাম দিছিল চঞ্চলা।
 
মই হাঁহিলে তেওঁলোক সুখী হৈছিল
মোৰ খং উঠিলে
তেওঁলোকে মোক শান্ত হ’বলৈ অনুৰোধ জনাইছিল
প্ৰত্যেকেই মোক মৰম কৰিছিল
মাতিছিল প্ৰাণদায়িনী বুলি।
 
যৌৱনৰ সৌন্দৰ্যতাৰে ভৰপুৰ আছিলোঁ মই
মনে মনে সপোন ৰচিছিলোঁ সৃষ্টিৰ
নতুন জীৱনৰ মনোমোহা সপোনত মই ভোল গৈছিলোঁ

কিন্তু,
হঠাৎ সেইদিনা মই সাৰ পাই উঠিলোঁ
তেওঁলোকেই, হয় তেওঁলোকেই
মোৰ হাত ভৰিবোৰ বান্ধি পেলালে
যন্ত্ৰণাত মই চিৎকাৰ কৰি উঠিছিলোঁ
কিন্তু তেওঁলোকে নুশুনিলে।
অপবিত্ৰা কৰি পেলালে মোক
চেকাই মোৰ সৰ্বশৰীৰ আৱৰি ধৰিলে
 
আজি, মই কুৎসিত
হাঁহিৰ অস্তিত্ব মোৰ জীৱনত আৰু নাই
উন্মাদিনী হৈ পৰোঁ কেতিয়াবা খঙত
আজি তেওঁলোকে মোক মৰম নকৰে
ঘৃণা কৰে..
মই কান্দোঁ
মোৰ চকুপানীবোৰ বাগৰি গৈ তেওঁলোকৰ ভৰিবোৰ স্পৰ্শ কৰে
সোঁৱৰাই দিবলৈ চেষ্টা কৰোঁ
মোৰ অতীত
অপচেষ্টা !
মোক দেখিলেই তেওঁলোক
আঁতৰি গুচি যায়
নাম দি যায় কলংকিতা বুলি
 
মই হ’লো গুৱাহাটী মহানগৰীৰ দাগ
আৱৰ্জনাময় কলংকিতা ভৰলু
মই আজি বন্ধ্যা……।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments