বাঁক নে ভ্ৰম — পদ্মজা বৰুৱা মহন

:পুখুৰীটো সৰু যদিও মাছ যথেষ্ট ওলাইছে আক’ ন বৈনাই। জেঠেৰীয়েক কল্যাণে মাছ থোৱা বাল্টিটোলৈ চাই কৈ উঠিল। মৃত্তিকে শলাগিলে।
:আৰু ওলাব। কাইলৈ চাম। আজি গধূলিয়েই হ’ল নহয় মাছ ধৰি থাকোঁতে। -বেৰত আউজাই থোৱা পীৰা এখন টানি বহি ক’লে তেওঁ।
:কাইলৈ ক’ত পাবি। বাঁকে খাই এদায় কৰিব। শহুৰেকৰ কথাত মৃত্তিক উচপ খাই উঠিল।
:বাঁক…! দেউতা, এইফালে বাঁকো আছে নেকি.. মিচিকিয়া হাঁহি মাৰি সুধিলে সি শহুৰেকক।
:আছে দুই এটা। নেথাকিব কেলেই …তেওঁ ক’লে।

:আগতে সেই আগফালৰ হোলাটোত আছিল বাঁক এটা। এনেতে শাহুৱেকে মাত লগালে।
:কি…..বাঁক আৰু আজিৰ দিনত। হাঁহিত ৰ’ব নোৱাৰা হ’ল মৃত্তিক।

:অঁ। আজিকালিৰ ল’ছোৱালীয়ে ক’ত বিশ্বাস কৰিব। আগতে দেউতাৰে কামৰ পৰা আহি প্ৰায়েই সেই হোলাটোত জুলুকী বা খেৱালীখন লৈ যায় মাছ ধৰিবলৈ। মাছো পায় বহুত বহুত। কেতিয়াবা তেওঁ জুলুকী চবিয়াই যায় আগে আগে বাঁকটো যায়। বাঁকটো যোৱা ফালে গ’লে মাছ নেপায়। মাছ-চাছ ধৰি তেওঁ যেতিয়া ঘৰলৈ আহে আহোঁতেও পথাৰৰ কাষে কাষে জুলুকীটো চবিয়াই আহে। কাষে কাষে জুলুকী চবিওৱাৰ দৰে শব্দ কৰি আহে বাঁকটো। দেউতাৰে গা পা ধুই ভিতৰ নোসোমোৱা পৰ্যন্ত বাঁকটো সেই পুখুৰীতে জুলুকী চবিয়াই থাকে।
:ধৈ। কি যে কথাবোৰ কয় মায়ে। মৃত্তিকে আকৌ হাঁহি উৰুৱাই দিলে কথাটো। আজিৰ দিনত ভূত-প্ৰেত, বাঁক-যখৰ কথা ক’লে কোনে বিশ্বাস কৰিব। বাঁক-চাক একো নাই বুজিছে মা। সৱ মনৰ ভ্ৰম।

:যিয়ে লগ পাই সিয়েহে বিশ্বাস কৰিব। বিশ্বাসে মিলয় হৰি বুলিও কয়। -মৃত্তিকৰ পাতত আৰু এজনী ভজা মাছ দি শাহুৱেকে ক’লে।

:পিছে তুমি এতিয়া যোৱা। ঘৰত সৰু ল’ৰা আছে। এই মাছ-চাছ লৈ ৰাতি এপৰত ঘৰ সোমাবগৈ নেলাগে। এনেয়ো মাছ বুলিলে বাঁকে বেছিকৈ খেদে। তেওঁ আকৌ ক’লে।
:কি মা। বাঁকে মানে মাছ খায় বেছিকৈ ভাল পায়…!

:অঁতো। এবাৰ কেলেই আমাৰ দদায়েৰে সেই চেপনৰ পৰা আহি আছিল। বাটতে দিৰৈঘাটত মাছ দেখি সস্তাত পাই লৈ আহিল। চাইকেল লৈ আহি আছে আহি আছে। হঠাতে এঠাইত চাইকেল পিছফালে কোনোবা লাফ মাৰি উঠা যেন লাগিল। লগতে খুউব কেচেমাকেচেম গোন্ধ। তেওঁ ভাবিলোঁ তেওঁ কিনি অনা মাছখিনি গোন্ধাইছে হপাই। আহি আছে চাইকেল লৈ। কিন্তু এসময়ত ইমান গধুৰ লাগিছে চাইকেলখন তেওঁ যেন টানিবই পৰা নাই।
ঘৰ পাওঁ পাওঁ হৈছিল, হঠাতে চাইকেলখনৰ পৰা কিবা এটা জাঁপ মাৰি নামি যোৱাৰ উমান পালে। ঘৰত আহি চাইছেহি মোনাটো আছে তাৰ ভিতৰৰ মাছখিনি নাই।
:তাৰমানে মা, তেওঁৰ চাইকেলখনত বাঁক উঠি আহিছিল আৰু মাছখিনি বাঁকে খালে…

:আৰু কি। বাঁক নহয় কি। মোৰ সিদিনা গ্ৰহ গতি ভাল আছিল দেখি বাঁকে বোকালৈ টানি লৈ নগ’ল ..ৰহিৰ বাতিটোত এচিপ মাৰি ভজা মাছ এজনী মচককৈ চোবাই এইবাৰ দদায়েকে মাত লগালে।
:বাঁকে কি মানুহক বোকালৈ টানি লৈ যায় নেকি, দাইদেউ। মৃত্তিকে ধেমেলীয়াকৈ সুধিলে।
:আকৌ কি। বোকালৈ টানি লৈ যোৱাতো যোৱাই, সুবিধা পালে বোকাত মূৰটো সুমুৱাই ভৰিকিটা ওপৰলৈ কৰি পুতি থৈ দিব।
:হা হা হা। দদায়েকৰ কথাত হাঁহিত ফাটি পৰিল মৃত্তিক।
:দাইদেউৰ যে কথা। হাঁহি থাকিল সি বহুদেৰি।

:হ’ব হ’ব। কথা পাতি থাকিলে ওলাই গৈ থাকিব। তুমি যোৱা। মাছবোৰ গোন্ধাব নহ’লে। মাকৰ কথাত শলাগি যাবলৈ ওলাল মৃত্তিক। আতৌপুতৌকৈ বান্ধি দিয়া মাছৰ টোপোলাটো স্কুটিখনৰ টুলবক্সত ভৰাই সি সৱৰে পৰা বিদায় ল’লে আৰু স্কুটিখন চলাই নিলে ঘৰ অভিমুখে।

মৃত্তিক আহিছিল শহুৰেকৰ ঘৰলৈ। সিহঁতৰ ঘৰৰ পৰা বৰ বেছি দূৰত নহয়। ডিউটিৰ জেগাত থাকোঁতেই খুলশালীয়েকে ফোন কৰিছিল বোলে ভিনদেউ, বাৰীৰ পিছফালৰৰ পুখুৰীটো সিঁচিছিলো। বহুত মাছ ওলাইছে। সাউতকে আহি লৈ য’কহি অলপমান।
:তুমি লৈ আহাচোন নহ’লে। মোৰ ডিউটি জেগাত কিমান দেৰি হয় ঠিকনা নাই। মৃত্তিকে কৈছিল খুলশালীয়েকক।
:একো নহয় ভিনি। মাছ ধৰি হোৱাই নাই। মই লাঢ়নী, দহোটিং সামৰি- সুতৰি যাওঁ মানে কিমান দেৰি হয় ঠিকনা নাই। আপুনিয়েই আহি য’ক।

সেইমতে ডিউটিৰ পৰা আহিয়েই চাহকণ খাই ওলাই অহা মৃত্তিক। তেওঁ পায়হি মানে খুলশালীয়েক- জেঠেৰীয়েক আৰু ওচৰ- চুবুৰীয়া দুই এজন মিলি মাছ ধৰি শেষ কৰিছিল। তাৰ পিছত তেলাল কাৱৈ মাছ ফ্ৰাইৰ সৈতে এয়া শাহুৱেকে ৰহিৰ বটল এটা উলিয়াই দিলে। তাকে খাই কথা বতৰা পাতি থাকোঁতে ৰাতিয়েই হ’ল। এয়া ন বাজি গ’ল চাগৈ। স্কুটিৰ স্পীড বঢ়াই দিলে মৃত্তিকে।

পকী আলিৰ পৰা ফালৰি কাটি গাঁৱৰ মাজৰ ব্লক দিয়া আলিটোৱেদি আগবাঢ়িল মৃত্তিক। এই ৰাস্তাইদি গ’লে মূল ৰাস্তাইদি নূঘূৰাকৈও সিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাত ওলাবগৈ পাৰি। কেইঘৰমান মানুহ পাৰ হৈ সি এইবাৰ পথাৰৰ মাজ পালেহি। এইছোৱা এক কিলোমিটাৰ মান নিৰ্জন। দুইফালে বিশাল পথাৰ। সোঁফালৰ পথাৰৰ মাজতে পুৰণি তেলখাদ এটা। মাজে মাজে ব্লক দিয়া ৰাস্তাটো। সি গৈ থাকিল।

হঠাতে কিবা এটা মনত পৰি ওঁঠেদি এবাৰ মিচিকিয়া হাঁহি এটাও বিৰিঙি উঠিল। কি যে অন্ধবিশ্বাস মানুহবোৰৰ। এই বিজ্ঞানৰ যুগত বাঁকৰ কথা কয়!

ৰাস্তাৰ কাষে কাষে ন কৈ ৰোৱা দুই এজোপা গছ। তাৰ ছাঁ পৰি কোনোখিনি ঠাই এন্ধাৰ হৈ আছে। আপোনমনে আহি থকা মৃত্তিক হঠাতে ব্ৰেক মাৰিব লগা হল। ৰাস্তাৰ মাজতে দুই তিনিটা মান গৰু। থিয়াথি কৰি আছে। ধেইত। এই গৰুবোৰ যে। গিৰিহঁত নাই নেকি অ’ তহঁতৰ। হৰ্ণ দিলে সি। নাই আঁতৰি নিদিয়েহে নিদিয়ে। গৰু যে গৰুৱে তহঁতে! মুখতে ভোৰভোৰাই ঘূৰ ঘূৰ কৈ খেদাই দিয়াত সিহঁত অলপ আঁতৰি দিলে। মৃত্তিকে পুনৰ স্কুটি ষ্টাৰ্ট দিলে।

অলপদূৰ গৈছে, হঠাতে মৃত্তিকৰ এনেদৰে লাগিল যেন স্কুটিৰ পিছফালে কোনোবা বহি আহিছে। সি সন্দিগ্ধ হৈ সোঁৱে বাঁৱে ঘূৰি চালে। ওহোঁ, নাইতো। কোনোৱেই নাই তাৰ পিছৰ চিটত। তেনেহ’লে.. . তেনেহ’লে কিয় এনেকুৱা লাগিছে যেন তাৰ গাড়ীৰ পিছফালে কোনোবা বহি আহিছে। গধুৰ হৈ পৰিছে স্কুটিৰ পিছফাল। এনেতে তাৰ নাকত কেচেমাকেচেম গোন্ধ এটা লাগিল। কেঁচা মাছৰ গোন্ধৰ নিচিনা। সি লৈ অহা মাছৰ টোপোলাটোৰ পৰা গোন্ধটো ওলাইছে চাগৈ। ভাবিলে সি। ওহোঁ… তাৰ পিছফালৰ পৰা, তাৰ গাৰ নিচেই কাষৰ পৰাহে অহাৰ নিচিনা লাগিছে চোন গোন্ধ টো। কি উৎকট গোন্ধ…। কেঁচা মাছতো এনেকুৱা নোগোন্ধায়। বন্ধু মহলত সাহসী বুলি নাম থকা মৃত্তিকৰ বুকুখন অজ্ঞাত কাৰণত দুৰু দুৰুকৈ কঁপিবলৈ ধৰিলে।

সি বাৰে বাৰে পিছলৈ ঘূৰি চায়, কিন্তু কোনো নাই। কাকো দেখা নেপায়। কিন্তু সি নিশ্চিত যে তাৰ পিছচিটত কোনোবা বহি আহিছে। কেৱল বহি অহাই নহয় তাৰ গাৰ পৰা উৎকট কেচেমাকেচেম গোন্ধ এটা ওলাইছে। নাই, এইদৰে নহ’ব। সি স্কুটিখন ৰখাব খুজিলে। ভালদৰে চাব লাগিব, কোন বহি আহিছে তাৰ গাড়ীত। নহ’লে কিহৰ বাবে ইমান গধুৰ লাগিছে গাড়ীখন। নিজম ৰাস্তা, নিজম পৰিৱেশ। আৰু কিছুদূৰ গ’লেই পকী ৰাস্তাত উঠিবগৈ পাৰিব। সি লাহেকৈ ৰাস্তাৰ কাষলে’ স্কুটিখন নি ৰখাব খুজিলে।

কিন্তু হাৰে.. হাৰে কি এয়া! স্কুটিখন চোন সি ৰখাব পৰা নাই। কোনোবাই ঠেলি দিছে নে কিহবাই যেন টানি লৈ গৈছে পথাৰৰ কাষৰ পুখুৰী টোৰ ফালে। প্ৰাণপণে চেষ্টা কৰিছে মৃত্তিকে স্কুটিখন ৰখাবলৈ কিন্তু সি পৰা নাই। প্ৰাণটাকি চেষ্টা কৰাৰ পিছত ৰাস্তাৰ কাষৰ ফালে পিছলি গৈ গছৰ মূঢ়া নে কিবা এটাত লাগি স্কুটিখন ৰৈ গল আৰু গৰগৰকৈ গৈ সি মানুহটো একঁকাল দ পুখুৰীত সোমাই পৰিলগৈ।

অহ্ ভগৱান ..ভগৱান। গোটেইখন বোকাই পানীয়ে লুটুৰি পুতুৰি হল চাগৈ সি। ভয় -শংকা, খং আৰু বিৰক্তিত তাৰ ভ্ৰূ কোচ খাই উঠিল। ভগৱান ৰ নাম জপ কৰি সি যেনতেন দ পানীৰ পৰা উঠি আহিবলৈ যত্ন কৰিলে।

কিন্তু ই কি….!

সি উঠিব পৰা নাই। কোনোবাই যেন তাক টানি ধৰিছে পৰা পিছফালৰ পৰা। আহ্…. সি প্ৰাণটাকি চেষ্টা কৰিলে উঠিবলৈ। নাহ্..কোনোবাই টানি ধৰিছে আৰু কোনোবাই পিছলৈ ঠেলিছে। এন্ধাৰ মুন্ধাৰে দেখিলে ক’লা ক’লা দুটা নে তিনিটা মান মানুহৰ আকৃতিৰ জীৱ। সিহঁত টনা আজোৰা কৰি আছে তাক। এইটোৱেই বহি আহিছিল নেকি তাৰ স্কুটিত..! মৃত্তিকৰ মনলৈ আহিল। কি প্ৰাণী এইকেইটা। মানুহ যেনতো লগা নাই। এই বোকা পানীৰ মাজত…! তেনেহ’লে কি এইকেইটা। কিয় তাক টনাটনিখন কৰি আছে। ভাবি থাকোঁতেই এটাই হঠাতে তাক চুৰ্চুৰকৈ পানীৰ মাজলৈ নিব ধৰিলে। মৃত্তিকৰ এইবাৰ হে সম্বিত ঘূৰি আহিল। সি হাত ভৰি চলাবলৈ ধৰিলে। গাৰ সৰ্বশক্তিৰে ক’লা প্ৰাণীকেইটাইক সি মাৰিবলৈ ধৰিলে। চৰ গোৰ ভুকু সি যিমানেই দিছে সিহঁতৰ হাতত সিমানেই তাক টানি নিছে।

এটাই তাক এইবাৰ মূৰটোত ধৰি বোকাত সুমুৱাবলৈ যত্ন কৰিলে। আস্… শৰীৰৰ সমস্ত বল প্ৰয়োগ কৰিব সি এৰি আহিব পৰা নাই সিহঁতৰ হাতোৰাৰ পৰা। ইমান পিছল সিহঁতৰ গাবোৰ…উফ্, সি ওলাই আহিবলৈ যত্ন কৰাত আঁচুৰিছে যেন মূৰে পিঠিয়ে।

এপাকত সি দেখিলে এটাই স্কুটিখন কাষে কাষে কিবা যেন বিচাৰি ফুৰিছে। অকস্মাতে মনলৈ আহিল মৃত্তিকৰ শাহুৱেকে কোৱা কথা। কেঁচা মাছ বুলিলে বাঁকে ৰ’ব নোৱাৰে। তেনেহ’লে কি মাছখিনিৰ লোভতেই বাঁকে তাক আগভেটি ধৰিছে নেকি..

এইবাৰ মৃত্তিকে শৰীৰৰ লগতে মনতো প্ৰচণ্ড বল বান্ধিলে। পিছল, ক’লা প্ৰাণী দুটাক গাৰ সৰ্বশক্তিৰে প্ৰকাণ্ড গোৰ দুটা শোধাই পানীলৈ ঠেলা মাৰি দিলে আৰু চুঁচৰি বাগৰি স্কুটিৰ ওচৰ পালেগৈ। কোনোমতে চিটটো ডাঙি টুলবক্সৰ পৰা মাছৰ টোপোলাটো উলিয়াই দলিয়াই দিলে সিহঁতৰ ফালে। প্ৰাণীকেইটাইও অদ্ভুত শব্দ কৰি লৱৰি গ’ল টোপোলাটোৰ ওচৰলৈ।

মৃত্তিক এক মুহূৰ্তও নৰ’ল। ঠেলি স্কুটিখন আলিত উঠালে, ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ই কি..স্কুটিখন ষ্টাৰ্ট নহয়হে নহয় চোন। আস্… ইমান চেষ্টা কৰিছে সি ষ্টাৰ্ট কৰিব পৰা নাই। আজিহে এনেকুৱা হ’বলৈ পায়নে…নাই এইদৰে চাই থাকিলে নহ’ব, সি এইবাৰ স্কুটিখন ঠেলি ঠেলি দৌৰিব ধৰিলে।

এনেতে অদ্ভুত কিবা শব্দ শুনি সি দৌৰি থকাৰ পৰাই পিছলৈ ঘূৰি চালে। এন্ধাৰতে ক’লা ক’লা প্ৰাণী দুটা দৌৰি অহাৰ দৰে দেখিলে সি। অস্….
…এইকেইটাৰ মাছৰ টোপোলা ভক্ষণ কৰি শেষ হ’ল চাগৈ। আৰু মাছৰ আশাত তাৰ পিছ লৈছে। এই স্কুটিখন… এই বিপদৰ সময়তহে ষ্টাৰ্ট নোহোৱা হ’ল। এইকেইটাচোন তাৰ ওচৰেই পালেহি। দুচকু বন্ধ কৰি মৃত্তিকে তাৰ আৰাধ্য দেৱতাৰ মুখখন মনলৈ আনিলে আৰু পুনৰ স্কুটি ঠেলি দৌৰিবলৈ ধৰিলে।

কেঁক্ কোৎ… পিছল ক’লা প্ৰাণীকেইটা মৃত্তিকৰ তেনেই কাষ পালেহি। বোকাৰে লুটুৰি পুতুৰি শৰীৰটো লৈ দৌৰি থাকোঁতে তাৰ উশাহটো বন্ধ হোৱা যেন পালে। সি জীৱনৰ আশা ভৰসা এৰিলে আৰু স্কুটিৰ হেন্দেলৰ পৰা হাতদুখন এৰি দিব খোজোতেই অকস্মাতে….

মৃদু শব্দ এটা কৰি স্কুটিখন ষ্টাৰ্ট হৈ উঠিল। অহ্ ভগৱান… ভগৱান… মুখৰ ভিতৰতে হেজাৰ বাৰ ভগৱানৰ নাম উচ্চাৰণ কৰি মৃত্তিক স্কুটিত বহি ল’লে আৰু বতাহৰ বেগত নিজৰ ঘৰ অভিমুখে পোনাই দিলে।

সি কেতিয়া নিজৰ ঘৰ পদূলি পালেহি, নিজে ঘৰৰ ভিতৰত সোমাল নে কোনোবাই সোমোৱালে সি একো ক’ব নোৱাৰে। মাথোঁ তাৰ মনচক্ষুত ভাঁহি থাকিল ক’লা ক’লা দুটামান পিছল। মানুহ আকৃতিৰ প্ৰাণী, সিহঁতৰ টনা আজোৰা, কেচেমাকেচেম গোন্ধ…

পিছদিনা মৃত্তিক উঠিব নোৱাৰিলে বিছনাৰ পৰা। মূৰটো অত্যন্ত গধুৰ গধুৰ যেন…। গা ধোওঁতে দেখিলে বুকুত, পেটৰ ওচৰত ৰঙা ৰঙা দাগ। কিহবাই আঁচুৰিলে যেন। কস্তুৰীৰ লগতে ঘৰৰ মানুহ বিলাকক খুব চমুকৈ ৰাতিৰ ঘটনা টোৰ বিষয়ে ক’লে। ক’লে যদিও সি নিজেই বিশ্বাস কৰিব পৰা নাই ঘটনাটো। সঁচাকৈ কি হৈছিল ৰাতি। কিহে টনা আঁজোৰা কৰিছিল তাক….আৰু মাছখিনি বা ক’ত পৰি আহিল …নে সি উলিয়াই পেলাই দিলে।

তাৰ পিছদিনা। এটা ফৰকাল পুৱা। ৰ’দটোও জকমকাই ওলাইছে। মৃত্তিকৰ মনটোও ইতিমধ্যে বহুত পাতল যেন লাগিছে। মাকে কালিয়েই ক’ৰবাৰ পৰা ৰছী এডাল আনি তাৰ হাতত বান্ধি দিছিল। পিতাকেও সুবচনী দেৱীলৈ বুলি তামোল-পাণ এযোৰ আগবঢ়াইছে। কস্তুৰীয়ে পাৰেমানে বুজাইছে তাক দেও ভূতৰ প্ৰতি ইমান অবিশ্বাসী নহ’বলৈ। সি মাথোঁ হাঁহিছে।

শুই উঠি কস্তুৰীয়ে আগবঢ়াই দিয়া চাহকাপ খাই মৃত্তিক ৰুমলৈ আহিল। চাবিপাট ল’লে আৰু গাড়ীখন লৈ ওলাই আহিল তাৰ সিদিনা ৰাতি দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন অভিমুখে। আৰু এয়া গাড়ী ৰখাই সি চকু ফুৰাইছে চৌদিশে। দুখন গাঁও সংযোগী এটা দীঘল ব্লক দিয়া ৰাস্তা। ৰাস্তাৰ দুয়োফালে পথাৰ, ৰোৱাবোৰ সঁজাল ধৰি সেউজীয়া হৈ উঠিছে। এইখিনি ঠাইত ৰাস্তাৰ কাষে কাষে দুই তিনিটা পুখুৰী, পুখুৰীৰ মাজতে এখিনি বাঁহৰ জেং। মানুহৰ ঘৰ-দুৱাৰ একো নাই এইখিনিত। সি পুনৰ চালে।

কি হৈছিল কালি ৰাতি….ভূত প্ৰেত বিশ্বাস নকৰোঁ নকৰোঁ বুলি কওঁতে তাকহে বাঁকে পালে নেকি। শাহুৱেকে কৈছিল গ্ৰহ গতি ভাল নেথাকিলে বাঁকে মানুহক পানীৰ মাজলৈ টানি নিয়ে, বহুৱাই থয় বোকা পানীৰ মাজত, খাবলৈ শামুক চামুক দিয়ে, বোকাত মূৰটো গুজি পুতি পেলায়। তেন্তে তাৰ গ্ৰহ গতি ভাল আছিল নে কি…..সেয়ে সি সিহঁতৰ হাতোৰাৰ পৰা ওলাই যাব পাৰিলে।

নে এই সকলো বোৰ তাৰ মনৰ ভ্ৰম আছিল… কেনেবাকৈ গাড়ীখন চম্ভালিব নোৱাৰি সি বোকাত সোমাই পৰিলগৈ আৰু উঠিবলৈ চেষ্টা কৰোঁতে জেঙে আঁচুৰি বুকুত দাগ বহুৱালে…কিন্তু সেই ক’লা প্ৰাণীকেইটা… আৰু মাছখিনি টুলবক্সৰ পৰা ক’লৈ গ’ল…! ভাবি ভাবি ওৰ নেপাই স্থানুৰ দৰে গাড়ীতে আঁউজি থিয় হৈ ৰ’ল মৃত্তিক।

টিং টিং টিং টিং….ম’বাইলটো বাজি উঠাত উচপ খাই উঠিল সি। জেপৰ পৰা ম’বাইলটো উলিয়াই চালে। কস্তুৰীৰ উৎকণ্ঠিত মাত ভাঁহি আহিল।
:ক’ত আছা মৃত্তিক.. বিচাৰি ফুৰিছো ..
:ঘৰৰ ওচৰতে আছোঁ কস্তুৰী। গৈ আছোঁ। খানা ৰেডি কৰা। মই ডিউটি যাব লাগিব আজি।

ফোনটো কাটি ম’বাইলটো জেপত ভৰালে মৃত্তিকে। ইফালে সিফালে চালে। কোনো নৰমনিচ চকুত নপৰিল তাৰ। সি লাহেকৈ ৰাস্তাৰ পৰা সামান্য নামি গৈ পেণ্টৰ জীপাৰডাল খুলিলে আৰু পেচাৱ কৰি দিলে ঠাইখনত। তাৰ পিছত গাড়ীত উঠি চলাই দিলে ঘৰ অভিমুখে। স্বপ্নই হওক বা দুঃস্বপ্ন, বাস্তৱেই হওক বা অবাস্তৱ সি আৰু এইবিষয়ে ইমানকৈ ভাবি নেথাকে।

হৈছিল।

                                                                    -----------------------অন্ত ---------------------------
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments