বাঁহী ( দেবাংগ পল্লৱ শইকীয়া )

Bikhyipto_Sinta

আচলতে সি বাঁহীটো এৰিব নোৱাৰে কোনোপধ্যেই । সেই সৰুতেই গছৰ তলে বাঁহৰ তলে ঘুৰি ফুৰোতেই যি বুকুত সাৱতি ল’লে, তেতিয়াৰে পৰা এতিয়ালৈ বাঁহীৰ লগত তাৰ এক আত্মাৰ সম্বন্ধ । সৰুৰে পৰাই নানান ধুমুহা, ৰামধেনুৰ সঙ্গী আৰু সাক্ষী তাৰ বাঁহীটো । তাৰ বাঁহীৰ সুৰত বেলেগে কি শান্তি পাই বা নাপাই সি নাজানে, কিন্তু নিজৰ সুৰত তাৰ নিজৰেই অন্তৰাত্মাই যে এক প্রশান্তি লাভ কৰে সেয়া সি জানে । জীৱনৰ কেবাজাকো ধুমুহাৰ পিছত তাক স্থিৰ কৰি ৰাখিছিল তাৰ বাঁহীয়ে । যিমানেই যন্ত্রণা নহওঁক বা সময় যিমানেই কঠিন নহওঁক, বাঁহীটো ওঁঠত ল’লে সি জী উঠে ।

গাঁৱৰ পথাৰখনে, বাঁহতলীৰ লুঙলুঙীয়া বাটটোৱে, পথাৰৰ আঁহতৰ তলৰ ছাঁ ত দুপৰীয়া জীৰাবলৈ অহা গৰুৰ জাকটোৱে তাৰ সুৰটো চিনি পায় । আটাইতকৈ ডাঙৰ কথা তাৰ ভাগৰুৱা আত্মাই তাৰ সুৰটো চিনি পায় ।

মাধৱীৰ মন মুহিছিল সি বাঁহীৰেই । গছৰ তলত বিহু মাৰোতে তাৰ বাঁহীৰ সুৰত আঁহতৰ পাতেও লৰিবলৈ পাহৰিছিল । আঁহতৰ কাষেৰে বৈ যোৱা নৈৰ সোঁতেও খন্তেক জিৰাইছিল তাৰ বাঁহীৰ সুৰত । আদহীয়া সকলে বিহুৰ শেষত তাক কৈছিল – আৰু অলপ পৰ ফুঁকচোন- বছৰটোলৈ মনৰ শান্তি আজিয়েই গোটাই লওঁ ।

পিছৰ বেলি মাধৱীয়ে বিহু শেষ কৰি ঘৰলৈ উভতি নগ’ল । বাঁহীৰ পিছে পিছে আহিল । আৰু এতিয়া মাধৱী, বাঁহীবাদক ধনাই আৰু সিহঁতৰ ন বছৰীয়া বাবুমণি ।

পিছে সময় একেই হৈ নাথাকিল । বাঁহীৰ সুৰ খেদি ধপলিয়াই অহা মাধৱীয়ে এতিয়া বাঁহীটো লৈ তাক খেচখেচোৱা হ’ল ।

– কি দাল কৰিবাগে তুমি হে ?? নোৱাৰা সম্বৰ্ধনা নে কি সেইবোৰ ল’বলৈ যাব । দিনৰে দিনতো হাজিৰা খতি আৰু আবেলি সেই একেসোপা গামোছা আৰু নিজৰ নাম লিখা ডাঠ কাগজ লৈ উভতিবা । সন্ধিয়া চাউল কেইটাৰ বাবে মই হাঁহাকাৰ কৰিব লাগে । অকল মোৰ হাজিৰাৰে দিনটো চলাব পাৰিলে ভালেই আছিল । তেতিয়া তুমি মনৰ ইচ্ছাৰে য’তে মন যাই ত’তে বাঁহী ফুঁকি ফুৰিবগৈ পাৰিলাহেতেন । বাবুমণি ডেকা হৈছে । তাক খালি নিমখেৰে ভাত দিবলৈ মই দুখ পাওঁ । কথাবোৰ ভাবিবা । বাঁহীৰে, গামোছাৰে পেট নভৰে ।

— ৰ’বাচোন হেঁ ! বাঁহীটোকনো কিয় টানকৈ কোৱা ?? মানুহে মোক ভাল পায়, বিছাৰে, সেয়েহে । এখন সমাজৰ আগত, ইমান ডাঙৰ ডাঙৰ মানুহৰ আগত গামোছা ল’বলৈ পোৱাটোও কিমান সন্মানৰ কথা ।
একেটা শাৰিতে মোক চকীত বহুৱাই । মই বৰ শান্তি পাওঁ হে ।

পিৰালীতে বহি বাঁহীটো লিৰিকি বিদাৰি ধনাইয়ে কৈ যায় ।
— আৰু এদিন হাজিৰা কৰিবলৈ নগ’লে নাখাই নমৰো দিয়া ।

–সেইয়াই সেইয়াই !! গামোছা, গামোছা, গামোছা…। সন্মান পত্র আঁৰিবলৈ মাটিৰ ভগা বেৰত আৰু জেগা নাই । গামোছা দিয়া কোনোবাই এদিনমান সুধিছেনে বোলো বাঁহীবাদক ধনায়ে সম্বৰ্ধনা লৈ গৈ ৰাতি ঘৰত গৈ খাবলৈ চাউল আছেনে নাই , নে আমি দিয়া গামোছাৰে পেট গাঁঠি মাৰিব ?? বছৰি বছৰি গামোছাৰ সলনি কিবা এটা টকাপইচা আহিব পৰা বাট দেখুৱাই দিয়াহেতেন ক’লো হয় । খালি বাঁহী, বাঁহী, গামোছা, সম্বৰ্ধনা। চাউল কেইটাৰ কথা, উৱলি যোৱা ঘৰটোৰ খবৰ নাই ।

— হ’ব দিয়া । মোকেই যি কোৱা কোৱা । বাঁহীটোক মিছাতে নধৰিবা । কত বেয়া সময়ত মোৰ লগ নেৰাকে আছে অ’ মোৰ ধন !!

ধনাইয়ে উদাস মনেৰে বাঁহীটোত ফুঁ দিয়ে । “ কৰুণা সাগৰ নামৰ পাতিলা খেলা…” ।

সিও জানে মাধৱীৰ কথাবোৰ সঁচা । এসময়ত তাৰ বাঁহী শুনি টোপনি যোৱা মাধৱীয়ে কিহৰ তাড়নাত এনেদৰে কয় সি বুজে । তথাপি মাধৱী আৰু বাঁহীৰ ভিতৰত সি বাঁহীটোকে আগভাগ দিয়ে । ভুল হ’লেও ভাল হ’লেও । বাঁহীটো তাৰ জীউ ।

সম্বৰ্ধনা ল’বলৈ ধনাই খোজকাঢ়িয়েই যায় কাষৰ গাঁওবোৰলৈ । বেছিভাগ বিহুৰ ফাংচন । সম্বৰ্ধনা লৈ কেতিয়াবা ফাংচনৰ মুখ্য আকৰ্ষণ অহা দেৰি হ’লে সি অলপ সময় বাঁহীটো বজাই দিয়ে মঞ্চত । দৰ্শকক ধৰি ৰাখিবলৈ । কেতিয়াবা কমিটিয়ে তাক ভাত খাবলৈ কয় । সি নাখায় । সোনকালে ঘৰ গৈ পাব লাগে । মানুহজনী আৰু বাবুমণিক এৰি সি বাহিৰত মাছ-ভাত খাবলৈ টান পায় ।

আজি সম্বৰ্ধনাৰ শেষত তাক ঘৰত থৈ অহা মানুহ নাই । মুখ্য আকৰ্ষণক আগবঢ়াই আনিবলৈ গৈছে । ৰাতিও ভালেমান হৈছে ।

সম্বৰ্ধনা লৈ উভতি আহোঁতে ৰাষ্টাতে ধুমুহা বৰষুণ । সাঁকোখন পাৰ হওঁতেই কিবা প্রকাৰে খপজপত তাৰ হাতৰ পৰা বাঁহীটো তলৰ জানটোত পৰে । নাই, বাঁহীটো কোনোপধ্যেই হেৰুৱাব নোৱাৰি । বুকুৰ এফাল বাঁহীটো !! আন্ধাৰতে ধনাইয়ে জানটোত জাঁপ দিয়ে । মোৰ বাঁহী…মোৰ বাঁহী । ধুমুহা বৰষুণ তেতিয়া তুংগত ।

ৰাতিপুৱা ধনাইৰ দেহটো জানৰ পাৰত । কান্ধৰ মোনাটোত থকা গামোছা, সম্বৰ্ধনা পত্র সকলো তিতি আছে । মাত্র তাৰ কাষত বাঁহীটো নাই ।

পিছদিনা বিহু কমিটিয়ে মূল গায়কৰ অনুষ্ঠানৰ আগে আগে বাঁহীবাদক ধনাই কলিতাৰ নামত এক মিনিট সময় মৌনতা অৱলম্বন কৰিলে । মাইকচেট বন্ধ ৰাখিলে । অহা বছৰৰ পৰা ধনাই কলিতাৰ সোঁৱৰণত সমবেত সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিলে ।

কোনোবাই ধনাইয়ে হাতত বাঁহী লৈ থকা ফটো এখন আনি মাধৱীক দিলে শ্ৰাদ্ধ বিধি যোৱাৰ পাছত । মাটিৰ বেৰত দুখনমান সম্বৰ্ধনা পত্র আঁতৰাই সেইখন আঁৰি দিয়া হ’ল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments