বাগৰ ( বি জে ৰঞ্জন )

অগা পিছাকৈ দুটা শব্দই গোটেই অঞ্চলটো কোবাই গ’ল৷ প্ৰথমটো শব্দ যদি দূৰ আকাশৰ পৰা ভাহি অহা গাজনিৰ দৰে, অলপো গাত নলগা, দ্বিতীয় শব্দটো আকৌ হিৰহিৰাই নামি অহা দবালপিতা বৰষুণজাকৰ দৰেই, দেহত লাগি বুকৱে-পিঠিয়ে পিৰপিৰণি তুলি তললৈ বৈ যোৱা বিধৰ৷
কম সময়ৰ ভিতৰতে গাঁৱৰ মানুহখিনিক শব্দ দুটাই প্ৰায় উত্তেজিত কৰি পেলালে৷
তাৰে প্ৰথমটো শব্দ হ’ল-“হাকিম৷”
অৰূপ বোলে হাকিম হ’ল৷ গাঁৱৰ ইতিহাসত প্ৰথমবাৰলৈ এজনে লোকসেৱা আয়োগৰ পৰা হাকিমৰ নিযুক্তি পালে৷ এচামে তাৎক্ষণিক প্ৰতিক্ৰিয়া আগবঢ়ালে-“পইচাৰ খেল এইবোৰ৷ পইচা থাকিলে কি কৰিব নোৱাৰি আজিৰ যুগত৷ জানো নহয় হাকিম হ’বলৈ কিমানটো বুদ্ধি থকা ল’ৰা সি৷ ”
দ্বিতীয় শব্দটো ঠিক এঘণ্টা পিছতে প্ৰথমটোত কৈও ক্ষিপ্ৰ গতিৰে চৌপাশে বিয়পি পৰিল-“ভোজ”৷ বিৰাট ভোজৰ আয়োজন৷ ইঞ্জিনীয়াৰৰ পুতেকৰ কৃতিত্বৰ আনন্দত বিৰাট ভোজ-ভাতৰ আয়োজন৷
ইঞ্জিনীয়াৰ বাবুই তেওঁৰ মহৰী দুজনক ঘৰে ঘৰে পঠিয়ালে ভোজৰ নিমন্ত্ৰণ দিবলৈ৷ ৰাইজে ভুৰি ভুৰি আশীৰ্বাদ দিলে ইঞ্জিনীয়াৰ আৰু তেওঁৰ সুপুত্ৰক৷
ভোজ শব্দটোৱে এক প্ৰকাৰ চুনামি হৈ অসংখ্য সৰু-বৰ ঢৌ কঢ়িয়াই লৈ আহিল গাঁওখনলৈ৷ হঠাতে চাৰিওফালে এটা উৎসৱমূখৰ পৰিৱেশে দেখা দিলে৷ চোতালে চোতালে এনে ধৰণৰো আলোচনা চলিল-“হাঁ? কিমান শুনিলা? ধেত্তেৰি হ’বই নোৱাৰে৷ নিজ কাণে শুনিলোঁ মাংসই হেনো পূৰাপূৰি দুই কুইণ্টলৰ অৰ্দাৰ দিছে৷ তেলান খাহী বোলে৷ লগত চিতল আৰু আৰিও থাকিব বোলে৷ কমটি খানা নহ’ব ঔ এইটো আৰু..৷ ”- বক্তাৰ কথা শেষ হোৱা নাছিল পিছে মুখৰ ভিতৰত লেলাউটিয়ে অকস্মাত জিভা আৰু ওঁঠৰ সন্ধিস্থলত এটা শব্দৰ সৃষ্টি কৰিবলৈ ধৰি তেওঁৰ বক্তব্যত বাধা প্ৰদান কৰিলে৷ শব্দটো তেনেই চিনাকি আৰু শ্ৰোতাবৃন্দৰ মাজত ই ক্ৰিয়া কৰিলে খুউব ভালদৰেই৷ কাৰণ একে সময়তেই অনুৰূপ কেইবাটাও শব্দ বিভিন্নজনৰ মুখেৰে অনিয়ন্ত্ৰিতভাৱে বাহিৰ হৈ পৰিব ধৰিলে আৰু আলোচনাৰ মাজেৰে ক্ৰমাৎ ভোজপ্ৰেমী ৰাইজৰ লালসাৰ ছবিখন বেছ উগ্ৰ হৈ গৈ থাকিল৷
আমোদজনক কথাটো হ’ল- যিখিনি মানুহে টকাৰ জোৰত কৰিব নোৱাৰা কাম নাই বুলি গুণগুণাইছিল, একেখিনি মানুহে ক’বলৈ ধৰিলে-“ভাগ্য ভাগ্য, কি ভাগ্য আমাৰ! গাঁৱৰ পৰা হাকিম ওলাল এজন৷ হাকিম পদবী ভাই, ধেমালি কথা নে বাৰু? অঞ্চলটোৰে সুনাম কঢ়িয়াই আনিলে আমাৰ অৰূপে৷ ”
যি অৰূপক গাঁৱৰ ৰাইজে অহংকাৰী স্বভাৱৰ বাবে চকুপাৰি দেখিব নোৱাৰিছিল, সেই ৰাইজেই এতিয়া অৰূপৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল৷
বৰভোজৰ ঘোষণাই ক্ষণিকৰ ভিতৰতে ঠাইখনৰ এজন আদৰ্শ ডেকালৈ উত্তৰণ ঘটালে ‘আমাৰ’ অৰূপক৷
——————
-“দেউতা, অকণিহঁতৰ লগত ময়ো যাম ভোজলৈ৷ তই যাবিনে? ”
অনিলে খুকুৰ মূৰটোত পিহি দি কলে-“মই নেযাওঁ দে, বেলেগ এঠাইলৈ যাব লাগিব৷ তই যাবি বাৰু৷ চাওঁ, তোৰ চুলিবোৰ চোন জপৰা হৈ আছে৷ আহ, ইপিনে আহ৷ ”
অনিলে টেবুলৰ পৰা গোন্ধতেলটো লৈ তেল অলপ খুকুৰ চুলিকেইদালত সানি মূৰটো ফণিয়াই দিলে৷ তেলৰ গোন্ধটো নাকত লাগিলে তাৰ ঘৈণীয়েকলৈ মনত পৰে৷ ঘৈণীয়েক মৰাৰ পিছত সি আৰু ছোৱালীজনী তেনেই অকলশৰীয়া হৈ পৰিল৷ তাৰ নিজৰ মনৰ অকলশৰীয়া ভাৱটো খেদাবলৈ যাওঁতেই বেয়া অভ্যাসটো আৰম্ভ হৈ গ’ল৷
সি মনে মনে ভাবিলে- ভোজলৈ যাওক তাই, সি মানা নকৰে৷ মতা-নমতা এইবোৰ কথা তাই সৰু ছোৱালীজনীয়ে নো কি বুজি পায়?
খুকু ওলাই যোৱাৰ পিছত অনিলে এন্ধাৰে-মুন্ধাৰে ঘৰৰ বাৰাণ্ডাত বহি ভাবি থাকিল বহু সময়৷ অৰূপৰ লগত সি পাঠশালাত একেলগে পঢ়িছিল, একেলগে খেলিছিল৷ তাৰ মনত পৰিল এবাৰ অৰূপে তাৰ বহীৰ পৰা চাই চাই মৌখিকৰ উত্তৰ তাৰ পৰীক্ষাৰ বহীত লিখিছিল৷ আজি অৰূপ হাকিম হ’ল, আৰু সি? তাৰ চিনাকি গাঁৱৰ আটাইবোৰ মানুহেই ভোজৰ নিমন্ত্ৰণ পালে, সিহে বাদ পৰিল৷ কিয় এনেকুৱা কৰিলে সিহঁতে? সি ছাল চিগা ভিকহু হোৱা বাবে?
অনিলৰ মনত অভিমান জাগিল৷
এটা সময়ৰ পিছত সি আৰু ৰৈ থাকিব নোৱাৰিলে৷ চিনাকি ৰাষ্টাটোৰে সি খোজ ললে৷
ৰমলা বুঢ়ীয়ে ভিতৰৰ পৰা সুধিলে-“ভোজ পাতিছে বোলে? আমাৰ দৰে মানুহক নো ক’ত মাতিব ভোজলৈ৷ তই নেযাৱ নেকি? মাতিছে নে তোক? ”
সি একো উত্তৰ নিদিলে৷ টেবুলত জ্বলি থকা চাকিগছিলৈ একথৰে চাই ৰ’ল সি৷ বতাহে কোবাই থকা চাকিৰ শিখাটোৰ নিচা লগা যেন লাগিল তাৰ৷
প্লেট এখনত বুট-ভজা আনি তাৰ ওচৰত থৈ বুঢ়ীয়ে ক’লে-“নাষ্টা বুলিবলৈ এইখিনিয়ে আজি৷ ”
অনিলে সৌৱতকৈ গিলাচৰ তৰলখিনি গলত ঢালি দিলে৷
…..চুউউপ…..মুখেৰে চুলাই অকণ বাহিৰ হৈ থুতুৰি ভিজি গললৈ বৈ গ’ল তাৰ৷
-“আৰু এগিলাচ দে বাই৷ ”
-“আৰু এগিলাচ৷ ”
-“আৰু….আৰু৷ ”
ওপৰা উপৰিকৈ চাৰি গিলাচ পি তিনিখন দহটকীয়া নোট টেবুলত থৈ কামিজৰ হাতখনেৰে মুখখন মচি সি ঠিয় দিলে৷
নিশা ঢলংপলং খোজেৰে আহি থাকোতে অনিলৰ মুখেৰে ওলাই থাকিল-“চাল্লা, ডাঙৰ মানুহ ওলাইছে৷ ঘোঁচ দি হাকিমৰ চাকৰি লৈ বাহাদুৰি মাৰিব আহিছ৷ খানা খুৱায় ৰাইজক, পইচাৰ গৰম দেখুৱাই, দেচোন আমাৰ হাততো পইচা, কিমান ডাঙৰ খানা পাতিব পাৰো তেতিয়াহে কবি৷ ”
আহি আহি সি অৰূপহঁতৰ ঘৰৰ সমুখৰ এন্ধাৰ কালভাৰ্টটোৰ পুলত মূৰটো আউজাই বহি পৰিল৷
ভোজৰ মানুহ তেতিয়ালৈ কমিছিল৷ শেহতীয়াকৈ খাই-বৈ ওলাই অহা কেইজনমান মানুহে পুলৰ কাষত পৰি থকা অনিললৈ চাই ৰৈ গ’ল৷
-“কোন ও এইটো? একেবাৰে টেটুলৈ গিলি আহিছে হ’ব পায়৷ ”
এজনে টৰ্চৰ পোহৰ পেলালে তাৰ ওপৰত৷
-“কোন হব আৰু, অনিল, অনিল মদাহী? ”
-“ইয়ো এটা মানুহ আৰু দেই৷ ইমান সুন্দৰ খানা খুৱাইছে, মাছে মাংসই খাব লাগে বঢ়িয়া-চে, খাইছে গেলা সোপা৷ খাইছেও খাইছে, একেবাৰে হুচ নোহোৱা কৈ৷ ব’ল ব’ল, এই নিশা মদাহী চাই লাভ নাই৷ খানা কিন্তুু সঁচাকৈয়ে মজাৰ হৈছিল, নে কি কৱ? ”
উগাৰ এটা মাৰি আন এজনে কলে-“হয় অ’, এনে খানা খোৱাৰো ভাগ্য থাকিব লাগিব মানুহৰ৷ ”
মাটিত দীঘল দি পৰি অনিলে বিৰবিৰাব ধৰিলে-“মই মদাহী, মই মদ খাওঁ…. মই মদ নাখালে কোনে খাব মদ? তহঁতে খাবি নেকি মদ….তহঁতেতো মাছে মাংসই ভোজহে খাৱ…. মদাহীয়ে ভোজ নাখায়, মদ খায়…৷ ”
এটা সময়ত অৰূপহঁতৰ ঘৰৰ পৰা কোনোবা এজন ওলাই আহি অনিলৰ হাতত ধৰি মাতিলে- “ঐ আহ, তোক মাতিছে৷ খানা খাবি আহ৷ ”
ভোজ-থলী শূন্য৷ থৰক-বৰক খোজেৰে সি চুক এটাৰ বেঞ্চ এখনত বহিলগৈ৷ এজনে থাল এখনত ভাত, তৰকাৰী, মাংস আদি দি থৈ গ’ল৷ অনিলে ভাত আঞ্জাখিনি হাতেৰে লৰ-চৰ কৰিবলৈ ধৰিলে৷ কোনোমতে এগৰাহ ভাত মুখলৈ নি দ্বিতীয় গৰাহ মুখলৈ নিব লওঁতেই পানীৰ গিলাচটোত হাত লাগি গোটেই গিলাচ পানী পাতৰ ওপৰত বাগৰি পৰিল৷ মুখখন থালখনৰ ওচৰলৈ নি চকুৰে মনি মনি সি পাতৰ পানীখিনি একাষে আৰু ভাত-তৰকাৰীখিনি আনটো কাষে নিবলৈ চেষ্টা কৰি থাকোতে মূৰৰ ভৰ ৰাখিব নোৱাৰি এপাকত থালখনৰ ওপৰতে বাগৰি পৰিল৷ থালত তেনেকৈয়ে মুখখন থৈ সি শুই পৰিল৷
চুৱা পাতনিত উচ্ছিষ্ট খাবলৈ তেতিয়া কুকুৰ এজাকে ভিৰ কৰি খেদাখেদি কৰি আছিল৷

—————–
বিজে ৰঞ্জন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments