বাংলাদেশী অনুপ্ৰৱেশ সমস্যা আৰু কিছু বিক্ষিপ্ত চিন্তা : ধনজিৎ কলিতা

সিদিনা কথাৰ মাজতে বন্ধু এজনে ক’লে, “বাংলাদেশী সমস্যাটো অসমৰ বাবে এটি ডাঙৰ সমস্যা নহয়, বহিঃৰাজ্যৰ পৰা হৈ থকা মুক্ত প্ৰব্ৰজন আৰু তেওঁলোকে অসম, অসমীয়া ভাষা আৰু থলুৱা অসমীয়াৰ প্ৰতি অহৰহ কৰি থকা সামাজিক, ভাষিক আৰু অৰ্থনৈতিক আক্ৰমণহে অসমৰ বাবে এই মুহূৰ্তৰ ডাঙৰ সমস্যা।” আমাৰ বন্ধু অসম আৰু অসমীয়াৰ হ’কে অহৰহ মাত মাতি থকা এজন সচেতন অসমীয়া।
এতিয়া আহিছো মূল কথাংশলৈ। এখন গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰ হিচাপে ভাৰতীয় সংবিধানে ভাৰতৰ যিকোনো ঠাইৰ মানুহকে ভাৰতৰ ভিতৰত যিকোনো ঠাইত থাকি ব্যৱসায়, চাকৰি বা যিকোনো কাম-কাজ কৰি থকাৰ অধিকাৰ দিছে। সেই অধিকাৰৰ ব্যৱহাৰ আমাৰ অসমীয়াসকলে সমূচিতভাবে কৰিব পৰা নাই সেয়া এক আন অধ্যায়। আমিও বা যিকোনো মাতৃভাষাপ্ৰেমিক অসমীয়াই আশা কৰিব যে অসমত ব্যৱসায় কৰি থকা অনা-অসমীয়া ব্যৱসায়ীসকলে অসমীয়া ভাষা শুদ্ধভাৱে ব্যৱহাৰ কৰক। কিন্তু সাংবিধানিকভাৱে আপুনি তেওঁলোকক বাধ্য কৰাব নোৱাৰে। ভঙাকৈ হ’লেও যদি তেওঁলোকে অসমীয়া ভাষা কৈছে বা ক’বলৈ যত্ন কৰিছে তেওঁলোক ধন্যবাদৰহে পাত্ৰ, কাৰণ আন যিকোনো ৰাজ্যত আপুনি মন কৰিব যে যিকোনো বাহিৰৰ ৰাজ্যৰ মানুহে থলুৱা ভাষাটো শিকাৰ সলনি হিন্দীতহে মত বিনিময় কৰে যাৰ কাৰণে থলুৱা ভাষাটোক অপমান কৰা বা সেই ভাষাটোৰ অৱস্থানত কিবা বিৰূপ প্ৰভাৱ পেলাব বুলি ভবা নাযায়। কাৰণ থলুৱাখিনিয়ে হাড়ে-হিমজুৱে অনুভৱ কৰিব পাৰে যে নিজৰ ভাষাটোৰ বৰ্তমান বা ভৱিষ্যত তেওঁলোকৰ হাততে আছে। এই গোটেই উদাৰ ধাৰণাটোৱে সেই ঠাইটুকুৰাৰ আৰ্থ-সামাজিক উন্নতিত যথেষ্ট ধনাত্মক প্ৰভাৱ পেলায় যাৰ উদাহৰণ আপুনি যিকোনো উন্নত ৰাজ্যতে পাব।
এতিয়া আহো বন্ধুৰ “চিলেটীয়া, বাংলাদেশী মুছলমান বা বিদেশীয়ে অসমৰ কৃষি ক্ষেত্ৰলৈ বৈপ্লবিক পৰিৰ্ৱতন আনিছে” – কথাষাৰলৈ। কথাষাৰ এইবাবেই আলোচনাৰ মাজলৈ অনা হৈছে যে শেহতীয়াভাবে আমাৰ সচেতন বন্ধুৰ দৰে আন বহু অসমীয়াই এই মুহূৰ্তত বহিঃৰাজ্যৰ ব্যৱসায়ী সম্প্ৰদায়ৰ দ্বাৰা ত্ৰস্তমান হৈ, এনেকি ইয়াৰ বিৰূদ্ধে মাত মাতিবলৈ গৈ অসম তথা ভাৰতৰ এক ৰাষ্ট্ৰীয় আৰু অতি গম্ভীৰ সমস্যাৰ তৰলীকৰণ কৰিব বিচৰা যেন পৰিলক্ষিত হৈছে।
বিদেশীয়ে আমালৈ কি আনিছে কি নানিছে তাৰ গইনা লৈ যদি আমি এই ভয়ংকৰ ৰাজনৈতিক সমস্যাটোৰ পৰ্য্যালোচনা কৰিবলৈ যাওঁ সি এটা আবেগিক ৰূপহে পাব। চিলেটিয় বাংলাদেশীসকলে (এইখিনি কথা মই অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক বুজাবলৈহে কৈছোঁ, আমাৰ চৰিয়া মুছলমান ভাইসকলক নহয়) ভাল খেতি কৰিছে, শাক-পাচলি সহজলভ্য কৰি তুলিছে বা অসমীয়া ভাষা কৈছে বুলি কৈ গোটেই সমস্যাটোৰ সৰলীকৰণৰ কৰিব নোৱাৰি। উপৰোক্ত পৰ্য্যবেক্ষণখিনি এটা আৰ্থ-সামাজিক প্ৰয়োজনীয়তাৰ বাহ্যিক ৰূপহে। বাংলাদেশত খাবলৈ নাপাই মৰাতকৈ অসমৰ সাৰুৱা মাটিত অহোৰাত্ৰ পৰিশ্ৰম কৰি বা ডিঙিত গামোচা বান্ধি, অসমীয়া ভাষা শিকি পেটৰ ভাত মোকোলোৱাটো যে বেছি সুবিধাজনক সেইখিনি জীয়াই থকাৰ মানৱ প্ৰবৃত্তিয়ে (willingness of survival) সকলোকে সাধাৰণভাৱে শিকাই দিয়ে। জীয়াই থকাৰ চূড়ান্ত প্ৰয়োজনীয়তাই এতিয়াও চৰম ৰূপেৰে বাধ্য কৰিবলগীয়া নোহোৱা, অত্যন্ত সাৰুৱা মাটি আৰু অন্যান্য প্ৰাকৃতিক সম্পদ জন্মসূত্ৰে লাভ কৰা, তুলনামূলকভাবে আৰ্থিক সবলতা থকা থলুৱা অসমীয়াখিনিয়ে এই ভীষণ আৰ্থ-ৰাজনৈতিক সমস্যাটোৰ গভীৰতা পূৰ্ণভাবে অনুধাবন নৌকৰোঁতেই বাংলাদেশীসকলক শ্ৰম কুশলতাৰে চাব খোজাটোৱে আমাৰ মানেৰে এটা চিন্তা উদ্ৰককাৰী তথা ভয়াবহ নিকত ভৱিষ্যতৰহে ইংগিত বহন কৰে। অসম আন্দোলন যদিও মূলতঃ বিদেশী সমস্যা সমাধানৰ বাবে আৰম্ভ হৈছিল কিন্তু উচ্চস্তৰীয় ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে চূড়ান্ত আবেগেৰে পৰিচালিত কৰা এই গণ-আন্দোলনৰ সময়তো সাধাৰণ ৰাইজে এই সমস্যাটোৰ মজ্জা অনুধাবন কৰিব পাৰিছিল বুলি বোধ নহয় কাৰণ তেতিয়াও অসমীয়াই ইয়াৰ আৰ্থ-সামাজিক দিশটো দৈনন্দিন জীৱনত প্ৰতিফলিত হোৱা দেখা নাছিল। কিন্তু আজিৰ সময়ত যেতিয়া অসম বা ভাৰতৰ আন আন ঠাইসমূহ কম-বেছি পৰিমাণে অৰ্থনৈতিক উন্নতিৰ পথত আগবাঢ়িছে তেতিয়াই অৰ্থনীতিৰ চিৰাচৰিত নিয়ম অনুসৰি মানৱ-সম্পদে (Human Resource বা Man power) এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ধৰিছে আৰু এই ভীষণ ৰাজনৈতিক সমস্যাটো এক সামাজিক ৰূপত দেখা দিছে। ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰই ভোটবেঙ্ক হিচাপে নিৰন্তৰ ব্যৱহাৰ কৰি অহা এই বাংলাদেশী প্ৰব্ৰজনকাৰীৰ বাবে থলুৱা হিন্দুৱে হওঁক, মুছলমানেই হওঁক বা আন খিলঞ্জীযাসকলেই হওঁক সমভাবে বিৰূপ প্ৰভাৱত ভূগিছে। লাহে লাহে ইয়াৰ প্ৰভাৱ সামাজিক ৰূপত দেখা দিছে আৰু খিলঞ্জীয়া হিচাপে পাবলগীয়া সুবিধাখিনিৰ পৰা থলুৱাখিনি নিৰন্তৰ ভাবে বঞ্চিত হ’বলৈ ধৰিছে। আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰীসকল আমাৰ প্ৰতিদ্বন্দী কিন্তু ৰাজনৈতিক সমস্যা নহয় বৰং ৰাজনৈতিক লাভহে কাৰণ সমান ৰূপৰ প্ৰতিদ্বন্দ্বিতা নিজৰ দক্ষতাৰে ভাৰতৰ আন আন ঠাইত অসমীয়াইও আগবঢ়াব পাৰে। কিন্তু আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ কথা ভাবি যদি দ্ৰুতগতিত আজিও হৈ থকা “বাংলাদেশী প্ৰব্ৰজনকাৰী”ৰ সমস্যাটোৰ আওকাণ কৰিব যাওঁ তেতিয়া আওমৰণে মৰাহে হ’ব। আৰু ভাৰতীয় শাসনযন্ত্ৰই যদি ভাবিছে যে অসম বা উত্তৰ-পূবত সোমাই এওঁলোক তাৰেই সমস্যা হৈ তাতে থাকি যাব তেতিয়া হ’লে “বৰঘৰত জুই লাগিব কিন্তু মই শুইয়ে থাকিম, মোৰ পিঠি নুপুৰিব” বুলি ভবা ধৰণে হ’ব। এইলোক ইতিমধ্যেই ভাৰতৰ চুকে-কোণে বিয়পিবলৈ আৰম্ভ কৰিছে আৰু এটা নতুন ৰূপৰ আৰ্থ-সামাজিক ঔপনিৱেশ গঢ়াৰ পথত অগ্ৰসৰ হৈছে। এয়া এতিয়া অসম বা উত্তৰ-পূৱৰ সমস্যা নহৈ এক সৰ্বভাৰতীয় সমস্যা ৰূপে দেখা দিছে যাক অনুধাৱন কৰাৰ চূড়ান্ত সময় আহি পৰিছে।
এয়া ভাৰতীয় শাসনযন্ত্ৰৰ এক দীৰ্ঘকালীন ষড়যন্ত্ৰ যাৰ বলি আমি সকলোৱে হ’বলগীয়া হৈছে। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ (দুৰপ্ৰভাৱ!!) যে গোটেই দেশতে পৰিব বা পৰিছেই তাৰ বিষয়ে ভাৰতীয় জনগণক সজাগ কৰাৰ সময় আহি পৰিছে। আমি আশা কৰিছোঁ এই বিষয়টোৰ ওপৰত অধিক আলোকপাত হওঁক যাৰ দ্বাৰা সমস্যাটো সমাধানৰ পথত এখোজ আগবাঢ়িব পৰা যায়।
আনুমানিকভাৱে বৰ্তমান তিনিকোটিতকৈ অধিক বাংলাদেশী ভাৰতত আছে আৰু তাৰ অধিকাংশই যে অসমত খোপনি পুতিছে তাৰ বিষয়ে কাৰো দ্বিমত নাই।
Rediff.com-ৰ সতে হোৱা এটি সাক্ষাত্কাৰত কীৰ্তিচক্ৰ বিজেতা, “ভাৰতীয় গোপনীয় তথ্য দপ্তৰৰ” ভূতপূৰ্ব সঞ্চালক শ্ৰীযুত অজিত দোৱালদেৱে কৈছে যে, ” বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটো ভাৰতৰ সুৰক্ষাৰ প্ৰতি আটাইতকৈ ডাঙৰ ভাবুকি। দৈনিক প্ৰায ছয় হাজাৰৰ হিচাপলৈ প্ৰৱেশ কৰি থকা এই বাংলাদেশীবোৰৰ মাজত থাকিব পৰা ৫০ জন সন্ত্ৰাসবাদীক চিনাক্ত কৰাটো অসম্ভৱ। উত্তৰ-পূৱৰ বহুকেইটা ভয়াবহ সন্ত্ৰাসবাদী কাৰ্যৰ বাবে বৃহৎ পৰিমাণৰ বিষ্ফোৰক এই বাটেৰেই ভাৰত সোমাইছিল। গোটেই উত্তৰ-পূৱ তথা ভাৰতৰ আন আন ঠাইলৈও যে অস্ত্ৰ-শস্ত্ৰৰ অনবৰত সৰবৰাহৰ বাবে এই পথেই মুখ্য দায়ী তাত কোনো দ্বিমত নাই। গতিকে আপুনি অনুমান কৰিব পাৰে যে পাকিস্তানৰ দ্বাৰা ভাৰতত হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে মুখ্য সৰবৰাহৰ দুৱাৰ এয়াই।”
কেবল ভোটবেংকৰ ৰাজনীতিৰে আৱেষ্টিত হৈ থকা ভাৰতীয় ৰাজনৈতিক মহলে আওকাণ কৰি থকা এই সমস্যাটি যে ভাৰতৰ অখণ্ডাৱস্থাৰ প্ৰতিও এটি অশনি সংকেত সেয়া নিসন্দেহ। বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰি যে বৃহৎ বাংলাদেশৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে বাংলাদেশ চৰকাৰৰ দ্বাৰা পৰিচালিত কৰি থকা হৈছে আৰু আমাৰ সদা-সদয় চৰকাৰে তেৰাসৱৰ ভোটবেংক বঢ়োৱাৰ বাবে এইসৱৰ ওচৰত গদগদ অচলা ভক্তিত ৰেচন কাৰ্ড, পাচপোৰ্ট লৈ প্ৰণিপাত কৰিছে।
হায়ৰে অসম আৰু মোৰ সপোনৰ ‘বৰ অসম’!!!
অভিবাসী মুছলমান ভাইসকলৰ কথা কোৱা নাই বা কোনোকালেই নকওঁ; আমাৰো হৃদয়াৰ্ত আহ্বান যে বাংলাদেশী অনুপ্ৰৱেশকৰীৰ সমস্যাটোত ধৰ্মৰ আলম লোৱা নহওঁক (দুৰ্ভাগ্যক্ৰমে যিটো হৈ আছে)। বাংলাদেশী অনুপ্ৰৱেশকৰীসকল আমাৰ বাবে অকল বাংলাদেশী অনুপ্ৰৱেশকাৰী, হিন্দু বা মুছলমান নহয়। আমাৰ আকুল আবেদন যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে যিকোনো অসমীয়াই বাংলাদেশীৰ বিতাৰণৰ বাবে আগবাঢ়ি আহক আৰু আমাৰ অভিবাসী মুছলমান ভাইসকলেও এই প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰি দেখুৱাই দিয়ক তেওঁলোক কোনোগুণে কম অসমীয়া নহয়। অসমৰ জাতীয় স্বাৰ্থৰ ভীষণ বিৰোধী, ধৰ্মীয় মৌলবাদিতাৰ আঁৰ লৈ চলি থকা এই বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ মষীমূৰ কৰিবৰ আগভাগ আমাৰ মুছলমান ভাইসকলেই লব লাগিব।
কোনোবাই আদ্দাত অসমীয়া জাতিৰ ঋণাত্মকতাৰ বিষয়ে কটাক্ষ কৰি কোৱা মনত আছে যে আজিৰ পৰা ৫০ বছৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰত এখন দৃশ্যফলকত লিখা থাকিব যে, “এসময়ত ইয়াত অসমীয়া নামৰ এটি জাতি আছিল”। কিছু পাতলভাবে ব্যৱহাৰ কৰা এই বাক্যটিও সত্য নহ’ব বুলি পতিয়ন যাবলৈ যেন আজি মাত্ৰ এটিয়ে যুক্তি বিচাৰি পাইছোঁ যে তেনেকুৱা কোনো দৃশ্যফলক নাথাকিব, কাৰণ জাতিয়ে নাথাকিলে দৃশ্যফলকত অসমীয়া ভাষাত লিখিব কোনে!
মই বুজি নোপোৱা সাঁথৰটো হ’ল যে আমি এটা সমস্যাৰ কথা ওলালে তাক এলাহেৰে এৰি দিওঁ বা আন এটা সমস্যাৰ কথাৰে তাৰ সমাধানৰ পথ আগভেটা দিওঁ কিয়? নানানটা সমস্যা আছে, সেইবুলি ইমান সহজে তাৰ সমাধান নুলিওৱাকৈ এৰি দিব লাগিব নেকি? মান্য যে ৰাজনৈতিকভাৱে সমাধানৰ জোখাৰে এয়া এটি জটিল সমস্যা। কিন্তু অসমাধানযোগ্য কদাপি নহয়। আচলতে সমস্যাটিয়ে হ’ল বৃহত্ভাৱে ৰাজনৈতিক আৰু ইয়াৰ সমাধানো ৰাজনৈতিকভাবেই হ’ব লাগিব। হাজাৰ বছৰতো ইয়াৰ সমাধান নহ’ব বুলি এৰি দিলে পিঠি পুৰিলেও পি-পু বুলিহে কোৱা ধোদৰ সাধুৰেই অসমীয়া জাতিৰ অস্তিত্বৰ সামৰণি পৰিব। সাংস্কৃতিক আৰু ধাৰ্মিকভাবে অত্যন্ত উদাৰ, হিন্দু অথবা মুছলমান মৌলবাদিতাই কোনোকালে চুব নোৱাৰা অসমীয়া সমাজত আমি দুখেৰে সৈতে লক্ষ্য কৰিবলগীয়া হোৱা নতুনকৈ আৰম্ভ হোৱা বোৰ্খা সংস্কৃতি, নতুনকৈ ক’বলৈ আৰম্ভ কৰা দোৱান বা পমুৱা মুছলমান বনুৱাক মিঞা বুলি তাচ্ছিল্য কৰাৰ তুচ্ছ্য মানসিকতাও যে এক বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰে প্ৰতিফলন সেয়া আমাৰ অত্যন্ত সীমিত অধ্যয়নেৰেও বুজাত অলপো অসুবিধা হোৱা নাই।
বিদেশী সমস্যাটোৰ কথা ওলাওতে বাৰে বাৰে অভিবাসী মুছলমানসকলৰ কথা কৈ, তেওঁলোকৰ কাষ চপা, দূৰ হৈ যোৱাৰ কথা কৈ আচলতে আদিতে অসমীয়া সমাজত কাহানিও নথকা কিন্তু এতিয়া আৰম্ভ হ’বলৈ ধৰা সমস্যা এটি বহলাবহে খোজা হৈছে যেন বোধ হয়। প্ৰকৃত অসমীয়া সমাজত হিন্দু-মুছলমান কেনেকৈ বসবাস কৰে তাৰ সম্বন্ধে যদি অলপো খোকোজা আছে তেন্তে মোৰ জন্মস্থান উত্তৰ বজালীৰ বাঘমাৰা অঞ্চললৈ এবাৰ আহক; য’ত এতিয়াও আঞ্চলিক দুৰ্গা পূজাৰ সম্পাদকৰ নাম মনচুৰ আলি হ’লে ৰাস পূজাৰ সভাপতিৰ নাম চামচুল হ’ক হয়। কিন্তু সেইবুলি সেই একে অঞ্চলতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সময়ত ১৯৯১-১৯৯৩ চনত পহুমৰা নদীৰ পাৰৰ ৰিজাৰ্ভত বহুওৱা মানুহখিনিক যদি সহজভাবে ল’বলৈ কোৱা হয় সেয়া সম্ভৱ নহ’ব। ধৰ্মৰ দোহাই দি বাৰে বাৰে এই সমস্যাটো সমাধানৰ পথত হেঙাৰ দি অহা হৈছে। আমাৰ ওপৰত স্বাধীনোত্তৰ কালৰে পৰা মূলতঃ কেন্দ্ৰীয় শাসনযন্ত্ৰৰ দ্বাৰা চলি থকা ৰাজনৈতিক উৎপীড়ণ আৰু মূলতঃ ভোটবেংক হিচাপে ব্যৱহাৰ কৰিবলৈ আনি জাপি দিয়া আৰু আজিকোপতি চলি থকা অবৈধ অনুপ্ৰৱেশ ভাৰতীয় পাৰম্পৰিক অসুস্থ ৰাজনীতিৰ এক নগ্ন ৰূপ। যদিওবা এইক্ষেত্ৰত ১৯৭১ চনটো বাৰুকৈ চিঞৰি থকা হয় কিন্তু অলপমান তথ্য খুচৰি চালেই গম পায় যে অসম-বাংলা সীমান্তত কাঁটা তাঁৰৰ বেৰৰ কাম আৰম্ভ হৈছিল ১৯৮৬ চনতহে। তেতিয়াহ’লে এই ’৭১ ৰ পৰা ’৮৬ মাজৰ সময়খিনিত যিখিনি অবাধ আহ-যাহ চলিছিল সেইখিনিৰ কি বা ১৯৮৬ চনত আৰম্ভ কৰিলেও আজিকোপতি শেষ নোহোৱা, কাঁটা তাঁৰ নথকা ঠাইৰে দৈনিক আজিও হৈ থকা অজস্ৰ অনুপ্ৰৱেশকাৰীবোৰক বাৰু কেবল অসমীয়া ভাষা ক’বৰ বাবেই উদাৰতাৰে চাই যাব নেকি? বিভিন্ন সূত্ৰৰ পৰা এনেকি এয়াও জানিব পৰা যায় যে বাংলাদেশৰ বিভিন্ন মাদ্ৰাচাত অসম সোমোৱাৰ বাবে প্ৰশিক্ষণ দিয়া হয় য’ত অসমীয়া ভাষাও শিকোৱা হয়। সাময়িকভাবে অসমীয়া ভাষা শিকাটো বা চেঞ্চাচ ৰিপোৰ্টত ‘অসমীয়া’ মাতৃভাষা বুলি কোৱাটোও এটি সুদূৰপ্ৰসাৰী বৃহত্তৰ ৰাজনৈতিক ষড়যন্ত্ৰৰে অংশহে মাথোন। আপুনি চাক্ষুষ নেদেখিলে বা ভুক্তভোগী নহ’লে এই সমস্যাবোৰৰ সৰলীকৰণ কৰাটো বৰ সহজ হৈ যায়, যি উপৰুৱা অনুভৱহে মাথোন। তাৰ গুৰি শিপাই কিন্তু কোনোবাখন ধুবুৰী পাইছেগৈ। ওপৰত উল্লেখ কৰাৰ দৰে আমি আমাৰ ঠাইত চকুৰ সম্মুখতে নৈপৰীয়া ৰিজাৰ্ভত, চৰনীয়া গ্ৰেজিঙত বাংলাদেশী বহোৱা দেখিছোঁ আৰু তাৰ ফলাফলো দেখিছোঁ।
জোৰ পুৰি হাত পালেহি। অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত, ভাৰতীয় অখণ্ডতা ৰক্ষাৰ স্ৱাৰ্থত আৰু বিদেশী শক্তিৰ আৰ্থ-সামাজিক ঔপনিৱেশ ৰোধৰ স্বাৰ্থত এই ভীষণ সমস্যাটো সমাধানৰ এক ৰাজনৈতিক উপায় বিচৰাৰ চূড়ান্ত সময় আহি পৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments