বাঁহ (উজ্জ্বল ফুকন)

“চিকি চিকি পাত, বাইলুং বগৰী ওঠৰ হাত।” মদনে মুখৰ ভিতৰতে ভোৰভোৰালে।
সৰুতে কোনোবাই তাক সেইটো সাঁথৰ সুধিছিল। দিনটো অনবৰত বাঁহতলে-গছতলে ঘূৰি ফুৰা মদনে উত্তৰটো বাঁহ গছ বুলি বহু পিছত হে গম পাইছিল।
“নাজানো মোৰ মূৰটোত কি আছে। বাৰু সেইবোৰ কথা ভাবি লাভ নাই এতিয়া। সোনকালে কামটো শেষ কৰিব লাগে।” মদনে বাঁহজোপাৰ গুৰিত কাটিলে শব্দ নহ’বলৈ কাপোৰ এখন মেৰিয়াই ভাবিলে।
“‘থক থক থক’ শব্দটো নিজে যেনে তেনে হে শুনা পাইছে। মহাজন বুঢ়াই ক’ত শুনা পাব।” মদনে বাঁহডাল কাটি কাটি ভাবিলে।
বুধিন বৰাই যদিও মদনক কৈছিল মহাজনক সুধি বাঁহ এডাল কাটি আনিবলৈ, কিন্তু মদনে মহাজনৰ বাৰীখন সদায় নিজৰ বুলিয়েই ভাবে। সেয়েহে সোধাৰ প্রয়োজনবোধ নকৰিলে। আৰু মহাজনৰ বাৰীত চুৰ কৰাৰ মজাই বেলেগ।
কিন্তু মদনে মহাজনৰ খঙলৈ বহুত ভয় কৰে। মদনৰ জীৱনৰ আটাইতকৈ ভয়লগা মুহূৰ্তটো মহাজনেই সৃষ্টি কৰিছিল। সেইদিনা লেটেকু চুৰ কৰিবলৈ বাৰীত সোমাওঁতে মহাজনে তাক দেখিছিল। হাতত দা খন লৈ প্রচণ্ড জোৰেৰে খেদি আহিছিল মহাজন। তৰা-নৰা চিঙি দিয়া দৌৰটোৰ কথা মনত পৰিলে মদন এতিয়াও জ্বৰে ঘমা দি ঘামে। মহাজনে কিন্তু পিছ এৰা নাছিল। মদনে কোনোমতে বাঁহনিৰ মাজৰ উই হাঁফলুটোৰ পিছফালে লুকাইছিল। কিন্তু মহাজনে তাৰ ভৰিৰ এটা অংশ দেখি দা খন দলিয়াই দিছিল। এইবাৰ আৰু মদনে একো চান্স নলৈ বাঁহনিৰ শেষত থকা বিল খনৰ পাৰৰ বগৰী জোপাৰ ডাল এটাত উঠি ডালৰ আঁৰ লৈ লুকাই থাকিল। অলপ সময়ৰ পিছত দা খন হাতত লৈ মহাজনো আহি ওলালহি। বগৰী জোপাৰ তলত ৰৈ মহাজনে চাৰিওফালে চাব ধৰিলে। বগৰী গছৰ ওপৰত মদনৰ অৱস্থা বলি দিবলৈ অনা ছাগলীটোৰ দৰে হ’ল। সি ওপৰলৈ চাই প্রাৰ্থনা কৰিলে “হে ভগৱান, মহাজনক গছৰ ওপৰলৈ চাবলৈ বুদ্ধি নিদিবা।”
আয়ুসত চাউল আছিল মদনৰ। সেইকাৰণে আজি মহাজনৰ বাৰীতে বাঁহ চুৰ কৰিব আহিছে। বাঁহডাল কাটি সি বিলৰ পাৰলৈ চোঁচোৰাই লৈ গ’ল। বিলৰ এটা পাৰৰ জোপোহাৰ আঁৰত তাৰ চাইকেলখন ৰখাই থৈ আহিছে। বাঁহডাল কাটি সৰু সৰু টুকুৰা কৰি পিছফালে কেৰিয়াৰত ভালকৈ বান্ধি সি বুধিন বৰাৰ ঘৰৰ ফালে আগবাঢ়িল। চাইকেলখন বুধিন বৰাৰ চোতালৰ এচুকত ষ্টেণ্ড কৰি মদনে বাৰাণ্ডাত বহি থকা বুধিন বৰা, গহীন, ৰমেন আৰু কলিতাৰ কাষত বহিল। জেকপটে নেজডাল জোকাৰি জোকাৰি বুধিন বৰাৰ ভৰিত পৰিবলৈ অহা মহবোৰ খেদাই আছে। মদনে মন কৰিলে সি অহাটো কোনো এটাই মন কৰা নাই।
ৰ’ লাগি চাই আছে বুধিন বৰাই। কিহৰ লগত মিলি গৈছে ঠিক বুজি পোৱা নাই। শিৱদৌলৰ কলচীটোৰ লগত অলপ মিলা যেন লাগিছে। বাতৰি কাকতত জিলিকি থকা মুখ্যমন্ত্রীৰ নমস্কাৰটোৰ লগতো অলপ মিলি গৈছে। নাই নহয়, এইটো ‘জুৰাছিক পাৰ্ক’ চিনেমাখনত ওলোৱা ডাইন’ছৰৰ ঘাত ঘাত থকা পিঠিটোৰ লগত মিলি পৰিছে।
“অই গহীন, এইদালে চুলিখিনি কি কৰিলে হয়নে?” বুধিন বৰাই ভাবি পাৰ নাপায় গহীনলৈ চাই সুধিলে।
গৰম কলিতা আৰু জেকপটেও মেডিক চাই আছে। মেডি মানে মাধুৰ্য্য। বুধিন বৰাৰ সৰুজনী জীয়েক মুন্নীৰ সৰুটো। মাকে তেল সানি এফালে সেওঁটা ফালি দিয়া চুলিখিনি যেতিয়াৰ পৰা মূৰৰ মাজভাগত থিয় হৈ নমস্কাৰ কৰিব ধৰিলে সেইদিনাৰ পৰাই তাৰ নামটো বন্ধু সমাজত মাধুৰ্য্যৰ পৰা মেডি হৈ গ’ল।
“অই মাইনা, ক’ত যাৱ তই?” গহীনে সৰুৰে পৰা তাক মাইনা বুলি মাতে।
“গহীন দা, মই কিমান কৈছোঁ মোক মাইনা বুলি নামাতিবা। মই আৰু মাইনা হৈ থকা নাই এতিয়া। অলপ ফুৰি আহোঁ।” মেডিয়ে থুতৰিত ওলমি থকা চুলিৰ নিচিনা ডাঢ়িখিনি পকাই পকাই কলে।
“হেই মেডি, কাম অন’ ড্যুড। হুৱাট আৰ ইউ ডুইঙ দেয়াৰ?” মেডিৰ বন্ধু জেকীয়ে বাইকখন এক বিশেষ ভঙ্গীমাৰে ৰখাই বুধিন বৰাৰ পদূলিৰ পৰাই চিঞৰিব ধৰিলে। নকলেওঁ হব তাৰ ঘৰত মতা নাম জাকীৰ বুলি।
জেকীৰ চিঞৰ শুনি জেকপটেও ভৌ ভৌ কৰি সঁহাৰি জনালে।
“একে গোত্রৰে যেন পাইছোঁ। ” জেকীৰ পনি টেইল আৰু জেকপটৰ টেইল দাল ৰিজাই মদনে কলে।
মদনৰ মাতটো শুনিহে বাকী ৰাইজে তাৰ উপস্থিতিৰ উমান পালে।
“মাইনা, চুলিখিনি কি কৰিলি? আৰু কাণত আইতাৰে পিন্ধাৰ দৰে কাণফুলি কিয়?” বুধিন বৰাই সুধিলে।
“ককা, এয়া নতুন যুগ। নতুন ষ্টাইল। নতুন পৃথিৱী। তোমালোকে জীৱনত একো নেদেখিলা আৰু একো নিশিকিলা। একেই গঞা ৰাইজৰ অনুস্থান হৈ থাকিলা।” মেডিয়ে বিৰক্তি ভৰা চাৱনিৰে গোটেইবোৰলৈ চাই ক’লে।
তাৰ কথাত গোটেই কেইটাই থত মত খাই ইটোৱে সিটোৰ পিনে চাব ধৰিলে। জেকপটে হঠাত নিৰৱ হৈ যোৱা পৰিৱেশটো দেখি বুধিন বৰাৰ চকীৰ তলত কোচমোচ খাই সোমাই কোঁ-কোঁৱাই থাকিল। সি বুজিলে এই নিৰৱতা এক ভয়াৱহ চুনামিৰ আগজাননী।
“কি কলি বেট গুটি। তই মোক সুধিছ’ ‘জীৱনত কি কৰিলোঁ? কি দেখিলোঁ আৰু কি শিকিলোঁ?’ ৰ’ তোক আজি কৈ যাওঁ জীৱনত মই কি দেখিলোঁ। আৰু ইহঁতেও তোত্‌কৈ বহুত কিবা কিবি দেখিছে। তোৰ সেই জেকীকো মাত ভিতৰলৈ।” বুধিন বৰাই খঙত চিঞৰি উঠিল।
হঠাত ককাকৰ ৰূদ্রমূৰ্তি দেখি মেডিয়ে জেকীক মাতিলে “জেকী অলপ ভিতৰলৈ আহ।ককাই মাতিছে।”
গৰম আৰু কলিতাই মূঢ়া-চকী পাৰি বহি লৈ ভাবিলে “আজি বুঢ়াৰ আগত চেঙেলী পৰিছে। তাকো দুটা দুটা চেঙেলী। বঢ়িয়া লাগিব।”
জেকপটেও চকীৰ তলৰ পৰা ওলাই এঙামুৰি দি পিঠিখন দীঘল কৰি সাজু হ’ল এখন নতুন নাটক উপভোগ কৰিবলৈ।
“দূৰত সৌ অএনজিচিৰ বিল্ডিংবোৰ দেখিছ?” বুধিন বৰাই দুয়োটাক সুধিলে।
“দেখিছোঁ। আমাৰ চকু ঠিকে আছে।” মেডিয়ে জেকীৰ ফালে চাই হাঁহি হাঁহি কলে।
“আমাৰ ঘৰৰ পৰা সেই গোটেইখন পথাৰ আছিল। ঘৰৰ আগেদিয়েই হালোৱাবোৰ যায়। আমাৰ পিছপিনৰ ৰবাব টেঙা গছৰ পৰা টেঙা নি এতিয়াৰ সেই ৰাস্তাৰ মাজতে ৰোৱনী-দাৱনীবোৰে খায়। সেই পথাৰবোৰ নাইকিয়া হ’ল। সেই ৰবাব টেঙা জোপাও চকুৰ আগতে নোহোৱা হ’ল। পথাৰৰ ওপৰত বিৰাট বিৰাট বিল্ডিং হ’ল। কালিৰ হালোৱা আজিৰ বিয়াগোম অফিচাৰ হ’ল। নতুন অচিনাকি মুখবোৰে পুৰণা মানুহবোৰক সন্মান কৰিব নজনা হৈ আহিল। আজোককাৰ দিনৰপৰা থকা ঠাইখনত নিজকে কেতিয়াবা অচিনাকি লগা হ’ল। চহী কৰিব নজনা বহুত পিছলৈ অফিচাৰ হৈছিল। এই জেকীৰ বাপেকো তেনেকুৱা আছিল। আৰু তোৰ দেউতাৰেও মেট্রিকৰ ডেওনা পাৰ হোৱা নাছিল। পিছপিনে টাপলি মৰা পেণ্ট পিন্ধি ঘূৰি ফুৰা মানুহৰ পিতেকে এতিয়া জিনছ্ পিন্ধি বাইক লৈ ঘূৰে। আমাৰ চকুৰ আগতে এই গোটেইবোৰ সলনি হৈছে। আৰু তই আজি ঠিকেই কৈছ আমিনো কি দেখিছোঁ জীৱনত। এনেই চুলিবোৰ পকিলে বুজিছ।” বুধিন বৰাই দুয়োটালৈ চাই ক’লে।
দুয়োটাই পিন্ধি থকা টাইট্‌ জিন্‌ছৰ পিছফালটো টাপলি মৰা যেন অনুভৱ কৰিলে।
“সেই যে হাতত লৈ আছ ম’বাইলটো সেইটো সৌ সিদিনা আহিছে। তাৰ আগতে কি আছিল জাননে? লেণ্ড লাইন। তাকো আঙুলীৰ মূৰেৰে ঘূৰাই ঘূৰাই ডায়েল কৰিব লাগে। আমাৰ ঘৰৰ প্রথম ফোন সেইটোৱেই আছিল। এতিয়াও আছে ৰিছিভাৰটো। এইবোৰ কথা বৰ বেছিদিন পুৰণা নহয়। ডাকোৱাল চিনি পাৱ? অসমীয়াত ক’লে চিনি পাবি। প’ষ্টমেন চিনি পাৱ?” জেকীয়ে হাতত থকা ম’বাইলটো পিটিক পাটাক কৰি থকা দেখি বুধিন বৰাই সুধিলে।
“প’ষ্টমেনে কি কৰে জানো। আগতে দেখিছিলো। আজিকালি বৰ কম দেখো।” জেকীয়ে কলে।
“সেই প’ষ্টমেনে এজাক আশা নিৰাশা লৈ ফুৰিছিল এটা সময়ত। সেই মানুহটো সমাজৰ কিমান আপোন আছিল তহঁতে কি বুজিবি। চিঠিৰ মাদকতা কি সেয়া ঘৰৰ পৰা হাজাৰ মাইল দূৰত থকা মানুহটোৱেহে বুজি পায়। আৰু এটা ভয়লগা শব্দ আছিল টেলিগ্রাম। টেলিগ্রামে সাধাৰণতে বেয়া খবৰ লৈ আহিছিল। সেই চিঠি, টেলিগ্রামৰ দিনৰ পৰা লেণ্ড লাইন, পিচিঅ আৰু এতিয়া ম’বাইল ইমেইলৰ যুগলৈকে আমি সকলো দেখিছোঁ। তহঁতে কব পাৰ আমি দুটা যুগৰ মধ্যস্থতাকাৰী বুলি। আৰু আজি ফুকলীয়া এটাই আমাক ফুটনি মাৰি কয়হি আমি গঞা ৰাইজৰ অনুস্থান।” বুধিন বৰাই কৈ গ’ল।

দুয়োটা শিল পৰা কপৌৰ দৰে থিয় হৈ থাকিল।
“ককা, সিহঁতে আজিকালি ইন্টাৰনেটৰ পৰা গান ভিডিঅ’ আদি ডাউনলড্‌ কৰি মনে মনে চাই থাকে। ভাল-বেয়া সকলো চাব পাৰে। কোনো বাধা নাই। মনত পৰে নে ককা এবাৰ আমি স্কুলৰ পৰা পলাই চিনেমা চাব যাওঁতে তুমি কাণতলীয়া চৰ দি চিনেমা হলৰ পৰা লৈ আহিছিলা।” গহীনে গাল খন মোহাৰি মোহাৰি সেই পুৰণা চৰটো মনত পেলাই ক’লে।

“মই গ্রাম’ফন ৰেকৰ্ডৰ পৰা গান শুনা আৰম্ভ কৰিছোঁ। পিছলৈ কেছেট আহিল। কাঠ পেঞ্চিল আৰু কেছেটৰ মাজত কি সম্পৰ্ক আছে সেয়া আজিৰ যুগৰ ল’ৰাই বুজি নাপায়। আমি বুজি পাইছিলোঁ গানৰ চাউণ্ড কোৱালিটি কেনেকৈ লাহে লাহে উন্নত হৈ আহি আছিল। ভূপেন দাৰ মৃত্যুত হাজাৰ জনে কান্দিছিল কিন্তু সেই দুখৰ গভীৰতা আমাৰ যুগৰ মানুহখিনিয়ে বুজি পাইছিল যি ভূপেন দাৰ প্রত্যেকটো গানৰ জনপ্রিয়তা নিজে অনুভৱ কৰি ডাঙৰ হৈছিল। এখন চিনেমা চাবলৈ আমি কিমান কষ্ট কৰিব লগা হৈছিল সেয়া তহঁতক এতিয়া ক’লে হাঁহিবি। আৰু এটা যুগ আছিল কাৰোবাৰ ঘৰত বিয়া বা আন অনুস্থানৰ পিছদিনা ভিছিপি ভাৰাত আনি একেৰাহে বহুত চিনেমা চোৱা।” বুধিন বৰাই মনত পেলাই কলে।
“অ’ ককা আমিও এবাৰ ভুত ৰাত্রি পালন কৰিছিলো গোটেই ৰাতি একেৰাহে ভুতৰ চিনেমা চাই।” মদনে কলে।

“আৰু ৰেডিঅটো আমাৰ একালৰ বিশ্বস্ত সংগী আছিল। ৰেডিঅৰ নাটকবোৰৰ চৰিত্রবোৰ এতিয়াও মন মগজুত সজীৱ হৈ আছে। তহঁতে কি বুজিবি সেইবোৰ কথা। তেজৰ সম্পৰ্ককে উপলুঙাৰ চকুৰে চাৱ আজিকালি। টিভি আহিছিল আমাৰ ঘৰলৈ মাৰাড’নাই যাদু দেখুউৱা বছৰত মানে ৮৬ৰ ফুটবল ৱৰ্ল্ডকাপ আৰম্ভ হোৱাৰ দিনা। তেতিয়াৰ দূৰদৰ্শনৰ ৰাতিপুৱাৰ সুৰটো আজিও সকলোৰে মনত আছে চাগৈ।” মাজে মাজে জেকী আৰু মেগিক কটাক্ষ কৰি বুধিন বৰাই কৈ গ’ল।
“টে টেনেটে টেও টেও। টেনে টেনে টেনে টেও টেও..টে টেনেটে টেও টেও ” গৰম আৰু কলিতাই একেলগে গাব ধৰিলে।
জেকি আৰু মেডিয়ে একো নুবুজাৰ দৰে চাই থাকিল।
“অ’ এইটোৱেই সেই সুৰটো। টিভিৰ ৰামায়নৰ যুগ আৰু মহাভাৰতৰ যুগৰ কথা কি ক’ম। এই দুখন ছিৰিয়েল প্রচাৰৰ সময়ত জনপ্রাণী নোহোৱা হৈ যায় আলিবাটত। বুনিয়াদ, হামলৌগ, নুক্কৰ আদি ছিৰিয়েলৰ মাজেদি আহি জাংগল বুক, ৰিপৰ্টাৰ, ষ্ট্রিট হক, চিগমা, দেখ ভাই দেখ আদি সামৰি আজিৰ কৌন বনেগা কৌৰৰপটিলৈ আমি টেলিভিছনৰ উন্নতিৰ প্রতক্ষ্যদৰ্শী। কিন্তু আগৰ ছিৰিয়েলবোৰ পৰিয়াল, ওচৰ-চুবুৰীয়া মিলি একেলগে উপভোগ কৰাৰ মজাই বেলেগ আছিল।” বুধিন বৰাই ক’লে।
“ককা, একেলগে ক্রিকেট চোৱাৰ মজাও কম নাছিল। ঠাণ্ডা দিনত এখন ডাঙৰ কম্বলৰ তলত এজাক ল’ৰা। আৰু বিভিন্ন মন্তব্যৰ মাজত ইণ্ডিয়া-অষ্ট্রেলিয়া বা ইণ্ডিয়া-পাকিস্তান মেছ টিভিত উপভোগ কৰাৰ তুলনা আজি লাইভ মেছ উপভোগ কৰাৰ লগতো কৰিব নোৱাৰি। সেই বিশেষ কম্বলখনৰ মূৰবোৰ সকলোৱে ধৰি ৰাখিছিল। কাৰণ ঠাণ্ডা দিনৰ কম্বলৰ ভিতৰৰ বিভিন্ন উৎসৰ পৰা ওলোৱা গেছ মিহলি হৈ এক মাৰাত্মক গেছৰ জন্ম দিছিল। ৰসায়ন বিজ্ঞানত এইবিধ গেছৰ এতিয়াও আৱিষ্কাৰ হোৱা নাই হয়তো।” ৰমেনে বুধিন বৰালৈ চাই হাঁহি হাঁহি ক’লে।

“আৰু তহঁতেতো ৱাৰ মুভী খুব চাৱ। কিন্তু আমি যুদ্ধৰ বিভীষিকাৰ উমান পাই থৈছোঁ। ৬০ ৰ দশকৰ চীনা যুদ্ধ মোৰ ভৰ যৌৱনত হোৱা। আৰু অসমৰ ইতিহাস জোকাৰি যোৱা অসম আন্দোলন, অসম গণ পৰিষদৰ জন্ম আৰু পিছলৈ সেই সকলেই অসমীয়া ৰাইজক কৰা প্রতাৰণাৰ আমি জীৱন্ত সাক্ষী। অসমীয়াৰ এজাক আশা বুকুত লৈ জন্মা আলফাৰপৰা আজিৰ ছালফাবোৰৰ মাজেৰে আমি কি দেখা নায়। তহঁতে চোৱা চিনেমাবোৰৰৰ দৃশ্য আচলতে সাৱলীল অভিনয়ৰ ফল কিন্তু আমি দেখাবোৰ কোনো চিনেমাৰ দৃশ্য নাছিল।” বুধিন বৰাই কলে।
“আৰু দেউতা, বজৰঙক পাহৰি নাযাব। আলফাৰ নামত আৰ্মীয়ে যাকে-তাকে অত্যাচাৰ কৰা সেই দিনবোৰ মনত পৰিলে আজিও গা কঁপি উঠে।” কলিতাই কলে।
“অ’ সেইবোৰো বৰ বেয়া দিন আছিল।” বুধিন বৰাই কলে।

মেডিয়ে নিজৰ ভুল বুজি পালে। তথাপিও নিজৰ সপক্ষে সি শেষ অস্ত্রপাত মাৰি পঠিয়ালে “কিন্তু সেইবোৰ আমি দেখা নাই। তাততো আমাৰ দোষ নাই। আমি দেৰিকৈ জনম লৈছো সেয়েহে দেখা নাই।”

“ঠিক কৈছ’ সেই ঘটনাবোৰৰ সাক্ষী নোহোৱাটো তহঁতৰ দোষ নহয়। দোষ হ’ল তহঁতে ভাব’ তহঁতৰ ওপৰৰ প্রজন্মটোৱে একো নাজানে আৰু তহঁতে সকলো জান। এটা কথা মনত ৰাখিবি পুৰণা প্রজন্ম কোনো গুণে কোনো ক্ষেত্রতে কম নাছিল। আৰু আহি থকা প্রজন্মও কোনো ক্ষেত্রতে কম নহ’ব। ইটোৱে সিটোক সন্মান নকৰিলে সমাজ ভাঙি যাব। আমাৰ অভিজ্ঞতাই তহঁতৰ কৰ্মপথ নিৰ্ধাৰণ কৰাত সহায় কৰিব। অনুকৰণ ভাল কিন্তু অন্ধ অনুকৰণ সদায় বেয়া। নিজৰ সংস্কৃতিৰ লগত পৰিচয় নোহোৱাকৈ আনক কেতিয়াও আঁকোৱালি লব নোৱাৰি।” বুধিন বৰাই বুজাই কলে।
এনেতে দুজন ডেকা ল’ৰা শৰাই আৰু বিয়াৰ কাৰ্ড লৈ সোমাই আহিল। জেকি আৰু মেডীতকৈ অলপ ডাঙৰ হব। কিন্তু চাল চলনত সেই একেই বেপেৰুৱা ভাব।
“বুধিন বৰাৰ ঘৰ হয়নে?” এজনে সুধিলে।
“হয় কওকচোন। ময়েই বুধিন বৰা।” বুধিন বৰাই উত্তৰ দিলে।
“মেৰীজ ইনভিটেছন দিবলৈ আহিছোঁ। অহা নৱেম্বৰৰ ২০ তাৰিখে মোৰ বিয়া। আপোনালোক সকলোকে ইনভাইট কৰিলোঁ। আহিব বিয়ালৈ।” ল’ৰাজনে ক’লে।
“নৱেম্বৰ ২০ মানে অসমীয়াত কি তাৰিখ।” বুধিন বৰাই সুধিলে।
“ছৰী মই অসমীয়া ডেটটো নাজানো। কাৰ্ডখনত লিখা আছে চাই ল’ব।” ল’ৰাজনে কলে।
“অসমীয়া পঢ়িব জানানে নাই? নিজৰ বিয়াৰ তাৰিখটো নিজে পঢ়ি দিয়া” বুধিন বৰাই ল’ৰাজনক কলে।
“ছৰী বৰ্তা, মই অসমীয়া পঢ়িব নাজানোঁ।” ল’ৰাটোৱে বিৰক্তিভৰা চাৱনিৰে কলে।
“বৰ্তা নহয় বৰদেউতা” বুধিন বৰায়ো সমানে বিৰক্তিভৰা চাৱনিৰে লৰাজনৰ ফালে চাই কলে।
“অই গহীন, পঢ়ি দেচোন তাৰিখটো। চচমাজোৰ নাই মোৰ লগত।” বুধিন বৰাই কাৰ্ডখন গহীনলৈ দি কলে।
“অহা ৮ আঘোন মঙলবাৰে মোৰ কণি..” গহীন ৰৈ গ’ল।
“কি হ’ল ৰৈ গলি যে?” বুধিন বৰাই সুধিলে।
“নাই মই নোৱাৰোঁ। ৰমেনে পঢ়ক।” গহীনে ক’লে।
ৰমেনেও মুখৰ ভিতৰতে পঢ়ি কলিতালৈ আগবঢ়াই দিলে। কলিতা আৰু মদন দুয়োটাই একেলগে চকু ফুৰালে। কলিতাই হাঁহিত আগদাঁত দুয়োটা সুমুৱাই ৰাখিব নোৱাৰা হ’ল। কাণে কাণে বুধিন বৰাক কলে “দেউতা, ভুলতে কণিষ্ঠৰ ‘ষ্ঠ’টো ছপা নহ’ল।”
বুধিন বৰাই ঘটনাটো বুজি পাই মিচিকিয়া হাঁহি মাৰি ল’ৰাজনক সুধিলে “তোমাৰ জন্মদিন মানে বাৰ্থ দে কেতিয়া?”
“২২ জানুৱাৰী।” ল’ৰাজনে এক অবুজ চাৱনিৰে চাই বুধিন বৰাক ক’লে।
“ঠিক আছে। তুমি দেউতাৰক ক’বা ‘২২ জানুৱাৰীত ভূমিষ্ঠ হোৱা আপোনাৰ কণিষ্ঠ ল’ৰাৰ বিয়াৰ কাৰ্ডত ‘ষ্ঠ’টো নাই। যিহেতু তুমি অসমীয়া বুজি নোপোৱা সেয়েহে দেউতাৰাক ক’ব কৈছো। তেওঁ ভুলটো বুজি পাব। যাম দিয়া বিয়াত।” বুধিন বৰাই কলে।
“হব বাৰু মই কম দেউতাক।” কথাটো কৈ লগৰজনৰ সৈতে ল’ৰাটো ওলাই গ’ল।
“শণি পুত্র। আমাৰ আৰু ইংৰাজী লিখাখিনি শুদ্ধ হ’লেই হ’ল। অসমীয়া ভাষাটো যাওক শ্মশানত জ্বলি থাকক গৈ। আজিকালি প’ষ্টাৰ, চাইনবৰ্ড, টিভি নিউজ সকলোতে অসমীয়া ভাষাৰ জয়জয় ময়ময় অৱস্থা।” বুধিন বৰা ভোৰভোৰাই উঠিল।
“ককাই কিন্তু আজি সকলোকে বাঁহ দিছে।” জেকীয়ে হাঁহি হাঁহি কলে।
“কি বাঁহ অ’?” বুধিন বৰাই বুজি নাপায় সুধিলে।
“বাঁহ মানে ককা ‘শিক্ষা’ দিছে। নহয় নিমিলিব। ‘ৰামটাঙোন’ টোহে মিলিব” ৰমেনে ক’লে।
অ’ বাঁহৰ কথা কওঁতে মনত পৰিছে। “মদন তই বাঁহ আনিলিনে?” বুধিন বৰাই মদনলৈ চাই সুধিলে।
“আনিলোঁ ককা। বাহিৰতে আছে।” মদনে ক’লে।
“হব দে, দিনটোত কোনোবাই যে ককাক বাঁহ দিলে। তই বাঁহ আনি নিদিলেও ককাই ক’ব ‘মদনে বাঁহ দিলে’ আৰু আনি দিলেও কব ‘মদনে বাঁহ দিলে’ ” গহীনে হাঁহি হাঁহি কলে।
মদনৰ ৰঙা হৈ যোৱা মুখখনলৈ চাই সকলোৱে হাঁহিত যোগ দিলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক