বাংগালোৰ চহৰলৈ মোৰ যাত্ৰাৰ কিছু স্মৃতি(-বিকাশ দাস)

২০০৯ চনৰ কথা …উচ্চতৰ মাধ্যমিকৰ ফলাফল দিলে। অতীতৰ তিতা-মিঠা কথা কিছুমান পাহৰি মুখত হাঁহি এটি বিৰিঙাই নতুন উদ্দমেৰে নতুনক আদৰি লোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হ’লো । ঘৰত মা-দেউতাৰ আলোচনা চলিছিল কি পঢ়ুৱাব কি নপঢ়ুৱাব । মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাত ৰেংক বহুত পিছত থাকি গ’ল। বহুতে আকৌ এবাৰ চেষ্টা কৰিবলৈ ক’লে; কিন্তু মই এটা বছৰ এনেই নষ্ট কৰিবলৈ মন নকৰিলোঁ। শেষত সকলোৱে ঠিক কৰিলে যে মোক বাংগালোৰত পঢ়াব। কথামতে কাম। সময়মতে এডমিচন ললো B.Pharmত। ২৫ জুন, ২০০৯ত দেউতাৰ লগত গুৱাহাটী বাংগালোৰৰ অভুমুখী ট্রেইনখনত যাত্রা আৰম্ভ কৰিলো। মাৰ দু-নয়ন সেমেকি পৰিছিল বিদায় দিয়াৰ পৰত। ষ্টেচনত ভাইটি, খুৰা আৰু মা আহিছিল মোক বিদায় দিবলৈ । মই নিজেও আবেগিক হৈ পৰিছিলোঁ মাৰ চলচলিয়া চকু দেখি। ট্রেইনখনত উঠাৰ আগমুহূর্তলৈ হাঁহি হাঁহি মোৰ ফালে চাই আছিল। ২৪ জুন, ২০০৯ ৰ ৰাতি মা-দেউতা দুয়োজনে একেলগে বহুত সময় কিবা কিবি কথা কৈ উচুপি আছিল; কিন্তু মোক গমকে পাবলৈ দিব বিচৰা নাছিল। তেওঁলোকৰ হিয়াই হয়তো আর্তনাদ কৰি উঠিছিল মোৰ বিদায় মুহূর্তত। সেইয়া হয়তো সুখৰ অশ্রু আছিল।

অলপ পিছত ৮/৩০ বজাত ট্রেইনখনে ষ্টেচন এৰাৰ সংকেত দিলে । লাহে লাহে আগবাঢ়িল জীৱনৰ অইন এটা কাহিনী। ক্ষন্তেকীয়া যাত্রাৰ পিছত অসমৰ সীমা পাৰ কৰি বেংগলত সোমালোঁ। চিম কেইখনো ৰোমিং হ’ল। মোৰো মন সেমেকি আহিল। কিন্তু দেউতা লগত আছিল গতিকে নিজকে চম্ভালি ল’লো । মায়ে ৰান্ধি দিয়া ৰুটি-আলুভাজি খাই অলপ শুই পৰিলোঁ, যাতে দুখবোৰ দুচকুৰে বৈ নাহে। আমি বহি থকা ডবাটোত এজনী তিৰোতাও আছিল। বহুত পৰ পিছত যেতিয়া সন্ধ্যা নামি আহিল তেওঁ আমাক মাত লগালে। মোৰ নাম সুধিলে, মোৰ লক্ষ্য সুধিলে । অলপ পৰ আমি কথা পাতিলোঁ । জানিব পাৰিলোঁ, তেখেত ডাক্টৰ, চেন্নাইলৈ যাব, তেওঁৰ ল’ৰা তাতে পঢ়ি আছে । মোৰ সেমেকি থকা মাততো শুনি তেওঁ মোক সাহস জগাবৰ কাৰনে উপদেশ কিছুমান দিলে ।ভাল লাগিল কথাবোৰ । লাহে লাহে ৰাতিৰ সাজ খাই শুই থাকিলোঁ আমি ।
তাৰপিছত অন্ধ্রপ্রদেশ, তামিলনাডু পাৰ কৰি সম্পূর্ণ ৫৫ ঘণ্টাৰ পিছত আমি আহি পালোহি বাংগালৰ। দক্ষিণ ভাৰতত প্রৱেশ কৰি কিবা এটা বেলেগ অনুভৱ হ’ল । কলেজৰ পৰা অহা ভান এখনে আমাক লৈ গ’ল বাংগালৰ চহৰৰ মাজেৰে কলেজৰ ঠিকনালৈ। মাজতে আমি নামি এঠাইত কিবা খাও বুলি সোমালোঁ। ভোক লাগিছিল, সময় দিনৰ প্রায় ২ বজা । সেইদিনা প্রথম খাইছিলোঁ চাউথ স্পেচিয়েল মিলছ। সাতটামান সৰু সৰু বাটিত সাতবিধমান তৰকাৰি আছিল (যেনে – ৰচম, দালি, দৈ, কিবা এখন টেঙা আঞ্জা ইত্যাদি) । পেটৰ তাড়ণাত খালোঁ । নতুন খাদ্য সম্ভাৰ প্রথমে ভাল লগা নাছিল; কিন্তু পিছত ভাবিলোঁ ইয়াতে থাকিব লাগিব যেতিয়া বেয়া পাই একো লাভ নাই।। কিন্তু মাৰ হাতৰ সোৱাদৰ অভাব তেতিয়াহে ভালকৈ অনুভৱ হল। ৩.৩০ মানত আহি নিজৰ বস্তুখিনি হোষ্টেলৰ ৰুম এটাত ৰাখিলোঁ ।
গোটেই হোষ্টেলখনতে মালায়ালম ভাষা কোৱা ল’ৰা বেচি আছিল । অসমীয়াত মই আৰু দেউতাই হে কথা পাতি আছিলোঁ৷কাণ দুখনে শুনিবলৈ পালে কেতিয়াও নুশুনা কানাড়া, মালায়ালম ভাষা। গোটেই পৰিৱেশতো যেন কিবা বেলেগ বেলেগ লাগিল। মনতো সিমান এটা বেয়া লগা নাছিল কাৰণ লগত দেউতা আছিল। সেইদিনাখন খাই বৈ শুই থাকিলো ।
পিছদিনা বাংগালৰত থকা দাদা এজন আহিল আমাৰ ঠিকনালৈ… তেওঁৰ লগতে ওলাই গ’লো বাংগালৰ চহৰখন চাবলৈ । তিনিদিন খুউব ঘুৰিলোঁ । ইস্কান মন্দিৰ, লাল-বাগ বতানিকেল গার্ডেন, বাংগালৰ পেলেচ, এম জি ৰোড, ব্রিগেদ ৰোড আৰু কেইবাটাও মন্দিৰ । চাউথট দেখিলো মন্দিৰৰ সংখ্যা বহুত বেছি। মানুহবোৰৰ ধর্ম-কর্মত মন বেছি । মানুহবোৰ দেখাত বহুত বেলেগ ধৰণৰ । সকলোৱে নিজৰ কামত ব্যস্ত । মুৰ ঘুৰাবলৈ সময় নাই । সম্পূর্ণ ৪ দিন পিছত দেউতা ঘূৰি যাবৰ পৰ হ’ল। মই দুখী হৈ পৰিলোঁ । কি কৰিম যাবইটো লাগিব৷ শেষত মই দেউতাক বিদায় দিব লগা হল মোৰ ওচৰৰ পৰা । তেওঁ ঘুৰি আহিল অসমলৈ।
মই আবদ্ধ হ’লো এখন নতুন সমাজত । প্রথম কেইদিনমান কষ্ট হ’ল মানুহখিনিৰ কথা-বার্তা বুজি পোৱাত । ভুলতে মই কেতিয়াবা দোকানত চাহ খাব গৈ কৈ দিও “ দাদা চাহ একাপ দিয়কচোন ” বেচেৰাই বাৰু কি উত্তৰ দিব মুখ খুলি চাই থাকিল । মই পিছতহে বুজিব পাৰি হিন্দীতে ক’লো “ ভাইয়া এক কপ চায়ে দেনা ” ।তাৰপিছত হে চাহ খাব পাৰিলোঁ।ইয়াৰ মানুহখিনিৰ লগত আৰু এটা প্রব্লেম আছে সিহতে হিন্দী ভাষাও ভালদৰে ক’ব নাজানে। নিজৰ ভাষাৰ বাদে বেলেগ ভাষাক প্রশ্রয় দিব নিবিচাৰে । হিন্দী ৰাষ্ট্রীয় ভাষা যদিও তেওঁলোকে নকয় বা ক’বলে মনেই নকৰে । কেতিয়াবা খংও উঠি আহে।এনেকৈয়ে লাহে লাহে নিজকে এইচাম মানুহৰ মাজত আবদ্ধ কৰি ৰাখি তিনি বছৰ পাৰ কৰিলোঁ । ইমান দিনে থাকি মই কেৱল দুটামান কানড়া শব্দহে শিকিব পাৰিছোঁ তেওঁলোকৰ পৰা …
যেনেঃ ভাত খালানে — উটা ইতা?
ও খালো — আইতু
মই কানাড়া নাজানো — কানাড়া গতিলা
মই অলপ অলপ কানাড়া জানো — চল্প চল্প কানাড়া গতো

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments