বাগদত্তা (ৰূপাংকৰ চৌধুৰী)

৫ বাজিল। মনটো উচপিচাই আছে। অৰ্ণৱ আহিব আজি। কিমান দিন যে হ’ল তাক লগ পোৱা। সৌ তাহানিতে। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা শেষ হোৱাৰ পিচত আৰু নাই দেখা। মাজে মাজে ইয়াৰ-তাৰ পৰা খবৰ পাই আছিলো প্ৰথম অৱস্থাত। অৰ্ণৱ ল’ৰাজন অলপ লাজকুৰীয়া। অলপ নহয় আমাতকৈ বহুত বেছি লাজকুৰীয়া। বিশেষকৈ ছোৱালীৰ লগত মুখা-মুখিকৈ তাক কথা পতা মই তাক নেদেখিলো হোষ্টেলৰ দিনত। এতিয়াবা কেনেকুৱা হৈছে! যোৱা দুই-তিনি বছৰৰ পৰা ৰাতি ৮ বজাৰ পিছত কিন্তু তাক প্ৰায়ে লগ পাই থাকো আজিকালি। ফেচবুকত। সি ফেচবুকত একাউন্ট এটা খুলিছে। প্ৰথম বন্ধুত্বৰ বাবে অনুৰোধ আহোঁতে মই সিমান গুৰুত্ব দিয়া নাছিলো। ‘ভুৱা খাটা’ বুলি ভাবিলোঁ। ‘যাযাবৰ’ নামত খুলিছিল। এদিন কৌতুহলবশতঃ পুনৰ চালো তাৰ একাউন্টো। বহুত সলনি হ’ল সি। আগৰ সেই অৰ্ণৱ নাই। প্ৰকাণ্ড এজন হৈ উঠিছে। সি ভাৰতীয় নৌ-সেনাত চাকৰি কৰি আছে। চাকৰি সংক্ৰান্ত কাম এটাত সি দিল্লীলৈ আহিছে। বিশাখাপট্টনমৰ পৰা বিমানযোগে আহি আছে। মোৰ ঠিকনাটো তাক ভালদৰে দিয়া আছে। তাৰ সৰু-সুৰা কাম দুই-এটা কৰি ৬বজাত আহি লক্ষ্মী নগৰ মেট্ৰ’ ষ্টেচনত দুয়ো লগ হোৱা কথা।
মই আউটলুক (Outlook) টো খুলি কিবা নতুন মেইল আহিছে নে চাই ল’লো। কাইলৈ মই ছুটি লৈছো। দুদিনৰ বাবে। মোৰ ‘বছ’ক কৈ থৈছিলোঁ। এনেইয়ো ইয়াত সিমান বেছি নহয় ছুটি লোৱা। বছে না নকৰিলে। অফিচ ৬ বজাত ছুটি হয়। মই আজি অলপ আগতীয়াকৈ ওলাই গ’লো। কৰকৰডুমা মেট্ৰ’ ষ্টেচন অভিমুখে গৈ আছো খোজকাঢ়ি। এনেতে ম’বাইলটো বাজি উঠিল। আনটো মুৰত অৰ্ণৱ- ‘কি হ’ল দোষ্ট? ক’ত আছ? মই আহি তোৰ পদূলিত। লক্ষ্মী নগৰ পাই গলোঁহি। আৰু তোৰ বাবে এটা চমক আছে। সোনকালে আহ।’
মই গৈ আছো বুলি কৈ ফোনটো ৰাখিলো। ই কি চমক দিব মোক? সিহঁতৰ কেন্টিনত উত্তম মানৰ ‘স্কটচ্ (Scotch) পাই বুলি সি মোক কৈছিলে। কিন্তু ইমান দূৰৰ পৰা ‘স্কটচ্ (Scotch) কঢ়িয়াই ফুৰিব নে সি? মই বেছি মূৰ নঘমালো। অলপ পিছত গম পামেই। দৌৰি গৈ মেট্ৰ’খনত উঠিলো। ১০মিনিটত লক্ষ্মী নগৰ পাম। মই দুটা কোঠাৰ সৰু ফ্লেট এটা লৈ থাকো ইয়াতে। মোৰ বাবে এটা কোঠাই যথেষ্ট। তথাপি পৰিয়াল তথা লগ বন্ধু আহিলে থকা-মেলাৰ সুবিধাৰ বাবে দুটা কোঠাৰ ফ্লেটটো লৈছোঁ। আজি পুৱাই খাহীৰ মাংস অলপ কিনি থৈছিলোঁ। ৰাতি অৰ্ণৱক পোলাও আৰু খাহীৰ মাংস খুৱাম। বহুত কথা পাতিম। ‘ক’লা কুকৰ (Black Dog)’ এটাও আনি থৈছো। এতিয়া যাওঁতে গৰম গৰম ‘চিকেন ল’লীপ’প’ অলপ লৈ যাম।
লক্ষ্মী নগৰ পালোহি। অৰ্ণৱক ফ’ন কৰিলো। সি মোৰ লগত ‘চাটিং’ কৰি কৰি লক্ষ্মী নগৰখন আধা-আধি চিনি পোৱা হৈ গৈছে। ষ্টেচনৰ তলত দোকান এখনত সি ৰৈ থকা বুলি ক’লে।
সেইমতে মই তালৈকে গ’লো। আৰে এয়া কোন? অৰ্ণৱৰ কাষত সেইজনী দেখোন শিখা! শিখা বৰদলৈ? তাৰ মানে অৰ্ণৱৰ চমক শিখা?
শিখা বৰদলৈ। বিশ্ববিদ্যালয়ৰ সময়ৰ মোৰ প্ৰেয়সী! কেৱল প্ৰেয়সী বুলি ক’লে ভুল হ’ব। মোৰ প্ৰতিটো চিন্তাৰ অধিকাৰী। মোৰ প্ৰতিটো সিদ্ধান্তৰ গৰাকী। মই ক’লৈ যাম, ক’লৈ নাযাম। কি খাম, কি নাখাম? কাৰ লগত বন্ধুত্ব ৰাখিম, কাৰ লগ এৰিম। নীলা জীনচৰ লগত সেউজীয়া টি-চাৰ্ট পিন্ধিম নে ৰঙা? ‘ডিজাৰ্টেচন’ (Dissertation) গাইড কাক ল’ম? বিশ্ববিদ্যালয় সপ্তাহত নাটকৰ কোনটো ৰোল কৰিম? নিৰ্বাচনত মই ভাগ ল’ম নে নল’ম? কাৰ-কাৰ পৰা ৰাখী পিন্ধিম? অমুকটো ছিনিয়ৰৰ বিয়া খাবলৈ যাম নে নাযাম? ভলীবল কোনটো পজিচনৰ পৰা খেলিম? মুঠতে কোনো কাম মই কৰা নাছিলো শিখাৰ অনুমতি অবিহনে। মোৰ প্ৰেমৰ ৰাণী শিখা।
সকলোৱে জানিছিল আমাৰ কথা। বন্ধু, পৰিয়াল, শিক্ষক সকলোৱে। পৰীক্ষা শেষ হ’ল। জীৱনৰ আচল শিক্ষা এতিয়াহে আৰম্ভ হ’ল। কম দৰমহাৰ চাকৰি এটাত সোমাইছো। শিখাই সদাই কৈ থাকে। ভাল ডাঙৰ কিবা এটা কৰিব লাগে। ওলায়েই ভাল ডাঙৰ কিবা এটা ক’ত পাম? চেষ্টা কৰি আছিলো। ইমান সহজ নহয়। আহিল সেই দিনটো। মই বৰ্তমান কৰ্মৰত কোম্পানীৰ পৰা ‘কল লেটাৰ’ (Call Letter)খন পালো। ভাল দৰমহা। দিল্লীত চাকৰি।
লগে লগে শিখালৈ ফ’ন কৰিলো- ‘দিল্লীলৈ যাবলৈ সাজু হোৱা। মই এসপ্তাহৰ ভিতৰত জইন কৰি আছো। অহা বহাগত তোমাকো একেবাৰে নিজৰ কৰি লৈ যাম দিল্লীলৈ।’
সিটো মুৰৰ পৰা শিখাৰ গহীন উত্তৰ- ‘বহুত দেৰি হৈ গ’ল। মোৰ মামাই হায়দৰাবাদত চাকৰি কৰা অভিযন্তা এজন প্ৰায় খাটাং কৰিছে মোৰ বাবে।’
মই ক’লো- ‘আৰে!! সেইটো কেনেকৈ হ’ব? তোমাৰ মা-দেউতাই আমাৰ কথা সকলো জানে! তেনেস্থলত? তুমি বিৰোধিতা কৰা?’
শিখাই ক’লে- ‘একো লাভ নাই। মইতো ইমান দিনে বুজাই আছো। তুমিহে ইমান দেৰি কৰিলা? মই কি কৰো কোৱা? তাতো তুমি নতুনকৈহে চাকৰিত সোমাইছা। মোৰ যাৰ লগত থিক হৈছে তেওঁ এটা বহুজাতিক কোম্পানীৰ এজন উচ্চ পদস্থ বিষয়া। কোম্পানীৰ পৰা নিজাকৈ থকা ব্যৱস্থা আছে। গাড়ী আছে। বিদেশ ভ্ৰমণ কৰিয়েই থাকে। দৰমহা বহুত। তুমি মোক ভুল নুবুজিবা ৰূপ। তুমি বহুত ভাল ল’ৰা। তোমাক যিয়ে পাই তেওঁ বহুত সুখী হ’ব।’
মই ফোনটো কাটি দিলো। ধুৰ! মোৰ সুখৰ কথা চিন্তা কৰি দেখুৱাবলৈ আহিছে? কি বুলি ভাবিছে তাই? মই কি তাইক নাপালে দেৱদাস হৈ যাম? বয়স পাৰ হৈ যোৱা নাই মোৰ। এ্য়াই আছিল নেকি অধিকাৰ সৰ্বস্ব প্ৰেম? মই কান্দো নে হাঁহো ভাবি পোৱা নাছিলো। অমলৰ ৰূমলৈ গ’লো। নতুন চাকৰি পোৱাৰ আনন্দ আৰু দীৰ্ঘদিনীয়া প্ৰেয়সীৰ লগত সম্পৰ্ক শেষ হোৱাৰ দুখত সেইদিনা ‘বৃদ্ধ সন্যাসী’ (Old Monk) এটা টেঁটুলৈকে গিলিলো।
এসপ্তাহ নহয়। মই দুদিন পিছতে দিল্লীলৈ উৰা মাৰিলো। নতুন ঠাই নতুন কাম। নিজৰ সৰ্বস্ব উজাৰি কামত কৰি গ’লো। নতুন বন্ধু-বান্ধৱ হ’ল। বহুতো। পুৰণি বন্ধুও বহুত পালো। শিখাৰ কথা লাহে লাহে মনৰ পৰা আঁতৰিল। তথাপি কেতিয়াবা দুৰ্বল হৈ যাওঁ, বিশ্ববিদ্যালয়ৰ কথা ওলালে। কৰিণা কাপুৰৰ চিনেমা চালে। দুৰ্বল হওঁ ফাঁচী বজাৰৰ কথা ওলালে। ‘প্ৰাগ চিনেমা’ হ’লৰ কথা ওলালে। ছয়গাওঁ হৈ ধূপধৰাত ইনামূল দাৰ ঘৰত ঈদ খাবলে গ’লে। ককলালৈ চুলি মেলি কোনোবাই নীলা ৰঙৰ চুৰিদাৰ পিন্ধিলে। কোনোবা ছোৱালীয়ে ‘বাস্কিন ৰবিন’ত আইচক্ৰীম খাই থকা দেখিলে এতিয়াও কেতিয়াবা দুৰ্বল হৈ যাওঁ।
অৰ্ণৱ আৰু শিখাৰ কাষ পালোহি। মোক দেখি শিখাও হতচকিত। হ’বই। অৰ্ণৱে ক’লে- ‘ৰূপ। এয়া শিখা। মোৰ বাগদত্তা। তোক যে কৈছিলো। মোৰো এজনী প্ৰেয়সী আছে। এয়াই। মাধৱ বৰুৱা। মানে শিখাৰ প্ৰাক্তন পতি মাধৱ বৰুৱা। তেখেতৰ লগত শিখাৰ কালি বিবাহ-বিচ্ছেদ হ’ল। আমাৰ মাজৰ হিয়া-দিয়া-নিয়াৰ কথা তেখেতে গ’ম পাইছিল। সেয়েহে ভবাতকৈ সহজে গৈ গ’ল।’
অৰ্ণৱে মোক কৈছিল। হায়দৰাবাদ কোনোবা এটা ‘ম’ল’ত চিনেমা চাবলৈ যাওঁতে তাৰ প্ৰেয়সীক প্ৰথম লগ পোৱাৰ কথা। কিন্তু বহুত কথাই কোৱা নাছিল। সেইজনী যে বিবাহিতা কোৱা নাছিল। কোৱা নাছিল সেইজনী বিশ্ববিদ্যালয়ত আমাৰ সমসাময়িক বুলি। সেইজনীয়ে যে ভলীবল খেল চাই ভাল পাই কোৱা নাছিল। কোৱা নাছিল সেইজনী যে দেখাত সাইলাখ কৰিণা কাপুৰ। কোৱা নাছিল সেইজনীৰ ঘৰ ছয়গাওঁত। সেইজনীয়ে যে ‘বাস্কিন ৰ’বিন’ৰ আইচক্ৰীম খাই ভাল পাই কোৱা নাছিল। সেইজনীয়ে যে নীলা ৰঙটো খুব ভাল পাই একেবাৰে কোৱা নাছিল!
মই শিখাৰ পিনে চাই হাত দুখন লগ লগাই নমস্কাৰ জনালোঁ। ধন্য মোৰ একালৰ প্ৰেয়সী। মোৰ এসময়ৰ সকলো চিন্তাৰ অধিকাৰিণী। ধন্য মোৰ বন্ধুৰ বাগদত্তা। সিহতঁক মোৰ ফ্লেটলৈ লৈ গ’লো। মই এক জৰুৰী কামত কলিকতালৈ যাব লগা আছে বুলি ক’লো সিহঁতক। দুদিনৰ বাবে। কোঠাৰ চাবি গোটালো। কাষৰ ফ্লেটৰ গৰাকীক সিহঁতৰ লগত নব-বিবাহিত মোৰ বন্ধু বুলি চিনাকী কৰাই দিলো। যোৱাৰ সময়ত মোৰ চাবিকাঠি তেওঁক দিবলৈ ক’লো অৰ্ণৱক। আমাৰ অফিচৰ চিনাকী ‘ট্ৰেভেল এজেন্ট’লৈ ফোন কৰিলো। কেনেবাকৈ হ’লেও মোৰ বাবে এটা টিকট বুক কৰিবলৈ ক’লো। ৰাতিয়েই উৰা মাৰিলো। কলিকতা। আমাৰ লগৰ হেম কলিকতাতে চাকৰি কৰে। তাকো দুদিনৰ বাবে গৈ আছো বুলি জনালো। বহুদিনৰ পৰা যাম যাম বুলি যোৱা হোৱা নাছিল তাৰ তালৈ। ভালেই পালে সি। মালৈ মনত পৰিল। আমি অবিবাহিত পুৰুষবোৰে ভীষণ মানসিক আঘাত পালেহে মাকবোৰৰ মুখখন কিয় মনলৈ আহে বাৰু? অৰ্ণৱৰ বাগদত্তাৰ চমকে পুৰণি ভাল বন্ধু এজনক মোৰ পৰা বহু দূৰলৈ লৈ গ’ল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক