বহুৱাৰ বহুৱালি (হাচান উল্লাহ)

বহুৱাৰ বহুৱালি

হাচান উল্লাহ

আগতে, মানে সৰু থাকোতে চাৰ্কাচ বুলি ক’লে এটা দৃশ্য প্ৰায়েই মনলৈ আহিছিল। সেয়া হ’ল দিনৰ সময়ত মাইক লৈ ‘এনাউন্স’ আৰু আমি সব পোৱালি এনাউন্স কৰা গাড়ীখনৰ পাছে পাছে দৌৰ দিওঁ। ইয়াৰ লগে লগে জীৱ-জন্তুৰ কচৰত, তাৰ পাছত মানুহৰ কচৰত……কিন্তু তাৰ মাজে মাজে হঁহুৱাই পেটৰ নাড়ী ডাল-ডাল কৰিবলৈ ওলাব বহুৱা, আমি তেতিয়া কৈছিলো “জকৰ”।
সেয়া আছিল এক বেলেগ প্ৰতীক্ষা! জকৰ ওলাব, প্ৰাণভৰি হাঁহিম। আজিকালি চাৰ্কাচ লাহে লাহে কমি আহিল। বন্যপ্ৰেমী সংগঠনৰ কঠোৰ স্থিতিৰ বাবে চাৰ্কাচত জীৱ-জন্তুৰ সংখ্যা ক্ৰমাৎ নাইকিয়া হৈ পৰিল। অৱশ্যে সেইয়া নিশ্চয়কৈ ভাল কথা। কিবা এটাৰপৰা যেন ইতৰ শ্ৰেণীটোৱে মুক্তি পালে! সমান্তৰালভাৱে আজিকালি চাৰ্কাচ চোৱা মানুহৰ সংখ্যাও হ্ৰাস পালে।
তেতিয়াৰ চাৰ্কাচৰ “বহুৱা” আজিকালি আমাৰ চৌদিশে প্ৰতিস্থাপিত হৈছে আমাৰ অজ্ঞাতেই। দেখিছে নে? নাই দেখা??!
ৰাতিপুৱা চকু মেলাৰপৰা ৰাতি চকু মুদাৰ এই সমগ্ৰ সময়চোৱাত আপুনি ভালদৰে মন কৰিলে তেনে অলেখ “বহুৱা” দেখিব। আচলতে এই “বহুৱা” আপুনি সদায়েই দেখি আহিছে। কিন্তু মনলৈ সেই ধাৰণাটো অহা নাই। আচলতে আপোনাৰ মোৰ সন্তানবোৰে চাৰ্কাচৰ “বহুৱা”ৰ আসন প্ৰতিস্থাপিত কৰিছে। মন কৰিবচোন, এটা বহুৱা হোৱাৰ জোখাৰে সকলো গুণ (ভাল?!!) আয়ত্ব কৰি পেলাইছে আমাৰ সন্তানে। যেনে…..
১) নতুনকৈ কিনি অনা ধুনীয়া সাজযোৰ আমাৰ সন্তানে চিৰিলা-চিৰিলকৈ ফালি লৈছে।
২) নতুনকৈ অনা সাজযোৰ দেহা দেখুৱাব পৰাকৈ সুৰুঙা থকা যাতে কোনোবাই তাত মন্তব্য ৰাখিব পাৰে। বহু ছোৱালীৰ তেনে তীৰ্যক মন্তব্য শুনাটো গৌৰৱৰ বিষয়।
৩) চুলি কাটি টকলা হোৱা ছোৱালী আৰু চুলি ৰাখি খোপা বন্ধা ল’ৰাবোৰ আমাৰেই সন্তান।
৪) নাক ফুলি, কাণ ফুলি, ওঠ ফুলি, চেলাউৰি ফুলি, থুতৰি ফুলি পিন্ধি আমাৰ ল’ৰাই যে আমাৰ নাম উজলাইছে সেয়া আমি চাগে গমেই পোৱা নাই।
৫) নেদেখিবলগীয়া কোনোবাখিনি অজ্ঞাতে কেনেবাকৈ ওলাই পৰিলে “কি কৰোঁ”, “ক’তে মৰো” কৰা আমাৰ ছোৱালীয়ে এতিয়া গোলকীকৰণৰ তাগিদাত আধুনিকতাবাদৰ ৰোষত পৰি নেদেখিবলগীয়াখিনি দেখুওৱাৰ তাড়নাত কাপোৰ খুলি খুলি আপোনাক মোক চকু মুদিবলৈ বাধ্য কৰাইছে।
৬) আগতে ককায়েকৰ পুৰণা লংপেণ্টটো পিন্ধাৰ কাৰণে সমনীয়াই জোকোৱা কণমাণিজনীয়ে আজিকালি ৰাজপথত তাক অতিক্ৰম কৰি “3-Quarter > half-Pant > Mini Half-Pant > Skirt > Mini Skirt” আদি বীৰদৰ্পে পৰিধান কৰি সমাজত সম-অধিকাৰ প্ৰতিষ্ঠা কৰাত লাগিছে।
৭) বাইকত উঠি কৰা কচৰতে যদি কাৰোবাক প্ৰাণাহুতি দিবলৈ বাধ্য কৰায়, তাত আমাৰ সন্তানৰ কি আহে কি যায়! দীঘল চিটৰ আসনবোৰত আমাৰ ছোৱালীয়ে বহাৰ সুবিধা কৰিব নোৱাৰি চালকৰূপী আমাৰ ল’ৰাক অতিক্ৰমি আগৰ তেলৰ টেংকিত বহাৰ প্ৰয়াসত থকা ভংগিক আমি চাই থাকি পৰিতৃপ্তি লভাৰ বাহিৰে কি থাকিব পাৰে বাৰু?
৮) অসমীয়া নুফুটাৰ লহৰত কথা কোৱাৰ ভংগিমাক যদি ভাষাৰ উত্তৰণ বুলি ভাৱি অসমীয়াৰ উচ্চাৰণ (উত্চাৰণ!) ইংৰাজীৰ দৰে হয়, তাত নিশ্চয় আধুনিকতাৰ বহিঃপ্ৰকাশ ঘটে! প্ৰতিটো ব্যঞ্জন বৰ্ণক দ্বি-যুক্ত কৰি যেতিয়া আমাৰ সন্তানে কিবা এটা কব আপুনি মন দি শুনিবলৈ বাধ্য “কোৱা কথাষাৰ অসমীয়াতেই কৈছে নে”?
৯) সোমৰস আজিকালি “কমন” আমাৰ ন’ৰা-ছোৱালীবোৰৰ কাৰণে। সেয়ানো কি বেয়া কথা ? চাৰ্কাচৰ “বহুৱা”ই সেয়া কৰি তলং-ভটং কৰা দেখি আমি ৰং পাই হাঁহিছিলো, পিছে এতিয়া সেয়া দেখি আপুনি হাঁহিলে আপোনাক সমানে হঁহাৰ সময় আহি পৰিল। মানে কিবা অকণমান গলাধকৰণ কৰি যদি তলং-ভটঙেই নকৰে, তেন্তে ষ্টেণ্ডাৰ্ড কেনেকৈ মেইনটেইন হ’ব?
১০) “বহুৱা” বোৰে আগতে কাষত পোৱাসকলক কিবাকিবি কৈ জোকায়, বাকীবোৰে হাঁহে। আমাকো জানো আমাৰ সন্তানে মৰমতে “বুঢ়া-বুঢ়ী” কৈ ৰগৰ নকৰে?
এয়াই চাৰ্কাচ…বাস্তৱ চাৰ্কাচ! আমি কেতিয়াবা দৰ্শক, কেতিয়াবা “বহুৱা”ৰ সংগত পৰি “বহুৱা” হওঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Looky P. Deka
7 years ago

very realistic and true.