বাংগালুৰু ডায়েৰী- ৰাজলক্ষ্মী শৰ্মা গোস্বামী

:আইতা তুমি প্লেনৰ একজিকিউটিভ টিকেট লৈ ভ্ৰমণ কৰি পাইছানে?
ছয় বছৰীয়া নাতিনীলৈ চাই আইতাকৰ উত্তৰ আছিল, “নাই অ! একজিকিউটিভ টিকেট লৈ ভ্ৰমণ কৰা নাই বাৰু, কিন্তু সকলোতকৈ ভাল উৰাজাহাজতে সুবিধা অনুসৰি ফুৰিছোঁ৷”
: আইতা তুমি ইটালীলৈ গৈছানে?
:গৈছোঁ৷
:আৰে! তুমি ইটালীলৈ গৈছা? ফ্ৰান্স? জাৰ্মানী?

:গৈছোঁ অ’! ইউৰোপ ভ্ৰমণ কৰোঁতে এই সকলোলৈকে গৈছোঁ৷ চুইজাৰলেণ্ড গৈছোঁ, আমেৰিকালৈও গৈছোঁ৷

:মই জানো৷ তুমিতো আমেৰিকাত একেবাৰে থকাকৈয়ে গৈছিলা৷ ভগৱানক ধন্যবাদ যে মোৰ ককাক ভগৱানে সোনকালে লৈ গ’ল৷ নহ’লে মই আৰু বাইদেৱে তোমাৰ দৰে মৰমীয়াল, ধুনীয়া, উৎসাহ দিয়া আইতাজনীক ওচৰত নাপালোঁহেঁতেন৷ মাত্ৰ ভাৰ্গৱ দাদা আৰু ভূমি বায়েহে তোমাক পালেহেঁতেন৷ তোমাক আৰু ককাক সৰুৰেপৰা পাই থকা বাবে মামাৰ ল’ৰা-ছোৱালী দুটা ইমান ভাল হ’ল৷ এতিয়া আমিও ভাল হ’ব লাগিব৷

: আচ্ছা, কথাটো তেনেকুৱা নেকি? তোমাকনো এইবোৰ কথা কোনে কৈছে?

: মোৰ আনগৰাকী আইতাই কৈছে, দেউতাৰ মায়ে৷

: অ’হ হ! এইটোতো বৰ ভাল কথা! তোমাৰ দেউতাৰ মায়ে মোৰ কথা ইমান সুন্দৰকৈ কৈছে৷

: আইতা, মই ইটালীলৈ যাব লাগে৷ তোমালোক কেতিয়া গৈছিলানো?

: আমি তোমাৰ মা যেতিয়া দশম শ্ৰেণীৰ পৰীক্ষা দি উঠিছিল তেতিয়াই গৈছিলোঁ এক দীঘলীয়া ভ্ৰমণ সূচী লৈ৷

: মোৰ ‘মা’ও গৈছিলনে?

:গৈছিল৷ তোমাৰ মা, তোমাৰ মামা, মই আৰু ককা- আমি চাৰিও গৈছিলোঁ৷
: আইতা, মই ফ্ৰান্সত এটা বৰ ডাঙৰ ঘৰ কিনিম৷

: আচ্ছা, ফ্ৰান্সত কিয়?
: কাৰণ মই ফ্ৰান্স ভাষা শিকিছোঁ৷ গতিকে ফ্ৰান্সত মোৰ কথা পতাত বিশেষ অসুবিধা নহ’ব৷
: অ’ ভাল কথা৷ তোমাৰ চিন্তাত যুক্তি আছে৷

কিছু সময় মনে মনে থাকি পুনৰ শ্ৰেয়াই আৰম্ভ কৰিলে, “আইতা, মই ডাক্তৰ পঢ়িম৷”
: ঠিক আছে মাজনী, পঢ়িবা৷

:কিন্তু মই নিউৰ’লজি হে পঢ়িম৷

:আচ্ছা, তুমিতো নিশ্চয় কিবা ভাবি- চিন্তিহে কৈছা, নহয় জানো?
:হয়৷ মই বহুত ভাবিছোঁ৷ মই চাৰ্জন হ’ম, নিউৰ’চাৰ্জন৷ তুমি দেখিছা নহয় আমাৰ ককাৰ অৱস্থা! তেওঁ আজিকালি ভালকৈ খোজকাঢ়িব নোৱাৰে৷ শুনিছোঁ তেওঁক হেনো নিউৰ’লজিৰ ডাক্তৰে কিবা অপাৰেশ্যনৰ কথা কৈছে৷ অলপ দেৰি হোৱা বাবে ভাল হোৱাৰ সম্ভাৱনা কম হেনো৷ দেৰীয়েই বা কিয় হ’ল? মই নিউৰ’চাৰ্জন হ’ম আৰু এনেকৈ কাৰো অপাৰেশ্যনত দেৰি হ’বলৈ নিদিওঁ৷ ফটাফৎ অপাৰেশ্যন কৰিম আৰু ককাৰ দৰে মানুহক সুস্থ কৰি তুলিম৷

:খুব সুন্দৰ মাজনী, এইটোতো খুব সুন্দৰ চিন্তা তোমাৰ৷

:হয়৷ কিন্তু তুমিহে মাত্ৰ বুজি পোৱা৷ মোৰ মা- দেউতাৰ মোৰ কামৰ কথা শুনিবলৈ সময় নাই৷ মায়ে মাত্ৰ মই লেপটপ বা টেব্ লৈ বহি থকা দেখিলেই চিঞৰ মাৰি আহে- কি হে শ্ৰেয়া! অনবৰতে কিয় এইবোৰ লৈ থাকা বুলি৷ মই আচলতে পৃথিৱী বিখ্যাত অপাৰেশ্যনবোৰ চাই থাকোঁ, মই পৃথিৱী বিখ্যাত চাৰ্জন হ’ব লাগিবতো!
:হয়তো! মই মাক তোমাক চিঞৰিবলৈ মানা কৰিম দেই, কাৰণ তুমি কামৰ চিন্তাত হে এইবোৰ চাই থাকা৷
:নাই নাই! তুমি মাক এইবোৰ কৈ লাভ নহ’ব৷ কাৰণ মই নিজেই বহুতবাৰ কৈছোঁ যে মই অপাৰেশ্যন কৰাহে চাই আছোঁ কাৰণ মই চাৰ্জন হ’ব লাগিব৷ কিন্তু তেওঁলোকে বুজিয়েই নাপায়৷ লগে লগে ক’ব- আগতে স্কুলৰ হোমওৱৰ্ক আৰু পঢ়া শেষ কৰা! সেইবোৰতো মই কৰিমেই৷ কিন্তু মোৰ ডাঙৰ চিন্তা এটা আছে যিটো শুনিবলৈ মা-দেউতাৰ সময়েই নাই৷

:আইতা মই ইটালীলৈ অপাৰেশ্যন কৰিবলৈ যাম৷

:তুমি আকৌ দেখোন ফ্ৰান্সত থকাৰ কথাহে কৈছিলা?

:এস্! কৈছিলোঁ! পৃথিৱীৰ সকলোতকৈ বিখ্যাত ঠাইবোৰ মই চাই আছোঁ, নিউৰ’লজিৰ শিক্ষা ক’ত ল’লে সকলোতকৈ বেষ্ট হ’ম তাকো মই চাই আছোঁ৷ মই ফ্ৰান্সত সুন্দৰ ঘৰ এটা লৈ থাকিম বুলিহে কৈছিলোঁ, তাৰপৰা মই সকলোতে গৈ অপাৰেশ্যন কৰিমগৈ৷
:ভাৰতত কিয় নাথাকা?

:ভাৰতত চোন মোৰ ঘৰ আছেই! মা- দেউতাৰ ঘৰ, তোমাৰ ঘৰ, ককা- আইতাৰ ঘৰ৷ নিজৰ ঘৰ থকা ঠাইতে আকৌ এটা ঘৰ মই নলওঁ আইতা৷ ফ্ৰান্সত আমাৰ কোনো নাই৷ গতিকে ময়ে তাত ঘৰ এটা ল’ম৷ এনেও মোৰ ফ্ৰান্সখন বৰ ভাল লাগে৷ মই যেতিয়া অপাৰেশ্যন কৰাত প্ৰথম শ্ৰেণীৰ এক্সপাৰ্ট ডাক্তৰ হ’ম তেতিয়াতো মোকো পৃথিৱীৰ সকলো ঠাইলৈয়ে মাতিব আৰু মইতো যাব লাগিব, মোৰ যে একেবাৰে সময়েই নোহোৱা হ’ব জানানে আইতা? মা- দেউতাতকৈও বেছি ব্যস্ত হৈ যাম মই৷ তেওঁলোকেতো অন্ততঃ সপ্তাহৰ শেষ দিনটোকে পায়, মোৰ যে বেছি চিৰিয়াছ অপাৰেশ্যন ৱিকেণ্ডতো গৈ কৰিব লাগিব৷ সেইকাৰণেইতো মই তোমাক প্লেনৰ একজিকিউটিভ টিকেটৰ দামৰ কথা সুধিছিলোঁ।

:তুমিনো মোক ক’ত টিকেট দামৰ কথা সুধিছিলা? তুমি মোক সুধিছিলা যে মই প্লেনৰ একজিকিউটিভ টিকেটত ভ্ৰমণ কৰি পাইছোঁনে নাই৷

:অঁ’ সেইটো, সেইটোৱেই হয়৷ মই তোমাক তাকে সুধিছিলোঁ৷ তোমালোকে মাথোঁ ফুৰিবলৈহে গৈছিলা, গতিকে একজিকিউটিভ টিকেট নোলোৱাকৈ হৈছিল৷ কিন্তু মোক লাগিব, কাৰণ মই অপাৰেশ্যন কৰিব লাগিবগৈতো৷ ইখন দিশৰপৰা সিখন দেশলৈ ঘূৰিয়েই থাকিব লাগিব নহয়, আৰু মই ভাগৰিলে নহব! গতিকে আৰামত যাবই লাগিব৷ আজি ইটালী, আজি ফ্ৰান্স, আজি চুইজাৰলেণ্ড, আজি ভাৰত৷ অ’ মাই গড! কিমান যে কাম আছে মোৰ! ভাল বাৰু আইতা, আজিলৈ মই যাওঁ আৰু যদি নতুন কথা ভাবোঁ মই তোমাক ক’বলৈ আহিম
: নতুন কথা মানে? তোমাৰ এই ডাক্তৰ হোৱাৰ প্লেন সলনি হ’ব নেকি?
: অহ্ ন! নহয় আইতা, তাৰ কোনো চান্সেই নাই৷ কিন্তু আৰু বহুত কথা থাকিব পাৰে, তুমি নজনা বহুত কথা তোমাক মই ক’মহি৷ মা- দেউতাক ক’ব খুজিলে মাথোঁঁ কয়, হ’ব যোৱা! যেতিয়া ডাক্তৰ হ’বা তেতিয়া আমাক ক’লেও হ’ব৷ কিযে কথা কয় নহয়নে বাৰু আইতা! তেতিয়া বাৰু মোৰ ওচৰত ক’ত ইমান সময় থাকিব যে মই বহি লৈ তেওঁলোকৰ লগত কথা পাতি থাকিব পাৰিম৷ হয়নে নহয় কোৱা?

ইমানখিনি কথাৰ মাজতে কণমানিজনীয়ে মাত্ৰ এটা কথাহে মোৰ চকুলৈ চাই সুধিছিল যে তেওঁৰ কথা পাতিবলৈনো ক’ত সময় বাকী ৰ’বগৈ! “হয়নে নহয় কোৱাচোন! ” মই তেতিয়া “হয়তোন” বুলি শলাগি থৈছিলোঁ৷

এই সমগ্ৰ কথা- বাৰ্তাখিনি হিন্দী, ইংৰাজী আৰু গুজৰাটী ভাষাত মিহলি হৈ আছিল৷ এগৰাকী ছয়বছৰীয়া কণমানিৰ তেওঁৰ আইতাকৰ লগত হোৱা এই কথা- বাৰ্তাৰ সময়ছোৱাত সৌভাগ্যক্ৰমে ময়ো তেওঁলোকৰ মাজত উপস্থিত আছিলোঁ

বাংগালুৰুত মই থকা এপাৰ্টমেণ্টটোত এগৰাকী ছয়াশী বছৰীয়া বৃদ্ধা থাকে৷ তেওঁ অকলশৰে থাকে৷ সাত মহলত তেওঁৰ এপাৰ্টমেণ্ট৷ চাৰি নম্বৰ মহলত তেওঁৰ জীয়েকৰ পৰিয়ালটো থাকে৷ তিনি নম্বৰ মহলত থাকে জীয়েকৰ শহুৰ- শাহু অৰ্থাৎ তেওঁৰ বিয়ৈ- বিয়নী৷ সাত মহলৰ সেই বৃদ্ধাগৰাকীৰ ধনাত্মক চিন্তাধাৰাৰ কথা বতৰাই মোক বাৰুকৈয়ে আকৰ্ষিত কৰে৷ আমাৰ চাৰিটা ব্লকৰ ঘৰ আছে- এ, বি, চি, ডি৷ আবেলি খোজ কাঢ়োঁতে বা ফুৰোঁতে প্ৰতিটো ব্লকৰ মানুহৰ লগত চিনা পৰিচয় হয় আৰু কম পৰিমাণে অাহ-যাহো হয়৷ কিন্তু এই নিৰ্দিষ্ট বৃদ্ধাগৰাকী আছিল সকলোতকৈ ব্যতিক্ৰমী৷

সেইদিনা আছিল শনিবাৰ৷ আবেলি তেওঁৰ জী- নাতিনী দুজনী প্ৰায়ে তেওঁৰ ওচৰলৈ আহে আৰু কথা পাতেহি৷ ৰাতি মাক- দেউতাকৰ লগত ওলাই যায়৷ দেওবাৰে অলপ সময় মাক- দেউতাকৰ লগত বাহিৰত খোৱা- বোৱা আৰু ফুৰা; চকা কৰি আইতাকৰ লগত কটায়হি৷ বৃদ্ধা গৰাকীক মই ‘ মা’ বুলি মাতোঁ৷ তেওঁৰ নাম ‘সাধনা’৷ মায়ে মোক প্ৰথম দিনাই ঘৰলৈ নিওঁতে কোঠাবোৰ দেখুৱাই কৈ গৈছিল, “এইটো মোৰ ল’ৰাৰ ৰূম, এইটো মোৰ ছোৱালীৰ ৰূম৷ যদিও মোৰ ল’ৰা তিনি চাৰিবছৰৰ মূৰত মাথোঁ এবাৰ ঘৰলৈ আহে আৰু মোৰ ছোৱালীজনী আজিলৈকে এইখন ঘৰত থাকি পোৱাই নাই কাৰণ তাইৰ ঘৰ এইটো এপাৰ্টমেণ্টত তলতে আছে৷ তথাপি মই কাম কৰা মানুহৰ হতুৱাই ৰূমকেইটা সদায় সৰা- মোছা কৰাও আৰু কাপোৰবোৰ সলাই ধুই থওঁ৷ এইবোৰ মোৰ কাম, মই কৰি ভালপাওঁ, অহা-নহাটো সিহঁতৰ কথা৷”

সেইদিনা শনিবাৰৰ আবেলিটো আইতা আৰু নাতিনিয়েকৰ এক সুন্দৰ কথোপকথনৰ মাজত মই সোমাই পৰিছিলোঁ৷ মই আচলতে নাজানিছিলোঁ যে সেইদিনা ‘সাধনা মা’ৰ নাতিনীৰ সৈতে কথা পতাৰ সময় আছিল সেয়া৷ মই গৈ বে’ল বজাওঁতে নেটৰ দুৱাৰেদি দেখিছিলোঁ যে সাধনা মায়ে বৰ গহীন হৈ নিজৰ ছয়বছৰীয়া নাতিনীজনীৰ লগত কথা পাতি আছে৷ ছোৱালীজনী মোক দেখি অলপ বিচলিত হৈছিল আৰু আইতাকক কৈছিল, “আজি আৰু তোমাক মোৰ কথাখিনি কোৱা নহ’ব৷ ”

আইতাকে তেতিয়া তাইক আশ্বাস দিছিল, “কথা পতা হ’বই৷ এওঁ বহি থাকিলেও তোমাৰ একো অসুবিধা নহয়৷ কাৰণ মই তোমাৰ কথা এওঁক কৈ থৈছোঁ৷ লগতে কৈ থৈছোঁ যে আমাৰ এজনী অতি সুন্দৰ ছোৱালী আছে, তেওঁ ইমান ধুনীয়াকৈ সকলো কাম কৰে আৰু মোক নিজৰ আঁচনিবোৰৰ কথা কয় যে তুমি শুনিলে খুব ভাল পাবা৷ সেয়েহে তেওঁ আহিছে তোমাৰ আঁচনিবোৰৰ কথা জানিবলৈ৷ একো নহয়, কৈ যোৱা৷”

তেতিয়া কণমানিজনীয়ে অ’কে’ বুলি হাত দুখন দাঙি পুনৰ নমাই কথাখিনি আৰম্ভ কৰিছিল আৰু কথা শেষ কৰি যাবলৈ উঠিছিল, কাৰণ সন্ধিয়া সাত বজাত মাক–দেউতাকৰ লগত তেওঁ ফুৰিবলৈ যাব৷ যোৱাৰ আগতে তেওঁ আইতাকক সেৱা কৰিছিল আৰু কৈছিল, “জয় শ্ৰী শ্ৰী, জয় ৰাধে ৰাধে”৷ মোকো “জয় শ্ৰী শ্ৰী, জয় মহাদেৱ” বুলি কৈ ওলাই গৈছিল৷

মই মাথোঁ বাকৰুদ্ধ হৈ তাইলৈ চাই আছিলোঁ এজনী ছয়বছৰীয়া ছোৱালীৰ ইমান স্পষ্টবাদিতা, ইমান দৃঢ় সংকল্প ভাবি আচৰিত হৈছিলোঁ৷ ছোৱালীজনীৰ মাকৰো হেনো এনে অদ্ভুত ডাঙৰ- ডাঙৰ পৰিকল্পনা আছিল৷ তাই সেইবোৰ পূৰণো কৰিছিল৷ মাক- দেউতাকে তেতিয়া তাইক উৎসাহ যোগাইছিল৷ তেওঁলোক দুয়ো বৰ ধনাত্মক দৃষ্টিভংগীৰ মানুহ আছিল৷ তেওঁলোকৰ দুটা ল’ৰা- ছোৱালী, দুয়ো ইলেক্ট্ৰিকল ইঞ্জিয়াৰ৷ ছোৱালীজনীয়ে মুম্বাই ইউনিভাৰ্চিটি ইলেক্ট্ৰিকল ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে চতুৰ্থ বৰ্ষতে এখন মাইক্ৰ’ ইলেক্ট্ৰনিক্সৰ কিতাপ লিখিছিল আৰু প্ৰকাশ কৰি উলিয়াইছিল৷ সেই কিতাপখন মুম্বাই ইনিভাৰ্চিটি আৰু গুজৰাট- আহমেদাবাদৰ কেইবাখনো ইউনিভাৰ্চিটিত চলিছিল৷ এই কথাবোৰ ইমান সুন্দৰকৈ সাধনা মায়ে কৈ থাকে যে শুনিলে শুনি থাকিবৰ মন যায়৷ জীয়েকৰ কথাবোৰ কৈ যাওঁতে তেওঁ এবাৰ কৈছিল যে তাইৰ কিতাপখন যেতিয়া ইউনিভাৰ্চিটিত চলিল তেতিয়া বংশ পৰিয়ালৰ সকলো মানুহেই আহি শলাগিছিল৷ এই কথাখিনি কৈ যাওঁতে তেওঁৰ মুখত এক প্ৰশান্তিতে ভৰা হাঁহি জিলিকি উঠিছিল৷ তথাপি অত্যধিক উচ্চসিত হৈ তেওঁ একো কোৱা নাছিল, তেওঁ মাথোঁঁ কৈছিল যে, “বেটী কা কিতাপ জব ইউনিভাৰ্চিটি মে চলনে লগা তব হামাৰে ঘৰমে ৰিষ্টেদাৰ আ- আ কে বোলনে লগা, তুমহাৰা য়ে বেটী…!” তাৰপাছত তেওঁ একো কোৱা নাছিল৷ সাধনা মাৰ মানসিকতাই এনেকুৱা, প্ৰশংসাত উথলি নুঠে, সমালোচনাতো ভাগি নপৰে৷ সুখে- দুখে উদ্বাউল কৰিব নোৱাৰা তেওঁ এক ধীৰ স্থিৰ চৰিত্ৰ৷

এদিন মায়ে কৈছিল পুতেকৰ কথা৷ পুতেকৰ লগত আমেৰিকাৰ নাগৰিকত্ব লৈ তেওঁ পাঁচ বছৰ কাল তাত আছিল৷ তেওঁৰ স্বামীৰ আমেৰিকাত থাকোতেই কেন্সাৰ হ’ল আৰু মৃত্যু হ’ল৷ মৃত্যুৰ আগে আগে তেওঁ নিজৰ পত্নীৰ ভাৰতৰপৰা আঁতৰত থকাৰ দুখ অনুভৱ কৰিব পাৰিছিল৷ বুজিছিল তেওঁ যে মানুহগৰাকী আমেৰিকাত থাকে যদিও দেশে মনে আত্মাই ভাৰতক বিচাৰি থাকে৷ সেয়েহে তেওঁ ভাৰতত থকা জীয়েকলৈ এখন চিঠি লিখি পঠাইছিল যে তাই যাতে তেওঁৰ মৃত্যুৰ পাছত মাকৰ বাবে ভাৰতত এটা ঘৰ লৈ থকাৰ বন্দবস্ত কৰি দিয়ে৷ দেউতাকৰ আকস্মিক মৃত্যুৰ পাছত জীয়েকে সাধনা মা’ক নিজৰ এপাৰ্টমেণ্টৰ ওচৰলৈ লৈ আনে৷ এইগৰাকী মানুহৰ ওচৰতে আহি তেওঁৰ নাতিহঁতৰ দৰেই বহুতে নিজৰ কথা কয়হি৷ ময়ো আহোঁ৷ উক্তি আৰু যুক্তি সকলোতে কেৱল যোগাত্মক দৃষ্টিভংগী, সকলোতে কেৱল আশা৷ এই আশা আকৌ আনৰপৰা পোৱা আশা নহয়, নিজৰ জীৱনৰ বিভিন্ন দিশৰপৰা, বিভিন্ন ঘটনাৰপৰা, বিভিন্ন কথাৰপৰা পোৱা যোগাত্মক আশা৷ ইমান সুখী হ’বলৈ, নিজকে ইমান সুন্দৰকৈ চিনিবলৈ যে কিমান সাধনাৰ প্ৰয়োজন৷ আৰু সেই সাধনাত সিদ্ধি লাভ কৰোঁতাজন যে কিমান সৌভাগ্যবান৷ হয়তো তেনে লোককে মানুহে নৰৰপৰা নাৰায়ণ হোৱা বুলি কয়৷ সাধনা মাৰ লগত কথা পাতিলে সৎ সং কৰি ভগৱানৰ কথা শুনি অহা যেন লাগে এক মুকলি আৰু সুখানুভূতি লৈ৷ স্বামীৰ অসুখৰ সময়ত তেওঁ আমেৰিকাত পুতেকৰ ঘৰত আছিল৷ তেতিয়া পুতেকৰ ছোৱালীজনীৰ বয়স তেৰ কি চৈধ্য বছৰ৷ তাৰপাছত এটা ল’ৰা৷ দুয়োটা ল’ৰা ছোৱালীয়ে ককাক আইতাকক বৰ ভাল পাইছিল৷ যেতিয়া ককাকৰ মৃত্যু সমাগত হ’ল আৰু মাক- দেউতাক, আইতাক, আৰু ডাক্তৰৰ যত্ন প্ৰতিপালনেও ককাকক সুস্থ কৰিব নোৱাৰিলে, তেতিয়া সেই তেৰ কি চৈধ্য বছৰীয়া ছোৱালীজনীয়ে ডাক্তৰ হোৱাৰ শপত লয়৷ সেই সময়ত তেওঁ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল৷ আইতাক, মাক-দেউতাক সকলোৰে সমুখত তাই এদিন কৈছিল, “তোমালোক মোৰ লগত ককাৰ ওচৰলৈ আহাচোন৷” সকলো গোট খোৱাত তাই ককাকৰ হাত এখন মূৰত লৈ কৈছিল, “ককা, মই তোমাক ভাল কৰিব নোৱাৰিলোঁ, কিন্তু তুমি মোক আশীৰ্বাদ দিয়া যাতে মই কেন্সাৰ ৰোগীক সুস্থ কৰিব পৰা চিকিৎসক হওঁ৷” ককাকে এটা সুন্দৰ হাঁহি মাৰি নাতিনীয়েকৰ শিৰত হাতখন ৰাখিছিল আৰু চকুৰেই সন্মতিৰ ইংগিত দিছিল৷ মুখেৰে তেওঁ একো কোৱা নাছিল৷ ক’বলৈ কেতিয়াবা শব্দও হেৰাই যায়৷ নিজৰ মৃত্যু সমাগত বুলি জনা এজন ব্যক্তিৰ নিশ্চয় ক’বলৈ নাছিল৷ কি ক’ব তেওঁ! কিন্তু সেই কৰুণ আৰু দৃঢ় প্ৰতিশ্ৰুতি সেই মুহূৰ্তত তাত উপস্থিত থকা আটাইৰে হৃদয়ত ৰৈ গ’ল৷ সেইদিনা ধৰি তাইক কোনেও পঢ়াৰ বিষয়ে ক’বলগা নহৈছিল৷ তাইৰ জীৱনৰ লক্ষ্য থিৰ হৈ গৈছিল আৰু লক্ষ্য পূৰণৰ বাবে তাই ব্যস্ত হৈ পৰিছিল৷ তাইৰ ইমান একাগ্ৰতা আৰু সাহস আইতাকৰ বাবে গৰ্ব কাৰণ৷ মাক- দেউতাকৰ বাবেও তাইৰ দৃঢ়তা এক সুখৰ কাৰণ৷ বায়েকৰ দৃঢ়তা দেখি ভায়েকেও নিজৰ লক্ষ্য থিৰ কৰি লৈছিল যে তেওঁ ককাকৰ দৰে দলং বনোৱা দক্ষ ইঞ্জিনীয়াৰ হ’ব৷ ককাকে সু- নিপুণ দলং বনোৱাৰ আৰ্হি জাৰ্মানী, জাপান আদি দেশৰপৰা লৈছিল৷ কুৱেইটত তেওঁক তেওঁৰ নৈপুণ্যৰ কাৰণে কুৱেইট চৰকাৰে পুৰস্কৃতও কৰিছিল৷

কথা আৰু কামৰ পাৰ্থক্য নাই৷ যি যেনেকৈ কৈছে, তেনেকৈয়ে হৈছোঁ৷ ককাকৰ আশীৰ্বাদ লৈ নাতিনী ‘অনক’লজিষ্ট’ হ’ল, নাতিল’ৰা চিভিল ইঞ্জিনীয়াৰ হ’ল৷ জীয়েকে পঢ়ি থাকোঁতেই কিতাপ লিখি বিখ্যাত হৈছিল৷ এতিয়া জী- নাতিনীৰ পৰ্ব৷

সেইদিনা আবেলি আমি কথা পাতি থাকোঁতেই জীয়েক আহি ওলাইছিলহি, ঠিক কণমানিজনী ওলাই যোৱাৰ মুহূৰ্ততে৷ সেইসময়ত কণমানিজনীয়ে আইতাকৰ ভৰি চুই সেৱা কৰি “জয় শ্ৰী শ্ৰী, ৰাধে ৰাধে কৃষ্ণ” কৈছিল, আইতাকেও সমানে কৈছিল আৰু হাতযোৰ কৰিছিল৷ তাৰপিছত তাই মোৰ ফালে হাতযোৰ কৰি “নমঃ শিৱায়” কৈছিল৷ মাকে সেই মুহূৰ্তত দুৱাৰমুখত ৰৈ চাই আছিল৷ ছোৱালীজনীয়ে মাকক গহীন চাৱনি এটা দি ওলাই গৈছিল আৰু মাক সোমাই আহিছিল৷ মাকে আহি তেওঁৰ মাকক অৰ্থাৎ সাধনা মাক সুধিছিল, “এইয়া কি মা? বিৰাট গহীন কাৰবাৰ দেখোন! জয় শ্ৰী শ্ৰী, ৰাধে কৃষ্ণ, নমঃ শিৱায়! এনেবোৰ কথাতো তাই আমাৰ আগত কেতিয়াও নকয়৷ তোমাৰ লগত একদম বেলেগ দেখোন!”

মানুহগৰাকীয়ে তেতিয়া হাঁহি মাৰি কৈছিল, “মই শিকাইছোঁ বাবে মোৰ লগত এনে আচৰণ কৰে৷ তহঁতে কথা পাতিবলৈ সময় নিদিয় বাবে তহঁতৰ লগত কথা নাপাতে আৰু দূৰত্ব বজাই ৰাখে৷”

“মা, আমাৰ আচলতে তাইৰ সেই অলীক কল্পনাবোৰ শুনিবলৈ সঁচাকৈয়ে সময় নাই৷ দিনৰ দিনটো চাকৰিৰ কাম আৰু ঘৰুৱা কাম” জীয়েকে মোৰ ফালে চাই কৈছিল, “বুজিছে খুড়ী, আজিকালি আগৰ দৰে জীৱন নাই৷ চাৰিওফালে ব্যস্ততা৷”

মাকে তেতিয়া মাত দিছিল, “আৰু যিকণ সময় থাকে সেইখিনি গোটে- পাতে লৈ লয় ফেচবুক, হোৱাটছ আপ আৰু টি. ভি.টোৱে, নহয়নে বাৰু?”

:উপায় নাই মা! ৰিলেক্সেচনৰ কাৰণে কিবা এটাতো লাগে!
:কিন্তু আমাৰ বাবেতো সন্তান আৰু পৰিয়াল-পৰিজনেই ৰিলেক্সেচন আছিল৷

:আমিও কৰিছোঁ মা! পৰিয়ালৰ বাবেই কৰিছোঁ৷ কিন্তু তোমাৰ নাতিনী শ্ৰেয়াৰ সাধুকথাবোৰ কিমান শুনিম! আমনি লাগে৷ শুনিব পাৰিলে ভাল বুলিও জানো৷ কিন্তু ধৈৰ্য নাথাকেগৈ আমাৰ৷ ইমান ষ্ট্ৰেছ লাইফত৷

:কিয় ষ্ট্ৰেছ? থকাখিনিক লৈ সন্তুষ্ট হ’বলৈ শিকিবি৷ সদায়তো এইবোৰ কথাকেই কৈ আছোঁ শিক্ষা-দীক্ষা আছে কাৰণেই সীমাৰ পৰিধি দূৰলৈ টানি নিনিবি৷ সেই শিক্ষা কামত লগা৷ প্ৰতিযোগিতাত নলগাবি৷

:”ঠিক আছে বাৰু মা৷ আজি তোমাৰ নাতিনীৰ কথা শুনিলানে? কি ক’লে তাই?

:কৈছে যে ফ্ৰান্সত এটা ঘৰ কিনিব, ইটালীত থাকিব, ডাক্তৰী পঢ়িব৷ আৰু একজিকিউটিভ ক্লাছত প্লেনৰ টিকেট লৈ ইখন দেশৰপৰা সিখন দেশলৈ গৈ- গৈ ৰোগীক অপাৰেশ্যন কৰি সুস্থ কৰি তুলিব৷ তাই বিৰাট ব্যস্ত হৈ পৰিব আৰু তেতিয়া তাইৰ হাতত তহঁতৰ লগত বহি কথা পাতিবলৈ সময় নাথাকিব৷

সাধনা মা’ৰ কোঠা শুনি জীয়েকে ডাঙৰকৈ হাঁহিছিল আৰু মোৰ পিনে চাই সুধিছিল, “আপুনি বাৰু কি ভাবিছে খুড়ী? নাহাঁহিব দেই আৰু আনকো নক’বগৈ৷ আমাৰ মা আৰু নাতিনীৰ কথাবোৰ তেনেকুৱাই৷ ডাঙৰজনীয়ে আকৌ আজিকালি নিজৰ বন্ধু-বান্ধবীহতৰ কথা পাতিবলৈ আহি আইতাকৰ ওচৰহে পায়হি৷ শুনিলে আচৰিত হ’ব, প্ৰেমৰ সম্পৰ্কৰ কথাও তাই আইতাকক কয়হি৷ ভাগ্য ভাল! পঢ়া শুনাত ঠিকেই আছে, নহ’লে বৰ চিন্তা হ’লহেঁতেন৷”

মই উত্তৰ দিছিলোঁ, “তোমালোক ভাগ্যবান যে এনে এগৰাকী মা পাইছা৷ নাতিনীহতে আইতাকৰ আশ্ৰয় আৰু সংগ পাইছে, তাতে ইমান উৎসাহ দিয়া আৰু যোগাত্মক চিন্তাৰ মানুহ পোৱাটো ভাগ্যৰ কথা৷”

:হয় খুড়ী, কথাটো ময়ো মানি লওঁ৷ কিন্তু আজিকালি প্ৰতিযোগিতাৰ যুগত মানুহ আগেয়ে সফল হৈ নুঠালৈকে একোৱেই নকয়৷ তেনে স্থলত আমাৰ ঘৰত আকৌ জীৱনৰ উদ্দেশ্য সকলোৱেচোন ৰাজহুৱা কৰিহে দিয়ে!

তেতিয়া সাধনা মা’য়ে মাত লগাই ছিল, “পিছে কিনো বেয়া হৈছে? তয়োতো কলেজত পঢ়ি থাকোঁতেই কিতাপ লিখিম বুলি লিখি উলিয়ালি? আমি জানো তোক বাধা দিছিলোঁ? তোৰ কথা আমিও শুনিছিলোঁ, মানি লৈছিলোঁ৷ তেন্তে তহঁতৰ এতিয়া কিয় ইমান ভয়? সফলতা-অসফলতাবোৰ নিজতকৈ আনৰ কাষত হোৱাটোৰ জোখ-মাপৰ বাবেই নহয়নে? তেনেকুৱা নকৰিবি৷ আমি তহঁতবোৰ আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব দিছিলোঁ, ভৰসা আছিল৷ আনৰ আগত কি দেখুৱাম সেই চিন্তা আমাৰ নাছিল মাজনী৷”

:হয় হয় মা৷ তোমালোক সঁচাকৈয়ে মহান আৰু তোমালোকৰ যোগাত্মক চিন্তাধাৰা আৰু উৎসাহৰ বলতে আজি তোমালোকৰ দুয়ো সন্তান মই আৰু দাদা সুন্দৰভাৱে প্ৰতিষ্ঠিত।

: তেনেহ’লে আজি তোমাৰ নিজৰ ছোৱালীজনীক কল্পনাৰ সুন্দৰ জগতখনত বিচৰণ কৰোঁতে বাধা কিয় দিব লাগে? উৎসাহ দিলেনো কি ক্ষতি হয়?
: নহয় মা! তাই দীঘলীয়াকৈ এটাৰ পাছত এটাকৈ কথাবোৰ গাঁঠি গৈ থাকে, তুমি দেখিছাইতো!
: সপোন তেনেকৈয়ে দেখে মাজনী৷ কল্পনাৰ মালাধাৰ তেনেকৈয়ে গাঁথে৷ আজিকালি মাক দেউতাকৰ সময়ৰ কৃপণালিৰ বাবে সন্তানৰ সপোনক আদৰ কৰাৰ পৰিবৰ্তে নিজৰপৰা নিলগাই ৰাখে৷

তাৰ মাজতে জীয়েকে মোক সুধিছিল, “খুড়ী আপুনি বাৰু কি কয়?”

:কি ক’ম? তোমাৰ মা মোৰ বাবে এগৰাকী আদৰ্শ নাৰী৷ আজিৰপৰা এগৰাকী সফল আদৰ্শ মাতৃকো চিনি পালোঁ৷ লগতে জানিলোঁ মাক-দেউতাকৰ যোগাত্মকভাৱ আৰু উৎসাহে কিদৰে তোমালোকৰ দৰে সফল সন্তান গঢ়ে৷ তুমি চাবা, কাইলৈ এই অকণমানি ছোৱালীজনী এজন সফল চাৰ্জন হ’ব৷ কোনে জানে তাই কোৱাৰ দৰে তাই কিজানি পৃথিৱী বিখ্যাত হৈও যাব পাৰে৷ আৰু তাই ভবাৰ দৰে প্লেনৰ একজিকিউটিভ ক্লাছত পৃথিৱী ঘূৰি ফুৰিবও পাৰে৷ সেয়ে কওঁ, সন্তানৰ কথা শুনা, তেওঁলোকে কি ভাবে ক’বলৈ দিয়া৷ ভাব- চিন্তাৰ পৰাই কৰ্ম আৰম্ভ হয়, কৰ্মৰপৰা লক্ষ্য আৰম্ভ হয় আৰু লক্ষ্যৰপৰা আহে সফলতা৷ মানুহক সদায় আগবাঢ়ি যোৱাত সহায় কৰিব লাগে৷ বিশেষকৈ সন্তানক পিতৃ-মাতৃয়ে কেতিয়াও নিৰুৎসাহজনক কথা ক’ব নালাগে, হতাশজনক পৰিবেশত ৰাখিব নালাগে৷ পিতৃ মাতৃৰ দায়িত্ব কেৱল আহাৰ আৰু কাপোৰৰ যোগান ধৰা, স্কুল কলেজত পঢ়িবলৈ সুবিধা কৰি দিয়াতেই সীমাবদ্ধ নহয়৷ এখন সুন্দৰ শক্তিশালী মানসিক জগত গঢ়ি দিয়াতো তেওঁলোকৰ দায়িত্ব থাকে৷

তেনেতে হিতৈষী নামৰ ডাঙৰ নাতিনীজনী সোমাই আহিছিল৷ আইতাকৰ লগত মাক আৰু মোক দেখি তাই অলপ আচহুৱা বোধ কৰে৷ কিন্তু আইতাকে তাইক কৰা সম্বোধনে তাইক পুনৰ সহজ কৰি তুলিছিল, “মোৰ এইজনী ভগৱানৰ দান দিব্যকন্যা দেখিছানে? মোৰ ডাঙৰ বান্ধৱী৷ আমাৰ যে আজিকালি কিমান কথা থাকে নহয়নে বাৰু? তোমাৰ সেই বন্ধুজন…” আইতাকৰ কথাষাৰ সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই তাই আইতাকক গবা মাৰি ধৰে আৰু মুখত হাতখন দিয়ে, “তোমাৰ লগত পতা কথাবোৰ মাৰ আগত কৈ মোক মাৰিব খুজিছা নেকি? ”
:কিয়? তোমাৰ মাৰাৰতো মই সকলো কথাই শুনো৷ তেওঁ তোমাৰ কথা নুশুনে নেকি?

: অ’ মাই গড! মা আৰু মোৰ এইবোৰ কথা! না না!

সাধনা মায়ে পুনৰ জীয়েকৰ পিনে চাই কৈ উঠিছিল, ”কি অ’ মাজনী! তই কি তাইৰ কথা নুশুন? মাকজনীতকৈ ভাল বন্ধুনো আৰু কোন হ’ব পাৰে৷ মোৰ দেখোন তোক বহুত কথাই শিকাবলৈ বাকী থাকি গ’ল!”

:নহয় মা, তোমাৰ শিকনিত একো বাকী ৰৈ যোৱা নাই মা৷ তুমি সম্পূৰ্ণ শুদ্ধ৷ আমিহে বেছি অহংকাৰ লৈ আছোঁ নিশ্চয়৷ হয়তো মাক হোৱাৰ অহংকাৰ! আজিৰপৰা ময়ো তোমাৰ দৰে হ’বলৈ চেষ্টা কৰিম মা৷

মাক- জীয়েক আৰু আইতাকৰ মধুৰ কথা- বাৰ্তাৰে আন্দোলিত সেই আবেলিটো সঁচাকৈয়ে আজিও মোৰ মনত সজীৱ হৈ আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক