বাগদাদৰ সাধু- লোভ ভাল, অতি লোভ যমকাল (চৈয়দ ফাতেহুল মান্নান)

হাৰুণ-অৰ-ৰছিদৰ নাম নুশুনা বা তেওঁৰ বিষয়ে অলপ নহয় অলপ নজনা মানুহ খুব কমেই আছে। তেওঁ আছিল আব্বাছীয় বংশৰ পঞ্চম খলিফা। খলিফা মানে কি জানা? প্ৰতিনিধি। এই খলিফাসকলে হজৰত মহম্মদৰ (দ:) প্ৰতিষ্ঠিত ধৰ্ম্মৰাজ্যৰ প্ৰতিনিধিত্ব কৰে। হাৰুণ-অৰ-ৰছিদ এজন বিখ্যাত ৰজা আছিল। তেওঁৰ সমকক্ষ সেইকালত কোনো নাছিল বুলিলেও হয়।

ৰজাই প্ৰজাৰ দুখ-সুখ নিজে চাই ফুৰিছিল। এই কাৰণে তেওঁ প্ৰায়ে ৰাতি সদাগৰৰ বেশ ধৰি নগৰ ভ্ৰমণ কৰে।

এদিন ৰাতিৰ কথা। ৰজা-মন্ত্ৰী ছদ্মবেশে ভ্ৰমণৰত। ইফালে-সিফালে বহুত দূৰ ঘূৰা-ঘূৰি কৰিছে, কিন্তু উল্লেখযোগ্য ঘটনা চকুত পৰা নাই। তাৰ পাচত দুয়ো টাইগ্ৰীছ নদীৰ পাৰে পাৰে ফুৰিবলৈ গ’ল। এনেতে দেখিলে যে দুজন মানুহে এটা অন্ধ মগনীয়াক কিবা দিছে। তেওঁলোকো ওচৰলৈ গ’ল। দয়ালু ৰজাই অন্ধৰ হাতত এটা সোণৰ মোহৰ দিলে।

কিন্তু কি আচৰিত! অন্ধই ৰজাৰ কাপোৰত ধৰি ক’লে: আপুনি যোনেই নহওক, মোক এটা ঘোচা মাৰি যাওক ; নহ’লে মই আপোনাৰ ভিক্ষা গ্ৰহণ নকৰোঁ। প্ৰথমে ৰজা অবাক হ’ল। তাৰ পাছত মগনীয়াটোৰ জিদ দেখি বিৰক্ত হ’ল। ৰজাই ক’লে: চোৱা, এনেকৈ তুমি মানুহক আমনি কৰা উচিত হোৱা নাই। অনাহকত আন মানুহেইবা তোমাক মাৰিব কেলেই আৰু ময়েইবা বিনা কাৰণত কিয় তোমাৰ গাত হাত লগাম?

নাই, অন্ধই কোনো মতে নামানে। উপায়ন্তৰ হৈ ৰজাই তাৰ গাত লাহেকৈ ঘোচা এটা মাৰিলে। অন্ধই তেতিয়া ৰজাক এৰি দিলে।

অন্ধৰ হাতৰ পৰা ৰেহাই পাই ৰজাই মন্ত্ৰীক কলে: দেখিলা তাৰ কাণ্ড! ই মানুহক এইদৰে অলপ জুলুম কৰি নামাৰে দেই!

: কিন্তু জাহাপনা! ইয়াৰ অন্তৰালত নিশ্চয় বেচেৰাৰ এনে কোনো অব্যক্ত ইতিহাস জড়িত আছে যাৰ কাৰণে সি ইচ্ছা কৰি সেইদৰে শাস্তি ভোগ কৰিছে।

: তেনেহলে তাক ৰাজদৰবাৰত হাজিৰ কৰাব লাগে।

: যি আদেশ জাহাপনা।

পিছদিনা অন্ধক ৰাজ দৰবাৰলৈ অনা হ’ল। – কি হ’ল? সি একো বুজা নাছিল। কি অপৰাধ কৰিলে সি? ভাবি ওৰ পোৱা নাছিল। ভয়ত বেচেৰা থৰহৰি কম্পমান!

ৰজাই অন্ধক প্ৰশ্ন কৰিলে : সঁচা কথা ক’বা, যি তোমাক দয়া কৰি দান কৰে তেওঁৰ হাতৰ পৰা তুমি কিয় ইচ্ছামতে মাৰ খুজি খোৱা?

অন্ধৰ মুখৰ মাত নাই। সি ভয় কৰিছে। বুজিবলৈ বেচেৰাৰ বাকী নাথাকিল, সি ৰজাক অজানিতে কেতিয়াবা জুলুম কৰিলে। ৰজাই তাক অভয় দি ক’লে: তুমি একো ভয় নকৰিবা; মোক চিনি নাপাই সিদিনা জুলুম কৰি মাৰিছিলা, মই বাৰু সেইবোৰ বাদ দিছোঁ। কিন্তু তুমি তেনেখন কেলেই কৰা, সেই কথা আজি খুলি ক’ব লাগিব।

সি স্বস্তিৰ নিশ্বাস পেলালে। – মহান খলিফা! মই আজি আপোনাক ক’ম কাকো নোকোৱা কাহিনী। মোৰ নাম বাবা আব্দুল্লা। বাগ্‌দাদ নগৰী মোৰ পুণ্য জন্মভূমি। দেউতাই অলপ ধন-বিত থৈ গৈছিল। তাৰে মই বেপাৰ কৰিছিলোঁ। আশীটা উট কিনি ভাৰা মাৰিছিলোঁ। লাভ হৈছিল। এদিন কেইজনমান বেপাৰীৰ বয়বস্তু লৈ বচোৰা বন্দৰলৈ গৈছিলোঁ। বস্তু নমাই উটকেইটাক চৰিবলৈ এৰি দি ময়ো এজোপা গছৰ ছাঁত জিৰাইছিলোঁ। সেই সময়তে এজন সংসাৰত্যাগী ফকীৰ আহি মোৰ ওচৰতে বহিল। কথা-বতৰা পাতি ফকীৰক আপোন কৰি লোৱাত পলম নহ’ল।

কথাত কথা ওলালত ফকীৰে মোক ক’লে: বুজিছা আবদুল্লা, সৌ অলপ দূৰত এডোখৰ গোপন ঠাইত বহুত ধন সোণ লুকুৱাই থোৱা আছে। তুমি যদি এই চাৰি কুৰি উটৰ পিঠিত বোজাই কৰিয়ো তাৰ পৰা ধন‌-সোণ আনিবলৈ যোৱা দেখিবা যে একোকে আনিব নোৱাৰিলা।

মোৰ লোভ লাগিল। – ফকীৰ চাহেব, আপুনি যদি কোৱা কথা সঁচা তেনেহলে মেহেৰবানি কৰি মোক সেই ঠাইখন দেখুৱাই দিয়ক। মই আপোনাক ধনেৰে সৈতে এটা উট দিম। তেতিয়া ফকীৰে ক’লে: অহ, মই তোমাক ইমানবোৰ ধন সোণ দেখুৱাই দিম, তুমি মাত্ৰ এটা ধনসহ উট দিবা। এইটো কেনেকুৱা কথা? মই জানো ইচ্ছা কৰিলে সেই সোপাকে ধন অকলে আনিব নোৱাৰোঁ? তোমাৰ উপকাৰৰ কাৰণেই মই গুপ্তধনৰ সম্ভেদ দিছোঁ। বাৰু তুমি মোক সমানে আধা ধন বোজাই উট দিবা। বুজিছা, চল্লিশটা উটৰ পিঠিৰ ধনেৰে তুমি লওঁ বুলিলে এখন দেশ কিনি ল’লেও সেইখিনি ধন শেষ নহয়।

জাহাপনা, মই ফকীৰৰ প্ৰস্তাৱ মানি লৈ পাছে পাছে খোজ ল’লোঁ। বহুত দূৰ বাট। ইটো পাহাৰৰ পিচত সিটো পাহাৰ, ইখন হাবিৰ পাচত সিখন হাবি – এইদৰে গৈ আছোঁ। এবাৰ তেওঁ ইঙ্গিত দিলে। মই তত্ক্ষণাত উট বান্ধিলোঁ। কিন্তু তেতিয়াও বাট শেষ হোৱা নাছিল আৰু এটা সঙ্কীৰ্ণ বাটেদি আগবাঢ়ি গ’লোঁ। এইদৰে কিছুদূৰ যোৱাৰ পিছত এডোখৰ আহল বহল ঠাই পালোঁগৈ। ফকীৰে সেই ঠাইতে ৰ’বলৈ ক’লে।

অলপ সময় দুয়ো জিৰালোঁ। তাৰ পাচত ফকীৰে একুৰা প্ৰকাণ্ড জুই ধৰিলে। গোটইখন ধোঁৱাৰে ধুৱলি-কুঁৱলি হ’ল। মন্ত্ৰ মাতি ফকীৰে জুইত ধূনা পেলোৱা দেখিলোঁ। আচৰিত হৈ গৈছিলোঁ বুলিয়ে কওঁ। মোৰ গাটো তিতি তেপা-তেপ হৈছিল – বসুমতীয়ে বুকুফালি এটা পথ উলিয়াই দিছে, নিজঞ্জাল এটা ৰাজপথ। আমি সেইফালে সোমাই গ’লোঁ। আদবাটত এখন দুৱাৰ পালো – বন্ধ। প্ৰবেশ নিষেধ বুলি লিখা নাছিল। দুৱাৰ খুলি দিলোঁ। ভিতৰত যি দেখিলোঁ সি বৰ্ণনাতীত জাহাপনা। গোটেইখন ধন-সোণ আৰু সোণ আৰু সোণ…চাৰিওফালে ওখ ওখ মণি মুকুতাৰ দ’ল…

৩২০ ছটা ইটা ভাগিলত উটবোৰ ঘৰমুৱা কৰি দিলোঁ (ইটাৰ ওপৰত তুলি উটৰ পিঠিত ধন-সোণ লদা হৈছিল)। ফকীৰে টিপতে এটা কাঠৰ পাত্ৰ জেপত ভৰোৱা মোৰ চকুত পৰিছিল। মনটো উচপিচাই আছিল – ফকীৰে সেই কাঠৰ পাত্ৰটো কি বুলি বা লুকুৱাই লৈছে।

চুক্তি অনুসৰি ফকীৰক চল্লিশটা উট ধনসহ  দি মই মোৰ ভাগৰ কেইটা লৈ দুয়ো বিদায় ললোঁ।

জাহাপনা, এখোজমান আহিয়ে মই ভাবিলোঁ যে ফকীৰক বহুত দিলোঁ। গুপ্ত গুহাত থকা গোটেইখিনিতো ফকীৰৰ হাততে আছে। তাৰোপৰি ফকীৰকনো ইমানবোৰ ধন-সোণৰ কি দৰকাৰ। দৰকাৰ। মোৰহে কামত আহিব…এনেকুৱা কিছুমান ভাবে মোক অস্থিৰ কৰি তুলিলে। অৱশেষত ফকীৰৰ ওচৰলৈ দৌৰ মাৰিলোঁ। তেওঁক মই চিঞৰি চিঞৰি মাতিলোঁ। ফকীৰে উভতি চালে। কাষ চাপি অতি নম্ৰভাবে ক’লোঁ- “ফকীৰ চাহেব। আপুনি সংসাৰত্যাগী উদাসীন মানুহ। আপুনি ইমানবোৰ ধন-সোণ নি কি কৰিব, ক’ত থ’ব কওকচোন? তাৰোপৰি এইজাক উট চম্ভালি নিয়াও আপোনাৰ পক্ষে কষ্টকৰ হ’ব। আপোনাৰ ভাগৰ পৰা মোক দহোটা উট দি দিয়ক।

মোৰ কথা শুনি ফকীৰে ক’লে: এৰা, ময়ো ভাবিছোঁ, তুমি ঠিকেই কৈছা। মইনো এইসোপা ধন-সোণ নি কি কৰিম। ফকীৰে মোক উটো দিলে, আশীৰ্ব্বাদো কৰিলে।

মই সপোনতো ভবা নাছিলোঁ যে ফকীৰে ইমান সহজে যে দহোটা উট দিব পাৰিব। মোৰ লোভ আৰু বাঢ়ি গ’ল। মই আকৌ তেওঁৰ পাছে পাছে দৌৰি গৈ নিবেদন কৰিলোঁ :হে সংসাৰ ত্যাগী দৰবেশ। আপুনি ত্ৰিশটা উট লৈয়ে বা কৰিব কি? আপোনাৰ যে ঘৰ-বাৰী বুলিবলৈ নাই। মোক আৰু দহোটা উট দিয়ক…

লোভে মোক ভালকৈয়ে লম্ভিলে। মোৰ ভৱৰ খেলিমেলি লাগি গ’ল– সেইজাক উট, সিমানবোৰ বহুমূলীয়া মণি মৰকত ছাল বাকলি নাইকিয়া ফকীৰটোক কেলেই? এইবাৰ ফকীৰে মোক দূৰতে দেখি ক’লে: তোমাক আৰু কি লাগে? লাগে যদি এইকেইটাও নিয়া।

মই সেইকেইটাও লৈ আহিলো।

জাহাপনা। আপুনি বুজি পাইছেই চাগে যে লোভৰূপী চয়তান মোৰ মূৰত উঠিল। সমস্ত সম্পত্তি আত্মসাৎ কৰিয়ো মোৰ লোভৰ তৃষ্ণা নকমিল। এটা কথাই মোক চিন্তিত কৰি তুলিলে– ফকীৰে অকণো বেজাৰ নোপোৱাকৈ ধন-সোণবোৰ দিয়াৰ নিশ্চয় ভিতৰুৱা কাৰণ আছে। ফকীৰৰ নিশ্চয় ইয়াতকৈয়ো অধিক মূল্যৰ সম্পত্তি আছে। সেইকাৰণে তেওঁ সংকোচ কৰা নাই। ভাবোঁতে-গুণোতে কাঠৰ পাত্ৰটোলৈ মনত পৰিল। মই ক্ষুণ্ণ হৈ পৰিলোঁ। কাঠৰ পাত্ৰটো! তাত যদি ইয়াতকৈও বেছি আছে – তেনেহ’লে? সেইখিনি পালে ভাগ্য হযতো ওলট পালট হৈ যাব। হাঁয় ৰে, ফকীৰে মোক বঢ়িয়া ঠগন দিলে। গুজৰি গুমৰি গৈ পুনৰ ফকীৰৰ ওচৰত হাত পাতিলোঁগৈ- আপুনি সংসাৰৰ ভোগ-বিলাস সকলো বাদ দিছে যেতিয়া কাঠৰ পাত্ৰটোত কি সোলোংটো আছে? সেইটোও অনুগ্ৰহ কৰি মোক দিয়ক।

কি আচৰিত! তেওঁ মোক কাঠৰ পাত্ৰটো দি তাৰ ব্যৱহাৰ পৰ্য্যন্ত শিকাই দিলে। পাত্ৰটোত তেলৰ নিচিনা এবিধ জুলীয়া পদাৰ্থ ওলাল। তাৰে অলপ ফকীৰে মোৰ বাওঁফালৰ চকুত লগাই দিলে। জাহাপনা। তেতিয়া যি দেখিলোঁ তাক প্ৰকাশ কৰিবলৈ ভাষা নাই। সমস্ত জগতৰ লুকাই থকা ধনৰাশি পৰ্ব্বতাকাৰে দ’ম খাই আকাশ ধিয়াই আছে – ছিটিকি পৰা তাৰ জ্যোতিত দেখিলোঁ – মহাসাগৰৰ অতল গৰ্ভত খনিৰ আন্ধাৰ কোণত, অজান পৰ্ব্বতৰ নিজান গহ্বৰত, ৰজা-মহাৰজাসকালৰ গুপ্ত ধনৰ ভঁৰালত আনকি আপোনাৰ ৰাজভঁৰালত থকা গুপ্ত ধন-সোণ মণি-মুকুতা একো বাদ নপৰিল। জাহাপনা! মোৰ চকুত সেইবিলাক স্পষ্ট প্ৰতিভাত হ’ল। সি যে কি বিতোপন, বিমোহন, কি বিচিত্ৰ দৃশ্য তাক বৰ্ণনা কৰা দুঃসাধ্য।

হঠাৎ ফকীৰৰ চকুৱে মোৰ চকুৱে পৰাত গাৰ নোমবিলাক আতঙ্কত সজাগ হোৱাৰ দৰে মূৰ দাঙি উঠিল – তেওঁ তীক্ষ্ণ দৃষ্টিৰে চাইছিল – কপালত তেওঁৰ তীব্ৰ ভ্ৰূকুটিৰ চিন দেখিলোঁ। কিন্তু মূহুৰ্তৰ ভিতৰতে তেওঁৰ সেই ভয়াবহ চেহেৰা বদলি গ’ল। ঢেকঢেকাই হাঁহি ক’লে: খবৰদাৰ সোঁ চকুত কেতিয়াও তেল নলগাবি। নহ’লে দুয়োটা চকু কণা হৈ যাব। এই বুলি কৈয়ে ফকীৰ অদৃশ্য হৈ গ’ল।

কিন্তু জাহাপনা! ফকীৰৰ কথা কোনোমতে বিশ্বাস কৰিব নোৱাৰিলোঁ। – এটা চকুৰে ইমানবোৰ দেখিলো – দুয়োটা চকুৰে আৰু বহুত – নিশ্চয় বহুত দেখিবলৈ পাম। আগগুৰি নিচিন্তি লগাই দিলোঁ দুয়োটা চকুতে কাঠৰ পাত্ৰৰ তেল! …

ধৰ্ম্মাৱতাৰ খলিফা! তেতিয়াই মোৰ দৃষ্টিশক্তি নাইকিয়া হৈ গ’ল। ধন বোজাই উট ক’লৈ গ’ল, ভবিষ্যতৰ সোণালী সপোন কেনেকৈ চাৰখাৰ হ’ল…এক মুহূৰ্ত্ত…এটা মুহূৰ্ত্তৰ ভিতৰত মোৰ এই দশা হ’ল… তাৰ পাচত মই এটা বাণী শুনিবলৈ পালোঁ : পাপীষ্ঠ! ওৰে জীৱনে তই লোভৰ ফল ভোগ কৰিবি।

এদিন এদল বণিকৰ লগত পুনৰ বাগ্‌দাদলৈ গুচি আহিলোঁ। ৰোজগাৰৰ মোৰ আজি উপায় নাই। লোভে মোক অন্ধ কৰিলে। সৰ্ব্বশ্ৰান্ত কৰিলে। জগতৰ পোহৰ মই নেদেখা হ’লোঁ। ভিক্ষা বৃত্তি অৱলম্বন কৰিবলৈ বাধ্য হ’লোঁ। অতি লোভৰ বশৱৰ্তী হৈ এদিন যি পাপ কৰিছিলোঁ তাৰ প্ৰায়শ্চিত্ত কৰিবলৈকে যেয়ে দয়া কৰি কিবা দান কৰিব খোজে, সেয়ে দয়া কৰি ঘোচা এটাও মাৰি যাব লাগে।

জাহাপনা! এয়ে অধমৰ কাহিনী!

আৰু অন্ধ মুখৰ মাত নোলাল। নীৰৱে বেচেৰাই লোটক মচিলে।

খলিফা হাৰুণ-অৰ-ৰছিদে বাবা আব্দুল্লাৰ এই হৃদয় বিদাৰক কাহিনী শুনি সান্ত্বনাৰ সুৰত ক’লে: তুমি যি পাপ কৰিছিলা সি বাস্তৱিকতে গুৰুতৰ পাপ। কিন্তু তুমি এতিয়া তাৰ বাবে অনুতাপ কৰিছা – অনুতাপেই পাপৰ প্ৰায়শ্চিত্ত– কৰুণাময়ে তোমাক ক্ষমা কৰক। তুমি সদায় তেওঁৰ ওচৰত ক্ষমা ভিক্ষা কৰিবা। আৰু আজিৰ পৰা তুমি পেটৰ চিন্তা কৰিব নালাগে; প্ৰতিদিনে ৰাজপ্ৰাসাদৰ পৰা চাৰিটাকৈ সোণৰ মোহৰ তোমাক দিয়া হ’ব। তাৰেই তোমাৰ সংসাৰ চলিব। যোৱা, ভোক লাগিলে খাবই লাগিব…।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Tom
6 years ago

NiCE Story