‘বাগানিয়া’ জীৱনৰ কিছু মধুৰ-গধুৰ স্মৃতি

বাগানিয়া’ জীৱনৰ কিছু মধুৰগধুৰ স্মৃতি – ২

সুৰজিত নেওগ


(
) বন্যহস্তীৰ সৈতে কটোৱা কিছু ক্ষণ ..


অসমৰ চাহবাগিচাৰ জীৱন আৰু বন্যহাতী দুয়ো একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কলে নিশ্চয় বঢ়াই কোৱা নহয়। চাহবাগিচাৰ বনুৱাসকলে তৈয়াৰ কৰা হাৰিয়া হাতীৰো বৰ প্ৰিয়। হাৰিয়া হল এবিধ দেশীয় সুৰা, চুলাই নহয় কিন্তু। আমাৰ আহোম সম্প্ৰদায়ৰ সাঁজ বা মিচিংসকলৰ আপঙৰ দৰে। অলপ মিঠা মিঠা। বাগিচাৰ বনুৱাশ্ৰমিকসকলৰ সুখ দুখৰ লগৰী এই হাৰিয়া। চাহবাগিচাৰ দাতিকাষৰিয়া হাবিৰ পৰা হাতীৰ জাক নিশা গভীৰ হলেই বাগিচাৰ লাইনত আহি উপস্থিত হয় এই হাৰিয়া খাবলৈ; আৰু তেতিয়াই আৰম্ভ হয় মানুহ আৰু বন্যহস্তিৰ সংঘাত। হাতীৰ শ্ৰবণশক্তি অতি তীক্ষ্ণ হোৱাৰ বাবে ইহঁতে বহুদুৰৈৰ পৰাই এই হাৰিয়াৰ স্থান নিৰ্ভুলকৈ বিচাৰি উলিয়াব পাৰে। হাতীৰ স্মৃতিশক্তিও বৰ প্ৰখৰ, ইহঁতে বহু পুৰণি কথাও সহজে নাপাহৰে। যিকি নহওক, কাকজান বাগিচাতো হাতীৰ উপদ্ৰৱ নিত্যনৈমিত্তিক ঘটনা আছিল। ধানকটাৰ সময়ত বেছিকৈ; প্ৰায়ে আহিছিল হাৰিয়া খাবলৈ। এটা বনৰীয়া এদতীয়া অকলশৰীয়া হাতীয়ে ফুটবল খেলি খেলি এজনী সাত বছৰীয়া ছোৱালীৰ জীৱন কেনেকৈ লৈছিল সেই কৰুণ ঘটনা নিজে দেখিছিলোঁ। সেই হাতীটোৱে আন কেইবাজনো চাহ শ্ৰমিকৰ জীৱন লোৱাৰ ওপৰিও দাতিকাষৰীয়া গাঁৱতো যথেষ্ট ক্ষয়ক্ষতি উপদ্ৰৱ কৰিছিল। শেষত সাধাৰণতে যি হয়, সেই হাতীটোক ৰাইজে ঘেৰি ধৰি ধনুকাড়, দাযাঠিৰে বধ কৰিছিল।

মই নিজে কেইবাবাৰো এনে বন্যহাতীৰ দলৰ মুখামুখি হৈছিলো বিভিন্ন সময়ত। প্ৰথম অৱস্থাত বেচ ভয় খাইছিলো যদিও পিছলৈ অভ্যস্থ হৈ পৰিছিলো। এটা কথা অনুভৱ কৰিছিলো, যেতিয়ালৈকে আমি (মানুহে) আক্ৰমনাত্মক হৈ নপৰো হাতীয়ে একো অনিষ্ট নকৰে। কেইবাবাৰো উপায়হীন অৱস্থাত এই কথাষাৰ উপলব্ধি কৰিছো।

হাতীৰ সম্পৰ্কে বহুতো ৰসাল মুখৰোচক কথা সেয়ে চাহবাগিচাৰ বনুৱা সকলৰ মুখে মুখে। বেছিভাগেই এনে কথাবোৰ বেচ ভক্তিসহকাৰে বিশ্বাসো কৰে। তেনে এটা ঘটনা কওঁ। বৰলা জীৱনৰ অন্তপেলাই যুগ্মজীৱনৰ আৰম্ভনি কৰিছো মাত্ৰ। বিয়ালৈ বুলি অহা বন্ধুবান্ধৱ, আত্মীয় সকলো ঘৰাঘৰি গলগৈ। সঠিককৈ মনত নাই, কিন্তু বিয়াৰ ঠিক ৪৫ দিন পাছৰ কথা। সন্ধিয়া ৮ মান বাজিছে; জুন মাহৰ এটা গেলা গৰমৰ সন্ধিয়া। এওঁ পাকঘৰত ৰান্ধনী আৰু লাচনীপাচনীটোৰ সৈতে ৰাতিৰ সাজঁ তৈয়াৰ কৰাত ব্যস্ত। মই পৰ্টিকতে বহি বিজুলীপাংখাখন চলাই ডিমলাইটো জ্বলাই পেগ এটা লবলৈ যোযা কৰিছো। বঙলাৰ দুজন নৈশৰখীয়াৰ এজন ৰমেশ ইতিমধ্যে আহি পাইছে। আনজন এঘন্টামান পলমকৈ আহে। তেনেতে ৰমেশে ওচৰলৈ আহি ফুচফুচাই কৈছে চাৰ হাতী হাতী !” মই বিশেষ প্ৰতিক্ৰিয়া নেদেখুৱাই কত বুলি সোধাত সি কলে সৌটো চাৰ, গেটৰ ওচৰতে ৰৈ আছে।ভালকে চাই দেখো যে সেই এদতীয়া প্ৰকাণ্ড হাতীটো; আমাৰ গেটখনৰ বাহিৰত থিয় হৈ ৰৈ আছে। ৰমেশে ইতিমধ্যে বাহিৰেদি গৈ খিৰিকিৰে এওঁক খবৰটোদিলেই …! এই হাতীটোৰ বিশ্বাস নাই; যিকোনো মুহুৰ্ততে যিটি কৰিব পাৰে। তেনেতে দেখো হাতীয়ে লাহেকৈ গেটখনত লাহেকৈ খুন্দা এটা মাৰিছে। ভাবিবৰ সময় নাই। লগে লগে ভিতৰলৈ গৈ মোৰ কুকুৰ দুটাক লাহেকৈ শোৱনীকোঠাত ভৰালো; কাৰণ কুকুৰে ভুকিলে হাতীয়ে খেদি আহে বুলি শুনিছিলো। ৰমেশক কলো ঘৰৰ ভিতৰৰ লাইট কেইটা নুমুৱাই দিবলৈ। ইতিমধ্যে লাইনত হুলস্থুল আৰম্ভ হৈ গৈছে। দুৰৈত কিছু মানুহৰ সমাগম হোৱাতো অনুমান কৰিলো। যিকি নহওক, তেনেদৰে ১০১৫ মিনিটমান উৎকন্থাৰ পিছত হাতীটোৱে একো ক্ষয়ক্ষতি নকৰাকৈ গজ গমন কৰিলে। কেৱল তাৰ প্ৰকাণ্ড গাটো ঘঁহোৱাত শিকলিত লাগি থকা তলাটো চিঙি গৈছিল ! স্বস্তিৰ নিশ্বাস পেলাই লাইটকিটা জ্বলাই দিয়াত এওঁৰ অৱস্থাটো দেখি মোৰ মুখেৰে জোৰকৈ হাঁহিটো ওলাই গ. . এওঁ মোৰ মুখত আগতে হাতীৰ কাহিনী শুনিছে; কিন্তু বাস্তবৰ লগত প্ৰথম মুখামুখি !!

টিভি চাই আছো। এঘন্টামান পাৰ হৈ যোৱাৰ পিছত পুনৰ ৰমেশে আমাৰ শোৱনীকোঠাৰ খিৰিকিৰ কাষত আহি মোক মাতিলে চাৰ, হাতীটো আকৌ আহিছে!” … তাৰ কন্ঠত ভয়ৰ চাপ স্পষ্ট। মই তাক লাহেকৈ ধমক দি কলো হেই, ভিতৰত সোমাই থাক। হাতী নিজৰ জাগালৈ যাবগৈ।” … এইবাৰ সি ফুচফুচাই আকৌ কলে নাই চাৰ, এতিয়া সি আমাৰ পিছফালে ফেঞ্চিংৰ ওচৰত ৰৈ আছে। কলগছ খাবলৈ সোমাব কিজানি।এইবাৰ অলপ চিন্তা হল। কৰিব পৰা একো নাই; মনে মনে চাই থকাৰ বাদে উপায়ো নাই। হাতীৰ মন গলে ফেঞ্চিং ভাঙি কলগছ খাব; গোটেইখন তহিলং কৰিলেও একো কৰণীয় নাই মোৰ !! অসহায় অৱস্থা এটা। এওঁক বুজালো, কোনো কাৰণতে যেন চিঞৰবাখৰ নকৰে। লগতে কলো, কুকুৰ দুটাক ব্যস্ত ৰাখিবলৈ। লগতে অভয় দিলো যে হাতীয়ে চাহাবৰপকাঘৰ ভাঙিবলৈ সাহস নকৰে !! আশংকা কৰামতেই গজৰাজে ফেঞ্চিং ভাঙি ইচ্ছামতে চাৰিডাল মান কলগছ খালে। আমৰ ডাল দুটামানো ভাঙিলে। এপাকত প্ৰ্কাণ্ড ডিচখন (টিভিৰ) লাহেকৈ ঠেলি পকাৰ গুৰিটোৰ পৰা পেলাই দিলে। তেতিয়াহে মনে মনে ভয় খালো, হাতীটোৰ মতলব বুজিব নোৱাৰি। উপায়হীন হৈ জ্যেষ্ঠ পৰিচালকলৈ খবৰ দিলো, দৰকাৰ পৰিলে সশস্ত্ৰ চিপাহী দুজন পঠিয়াবলৈ। ভাগ্যে যেনিবা ইমানখিনিৰ পিছত গজৰাজ শান্তহৈ অহা বাটেৰে ধিৰে সুস্থিৰে গলগৈ।

ল কথা গুচিল। পিছদিনা মোৰ আন লগোৱা কেইটা আৰু ইটো নৈশপ্ৰহৰীয়ে কলে চাৰ, যোৱাকালি ডাঙৰীয়া বাবাই আচলতে ৰমেশক (মানে মোৰ আনটো নৈশপ্ৰহৰী) বিচাৰি আহিছিল। আপুনি চাব, বাবা আকআহিব।মই আচৰিত হৈ কিয় বুলি সোধাত কলে এই ৰমেশৰ বাপেক আৰু সি এদিন এই বাবাৰগালৈ জুইৰ অঙঠা দলিয়াইছিল। বাপেকক তেতিয়াই বাবাইগছকি মৰিলে; , ৰমেশ কোনোমতে পলাই সাৰিলে। হাতীয়ে কথা নাপাহৰে; ৰমেশক বিচাৰি আহি থাকিবই।ওৱা, সেইটো আককেনেকুৱা কথা? মই ভাবিলো। ওচৰতে ৰৈ থকা পৰিবাৰৰ ওপৰত কথাষাৰে যথেষ্ঠ ক্ৰিয়া কৰা যেন মোৰ ভাৱ হল। তেওঁ কলে হু, ইহতে ঠিক কথাই কৈছে। ৰমেশক বেলেগলে পঠিয়াই দিয়া। আমাৰ ঘৰত আৰু নালাগে। তুমি এনেই নাথাকাই; আকহাতী আহি তহিলং কৰিলে মই কত পলাম?” বৰ বিশেষ বাকবিতন্ডালৈ নগৈ তাক লগৰটোক কৈ কাৰখানাত দিনৰ চিফ্টতত এটা কাম দিয়ালো। অৱশ্যে, ইয়াৰ পিছতো হাতী কেইবা বাৰো আহিছেওচৰে পাজৰে ঘুৰি আতৰি গৈছে। এই হাতীটো এসময়ত পগলা হৈছিল আৰু তাক মাৰি পেলাব লগা হৈছিল।

() বনৰজাৰ সৈতে মুখামুখি . .

বাগিচাৰ চাকৰিত কেইবাবাৰো বনৰজাৰ সৈতে মুখামুখি হোৱাৰ সৌভাগ্য হৈছে। মই চাকৰিসুত্ৰে প্ৰায়ে সময়ে অসময়ে কোম্পানীৰ বিভিন্ন বাগিচা ঘুৰি ফুৰিব লগা হৈছিল আৰম্ভনীৰ সময়ত। কেতিয়াবা গভীৰ নিশা, কেতিয়াবা দোভাগ নিশা আককেতিয়াবা পূৱতি নিশা একমাত্ৰ সাৰঠি মোৰ গাড়ীচালকজন আৰু এডাল ৰাইডাং বেত। কেতিয়াবা হয়তো বাঘিনীয়ে নিজৰ পোৱালী দুটা লৈ খেলি আছে ৰাস্তাৰ ওপৰতে; আতঁৰি দিয়াৰ মনকাণেই নাই। কিছু সময় ৰৈ থকাৰ পিছত পুনৰ যাব পৰা হয়। কেতিয়াবা দেখিব মাত্ৰ কেইহাতমান আতঁৰেৰে হঠাৎ বনৰজা চলন্ত গাড়ীৰ আগেৰে খৰখোজেৰে বা জপিয়াই পাৰ হৈ গৈছে। এদিনৰ ঘটনা।

আমাৰ বাগিচাৰে সহকৰ্মী এজনৰ ঘৰত ৰাতিৰ আহাৰৰ নিমন্ত্ৰন আছিল। তেওঁৰ বঙলাটো অলপ আওঁহতীয়া ঠাইত, আমাৰ ভাষাত আউট ডিভিজনত। মোৰ বহাৰ পৰা প্ৰায় ৫ কিমি মান দুৰৈত। মোৰ লৰা ৰক্তিম দুবছৰীয়া। বাটত যাওঁতে আয়াজনীক তাইৰ লাইনৰ কোৱাৰ্টাৰত নমাই যাবলৈ তাইৰ ঘৰলৈ যোৱাৰ গলিটোৰ সন্মুখত ৰলো। নিশা তেতিয়া ৯ মান বাজিছে। জোনাক নিশা। আয়াজনী নামি বাহিৰত; এওঁ কিবা কিবা বুজাই আছে মহিলাৰ স্বভাৱগত প্ৰবৃত্তিৰে। কথা (বুজনি) শেষ হোৱা নাই। মই গাড়ীখনৰ হেডলাইট কিটা জ্বলাই এনেই আগলৈ চাই আছো কিজানিবা হাতী চাতী উলাই আহে বুলি। এনেতে দেখো হঠাৎ বাগিচাৰ চাহগছৰ মাজৰ পৰা বেচ শকতআৱত গৰু এটা ধিৰ সুস্থিৰ খোজেৰে আমাৰ ফালে আগুৱাই আহি আছে; ব্যৱধান এশমিটাৰৰ কম। ভালকে মণিব পৰা নাই। মইয়ো এওঁলোকৰ বেবেৰিবাং কথাত বিৰক্ত হৈ এনেই অন্যমনস্ক হৈ চাই আছো। আহি আছে, আহি আছে লাইটৰ পোহৰত ভালকে ধৰিব পৰা হোৱাত দেখিলো ওৱা, এইটোছোন বাঘ !! এতিয়াও আহি আছে। চিঞৰ এটা মাৰি আয়াজনীক কলো আৰতি, গাড়ীৰ ভিতৰত বহ। সৌটো বাঘ।লগে লগে এওঁ কত কত বুলি টেটুফালিলে। মই ইচাৰাত মনে মনে থাকিবলে কৈ কি কৰিম চিন্তা কৰি আছো। বাঘটো কিন্তু প্ৰায় ঢলংপলংকৈ আহিয়েই আছে। আমাৰ মাজৰ দুৰত্ব কিজানি তেতিয়া ৩০ মিটাৰ মান হব। সেই খিনিত গাড়ীখন থাওকতে ঘুৰুৱাৰ উপায়ো নাই। ঠেক ৰাস্তাৰে বনৰজাৰ কাষেৰে আগুৱাই যোৱাৰো চিন্তা কৰিব নোৱাৰি। যি হয় হব বুলি গাড়ীতে বহি থকাৰ সিদ্ধান্ত লৈ ফগ লাইট কিটা জ্বলাই দিলো। ঠিক এনেতে মোৰ সহকৰ্মী এজনৰ গাড়ী এখন পিছফালৰ পৰা আহি থকা দেখা পাই অলপ সাহস পালো। আমাৰ পৰা কিজানি ২০৩০ ফুটমান দুৰৈত বনৰজা হঠাৎ চাহ বাগিচাৰ মাজলৈ সোমাই গল। ইতিমধ্যে মোৰ সহকৰ্মীজন আহি পাইছে।

পিছদিনা আয়াজনীয়ে খবৰ দিলে চাৰ, আমাৰ লাইনৰ ওচৰতে কালি দেখা বাঘিনীজনীয়ে আজি ৰাতিপূৱা তিনিটা পোৱালী দিলে। বহুতে চাবলৈ গৈছে। বাগিচাৰ ভিতৰৰ নলা এটাতে পোৱালী তিনিটা আছে। মাকজনী এতিয়া কিজানি চিকাৰ বিচাৰি গৈছে।” …. এৰাঃ সেইবাবেই বোধকৰো প্ৰ্সব বেদনাতে যোৱাকালি সেই বাঘিনীজনীয়ে আমাক ভ্ৰুক্ষেপেই কৰা নাছিল। এহ, পোৱালী কিটা চাই বা চুই আহিব পৰা হেতেনমনতে ভাবিলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক