বাংলা ভাষাৰ প্ৰথম ক্রীড়া চলচ্চিত্ৰ ‘ষ্ট্ৰাইকাৰ’ চাইছিলোঁ (আব্দুচ ছাজিদ)

striker

(গল্প নহয়, সত্য)

কলকাতাৰ পৰা প্ৰকাশিত ‘আনন্দবাজার পত্ৰিকা’ৰ একালৰ ক্রীড়া পৃষ্ঠাৰ সম্পাদক আছিল ক্রীড়া সাংবাদিক মতি নন্দী৷ এই বিশিষ্ট বাংলা লেখকগৰাকীৰ উপন্যাসসমূহৰ এটা বৈশিষ্ট্য হৈছে মুখ্য চৰিত্ৰত খেলুৱৈৰ উপস্থাপনৰ লগতে খেলৰ উল্লেখন৷ ফুটবলৰ সৈতে সম্পৰ্কযুক্ত শব্দৰেই নামকৰণ কৰা তেখেতৰ অনেকখন গ্ৰন্থৰ মাজৰ এখন উপন্যাস আছিল ‘ষ্ট্ৰাইকাৰ’৷ আনন্দ প্ৰকাশনে প্ৰকাশ কৰা এই উপন্যাসখনে মতি নন্দীৰ কিশোৰ চিৰিজটোক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ সেই উপন্যাসৰে আধাৰত নিৰ্মিত একে নামৰ ‘ষ্ট্ৰাইকাৰ’ হৈছে বাংলা ভাষাৰ প্ৰথমখন ক্রীড়া চলচ্চিত্ৰ৷

কেইয়া ফিল্মচৰ বেনাৰত অৰ্চন চক্রৱৰ্তীৰ দ্বাৰা পৰিচালিত উক্ত ছবিখনে মুক্তি পাইছিল ১৯৭৮চনত৷ ছবিখনৰ মুখ্য চৰিত্ৰত আছিল অনিল চেটাৰ্জী, চামিত ভাঞ্জা, চান্তু মুখোপাধ্যায়, তৰুণ কুমাৰ৷ অভিনয় কৰা আন শিল্পীসকল আছিল উৎপল দত্ত, চিন্ময় ৰয়, সতীন্দ্ৰ ভট্টাচাৰ্য, সত্য বন্দোপাধ্যায়, শেখৰ চট্টোপাধ্যায়, ৰুমা গুহ ঠাকুৰতা, কল্যাণ চট্টোপাধ্যায়, আৰতি ভট্টাচাৰ্য, ৰমেন ৰয়চৌধুৰী, অজয় বসু, চিনু গোস্বামী, মাষ্টাৰ অনিৰুদ্ধ, পিনাকী সেনগুপ্তা৷ সংগীত পৰিচালক আছিল প্ৰবীৰ মুখোপাধ্যায়৷

প্ৰতিদ্বন্দ্বিতাৰে পূৰ্ণ কলিকতীয়া ফুটবল ৰণাংগনত পদাৰ্পণ কৰিবৰ বাবে নিম্ন মধ্যবিত্ত পৰিয়ালৰ তীব্ৰ গতিবেগসম্পন্ন যুৱ-খেলুৱৈ এজনৰ সংগ্ৰামেই আছিল ‘ষ্ট্ৰাইকাৰ’ৰ উপজীব্য৷ সত্তৰৰ দশকত কেৱল বংগৰেই নহয়, ভাৰতীয় ফুটবলৰ পীঠস্থান কলকাতাত অনুষ্ঠিত খেলসমূহৰ অনেক দৃশ্য ছবিখনত দেখুওৱা হৈছিল৷ ক্রীড়া ক্ষেত্ৰত খেলুৱৈয়ে লাভ কৰা সুনাম-দুৰ্নাম উভয়েই প্ৰদৰ্শন কৰা হৈছিল৷ ইয়াৰ জৰিয়তে এই বাৰ্তাকে দিব বিচৰা হৈছিল যে পৰাজয়ৰ শংকাকে ধৰি পৰিস্থিতি অনুসাৰে সন্মুখীন হোৱা বাধা-বিঘিনি ইত্যাদিবোৰ অতিক্রম কৰিব পাৰিলে মানুহে জীৱনত সফল হোৱাটো সম্ভৱ৷

মই ডিফু চৰকাৰী বালক বিদ্যালয়ত পঢ়োঁ তেতিয়া৷ অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ ঘৰত ফুটবল এটাও আছিল৷ আবেলি আবেলি সমনীয়াৰ লগত ওচৰৰে এল.পি. স্কুলখনৰ ফিল্ডত খেলোঁ৷ এদিন হঠাতে দেউতাই ক’লে, ‘খেলৰ চিনেমা এখন দিছে৷ চাই আহগৈ যা৷’

দেউতাই ক’ত, কেনেকৈ খবৰ পালে নাজানো৷ পাৰমিচনটো নিবিচৰাকৈয়ে পাই যোৱাত চাইকেলখন লৈ মেটিনি শ্ব’লৈ ওলালোঁ৷ টিকটটো কাটি লতিকা চিনেমা হলৰ স্পেচিয়েলত প্ৰৱেশ কৰিলোঁ৷ গে’ট কীপাৰে টৰ্চ মাৰি দূৰৰ পৰাই দেখুৱালে মোৰ চিটৰ অৱস্থান কেনি৷

অলপ পাছতে চিনেমা আৰম্ভ হ’ল৷ নামটো ‘ষ্ট্ৰাইকাৰ’৷ খেলৰ চিনেমা৷ মনত আছে, ফুটবলাৰ এজনে দলত স্থান পাবলৈ কিমান কঠোৰতাৰে সাধনা কৰে চিনেমাখনত তাকে দেখুৱাইছিল৷ বলটো লৈ তেওঁ অকলে অকলে প্ৰেকটিচ কৰে৷ ৱালত মাৰে৷ দৌৰে৷ পৰিশ্ৰমৰ অন্তত এসময়ত সিদ্ধি লাভ কৰে৷

সঁচাই, ফুটবলে জীৱনত অনেক কথাই শিকায়৷ জীৱন আৰু ফুটবলৰ সম্পৰ্ক আছে৷ মতি নন্দীৰ ‘ষ্ট্ৰাইকাৰ’এও আমাক তেতিয়াই তাকেই কৈ গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক