‘বাগানিয়া’ জীৱনৰ কিছু মধুৰ-গধুৰ স্মৃতি – ১ (সুৰজিত নেওগ)

(অ.ক.ব. ৰ সুবাদত প্রায় দুই দশকৰ অন্তত নিজ মাতৃভাষাটো লেখিবলৈ পাই মই যথেষ্ট সুখী । শেষ ‘অসমীয়া’ বোধকৰোঁ পঢ়ি থকা দিনতে চিঠিত লেখিছিলোঁ ; তাৰ পিছত আৰু নাই । বৃত্তিগত কাৰণত আৰু সময়ৰ অভাৱত কেৱ্ল পঢ়োহে, লেখা আৰু নহয়ছিলগৈ । আন ভাষাত আমাৰ যিমানেই বুৎপত্তি নাথাকক কিয়, মনৰ আৰু হৃদয়ৰ কিছুমান ভাৱ-অনুভূতি কেৱল নিজ মাতৄভাষাত লেখিহে কিজানি আমি প্রকাশ কৰিব পাৰোঁ । মনৰ মাজত খু-দুৱাই থকা কিছু মিঠা (কেতিয়াবা তিতাও !) স্মৃতি লেখিম বুলি বহুদিনৰ পৰাই ভাবি আছিলোঁ; কিন্তু কিয় জানো অলপ ভয় ভাৱ আছিল, কিজানি মোৰ স্মৃতিবোৰ আনৰ বাবে সুখপাদ্য নহ’বও পাৰে বা অনাহকত কিবা কিবি পেঘেনীয়াই থাকি পাঠকক আমনিদায়্ক পঠন সামগ্ৰী যোগান ধৰিম নেকি ? কেতিয়াবা হয়তো কথাবোৰ লেখি যাওঁতে দীঘল হৈ আমনিদায়ক হৈ পৰিব; পাঠকবৃন্দই নিজ গুণে দায় দোষ মৰিষণ কৰিব বুলি আশা কৰিলোঁ – সুৰজিত নেওগ)

এক :
—–

মৌখিকভাৱে চাকৰিটো হোৱা বুলি গ’ম পাই ৯৪ চনৰ জুন মাহৰ এটা প্ৰচণ্ড গৰমৰ দিনত ডিব্ৰুগড়ৰ পৰা ডুমডুমালৈ (হাঁহচৰা) বুলি ওলালোঁ হিন্দুস্থান লিভাৰৰ চাহ কোম্পানীত যোগদান কৰিবৰ উদ্দেশ্যে । যোগদান কৰিব লাগে তেতিয়াৰ ব্রুকবণ্ড লিপ্টন ইণ্ডিয়া লি. ৰ মুখ্যকাৰ্য্যালয় হাঁহচৰা বাগিচাত । মোক কোৱা হৈছিল যে মই লগত কেৱ্ল নিজা পিন্ধা কাপোৰ আৰু আন ব্যক্তিগত সামগ্রীৰ বাদে একো আনিব নালাগে; চাহ কোম্পানীৰ নিয়্ম অনুসৰি মোৰ বাবে সুসজ্জিত থকা খোৱাৰ বন্দবস্ত কৰা হ’ব । দিনৰ ঠিক ১০ মান বজাত বাচৰ পৰা নামিলোঁ হাতত চুটকেচটো লৈ । ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৰ্য্যালয়লৈ প্রায় ডেৰ কিমি মান বাট; বৰ গৰম । একমাত্র ৰিক্সা এখন পাই উঠিলোঁ । ৰিক্সাৱালা জনে মই বাগিচাত যোগদান কৰিম বুলি অহা গ’ম পাই ক’লে, “বাবু, আজি তাত কিবা ডাঙৰ গণ্ডগোল হৈছে । আপোনাক সোমাব নিদিব কিজানি ।” মই ভাবিলোঁ, আৰে, মই চাকৰি কৰিবলে অহা মানুহটোক কোনে ৰখাব । তেতিয়া বাগিচাৰ আনুষংগিক সমস্যা আদিৰ বিষয়ে একো তলা নলা নাপাওঁ ।

অলপ দূৰৈৰ পৰা দেখিলো গোটেই বাগিচাখনৰ দুৱাৰমুখৰ পৰা পুলিচ, মিলিটেৰি আৰু চি.আৰ.পি.এফ. ৰ লোকে ঘেৰি আছে । লগতে প্রায় হাজাৰ মান বাগানৰ মজদুৰ মানুহ । সকলোৰে মুখত এটা চেপা উত্তেজনা । কাৰ্য্যালয়ৰ গেটত মোক আৰক্ষী বিষয়াজনে সোমোৱাত বাধা দিয়াত কলো মই ইয়াত নতুনকে চাকৰিত যোগদান কৰিব আহিছোঁ । তেওঁ মোলে পোন্দোৱাকৈ চাই ক’লে ‘আপুনি আহিবলৈ দিন আৰু নাপালে ।’ ভিতৰৰ পৰা মোক আহিবলৈ অনুমতি প্রদান কৰাত সোমাই গলো । কি হৈছে একো তলা-নলা নাপাওঁ । কাকো চিনিও নাপাওঁ যে কিবা সুধিম । আৰু সকলোৰে মুখবোৰ ইমান গোমা হৈ আছিল যে সুধিবলৈ সাহসেই গোটাব নোৱাৰিলোঁ । এজনক সোধাত তেওঁ মোক IT কোঠালৈ লৈ গৈ মোৰ হ’বলগীয়া মুৰব্বী শ্রী জিতেন নাথ ডাঙৰীয়াক লগ পোৱালেগৈ । ডেকা মানুহ, হাঁহিমুখীয়া; ‘বছ’ যেন নালাগে । নামনি অসমৰ অতি দৰিদ্ৰ পৰিয়ালৰ অতি মেধাৱী ছাত্র নাথ ডাঙৰীয়াই ৯০ চনতে প্রথমে পুনে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰিঙত স্নাতক হৈ পোৱাই আই.আই.টিৰ পৰা স্নাতকোত্তৰ ডিগ্রী আৰু MIT ৰ পৰা আৰ্টিফিচিয়্লে ইন্টেলিজেঞ্চত ডক্টৰেট ডিগ্রী লৈছিল । তেখেতে আগতে আমট্র’নত চাকৰি কৰাৰ সময়ত মই লগ পাইছিলোঁ আৰু সেয়ে মোৰ লগত আগতীয়া চিনাজানা আছিল আৰু এতিয়া ইয়াত মোৰ বিভাগীয় মুৰব্বী হিচাপে পাই আনন্দিত আৰু আচৰিত দুয়োটাই হৈছিলোঁ । আচৰিত হৈছিলোঁ এনে এজন মেধাবী লোকে ইয়াত কি কৰিছে বুলি ভাবি ।

মোক পানী এগিলাচ খুৱাই নাথ দাই (মই দাদা বুলি সম্বোধন কৰিছিলোঁ, যদিও কোম্পানী প্র’টকল মতে সেয়া নিষেধ আছিল) ক’লে ‘সুৰজিত বেয়া দিনত জইন কৰিলাহে । অলপ গুৰুতৰ সমস্যা চলি আছে । বাহিৰত ধৰ্মঘট আৰু অনিৰ্দিষ্ট কাললৈ ঘেৰাও কাৰ্য্যসূচী চলিছে । আমি কোনেও ওলাই যাব নোৱাৰোঁ ।’
মই কিবা অলপ বুজি পোৱাত তেওঁ ক’লে ‘আজি খোৱা বোৱাৰ সমস্যাও আছে । খাবলৈ তোমাক বিস্কুট আৰু চাহ হে দিব পাৰিম ।’ তেতিয়াহে অনুভৱ কৰিলোঁ মোৰ ভোক লাগিছে । অলপ পিছতে চাহ বিস্কুট খাই ভোক নিবাৰণ কৰিলোঁ । এনেদৰে আমি সেইদিনা নিশা প্রায় ১১ বজালৈ কাৰ্য্যালয়তে কটালোঁ; মোৰ একো কাম নাছিল । বৰ আমনিদায়ক সময় আছিল সেইখিনি । মনে মনে ভাবিলোঁ ‘চেহ, ক’ত আহি ফচিলো ! বাগানত চাকৰি কৰ, পা বাপ্পেকে মজাটো ।’ … ৰাতি এজন সহকৰ্মীৰ লগত মোৰ থকাৰ ব্যৱস্থা হ’ল; মোৰ বাসগৃহ প্রয়োজন অনুসৰি প্ৰস্তুত নোহোৱাৰ বাবে । মোক দুটা অপচন দিয়া হৈছিল; মই নিজে খোৱাৰ ব্যৱস্থা কৰিম, মানে খোৱা সামগ্রী নিজে কিনিম আৰু ৰান্ধনীয়ে ৰান্ধি খুৱাব আৰু আনটো হ’ল মোৰ পৰা নূন্যতম কিবা এটা লৈ খোৱা সামগ্রী (যি মন যায়), ৰন্ধা বঢ়া, বাচন বৰ্তন কোম্পানীৰ ফালৰ পৰা দিয়া হ’ব । সেই সময়ত মই কোম্পানীৰ বিশেষ প্ৰজেক্ট এটাৰ বাবে পূৱা ৬ বজাৰ পৰা ৰাতি কেতিয়াবা ১০-১১ বজালৈ কাম কৰিব লাগিব বুলি জানিছিলোঁ আৰু সেয়ে কোনো জঞ্জাল নোলোৱাৰ সিদ্ধান্ত কৰি পেলালোঁ ।

লাহে লাহে বৃটিছে এৰিযোৱা এশবছৰীয়া পৰিস্থিতি পৰিবেশৰ লগত খাপ খাই এজন পাক্কা ক’লা ‘চাহাব’ হ’বলৈ আগবাঢ়িলোঁ . . . । যান্ত্ৰিক বিজুতি বা আন যি কাৰণতেই নহওক কিয় চাহ বাগিচাৰ মজদুৰৰ সাপ্তাহিক দৰমহা সময়মতে কম্পিউটাৰত প্রস্তুত কৰি উলিয়াব নোৱাৰিলে যিকোনো বিষম পৰিস্থিতিৰ (মান মাৰ খাই মূৰ ফলা !!) সন্মুখীন হ’বলৈ মানসিক ভাৱে প্ৰস্তুত হ’বলৈও শিকিলোঁ । নাথ দা আৰু তেওঁৰ পৰিবাৰ পাপৰী নাথ (সেই সময়ৰ আকাশবাণীৰ নিয়্মীয়া গায়িকা) দুয়ো সুগায়্ক-গায়িকা আছিল আৰু আমাৰে সহকৰ্মী মানৱ সম্পদ বিকাশ বিভাগৰ জ্যেষ্ঠ পৰিচালক, ভাল তবলা বাদক শ্রীত্রিদিব গোস্বামী আৰু মই (গীটাৰত) প্রায়ে শনিবাৰে এঠাইত গানৰ মজলিচ বহাইছিলোঁ । ব্যক্তিগত কাৰণত ডেৰবছৰ মানৰ মুৰত এই প্ৰতিষ্ঠানটোৰ পৰা ইস্তফা দি আহিছিলোঁ যদিও চাহ বাগানৰ প্রথমদিনাৰ অভিজ্ঞতা মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব ।

দুই :
—-

এটা স্থায়ী জীৱিকাৰ তাড়নাত, অনাগত দিনত প্রেয়্সীৰ সৈতে নিজৰ সংসাৰ গঢ়াৰ সপোন লৈ আৰু এটা নিৰাপদ আয়ৰ প্র্য়োজনত আকৌ এবাৰ চাহবাগানলৈ বুলি চাকৰিৰ বাবে মানসিক প্র্স্তুতি আৰম্ভ কৰিলোঁ । কেৱ্ল নিজৰ অভিজ্ঞতাক মূলধন কৰি কোনো ‘গদফাদাৰ’ নোহোৱাকৈ আগৰ চাকৰি এৰি অহাৰ দুবছৰ পিছত এটা চাহ কোম্পানীত আকৌ এবাৰ সাক্ষাৎকাৰ দিলোঁ । হাতত এপইন্টমেন্ট লেটাৰ খন লৈ চাকৰিত যোগদান কৰিবৰ বাবে ৯৭ চনৰ ভোগালী বিহুৰ পিছদিনা মাৰ্ঘেৰিটাৰ পৰা যোৰহাট অভিমুখে পৰিবহন নিগমৰ বাচত উঠিলোঁ । আবেলি ১.৩০/২ বজাত যোৰহাটত নামিলোঁ লগত নিয়া দুটা বেগৰ সৈতে । পূৰ্বৰ অভিজ্ঞতাৰ ফালৰ পৰা জানিছিলোঁ যে নিজৰ বস্তুবাহানীৰ বাদে একো নিয়াৰ প্রয়োজন নাই । মোৰ গন্তব্যস্থান আছিল টাটা টিৰ অধীনৰ কাকজান চাহ বাগিচা । কেইবাজন টেক্সি চালকআৰু অ’ট চালকক সুধিলোঁ, সকলোৱে নাযাওঁ বুলি ক’লে । শেষত এজন বয়সীয়া টেক্সি চালক ৰাজি হ’ল যাবলৈ । যোৰহাটৰ পৰা ওভতনি যাত্রা কৰি ঢেকীয়াখোৱা নামঘৰ পোৱাৰ আগে আগে লাহদৈগড় তিনিআলিয়েদি সোঁহাতে সোমাই গলো । গৈ আছো… বাটপথ ধূলিয়ৰি .. এতিয়াহে বুজিলোঁ কিয় কোনো টেক্সি চালক আহিবলৈ ইচ্ছা নকৰে । ৰাস্তা বুলিবলৈ পথাৰৰ দৰে ওখোৰা মোখোৰা; প্রকাণ্ড প্রকাণ্ড গাত । ১০ কিমি আহি আহি বাগিচাৰ পকা ৰাস্তাত উঠিহে স্বস্তিৰ নিশ্বাস এৰিলোঁ । ঠিক আন্ধাৰ হোৱাৰ আগে আগে কাৰ্য্যালয় পালোহি আৰু যাৱতীয় কিছু কথা বুজি বাজি লৈ মোক মোৰ থকা ঠাইলৈ লৈ যোৱা হ’ল ।

মোৰ নিৰ্দিষ্ট আৱাসস্থলী সম্পূৰ্ণভাৱে ব্যৱহাৰোপযোগী হৈ নুঠাত মোক অস্থায়ী ভাৱে এসপ্তাহৰ বাবে আন এজন সহকৰ্মীৰ লগত একেটা বাসভৱনৰ বেলেগ কোঠা এটাত থাকিবলৈ দিয়া হ’ল । দুটা শোৱাকোঠাৰ সেই বাসভৱনটোত আচলতে দুজন বৰলা (বেলেগ বিভাগৰ মোৰ সহকৰ্মী) থাকে । পিছত গম পাইছিলোঁ তাৰে এজন আছিল ‘গাঁওবুঢ়া’; মানে বিয়া পতাৰ বয়স উকলি যাওঁ যাওঁ !! আৰু এজন অতি তীক্ষ্ণ বুদ্ধিৰ যুৱ্ক; মোৰ প্রায় সমবয়সীয়া । পিছৰজন সেই সময়ত এমাহৰ ছুটিত আছিল বাবে তেওঁৰ কোঠাতেই মোৰ এসপ্তাহৰ থকা ব্যৱস্থা হৈছিল । যিকি নহওক, দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰাত গা পা ধুই বাবুৰ্চিক (ৰান্ধনী) কলো মোৰ খোৱা সোনকালে দিবলৈ; কাৰণ পিছদিনা পুৱা ৬ বজাত অফিচ হাজিৰ হ’ব লাগিব । বাবুৰ্চিয়ে ক’লে “চাহাবে আপোনাক তেখেত অহালৈ ৰ’বলৈ কৈছে । খানাৰ কথা একো কোৱা নাই ।” … চাহাব মানে আমাৰ ‘গাঁওবুঢ়া’, হ’ব ঘৰৰ মালিকে কৈছে যেতিয়া উপায় নাই । কিবা কিবি ভাবি থাকোঁতে কেতিয়ানো টোপনি গলো টলকিবই নোৱাৰিলোঁ । হঠাৎ চকীদাৰৰ মাতত খকা-মকাকৈ সাৰ পাই দেখোঁ আমাৰ ‘চাহাবে’ গাড়ীৰ হৰ্ণ বজাই মোক মাতি আছে । কি হ’ল একো বুজি নাপাই ভেবা লাগি চাই থকাত তেওঁ ক’লে, ‘বহা বহা, এফালে যাওঁ । পেন্টটো আৰু জোতাযোৰ ভৰাই আহা ।’ . . . টোপনিৰ জালতে কোনোমতে আহি তেওঁৰ বসন্তি ফিয়েট গাড়ীত বহিলোঁ; কলৈ যাম বুলি সোধাত ক’লে ‘যাওঁ ব’লা, অলপ কামোৰ দি আৰু খাই আহোঁ ।’ … অলপ গৈয়ে সোমালোঁ এঘৰত; বাগিচাৰ জ্যেষ্ঠ চিকিৎসক গোস্বামীদেৱৰ ঘৰত ।

ড০ গোস্বামী আৰু পৰিবাৰ দুয়ো বেছ সৰবৰহী লোক । পানীয়ৰ সৈতে মাছে মঙহে দকচি খাই নিশা ১ মান বজাত শুবলৈ যো যা চলালোঁ । আমাৰ গাঁওবুঢ়াই বোলে মোৰ লগত হেনো অলপ লেকচাৰ মাৰে … হে হৰি, মোৰ অৱস্থা নাই ভাগৰত; তাতে পিছদিনা পুৱাই ৬ বজাত অফিচ পাবগৈ লাগিব । উপায় নাই; ভদ্রতাৰ খাতিৰত টোপনিয়াই টোপনিয়াই কথা চোবাব ধৰিলোঁ; কেতিয়ানো চকু দুটা জাপ খাই আহিল ক’ব নোৱাৰোঁ । হঠাৎ তিনিমান বজাত সাৰ পাই দেখোঁ টিভিটো চলি আছে; সিখন বিচনাত মোৰ সহকৰ্মী গাঁওবুঢ়া লাল কাল । টিভিটো অফ কৰি আকৌ শুবলৈ ধৰিলোঁ । আকৌ কিছু সময়ৰ পিছত সাৰ পাই দেখোঁ যে টিভিটো চলি আছে আৰু গাঁওবুঢ়া এজইউজুৱেল লাল কাল । কি হ’ল তৎ ধৰিব নোৱাৰিলোঁ । টিভিটো কেনেকৈ চলে নিজে নিজে ? ভালকে কানেকচন বোৰ চাই আকৌ বন্ধ কৰি থলো । ৪৫ মিনিট মানৰ পিছত আকৌ সেই একেই অৱস্থা; ইতিমধ্যে ৰাতিপুৱাইছে । শুৱাৰ চিন্তা বাদ দি নতুন চাকৰিৰ প্রথম দিনাৰ বাবে সাজু হ’বলৈ ধৰিলোঁ । দিনটো ব্যস্ত হৈ থাকি গধূলি পৰত ঘৰলৈ আহি দেখোঁ মোৰ সহকৰ্মী এতিয়াও আহি পোৱা নাই । বেয়েৰাৰ পৰা গম পালো চাহাব মানে গাঁওবুঢ়া চাৰ দহমান বজাত আহে । মই হিচাপ কৰি তিনিঘন্টামান এই চেগতে শুই লওঁ বুলি বিচনাত পৰিলোঁ । ৰাতি ভাত খাওঁতে আগনিশাৰ টিভিৰ ঘটনাটোৰ বিষয়ে তেওঁক সোধাত তেওঁ কলে “অ’ তুমি তাৰমানে টিভি টো অফ কৰি দিছিলা বাৰে বাৰে ।” মই বোলো “হয়, কিন্তু সেইটো বাৰে বাৰে কেনেকৈ অ’ন হৈ যায় ?” উৰহি গছৰ ওৰটো তেতিয়া পালো যেতিয়া মই শুনিলোঁ “এহ, টিভিটো চলি নাথাকিলে মোৰ টোপনি নাহে ।” তাৰমানে তেখেতেই বাৰে বাৰে টিভিটো চলাই দিয়ে আৰু মই বন্ধ কৰি দিওঁ !!! মোৰ কমল হাচানৰ পুষ্পক নামৰ চিনেমাখনলৈ হঠাৎ মনত পৰি গ’ল … তাৰ মানে এইবোৰ সত্য ঘটনা, চৰিত্রৰ আলমত হয় । এনেদৰে পাঁচ নিশা মান ‘অত্যাচাৰ’ সহ্য কৰাৰ পিছত যেনেতেনে বাগিচাৰ জ্যেষ্ঠ পৰিচালকক কৈ মই মোৰ নিজা বাসস্থানলৈ গুছি আহিলো । মোৰ জীৱনৰ ‘এইচা ভি হ’তা হ্যেই’ টাইপৰ অভিজ্ঞতাৰ এইটো অন্যতম . . . ।

 

তিনি :
——

মোৰ বাসস্থানত আন আন বহুতো ফল-মূলৰ লগতে এডাল আম গছো আছিল । সঁচটো ভাল; পোক-চোক নলগা ভাল জাতৰ আম । প্রথম বছৰ ঢেৰ আম লগা দেখিছিলোঁ; কিন্তু পকা আম মাত্র ১০ টা মানহে খাবলৈ পালো । ডাং বৰলা হোৱাৰ বাবে বৰ বিশেষ মন কাণ কৰা নাছিলোঁ যদিও কেতিয়াবা মনত পৰি সুধিলে মোৰ বঙলাত কৰ্মৰত কৰ্মচাৰী কেইজনে কয় ‘চাৰ, সৰি গ’ল’ বা ‘বাদুলিয়ে খালে’ ইত্যাদি ইত্যাদি ..। এইবোৰ কথা আলোচনা কৰি থাকোঁতে মোৰ সুহৃদ বন্ধু তথা সহকৰ্মী প্রিয়্ংক’ ফুকনে বুদ্ধি দিলে
“সুৰজিত, তই এইবাৰ এটা কাম কৰিবি । আমবোৰ ডাঙৰ হোৱাৰ পিছত এদিন গোটেই কিটাক মাতি আনি কিমানটা আছে হিচাপ কৰি থ’বি । তেতিয়া আৰু আম নিজে নিজে সৰি নাযায় বা বাদুলীয়ে নাখায় ।” ..
“আম হিচাপ কৰা ধেমালি নেকি ? কি অসম্ভৱ কথা কৱ হে ?” মই আচৰিত হৈ তাক সুধিলোঁ ..
“ধেট, কোনে তোক আচল হিচাপ কৰিবলে কৈছে ?”

পিছৰ বাৰ আমবোৰ ডাঙৰ হওঁতে মই আটাইকিটাকে এদিন দেওবাৰে মাতি আমবোৰ হিচাপ কৰিলোঁ … “এই ফালে ৮ টা, তাত ২, ৬ , ১২ টা, ওপৰত ১৩ টা, তাৰ পিচপিনে ১৭ টা, ফেঞ্চিংৰ ফালে ১১ আৰু ১৯ আৰু ৮ টা . . . । মুঠতে … ইমানটা … । এইবাৰ সৰিলে আৰু বাদুলিয়ে খালে মোক দেখোৱাব লাগিব ।” মানুহ কিটা আচৰিত হৈ গ’ল, এই চাহাবটো বেলেগ আছে দেই… ৫ মিনিটত গোটেই আম কিটা পুৰা পুৰি হিচাপ কৰি দিলে …!!! সেইবাৰ আম খাই খাই ডায়েবেটিচ হৈ গ’ল গৈ . . এপাচি মান ঘৰলৈ আৰু আন এপাচি মোৰ প্রেয়্সীৰ ঘৰলৈও পঠিয়ালোঁ । আপোনালোকে বাৰু ধৰিব পাৰিছেনে মই কেনেকৈ ইমান নিৰ্ভুল ভাৱে আম হিচাপ কৰিছিলোঁ । পিছলৈ টেকনিকটো মোৰ পৰিবাৰক শিকাই আমি বেছ ভাল ফল পাইছিলোঁ . . . !!

 

চাৰি :
——

মজলিচ চলি আছে । এজনে চিঞৰিলে ‘ঐ সোনকালে পানী আন’ … অলপ দেৰি হোৱাত অলপ ধমকী দিলে । পিছৰ ফালে আমি লক্ষ্য কৰিলোঁ বটল এটা বা পানীৰ জাৰ এটা অলপ সোনকালেই অহা হ’ল …। কথাটো কি বুলি বেয়েৰাটোক সোধাত সি কলে “চাৰ, পানী ফটাফট ওপৰৰটোৰ পৰাই লৈ আহিছোঁ ।” … ওপৰৰটোৰ পৰা মানে ফিল্টাৰৰ ওপৰৰ পাত্রটোৰ পৰা ….. !!!!

 

পাঁচ :
—–

জুনিয়ৰৰ লগতে আমাৰ এজনী জাৰ্মান শ্বেফাৰ্ড আছিল; নাম ৰক্সি । গঢ়ে-গতিয়ে বেছ চকুত লগা আৰু স্বাভাৱিক ভাৱেই যথেষ্ট ষ্ট্ৰং । মোৰ পৰিবাৰে কেতিয়াবা কেতিয়াবা দুইটাকে দুডাল ৰচি লগাই ফুৰাবলৈ নিয়ে । ৰক্সি এনেই তেনেই নিমাখিত আৰু শান্ত । এদিন এনেকে যাওঁতে সন্মুখতে ওলাল এজাক ধেকুৰা … বছ, কুকুৰৰ স্বভাৱগত কাজিয়া কৰাৰ মেজাজেৰে ৰক্সি আৰু জুনিয়ৰে দুফালে চোচা ল’লে; এওঁৰ হাতৰ ৰচি আছিল গাঁঠিত মেৰিওৱা … বাগিচাৰ কয়লা দিয়া ৰাস্তাত ‘মেমচাহাব’ক ১৫ ফুট মান তামোলৰ ঢকুৱা চোঁচৰাদি চোঁচৰালে . . । ভাগ্য ভাল, লগত আয়াজনী আছিল । এমাহ মানৰ মুৰত ভালকে উঠিব পৰা হৈছিল গৈ এওঁ …!!

ছয় :
—–

বিয়াৰ পিছত দেখোঁ এওঁৰ একো কাম বন নাই । বৰ আমনিদায়ক জীৱ্ন । ভাবিলোঁ গাড়ীখনকে চলাব শিকাই দিওঁ; কাৰণ সেইখন ঘৰত এনেই থাকে । মই সপ্তাহটোৰ ৬ দিনেই কোম্পানীৰ গাড়ীত টাকুৰী ঘুৰা দি ঘুৰি থাকো । ভবা মতে কাম । নিৰিবিলি ৰাস্তাত নতুনকৈ বিয়া পতাৰ সুবাদত প্রেম কৰি কৰি গাড়ী শিকোঁতে শিকোঁতে এমাহ মান লাগিল । দাবী ধমকী খাই ৩ নম্বৰ গীয়েৰটো লগাব পৰা হৈছিল গৈ । কেতিয়াবা মই কলৈকো নগ’লে দিনটোত দুবাৰ মান আহি হাই বাই কৰি যায়হি । এদিন এনেকৈ আহোঁতে ৰাস্তাত ফস্তি মাৰি শুই থকা গৰু এটাৰ খুৰাটোৰ ওপৰেদি চকা পাৰ হৈ গ’ল । গৰুটো অকণমান আঘাতপ্ৰাপ্ত হ’ল যদিও চালক ‘মেমচাহাবে’ আছিল বাবে এক্সিডেণ্ট কৰা স্বত্বেও একো ৰিয়েকচন নহ’ল ভাগ্যে । আমি হোৱা হলে বাগিচাত ষ্টাইক , হৰতাল আদি হৈ গ’লহেতেন । ইতিমধ্যে ‘মেমচাহাবে’ গাড়ী চলালে সকলো সাৱধানে থাকে । এদিন এনেকৈ মোক এওঁ লিফ্ট দিছে; ময়ো বোলো চাওঁ কিমান কি হৈছেগৈ । এনেতে দেখোঁ সন্মুখৰ পৰা আহি থকা প্র্কাণ্ড ট্রেক্টৰ-ট্রেইলাৰ এখন হঠাৎ ৰাস্তাৰ পৰা নামি কাষৰ পথাৰত ৰৈ দিছে । আৰে, ইয়াৰ আক’ কি হ’ল, মনতে ভাবিলোঁ । কাষেৰে পাৰ হৈ যাওঁতে দেখোঁ ট্ৰেক্টৰৰ চালকে এওঁক চালাম ঠুকিছে । এওঁ মোক লাহেকৈ ক’লে “মই গাড়ী চলাই আহিলে এওঁলোকে এনেকে ৰাস্তাৰ পৰা নামি দিয়ে …!!” …. ও ও ও !! কিমধিকম …

(‘ক্রমশ’)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক