“বাইক”, “স্কুটি” বনাম বৰ্তমানৰ কলেজীয়া ছাত্ৰ-ছাত্ৰী-(হাচান উল্লাহ)

বিদ্যায়তনিক ক্ষেত্ৰত আজিৰ ছাত্ৰ-ছাত্ৰীসকল কিমান সচেতন? কলেজলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ছাত্ৰজন বা ছাত্ৰীগৰাকী প্ৰকৃততেই কলেজলৈ যায় নে? নিৰ্দিষ্ট সময়ৰ ক্লাছকেইটা কৰেগৈ নে? কিজানি নকৰে!! ঘৰত পিতৃ-মাতৃয়ে আথে-বেথে কলেজলৈ বুলি নিজ সন্তানক আগবঢ়াই দিয়া মুৰ্হূতত সন্তানে শিক্ষাগ্ৰহণৰ বাদে যে বেলেগ কিবা কামত ব্যস্ত হ’ব পাৰে, সেয়া কেতিয়াও কল্পনা নকৰে। কিন্তু অতি পৰিতাপৰ কথা আজিৰ ৮০% সন্তানে পিতৃ-মাতৃৰ চকুৰ আঁতৰ হোৱাৰ লগে লগেই তেওঁলোকৰ আশাক নস্যাৎ কৰিবলৈ কুণ্ঠাবোধ নকৰে। সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীক দেখা যায় “বাইক” বা “স্কুটি” লৈ কলেজৰ সময়খিনি যেনিয়ে তেনিয়ে ঘুৰি ফুৰা। কলেজ খোলা দিনতো “ফাষ্ট-ফুড” বা “ৰেষ্টুৰা” বিলাকত ঘণ্টা-ঘণ্টা ধৰি ছাত্ৰ-ছাত্ৰীৰ ভিৰ বা “ভাল” শব্দত আড্ডা (খোৱাৰ বাবে প্ৰয়োজনীয় সময়তকৈ ৪-৫ গুণ বেছি)। আচৰিত কথা এয়ে যে “বাইক” বা “স্কুটি”ৰ পাছত “ফাষ্ট-ফুড” বা “ৰেষ্টুৰা”ৰ কাষৰ আসনত বিপৰীত লিংগকহে সাধাৰণতে প্ৰত্যক্ষ কৰা যায়, তাত যেন সম-লিংগৰ উপস্থিতি নিষিদ্ধ!
এনে ছাত্ৰ-ছাত্ৰীৰ “বাইক” বা “স্কুটি”ৰ গতিবেগ দেখিলে বাটৰুৱাই পথৰ কাষৰ দুবৰিত নুঠিলে উপাই নাই। পাছৰ আসনৰ প্ৰেয়সী (তথাকথিত গাৰ্ল ফ্ৰেণ্ড)ক “ইম্প্ৰেছ” কৰাৰ তাগিদাত লাগে কাৰোবাৰ প্ৰাণ ল’ব নতুবা নিজে শ্বহীদ হ’ব। তাতোকৈ আচৰিত কথা যাতায়তৰ নিয়ম নজনা সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় অনুজ্ঞা-পত্ৰও নাই। “স্কুটি” চলাবলৈ লোৱা বহু ছাত্ৰীয়ে “ট্ৰেফিক”ৰ ৰঙা লাইটটোৰ অৰ্থও বুজিও নাপায়। কেৱল বুজি পায় পথাচাৰীৰ গাত বা লগাকৈ তীব্ৰবেগত বাহন চলোৱাটো, যিটো আজিকালি “ফেশ্যন”ত পৰিণত হৈছে। অভিভাৱকসকলেও সন্তানৰ প্ৰতি মৰম আকুলতা প্ৰদৰ্শনৰ প্ৰথম আহিলাৰূপে “বাইক” বা “স্কুটি” এখন উপহাৰ দিয়াটোকেই বুজি পোৱা হ’ল। বয়সৰ কথা ভৱাৰ অৱকাশ নাই। “বাইক” বা “স্কুটি” এখন দি দিলেই যেন শিক্ষাগ্ৰহণৰ বাবে পালন কৰিবলগীয়া আটাইতকৈ ডাঙৰ দায়িত্বটো পালন কৰিলে, তেনে এটা ভাব পোষণ কৰে। কিন্তু সেই “বাইক” বা “স্কুটি”খন লৈ সন্তান কলৈ গৈছে, কি কৰিছে, দিনটোৰ ক্লাছকেইটা ঠিকমতে কৰিছেনে, সেই খবৰ ৰখাৰ সময় কিন্তু তেনে অভিভাৱকৰ নাই।
নিয়মৰ প্ৰয়োজন আছে। অনুশাসনৰ প্ৰয়োজন আছে। সময় এতিয়াও উকলি যোৱা নাই। কলেজ কৰ্তৃপক্ষই এই ক্ষেত্ৰত কিছুমান নিয়ম প্ৰবৰ্তনত গুৰুত্ব আৰোপ কৰক। অভিভাৱকসকলক একোখনকৈ ৰেজিষ্টাৰ দিয়ক য’ত তেওঁলোকে প্ৰতিদিনে সন্তান কিমান সময়ত কলেজলৈ ওলাইছে, কোন সময়ৰ ক্লাছ কৰাৰ উদ্দেশ্যে গৈছে, কলেজলৈ যোৱাৰ মাধ্যম হিচাপে কি লৈ গৈছে তথা কিমান সময়ত ঘৰলৈ উভতি আহিছে আদি নথিভুক্ত কৰক। একেধৰণেৰে কলেজ কৰ্তৃপক্ষয়ো ছাত্ৰ বা ছাত্ৰীগৰাকী কিমান সময়ত কলেজত উপস্থিত হৈছে, দিনটোত কিমান ক্লাছ কৰিছে, দিনটোৰ সময়ছোৱা কলেজৰ সীমাৰ ভিতৰতেই আছে নে নাই আৰু কিমান সময়ত ঘৰলৈ বুলি উভতি গৈছে সেই সকলো তথ্য নথিভুক্ত কৰক। প্ৰতি মাহৰ এটা নিৰ্দিষ্ট তাৰিখত অভিভাৱকসকলৰ সৈতে একোখন বাধ্যতামুলক সভা পাতক, য’ত অভিভাৱক আৰু কলেজৰ দুয়োখিনি নথিৰ সামঞ্জস্যতা সম্পৰ্কে বিশদ পৰ্যালোচনা হওক। প্ৰথম অৱস্থাত এই প্ৰক্ৰিয়াটো অলপ জটিল যেন লাগিব, কিন্তু লাহে লাহে ইয়াৰ এটা ভাল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ছাত্ৰ-ছাত্ৰীসকলে অনুশাসন শিকিব তথা নিজৰ জীৱনটোক এটা লক্ষ্যলৈ আগবঢ়াই নিয়াত সফল হ’ব। কলেজলৈ বুলি ওলাই অহা উদ্দেশ্যৰ এটা সৎ আৰু সুদুৰপ্ৰসাৰী ফল সকলোৰে দৃষ্টিগোচৰ হ’ব।
(এয়া সম্পূৰ্ণ মোৰ মতামত, কিবা ভুল হোৱাতো অস্বভাৱিক নহয়। সকলো সুহৃদৰ মতামত বিচাৰিম…..)
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments