বাগানীয়া’ জীৱনৰ কিছু মধুৰ-গধুৰ স্মৃতি (খণ্ড ৩): সুৰজিত্‍ নেওগ

তেতিয়া কাকজান চাহ বাগিছাত মাত্ৰ যোগদান কৰিছো। ১৯৯৭ চনৰ ঠাণ্ডা দিন। এইখিনিতে কাকজান চাহবাগিছাৰ বিষয়ে কিছু কথা কৈ লওঁ নেকি। এই বাগিছাখনৰ মাটি-কালিৰ পৰিমাণ ১৬৫০ হেক্টৰ আৰু সেইফালৰ পৰা বৰ্তমান এচিয়াৰ সৰ্ববৃহৎ চাহবাগিছা। আগতে বিশ্বনাথ চাৰিআলিৰ ওচৰৰ ম’নাবাৰি বাগিছাখনে এই সন্মানটো লৈ আছিল যদিও সেইখন বহুধাবিভক্ত হোৱাৰ পিছত কাকজান বাগিছাখন এতিয়া সেই অভিলেখ বা সন্মানৰ গৰাকী। বছৰেকীয়া চাহৰ উৎপাদন প্ৰায় ৩৫ লাখ কেজি চাহপাত। যোৰহাটৰ মৰিয়নিৰ নকচাৰি (দেবেৰাপাৰ) নামৰ সৰু ঠাইখনৰ প্ৰায় গাতে লাগি থকা এই বাগিছাখনলৈ ঢেকীয়াখোৱা নামঘৰৰ ওচৰৰ পৰা (লাহদৈগড় তিনিআলি) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰায় ১০ কিমি মান দক্ষিণলৈ সোমাই গলেই পোৱা যায়। যিকি নহওক, বাগিছাৰ কাৰ্য্যালয় পুৱা ৬ বজাত আৰম্ভ হয় আৰু দিনৰ শেষত কামৰ অন্তত নিজৰ বহালৈ বুলি আহোতে আহোতে প্ৰায় ৰাতি হয়। সেই সময়ত মোৰ দুচকীয়া বা চাৰিচকীয়া বাহন নথকাৰ বাবে প্ৰায় খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিলো। মোৰ বহাৰপৰা কাৰ্য্যালয়লৈ প্ৰায় ১.৫ কিমি মান হয় আৰু তাৰে প্ৰায় এক কিমি মান এখন বিশাল গল্ফ কৰ্চৰ মাজেৰে যাব লগা হয়। দিনত বা ৰাতিপুৱা ঠিকেই থাকে; পিছে ৰাতি আন্ধাৰ হলেই সেই নিৰ্জন আলিবাটটোৰে অহাযোৱা কৰিবলৈ কলিজাটো অলপমান ডাঙৰ হ’ব লাগিছিল যেন ভাৱ হৈছিল। তাৰোপৰি সেই গল্ফ কৰ্চ খনৰ একোণত আৰু আলিবাটটোৰ কাষতে আছিল এখন মৰিশালি। ৰাতি সেই বাটেদি আহোতে ডাঙৰ ডাঙৰ শিয়ালবোৰে প্ৰায় বৰ আমনি কৰিছিল। কেতিয়াবা ভয়ো খাইছিলো; বিশেষকৈ ডাৱৰীয়া বতৰত। 

 

 

 

 

 

 

 

 

তিনিকোণীয়া বুকুত চকু থকা “কন”ৰ কাহিনী –
———————————————

মই এনেকৈ অকলশৰীয়াকৈ ৰাতি অহা-যোৱা কৰাৰ কথাটো মোৰ অগোচৰে মোৰেই কেইবাজনো স্টাফে নিৰিক্ষণ কৰি আছিল আৰু এদিন পূৰ্ণেশ্বৰ বড়া নামৰ এজনে মোক ক’লে “চাৰ, আপুনি এনেদৰে অকলে অকলে ৰাতি সেইফালেদি নাযাব। ঠাইখন ভাল নহ্য়; কিবা অনিষ্ট হ’ব পাৰে !” মই বুজিলে যে তেখেতে মোক সেই সময়ত আমাৰ বাগিছাৰে গাতে লাগি থকা মেলেং, লাহিং আদি ঠাইত প্ৰধান ঘাটি থকা ‘উদিত সূৰ্য্য’ দলৰ বীৰযোদ্ধা সকলৰ কথা কৈ সকিয়াইছে। কলা জেকেট পৰিধান কৰা লোকৰ যন্ত্ৰচালিত দুচকীয়া বাহন কাঢ়ি আনি দেশোদ্ধাৰ কৰিবলৈ যোৱা তেনে দুই এজন বীৰৰ সৈতে মোৰ ইতিমধ্যেই পৰিচয় হৈছিল। কিন্তু নহয়, মোৰ স্টাফজনে তেনে লোকৰ কথা কোৱা নাছিল; বেলেগ কিবা ‘বস্তুৰ’ কথাহে কৈছিল।

মোৰ সহকৰ্মী (এতিয়াও, গুৱাহাটীত) আৰু এতিয়াৰ এজন নলেগলে বন্ধু যোৰহাটৰ প্ৰিয়াংকু ফুকন সেই সময়ত ফেক্টৰিৰ নৈশ কৰ্তব্যত (night duty) আসিন আছিল। ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে তেখেতৰ কৰ্তব্যৰ সময়। তাৰোপৰি তেখেতে আবেলি তিনি বজাৰ পৰা ছয় বজালৈকো ফেক্টৰীত থাকিছিল। শ্ৰী ফুকন স্বভাৱগত ভাৱে বেছ্ ধেমেলীয়া আছিল আৰু যিকোনো কথা থাওকতে সাজি মিলাই মেলি সচাক মিচা আৰু মিচাক সচা বুলি পতিয়্ন যোৱাকৈ কোৱাত সিদ্ধহস্ত আছিল। গতিকেই ৰাতি কিছু আহৰিৰ সময়ত তেখেতে কেইবাজনো স্টাফৰ লগত শ্বলে চিমাখনত আচৰানিয়ে বহুওৱা মেল খনৰ দৰে মেল বহুৱাই বিভিন্ন কথাৰ মহলা মাৰিছিল। সেই সময়ত, তেনে এক বিষয় বস্তুৰ ‘নায়ক’ আছিলো মই (মোৰ সম্পূৰ্ণ অগোচৰে) আৰু তেনে এক মজাৰ কথোপকথনৰ বিষয়ে কওঁ শুনক…

“এই যে নতুন চাহাবজন আহিছে, নেওগ চাৰ, তেখেত বৰ সাংঘাটিক মানুহ বুজিছেনে..!! আপোনালোকে গম পাই নে, তেখেতে বিড়া পোঁহে বুলি?” শ্ৰী ফুকনে স্টাফ কিজনক কয়।

স্টাফ কিজনে আচৰিত হৈ সোধে “চাৰে (ফুকন চাৰে) যে কি কয়? সেই চচমা পিন্ধা চিধা চাধা (বুৰ্বক যেন লগা বুলি মুখ ফুটাই কোৱা নাছিল) মানুহজনেনো এই বোৰ কৰিব নে?”

“হুহ.. মানুহজন দেখাতহে তেনেকুৱা… আজি তিনিদিন মান আগতে তেখেত মেলেঙলৈ গৈ তাৰে এঘৰৰ পৰা তেওঁৰ সেই বিড়াৰ মোনাখন হেনো লৈ আহিছেগৈ… এতিয়া লগতে আছে।”

দৈব দুৰ্বিপাকত মই ৩ দিন মান আগতে সাধাৰণতে নোযোৱা মেলেঙৰ মাজৰ সেই বাটটোৱেদি গৈ ৰাষ্ট্ৰীয় ঘাই পথত উঠিছিলোগৈ। আচলতে মোৰ কোম্পানীৰ গাড়ীৰ ড্ৰাইভাৰজনে সদায় অহাযোৱা কৰা বাটটোত এজোপা প্ৰ্কাণ্ড গছ পৰি থকাত সেই অবাটেৰে মোক লৈ গৈছিল আৰু মোৰ গাড়ীখন কেইবাজনো স্টাফে দেখিছিলো। মই এই নতুন বাটটোৰ কথা আহি ফুকনক কৈছিলো আৰু তাৰেই ফলস্ৰুতিত এই কাহিনীৰ ৰচনা হৈছিল। যি কি নহওক, তাৰ পি্ছত আহিল মই ৰাতি ৰাতি খোজ কাঢ়ি কাৰ্য্যালয়ৰ পৰা মোৰ বহালৈ উভতি যোৱাৰ প্ৰসংগ…

ফুকনে আকৌ এদিন তেওঁৰ স্টাফ কেইজনক জনালে “বুজিছে, যোৱাকালি নেওগ চাৰে সাংঘাটিক কাম এটা কৰিলে নহয়…সেই যে ‘সিবিধ’, তাক ৰাতি খেদি গ’ল নহয়। .. ঐ তই কি চকু জ্বলাই মোক ভয় খুৱাবলে আহিছ বুলি..” …স্টাফ কিজনে ইচ ইচ আচ আচ কৰাত ফুকনে আৰু যোগ দিলে ..”আজি দিনত মোক নেওগ চাৰে কৈছে, তেওঁ হেনো সেইটোক ধৰিবই, মোনাখন আছেই; মাত্ৰ পিঞ্জৰা এটা হলেই হ’ল। মোক লোহাৰ পিঞ্জৰা এটা বনোৱাই দিবলৈ কৈছে।”

ইতিমধ্যে কথাবোৰ (মানে মোৰ কুকীৰ্তিবোৰ !!) ইকাণ সিকাণ বাগৰি মোৰ বিভাগীয় স্টাফ কিজনৰ কাণতো পৰিছিল। এদিন মোৰ স্টাফ সেই পূৰ্ণেশ্বৰ বড়া ডাঙৰীয়াই মোক অলপ উস্মা সনা সুৰতে কলে “চাৰ আপুনি সেইদিনা ৰাতি তেনেকৈ সিজনাক খেদি যাব নালাগিছিল।” মই কিবা ক’বলৈ পোৱাৰ আগতেই তেওঁ পুনৰ ক’লে “চাৰ আপুনি নতুন মানুহ, সিবিধ বেয়া বস্তু; এবাৰ লম্ভিলে বৰ দিগদাৰি কৰে। আপুনি অলপ সাৱধানে থাকিব চাৰ।”

মই বুজিলো, নিশ্চয় কিবা এটা হৈছে। সেয়ে এনেই ও আ কৰি থৈ দিলো। ৰাতি আমাৰ বৰলাৰ অড্ডাত (আমি তেতিয়া ৯ জন বৰলা সহকাৰি প্ৰৱন্ধক কাকজানত বাস কৰো) কথাটো ওলাল। আচল কথাৰ ভেদ ভাঙি ফুকনে ক’লে “সুৰজিত, ‘সিবিধ’ মানে কি জানানে ?” পিছত বুজিলো, ‘সিবিধ’ হ’ল এজন সাংঘাটিক ভূত !! আকৄতিটো হেনো তিনিকোণীয়া। আৰু চকু দুটা বুকুত থাকে। মৰিশালীৰ ওচৰে পাজৰেই ‘সিজনা’ৰ বিচৰণথলী। এখন মৰিশালীত এশ জন মানুহ মৰিলে হেনো তেনে এবিধ ডেঞ্জাৰাচ ‘সিবিধ’ৰ জন্ম হয়। স্থানীয়লোকে ভক্তিভাৱ্ত এনেহেন ভয়ংকৰ ভূতক ‘সিজনা’ বা ‘কন’ বুলি কয় …। আৰু এই তিনিকোণীয়া ভুত্টো হেনো বাগৰি বাগৰি মানুহক খেদি আহে। তাৰ পিছত ফুকনে সবিস্তাৰে মোৰ ওপৰত হোৱা অলোচনাৰ কথা মোক জনোৱাতহে মই উৰহী গছৰ উৰটো পালো। লগতে ফুকনে ক’লে, মই হেনো এই ‘কন’ক ধৰিবলৈ এটা পিঞ্জৰা বনাবলৈ দিম আৰু আমাৰ ফেক্টৰীৰ ৱেল্ডাৰ জনে সেই পিঞ্জৰাটো বনাব। এটা তিনিকোণীয়া পিঞ্জৰা।

পিছদিনা আবেলি ফুকনৰ ওচৰলৈ গলো; পিঞ্জৰাটো বনোৱাৰ দিহা কৰিবলৈ !! ৱেল্ডাৰ ৰমেনক ফুকনে মতাই অনালে। মোক দেখুৱাই ক’লে “চাৰে এটা পিঞ্জৰা বনাব। জোখমাখৰ হিচাপটো চাৰৰ পৰা লৈ লোৱা।” ৰমেন বোলা ৱেল্ডাৰজনে ইতিমধ্যে কথাবোৰ শুনিছিল। তেওঁ সেমেনা সেমেনিকৈ মোক ক’লে “চাৰ সিজনাক পিঞ্জৰাত বন্দী কৰিব পাৰিব জানো? দায় দোষ লাগিব পাৰে।”

মই বোলো “হেহ কি কথা কোৱা হে? মোৰ ওচৰত এনে বস্তু (মানে বিড়াৰ মোনাখন !!) আছে, বাণ মাৰি তাক বশ কৰি পিঞ্জৰাত ভৰাই দিম। তুমি মাত্ৰ অলপ মজবুটকে আঠ এম এম ৰডৰ তিনিকোণীয়া দুফুট বাই ডেৰফুট পিঞ্জৰা এটা মোক বনাই দিবা।” ৰমেন বেছ অনিচ্ছাস্বত্বেও হ’ব বুলি কৈ আতঁৰি গ’ল। মই আৰু ফুকনে বুজিলো যে ৰমেনে বেছ ভয় খাইছে অথচ চাহাবৰ আগত না বুলিও ক’ব নোৱাৰে। ইতিমধ্যে
এজন দুজনকৈ কেইবাজনো স্টাফ আৰু আন শ্ৰ্মিক তাত গোট খাইছিল। মই নিজে হাঁহি ৰাখিব নোৱাৰি তৎক্ষনাত তাৰ পৰা আঁতৰি আহিলো। ঘুৰি আহি নিজ কাৰ্য্যালয় পাইছো কি নাপাইছো, খবৰ ইতিমধ্যে বিয়পি পৰিলেই। মোৰ স্টাফ কিজনৰ গোমোঠা মুখ কিখন দেখিয়েই বুজিলো কথা কিমান দুৰ সিপাইছে..!!

ইতিমধ্যেই সকলোৱে গম পাইছে যে মই হেনো আকৌ এদিন ফুকন চাৰৰ লগত ৰাতি মটৰচাইকেলেৰে ঘুৰি আহি থাকোতে সেই মৰিশালীখনৰ ওচৰতে মটৰ চাইকেলৰ পৰা জপিয়াই ‘কন’ টোক খেদি গলো। প্ৰায় এক কিমি মান খেদি গলো যদিও তাক ধৰিব নোৱাৰিলো। ইপিনে খেদা খেদি কৰোতে বোকাত পৰি মই গোটেই লুটুৰি পুটুৰি হ’লো। বোকাৰ ক’ইঞ্চিডেঞ্চটো আছিল ৰাতি খোজ কাঢ়ি আহোতে অলপ বৰষুণ দিয়াত পিছলি পৰি চোলা-কাপোৰত বোকা লাগিছিল। পিছে মোৰ ঘৰৰ কাম কৰা মানুহকিটাই ফুকন চাৰৰ ভাৰ্চনটোহে সঁচা বুলি ধৰি লৈ বাকী সকলোকে একেবাৰে ফাৰ্ষ্টহেণ্ড ৰিপৰ্ট দি দিলে “হয়, আমাৰ চাৰ যোৱাকালি বোকাৰে লুটুৰি পুটুৰি হৈ আহিছিল অফিচৰ পৰা !!” বছ, তাৰমানে নেওগ চাৰে ‘কন’ক খেদি যোৱা কথাটো সঁচা।

মোৰ কাণ্ড কাৰখানা আৰু এনে দুঃসাহস (!!) দেখি প্ৰায়ভাগ লোকেই প্ৰ্মাদ গণিবলৈ আৰম্ভ কৰিছিল। কাৰণ তেওঁলোকৰ ধাৰণা আছিল যে মোৰ অতপালিত অতিষ্ঠ হৈ ‘কনে’ মোক নোৱাৰি বেলেগৰ ওপৰত প্ৰ্তিশোধ ল’ব হেনো। মোৰ ড্ৰাইভাৰ জনেও (তেওঁ অলপ ৰেচনেল চিন্তাধাৰা আছিল ) এদিন মোক ক’লে, “চাৰ এই বোৰ বাদ দিয়্ক, এনেই লটিঘটি হ’ব।”

তাৰ দুদিন মান পিছতেই মোৰ স্টাফ বড়াই মোক আহি ক’লে “চাৰ, সিজনা বিতুস্ত হৈছে। যোৱাকালি ৰাতি অফিচৰ পৰা যাওঁতে ঠিক সেই ঠাইতে মোৰ চাইকেলখনৰ দুডাল স্প’ক একেলগে চিঙি গ’ল। আৰু চাৰ, চাইকেল চলাওঁতে লাগিছিল কিবা এটা যেন পিছফালে বহি মোক খুচি আছিল। ইমান গধুৰ।” হাঁহিটো যে কেনেকে ধৰি ৰাখিছিলো মই নিজেই নাজানো। বড়াক কলো, “হেৰি, আপোনাৰ নিজৰ ওজনেই দেখোন ৯৮ কেজি.. আপোনাৰ চাইকেলত সেই ‘কন’টোনো কেনেকে উঠিব হে?”

“হলেও চাৰ, আপুনি মিছা মিছি সেইবোৰ ধৰ-পাকোৰ কৰি থাকিব নালাগে। কিবা কাৰণত দিন বেয়া থাকিলে একেবাৰে টেটুত ধৰিবহি…”

এনেদৰে কিছু দিন চলিল। সদায় ‘কন’ ক লৈ বেছ ‘ভয়াল’ আৰু ৰসাল আলোচনা চলিল। ইতিমধ্যে মোলে খবৰ আহিল সেই ‘কন’টোৱে আজিলৈকে বাগিচাৰ কিমান মানুহক নাকনি-কাননি কৰিছে, কিমানজনে প্ৰাণটো কোনোমতে লৈ ‘কন’ৰ কবলৰ পৰা পলাইছে আদি। তিনিকোণীয়া বুকুত চকু থকা আৰু বাগৰি বাগৰি খেদি অহা ‘কন’ৰ অস্তিত্বৰ প্ৰ্মাণ মোৰ ছবছৰীয়া বাগানীয়া জীৱনত নাপালো (আৰু সেয়ে কিজানি সেই ‘কন’টোক পিঞ্জৰাবদ্ধও কৰিব নোৱাৰিলো !!) যদিও এটা কথা হাড়ে হিমজুৱে বুজিলো যে চাহ বাগিচাৰ সহজ সৰল লোক সকলৰ বাবে এনে সিজনা, সিবিধ বা ভুত (‘কন’) আমাৰ ভাতৰ লগত পানী খোৱাৰ দৰেই . . . ভুত প্ৰেত, অশৰীৰি আত্মা অবিহনে চাহ বাগিচাৰ জীৱন যেন অসম্পূৰ্ণ . . . ইয়াৰেই হয়তো কুপ্রভাৱ ডাইনী হত্যাৰ দৰে ঘটনা. . .

তেল সনা ভুত :-
————–
[ আপোনালোকৰ কোনোবা যদি টিয়্ক-যোৰহাট অঞ্চলত ১৯৯৯-২০০০ চন মানত আছিল, তেন্তে এই তেল সনা ভুতৰ কথা নিশ্চয় আপোনাৰ মনত আছে]

৯৯-২০০০ চন মানৰ ঘটনা। দেখিলো বাগিচাত এক চেপা উত্তেজনা। আমাৰ বঙলাত মোৰ পৰিবাৰৰ সংগ আয়াজনীয়ে এওঁক কলে তাই হেনো সন্ধিয়া পৰলৈকে থাকিব নোৱাৰে। আন্ধাৰ হোৱাৰ আগে আগে যাবগৈ। কিয় কি হ’ল বুলি সোধাত গম পোৱা গ’ল যে বাগিচাত হেনো এটা নতুন কিচমৰ ভুত ওলাইছে। সেই ভুত্টোৱে প্র্ধানকৈ মাইকী মানুহৰ ওপৰতহে হেনো আক্রমন কৰে!! মতা মানুহ নথকাৰ সময়ত সেই ভুত্টোৱে মাইকী মানুহৰ গাৰ কাপোৰ কানি ফালি, গহনা-গাঠোৰি যি পাই টানি আজুৰি উধাও হয়…। ওৱা, এইটো আকৌ কেনে ধৰণৰ ভুত? মই মনে মনে ভাবিলো। ইমান দিনে ডাঙৰীয়া, বিড়া, প্রেতাত্মা আৰু ‘কন’ৰ দৰে ভুতৰ কথা শুনিছিলো, এই তেল সনা ভুতটো একা ??

কাকজান বাগিচাৰ দাতি কাষৰীয়া লাহিং, মেলেং, নকচাৰি, লাহদৈগড় আদি অঞ্চলবোৰ সাধাৰনতে অনা-চাহগোষ্ঠীয় আন আন অসমীয়া সম্প্রদায়ৰ লোকৰ বসতিস্থল। এদিন এনে সময়ত টিয়ক বাগি্চাৰ পৰা কামৰ অন্তত ৰাতি প্রায় ১১ মান বজাত লাহদৈগড় হৈ কাকজানলৈ বুলি আহি আছো। বাৰিষা বতৰ, কেচা আলিবাটেদি ড্রাইভাৰ জনে সাৱধানে গাড়ী চলাইছে। ঠিক দুই কিমি মান ৰাষ্ট্রীয় ঘাইপথৰ পৰা সোমাই আহিছো; তেনেতে দেখো আগত কেইবাজনো মানুহ যাঠি-জোং লৈ বৰষুণত তিতি উত্তেজিত ভাৱে ৰৈ আছে। দুজনমানক চিনি পাই গাড়ীখন ৰখাই সোধাত গম পালো সেই একেই, তেল সনা ভুতটো ওলাইছে। আৰে, এই ভুতটো দেখোন আমাৰ বাগিচাৰ পৰা আহি একেবাৰে অসমীয়া গাৱঁত ওলালহি ..!! কম সাহস নহয় দেই এই তেল সনাৰ.. মনতে বিৰ বিৰালো।

পিছদিনা আৰু তাৰো কেইবাদিনো ‘আমাৰ অসম’, ‘দৈনিক জনমভূমি’ প্রমূখ্যে কেইবাখনো বাতৰি কাকতত এই সাংঘাটিক তেল সনা ভুতৰ বিষয়ে পঢ়িবলৈ পালো। বিভিন্নজনৰ বেলেগ বেলেগ ভাৰ্চন। কেইবাজনো আক’ প্রত্যক্ষদৰ্শীও ওলাইছে। যি বুজিলো সেই একেই কাৰবাৰ, তেল সনাই সাধাৰণতে মতা মানুহ নথকা অৱস্থাত আক্রমণ কৰি তিৰোতালোকক ধৰাসায়ী কৰি কিবা কিবি বস্তু লৈ উধাও হয়। কাৰো কাৰোৰ বিৱৰণ মতে দেখিবলৈ কিচ কিচিয়া ক’লা, চকু দুটা ট’ ট’ কৈ জ্বলি থাকে। কেতিয়াবা গাৰ পৰা পোহৰো ওলায় । এই গোটেই ঘটনাটোৱে বাগিচাৰ লোকৰ মাজত এনে এক ভয়াৰ্ত অৱস্থাৰ সৃষ্টি কৰিলে যে আমাৰ ব্যৱসায়ীক ব্যৱস্থাটো প্রভাৱ পেলালে। কাৰণ ৰাতিৰ কাম কৰিবলৈ (ফেক্টৰিৰ নাইট চিফ্ট ডিউটি) মানুহৰ টানা টানি। কোনোৱে নিজ নিজ পৰিয়াল এৰি আহি কাম কৰিবলৈ মান্তি নহ’ল। আমি কৰ্তৃপক্ষ মহা বিপাঙত পৰিলো। ইমান দিনে আমি কোনেও গুৰুত্ব নিদিয়া বিষয়টোৰ ওপৰত এক বিশদ আলোচনা হ’ল আৰু থিৰাং কৰিলো যে এই তেল সনা ভুত (!!) টোক যেনে তেনে ধৰিব লাগিব। ইতিমধ্যে একেলগে কেইবা ঠাইৰ পৰা তেল সনা ভুতৰ উপস্থিতিৰ উমান পোৱা গ’ল। তাৰ মানে ভুত এটা নহয়, কেইবাটাও…।

সান মিহলি কৰি ভুত ধৰা ফৰ্চ এটা গঠন কৰা হ’ল। অৱধাৰিত ভাৱে মোৰ অতীতৰ ট্রেক ৰেকৰ্ড আৰু সাফল্যৰ ওপৰত ভিত্তি কৰি আমাৰ বাগিচাৰ ফৰ্চটোৰ চি ইন চি মোকেই পতা হ’ল। এইদৰে কেইবা দিনো খাপ পিটি থকাৰ অন্তত এদিন ভুতটোৰ অৱস্থিতি গ’ম পাই তাক ধৰিবলৈ চেষ্টা কৰোতে বুজিলো ভুত এটা নহয়, দুই তিনিটা মান… আমাৰ দুজনে তাৰে এটাক ধৰিবলৈ চেষ্টা কৰি বিফল হ’ল, কিয়নো, ভুতটো ইমানেই পিচল আছিল যে তাক ধৰি ৰাখিব পৰা নহ’ল; সি পিচলি ওলাই দৌৰি আন্ধাৰৰ লগত মিলি গ’ল। ফাইনেলি প্রায় এমাহ মানৰ মুৰত অশেষ কষ্টৰ অন্তত এদিন আমি সফলতা লভিলো; এটা নহয়,দুটা তেল সনা ভুত ধৰিলো। একদম ঠিক, কিচ কিচিয়া ক’লা। চকু দুটা জ্বলে। আৰু গাৰ পৰা পোহৰো ওলায়। এইবাৰ ভুতৰ জেৰা আৰম্ভ হ’ল। গম পোৱা গ’ল, এই ভুতৰ ঘৰ আছিল নুমলীগড় কমাৰগাৱঁৰ ফালে। সমগ্র গাতে তেল নহ্য়, পোৰা মবিল সনা আৰু দুটামান সৰু সৰু চাইনীজ লাইট (মিঠুন চক্রবৰ্তিৰ ডেঞ্চাৰ চিনেমাৰ দৰে) বেটেৰীৰ সহায়ত গাত লগোৱা . . . । যথা-বিধি ভালকে পিটন দি আৰক্ষীক গটোৱা হ’ল । আৰু তেল সনা ভুতৰ উপাখ্যানৰ সামৰণিও পৰিল এইদৰে।
—————————

এমাহ মানৰ আগতে কাকজানলৈ যাওঁতে ৰাতি অফিচৰ পৰা বঙলালৈ বুলি ঘুৰি যোৱাৰ সময়ত বাগিচাৰে জ্যেষ্ঠ চিকিৎসক সৰকাৰ দাক ক’লো, “গাড়ীখন ড্ৰাইভাৰৰ হাতত ঘৰলৈ পঠিয়াই দিয়্ক, আমি খোজ কাঢ়িয়েই যাওঁ। চাওঁছোন আজিকালি ‘কন’টো আছে নে নাই।” সৰকাৰ দাই আচৰিত হৈ কি বুলি সোধাত ক’লো “সেই যে সিবিধ, সিজনাৰ কথা কৈছো . .।” সৰকাৰ দাই কি বুজিলে নাজানো, মোক ক’লে “ঠিকেই, মাজে মাজে খোজ কাঢ়িব লাগে। মই টৰ্চটো লৈ লৈছো ৰ’বা।” আমি দুয়ো চিগাৰেট এটা জ্বলাই আগবাঢ়িলো . . . [শিয়াল কেইটাক দেখা পাওঁ নেকি বুলি ইফালে সিফালে চালো, নাই নেদেখিলো]

 

Bottom of Form

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments