বাঘনখ লেখক-নীহাৰৰঞ্জন গুপ্তা অনুবাদক-বৰ্ণালী ফুকন

-আহক! আহক! আপোনাৰ পুণ্য পদধূলাই মোৰ ক্ষুদ্ৰ আলয়ক ধন্য কৰিলে।
খাঁ চাহাব-ময়ো আপোনাৰ সান্নিধ্য আৰু বন্ধুত্ব লাভ কৰি গৌৰৱ অনুভৱ কৰিছোঁ।
শিৱাজীয়ে আফজল খাঁক আলিংগনৰ বাবে দুবাহু প্ৰসাৰি আগবাঢ়ি আহিল। তাকে দেখি আফজল খাঁইও শিৱাজীক সাৱটিবলৈ আগবাঢ়ি আহিল।
ঠিক সেইসময়তে এক তীব্ৰ চিঞৰে প্ৰেক্ষাগৃহ ৰজনজনাই গ’ল।
শিৱাজীৰ তীক্ষ্ণ, বিষাক্ত বাঘনখৰ অব্যৰ্থ আঘাতত আফজল খাঁৰ অৱশ দেহ বাগৰি পৰিল।
-বিশ্বাসঘাতক! উঃ!
-হাঁ হাঁ হাঁ
শিৱাজীৰ অট্টহাস্য ভাঁহি আহিল।
ভুলোণ্ঠিত, অব্যক্ত যন্ত্ৰণাত কাতৰ হোৱা আফজল খাঁৰ মুখৰ ফালে চাই শিৱাজীয়ে ক’লে
-বিশ্বাসঘাতক মই নে তুমি খাঁ চাহাব? শিৱাজীক বন্দী কৰিবলৈ জাল পেলাইছিলা? বন্ধুত্বৰ মুখা পিন্ধি চয়তানৰ চুৰী শানত দিছিলা? আতৰ্কিতে যাতে আক্ৰমণ কৰিব পাৰা! ভাবিছিলা, শিৱাজীৰ চকুত অনায়াসে ধূলি মাৰিব পাৰিবা নহয়?
যবনিকা পৰিল
প্ৰেক্ষাগৃহত দৰ্শকে ঘনাই মৰা হাত তালিত চাৰিওপিনে গমগমাই গ’ল। আৰু সেই শব্দৰ মাজতে এক হতভগীয়াৰ শেষ মৰণকাতৰ চিঞৰ কোনেও গম নোপোৱাকৈ, কোনেও বুজি নোপোৱাকৈ হেৰাই গ’ল।
গ্ৰীনৰুমত মহীতোষে আইনাৰ আগত মেক-আপ ঠিক কৰি আছিল।
সুশীলে দৌৰি আহি ক’লে
-মহী, সৰ্বনাশ হ’ল। তোৰ ভাইটি……
উত্তেজনাত আৰু একো কব নোৱাৰিলে।
-কি?
মহী উচাপ খাই উঠি সুশীললৈ উভতি চালে।
-খগেনে কেনেকুৱা কৰিছে! ষ্টেজৰ পৰা আহিয়েই বাগৰি পৰিল, গোটেই মুখ নীলা। আহ! খৰকৈ আহ!
-কেনেকৈ? ক’ত? বলচোন চাওগৈ!
মহীতোষে খগেন শুই থকা কোঠালিটোলৈ বুলি দৌৰি গ’ল।
উজ্জ্বল পোহৰত দেখা গ’ল-আফজল খাঁৰ বেশভূষাৰে খগেন পৰি আছে। গোটেই মুখখন নীলা হৈ পৰিছে। কপালত বিন্দু বিন্দু ঘাম। চকু আধা মেলখোৱা।
স্তম্ভিত হৈ মহীতোষে খগেনৰ মুখলৈ চাই ব্যাকুল হৈ সুধিলে
-কি হৈছে খগেন?
কোনোমতে কষ্টত সেহাই সেহাই খগেনে ক’লে
-বৰ কষ্ট পাইছোঁ মহীদা। উশাহ লব পৰা নাই। কেনেকুৱা লাগিছে যেন…..
খগেনৰ কথা শেষ নহ’ল। লগেলগে মূৰটো একাতিহৈ হালি পৰিল।

পূজাৰ অৱকাশত এমেচাৰ ক্লাবৰ চখৰ থিয়েটাৰ “গৈৰিক পতাকা”ৰ অভিনয় চলি আছিল।
হঠাৎ আকস্মিকভাবে গোটেই ঘটনাটো ঘটি গ’ল।
তৎক্ষণাত এজনে ডাক্তৰ বিচাৰি ধপলিয়াই গ’ল। চুবুৰীটোৰে ডাক্তৰ সুবোধ, দৰ্শকৰ মাজতে আছিল। খবৰ পাই তেওঁ দৌৰাদৌৰিকৈ আহিল। ক্লাবটোৰ তেৱোঁ এজন উৎসাহী সভ্য। কিন্ত খগেনক বচাব পৰা নগ’ল। অলপ সময়ৰ ভিতৰতে খগেনৰ মৃত্যু হ’ল।
হঠাৎ আনন্দৰ আখৰালৈ নামি আহিল মৃত্যুৰ বেদনাৰ ক’লা ছায়া।
ডাক্তৰ সুবোধে মৃতদেহ পৰীক্ষা কৰি ক’লে
-তীব্ৰ কোনো বিষক্ৰিয়াত খগেনৰ মৃত্যু হৈছে। এতিয়াই থানালৈ খবৰ দিয়া উচিত। কাৰণ এয়াটো স্বাভাৱিক মৃত্যু নহয়। থানাত খবৰ নিদিলে পিছত এইলৈ ঝামেলা হব পাৰে।
কিছু সময়ৰ বিৰতিৰ পিছত গ্ৰীনৰুমত মহীতোষ আৰু ডাক্তৰ সুবোধে কথা পাতি আছিল।
দলৰ দলপতি মহীতোষক তেওঁ কেইটামান প্ৰশ্ন কৰিলে
-তোমাৰ বাঘনখটো ক’ত মহী?

  • আশ্চৰ্য! সুবোধ দা, এই টেবুলৰ ওপৰতেই আছিল। কিন্ত চাওক এতিয়া বিচাৰি পোৱা নাই। মই ঠিক খগেনৰ খবৰ লবলৈ যাওঁতেও ইয়াতেই আছিল।
    তন্নতন্নকৈ বিচৰাৰ পিচতো আচৰিত ধৰণে বাঘনখৰ সন্ধান পোৱা নগ’ল। ডাক্তৰ সুবোধ বসুৰ মুখত দুচিন্তাৰ ছাঁ দেখা গ’ল। গোটেই ঘটনাটো যেনেকৈ চিন্তাৰ তেনেকৈয়ে জঁট পকোৱা। মেঘ শূন্য আকাশৰ পৰা যেন হঠাৎ বজ্ৰ খহি পৰিল। আনন্দৰ সংগীতক যেন দানৱৰ হিংস্ৰ নখৰ আঘাতে স্তব্ধ কৰি থৈ গ’ল।

মহীতোষ, যতীন, সুশীল গোটেই কেইটা হুগলি জিলাৰ সৰু গাঁৱৰ ল’ৰা। আটাইকেইটা কলেজীয়া ছাত্ৰ। পূজাৰ ছুটিত তাহাঁতে প্ৰতিবাৰেই গাৱঁলৈ আহি হুলস্থূল কৰি থিয়েটাৰ কৰে। সেই আনন্দ উল্লাস শেষ কৰি কলেজ খুলিলে কলিকতালৈ উভতি যায়। এইবাৰো গাঁৱলৈ আহি “গৈৰিক পতাকা” অভিনয়ৰ আয়োজন কৰিছিল। বিজয়া দশমীৰ পিচদিনা নাটক অভিনীত হোৱাৰ দিনাই ঘটি গ’ল এই আকস্মিক ঘটনা।

এমেচাৰ ক্লাবৰ প্ৰধান পৃষ্ঠপোষক, গাঁৱৰ জমিদাৰ যামিনী চৌধুৰী বয়সত তৰুণ। তেওঁ খুব আমোদপ্ৰিয় আৰু সামাজিক। দেউতাক ককাকৰ অজস্ৰ সম্পত্তি থকাৰ পিছতো নৈতিক দিশৰ পৰা বলিষ্ঠ প্ৰকৃতিৰ। তেওঁ এম এ পাঁচ আৰু এতিয়াও পঢ়াৰ সৈতে জড়িত। তেওঁ লগতে ৰামকৃষ্ণ সংঘৰ শিষ্য, এতিয়াও অবিবাহিত। সৰু ভায়েকক বিয়া কৰাই দিছে। তেওঁৰ এটা সন্তানো আছে।
”গৈৰিক পতাকা” কৰিবলৈ গৈ যি বিয়োগান্তক ঘটনা ঘটিল, তাৰ যেন সমস্ত দায়িত্ব যামিনী বাবুৰ ওপৰত আহি পৰিছেহি।
শেষ পৰ্যন্ত থানালৈ খবৰ পঠিওৱা হয় আৰু ঘটনাস্থলীত দাৰোগা উপস্থিত হয়হি। তেওঁ এই মৃত্যুক অস্বাভাৱিক মৃত্যু বুলি অভিহিত কৰে। আৰু মৃতদেহ মৰনোত্তৰ পৰীক্ষালৈ পঠিয়াই। মৰনোত্তৰ পৰীক্ষাৰ পৰা গম পোৱা গ’ল শৰীৰত বিষ প্ৰয়োগৰ ফলত খগেনৰ মৃত্যু হৈছে।
মৰনোত্তৰ পৰীক্ষাৰ ফলে সকলোকে স্তম্ভিত কৰিলে। জমিদাৰ যামিনী চৌধুৰীক দাৰোগা ইউচুফে গোপনে মাতি আনি ক’লে
-গৈৰিক পতাকা অভিনয় কৰোঁতে যেতিয়া মহীতোষ বাবুৱে খগেন বাবুক টিনেৰে তৈয়াৰী বাঘ নখেৰে আঘাত কৰে আৰু সেই আঘাতৰ পিছতেই খগেন বাবুৰ মৃত্যু হয়। সকলোৰে জবানবন্দী লোৱাৰ পিছত সেই কথাই প্ৰমাণিত হৈছে আৰু that must be the cause of death.
যামিনী চৌধুৰী হতভম্ব হৈ পৰে। কিছু সময়ৰ বাবে তেওঁ একো মাতিব নোৱাৰিলে। তাৰ পিছত বিস্মিত কণ্ঠত ক’লে
-আপুনি এইয়া কি কৈছে ইউচুফ চাহাব! আপুনি কি কব বিচাৰে মহীতোষে খগেনক সেই খেলৰ বাঘনখ খনত বিষ সানি ইচ্ছা কৰিয়েই হত্যা কৰিছে?
-মই একোৱেই কব বিচৰা নাই চৌধুৰী ডাঙৰীয়া। এইয়াও নিশ্চয় শুনিবলৈ পাইছে অভিনয়ৰ সময়ত মহীতোষ বাবুৱে যিখন বাঘনখ ব্যৱহাৰ কৰিছিল সেইখন বিচাৰি পোৱা নগল! থিয়েটাৰ ঘৰ, আশেপাশে সকলোতে তন্নতন্নকৈ বিচৰা হ’ল। সকলোকে প্ৰশ্ন কৰিও সেইখনৰ সন্ধান পোৱা নগ’ল আজি পৰ্যন্ত কিন্ত।
অ! অকল সেইয়াই নহয়, খগেনৰ পিঠিতো কেইবাটাও তীক্ষ্ণ কিবা বস্তুৰে আঁচোৰা দাগও আছে।
-কিন্তু আপুনি হয়তো নাজানে দাৰোগা চাহাব খগেন আৰু মহী, জেঠায়েকৰ পুতেক ভায়েক। আৰু দুয়ো যৌথপৰিয়ালত বাস কৰে। তেওঁলোকৰ পৰিয়ালৰ দৰে যৌথপৰিয়াল আজিকালি দেখা নাযায়। তাৰ উপৰিও খগেন আৰু মহীৰ মাজত স্নেহ, ভালপোৱাৰ অন্ত নাছিল। No! No-it is simply absurd, একেবাৰেই অসম্ভৱ।
-আপুনিও জানে চাগে চৌধুৰী মহাশয়, আঘাত এক এক সময়ত এনে ঠাইৰ পৰা আহে যিটো আমাৰ সপোনৰো অগোচৰ হয়। অথাৎ কোনো দিনেই সেই ঠাইৰ পৰা আঘাতৰ কথা চিন্তাই কৰা নাযায়।
সেই ৰাতি যামিনী চৌধুৰীয়ে মহীতোষক মাতি পঠিয়ালে আৰু সকলো কথা ভাঙিপাতি কলে।
-তুমি হয়তো নাজান মহী -ইউচুফ মানুহটো যেনে কমিনুৱেল মাইণ্ডেড তেনেকুৱাই চয়তান আৰু কূচক্ৰী। তাৰ অসাধ্য বুলিবলৈ একোৱেই নাই। মই যদিও এইবোৰ কথা বিশ্বাস নকৰোঁ তথাপিও এটা কথা জানিব বিচাৰোঁ বাঘনখটো কেনেকৈ হেৰাল জানা নেকি?
-নাই! বাঘনখটো কেনেকৈযে হেৰাল সেইয়াই আশ্চৰ্য্য।
-তুমি কলিকতালৈ কেতিয়া ঘূৰি যাবা?
-পৰহি যাম।
-বেচ! কলিকতা এৰি আপাততঃ কলৈকো নাযাবা, যি ঘটিবলৈ আছিল সেইয়াটো ঘটি গ’ল। এতিয়া চাব লাগিব এই কলংকৰ পৰা কেনেকৈ হাৰিব পৰা যায়।

নিৰ্দিষ্ট দিনত মহীৰ কলিকতালৈ যোৱা নহ’ল। কাৰণ তাৰ আগদিনা সন্ধিয়া ইউচুফে মেজিষ্ট্ৰেটৰ এখন গ্ৰেপ্তাৰী পৰোৱানা দেখুৱাই মহীক গ্ৰেপ্তাৰ কৰে, খগেনক হত্যা কৰাৰ অপৰাধত। যামিনী চৌধুৰীয়ে প্ৰাণপণে চেষ্টা কৰিও এই দুঃসংবাদ লোকোৱাই ৰাখিব নোৱাৰিলে। কেনেকৈ যে ইকাণসিকাণকৈ জুইৰ দৰে সংবাদটো ৰাতাৰাতি সমস্ত গাঁৱত বিয়পি পৰিল যে মহীতোষ, তাৰ দদায়েকৰ পুতেক অথাৎ তাৰ ভাই খগেনৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে।
যামিনী চৌধুৰীয়ে বহু চেষ্টা কৰিও মহীক জামিনত আনিব নোৱাৰিলে।

কিৰীটি
বাণী ভৱন মেচৰ তিনি তলা ঘৰত বহি গভীৰ মনোযোগেৰে সেই দিনাৰ সংবাদপত্ৰ পঢ়ি আছিল।
সেইদিনা সংবাদপত্ৰত বিলাসপুৰ গাঁৱৰ এমেচাৰ ক্লাবৰ “গৈৰিক পতাকা” অভিনয়ৰ সময়ত খগেন ঘোষৰ হত্যা আৰু সেই সংক্ৰান্তত মহীতোষক গ্ৰেপ্তাৰৰ সংবাদ প্ৰচাৰিত হৈছিল।
ইংৰাজীত এষাৰ কথা আছে যাৰ অৰ্থ-”চাহৰ কাপত তুফান” ঘটনাটো ঠিক তেনেকুৱাই।

যামিনী চৌধুৰীৰ ভায়েক কামিনী চৌধুৰী এসময়ত প্ৰেচিডেন্সি কলেজত কিৰীটিৰ সহপাঠী আছিল। সেইবাবেই দুয়োৰে চিনাপৰিচয় আছিল। কিৰীটিৰ অনুসন্ধিৎসু মনত যেন ঘটনাটোৱে দোলা দি গৈছিল। সেইদিনা এঘাৰ মান বজাত গাড়ীৰে বিলাসপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। জমিদাৰৰ ঘৰটো বিচাৰিবলৈ বেছি দৌৰাদৌৰি কৰিব লগা নহল।
শৰৎকালীন হালধীয়া ৰ’দ ইয়াৰ মাজতে তন্দ্ৰালু হৈ আহিছে। সন্মুখত এখন দীঘল বাৰাণ্ডা। এটা বেতৰ মুঢ়াৰ ওপৰত বহি কামিনী চৌধুৰীয়ে এটা দুইনলীয়া বন্দুক চাফা কৰি আছিল। কলেজৰ ছাত্ৰ জীৱনৰ পৰাই কামিনীৰ চিকাৰত চখ। এই বয়সত এজন দক্ষ চিকাৰী বুলি নামো কিনিছে বহুত। সাধাৰণ মজলীয়া চেহেৰাৰ, তীক্ষ্ণ দুটা চকু, ঠুঁতৰিৰ ওপৰত সৰু গোঁফ। দাড়ি নিখুঁত ভাবে কমোৱা।
কামিনীয়ে কিৰীটিক দেখিয়েই চিনি পালে। লৰালৰিকৈ বন্দুকটো কাষত থৈ কিৰীটিক সাদৰ সম্ভাষণ জনালে।
-কিৰীটি নহয় নে?
-হয়! চিনি পালি তেনেহলে!
-সুন্দৰকৈ! আহ আহ। আাৰে কালু মুঢ়া এটা দি যাবি।
কাম কৰা মানুহ এটাই মুঢ়া এটা দি গ’ল।
কিৰীটিয়ে কামিনীৰ সাদৰ আহ্বানত মুঢ়াটোত বহি পৰিল।
-বহ! মই চাহ দিবলৈ কওঁ।
কামিনী ভিতৰলৈ সোমাই গ’ল।
চাহত শুহা মাৰি কামিনীয়ে ক’লে
-তাৰ পিছত? কি কৰি আছ এতিয়া?
-ব্যৱসায়!
-ব্যৱসায়! কিহৰ অ?
-এই পৃথিৱীৰ বিভিন্ন প্ৰকৃতিৰ মানুহৰ মনটোক কষটি পাথৰত ঘঁহি ঘঁহি চাইছোঁ কেনেকৈ অপৰাধ কৰে? How the crime goes?

-হা?
-হয় মানুহ মাত্ৰেই অপৰাধী। দুই এজনৰ বাদে আৰু অপৰাধো বিভিন্ন স্তৰৰ আছে আৰু ইহঁতৰ প্ৰকৃতিও বিভিন্ন। তাৰো আছে বিভিন্ন সংজ্ঞা। অপৰাধ বুলি কলে আমি কি বুজোঁ বা নুবুজোঁ? নৃশংস হত্যাকাৰী ছাপ মৰা। স্পৰ্শৰ বাহিৰত অথচ সকলোৰে চকুৰ সন্মুখত সাংঘাতিক অপৰাধ কৰি ফুৰে অবাধে, সেইবোৰ? সেইবোৰ, অপৰাধীৰ সৈতে মূলগত বা প্ৰকৃতিগত পাৰ্থক্যই বা ক’ত! দ্বিতীয় শ্ৰেণীৰ লোক সকলক যদি অপৰাধী বুলি ধৰি লোৱা হয় তেন্তে তাহাঁতৰো প্ৰথম সকলৰ সৈতে আত্ম ও পাপ শুদ্ধিৰ বাবে চৰকাৰী শোধন খানা যাক সভ্য জগতত জেইল বুলি কোৱা হয়, তালৈ কিয় পঠিওৱা নহব? এই সকলোবোৰ অনুসন্ধানৰ বাবে ৰহস্য ভেদৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। এতিয়া অৱশ্যে অবৈতনিক পিচলৈ উপযুক্ত পাৰিশ্ৰমিক লৈহে কাম কৰিম।
-ওঁ! তেনেহলে তই ডিটেকটিভ হলি তাকেই ক!
সহজ আৰু সৰল কথাত তাকে কব পাৰ। কিন্ত তহঁতে যাক ডিটেকটিভ বোল সেইয়া নহয়। যিকোনো অপৰাধৰ ভিতৰৰ পৰা সত্যটোক বাহিৰ কৰি অনাই আমাৰ কাম।
-দুনিয়াখনত ক’ত প্ৰকাৰৰ কাম থাকোঁতে তই এই বিচিত্ৰ কামত উবুৰিখাই কিয় পৰিলি?
-কাৰণ এইটো ৰামা, শ্যামা, যদুৰ দৰে সাধাৰণ মানুহৰ বাবে নহয়। ইয়াত প্ৰয়োজন বিচাৰ বুদ্ধিৰ সূক্ষ্ম বিশ্লেষণ শক্তিৰ, দূৰদৃষ্টিৰ, স্থিৰ চিন্তা ও ধৈৰ্য্যৰ, সংযম, মানসিক ও শাৰীৰিক ক্ষিপ্ৰতাৰ, যত্ন আৰু কঠোৰ অধ্যৱসায়ৰ। সকলো মিলি একপ্ৰকাৰৰ অসাধাৰণ শক্তি বুলিব পাৰি। যিটো সাধাৰণ মানুহে ধুকি পোৱাৰ পৰা বহুত আঁতৰত।
-পগলা! পদাৰ্থ বিজ্ঞানত এমএচ চি কৰি শেষত……
-যাওক দে! সেইবোৰ কথা তই নুবুজিবি। এতিয়া মই ইয়ালৈ কিয় আহিছোঁ সেইটো শুন। তহঁতৰ ইয়াত কিছুদিনৰ আগতে “গৈৰিক পতাকা” অভিনয়ৰ সময়ত যি দুৰ্ঘটনা ঘটিছে যাৰ ফলত কোনোবা মহীতোষ গ্ৰেপ্তাৰ হৈছে, তাৰে ৰহস্য উৎঘাটনৰ বাবে আহিছোঁ। মই তোৰ সহায় বিচাৰো।
-দাৰোগা ইউচুফৰ সৈতে গোপনে সাক্ষাৎ কৰি যিমানদূৰ জানিবলৈ পালোঁ। মহীতোষ সঁচাই দোষী।
-কেনেকৈ?
-তই বোধহয় নাজান তাহাঁত দুটা জেঠায়েক দদায়েকৰ পুতেক। ককাই -ভাই! যৌথপৰিয়ালৰ ল’ৰা। খগেনৰ দেউতাক বিনয় বাবু বিশ বছৰ মান হ’ল মৃত্যু হোৱা। কবলৈ গ’লে ঘোষৰ ঘৰৰ যিমান সম্পদ আৰু শ্ৰী সকলো বিনয় বাবুৰ বাবেই। ওঠৰ বছৰ বয়সত বিনয় বাবু সংসাৰ এৰি গুচি যায়। তেওঁৰ কতো সন্ধান পোৱা নগ’ল। বিশ বছৰৰ পিছত তেওঁ যেতিয়া ঘূৰি আহিল তেওঁ তেতিয়া লাখ টকাৰ মালিক। কৰ পৰা, কি দৰে তেওঁ টকা ঘটিছিল সেইয়া কোনেও নাজানিলে। আনকি ক’ত, কি দৰে সেই টকা থৈছে তাকো কোনেও নাজানিলে। বাহিৰৰ পৰা বুজা গ’ল ঘোষ পৰিয়ালৰ অৱস্থাৰ পৰিৱৰ্তন হ’ল। শূন্যৰ ঘৰৰ লক্ষ্মীৰ পেৰাটো যেন সোণৰ মুদ্ৰাৰে ভৰি পৰিল। ঘূৰি আহি কিছুদিনৰ পিছতে বিনয় বাবুৱে বিয়া কৰালে। বিয়াৰ দুবছৰৰ পাছতেই খগেনৰ জন্ম। খগেনৰ দুবছৰ মানৰ পিচৰ পৰা বিনয় বাবুৰ স্বাস্থ্যৰ ভাঙোন আৰম্ভ হয়। বলিষ্ঠ শৰীৰ হোহোৱাই ছয়মাহৰ ভিতৰত অস্থিচৰ্ম্ম হাড় হলগৈ। ডাক্তৰে পৰামৰ্শ দিলে চেঞ্জৰ বাবে দাৰ্জিলিং যাবলৈ। স্ত্ৰীৰ সৈতে বিনয় বাবু চেঞ্জৰ বাবে ৰাওনা হ’ল।
-তাৰপিচত
-স্বামী-স্ত্ৰী সেই যে দাৰ্জিলিং গ’ল ঘূৰি নাহিল। বিনয় বাবু হঠাৎ ঢুুকাল। আৰু তেওঁৰ মৃত্যুৰ পাঁচ দিনৰ পিছত বিনয় বাবুৰ স্ত্ৰীয়ে আত্মহত্যা কৰে। ঘৰৰ বহু পুৰণা কাম কৰা লগুৱা জগা গৈছিল তেওঁলোকৰ সৈত। ঘটনাৰ দুদিনমানৰ পিছত খগেনক বুকুত বান্ধি ঘূৰি আহিল। মহীৰ মাকে কণমানি খগেনক বুকুত সুমুৱাই ললে। খগেন যেনেকৈ বিনয় বাবুৰ একমাত্ৰ সন্তান, মহীতোষো দিনেশ বাবুৰ একমাত্ৰ সন্তান। মহীতকৈ খগেন পাঁচবছৰ মানৰ সৰু। একে মাকৰ স্নেহত খগেন আৰু মহী ডাঙৰ হ’ল। দুইটাৰ মাজত খুব মিল আছিল।

তাহাঁত যে একে মাকৰ সন্তান নহয় সেইকথা বুজিপোৱাৰ সাধ্য নাছিল। মহীমোতকৈ দুবছৰ মানৰ সৰু। ময়ে নাজানিছিলোঁ বহুদিন যে মহী আৰু খগেন একে মাকৰ সন্তান নহয়। সেই মহীয়ে খগেনক হত্যা কৰিব এইয়া অসম্ভৱেই নহয়, অবিশ্বাস্যও। পৰিস্থিতি এনে হৈছেগৈ সন্দেহ নকৰাকৈও থাকিব পৰা নাই।
পিচদিনা পুৱাই কিৰীটি কামিনীৰ সৈতে থিয়েটাৰৰ হলটো চাবলৈ গ’ল।

পকা ভেটিটোৰ চাৰিওপিনে কাৰোগেটেড্ চিটেৰে বেঢ়া দিয়া আৰু ওপৰৰ আচ্ছাদনো কাৰোগেটেড্ চিটেৰে বনোৱা। মাজতে ষ্টেজটো। দুই পাশে আৰু পিচফালে সৰু সৰু চাৰি পাঁচটা ঘৰ। এটাত স্থানীয় ক্লাবঘৰ আৰু লাইব্ৰেৰী। আন বিলাকৰ ভিতৰত দুটা গ্ৰীনৰুম আৰু বাকী ঘৰ সাধাৰণতে বন্ধই থাকে।
ৰঙ্গমঞ্চ সিমান সৰু নহয়। কলিকতাৰ পেশাদাৰী ৰঙ্গমঞ্চৰ দৰে ডাঙৰ নহলেও যথেষ্ট ডাঙৰ।

মাত্ৰ দহদিন মানৰ আগতে ইয়াত নিৰ্দোষ আনন্দৰ বন্যা নামিছিল। মৃত্যুৰ কুৎসিত গৰলল হঠাৎ কুটিল ভাবে পৰিবেশৰ পৰিৱৰ্তন ঘটিছিল।
অজানিতে কিৰীটিৰ মনটো বিষণ্ণতাৰে আগুৰি ধৰিলে। সোঁফালৰ এখন জানলা বন্ধ আছিল। কিৰীটিয়ে আগবাঢ়ি গৈ জানলাৰ কপাট দুখন খুলি দিলে। সন্মুখত এজোপা ডাঙৰ কামিনী ফুলৰ গছ। বগা অজস্ৰ ফুল ফুলি আছে, বতাহত ফুলৰ সুৰভি। কিছু সময় আনমনাহৈ গছজোপালৈ কিৰীটিয়ে চাই ৰ’ল। হঠাৎ চকু পৰিল ৰঙা শাড়ীৰ পাৰি এটা ডালত লাগি বতাহত লৰচৰ কৰি আছে। কিৰীটি তাৰ পৰা ওলাই গছজোপাৰ ওচৰ পালেগৈ। মাত্ৰ এটুকুৰা ৰঙা পাৰিয়েই নহয়। এক আঢ়ৈ হাত দীঘল বাঁহৰ কামি এডালত বন্ধা হৈ আছে শাড়ীৰ পাৰিৰ এটা মূৰ। আনটো মূৰ উলমি আছে। সেইটোৱেই কিৰীটিয়ে জানালাৰ পৰা দেখিছিল।
চকিত ভাবে এটা সম্ভাৱনা কিৰীটিৰ মূৰত খুলি গ’ল। ঘূৰি আহি ষ্টেজত কিবা এটা বিচাৰিলে কিছু সময় ধৰি।
কামিনীয়ে দেখি প্ৰশ্ন কৰিলে
-কি বিচাৰিছ?
-এক ডেৰ হাতৰ বাঁহৰ কামি এডাল। আচ্ছা কামিনী, তই যিদিনা সেই ঘটনাটো হৈছিল, ইয়াতে আছিলিনে?
-অ আছিলোঁ। কিয় কিয়?
আফজল খাঁ ৰূপি খগেনে যেতিয়া শিৱাজী ভেশী মহীতোষক আলিংগন কৰিবলৈ যায়, সেই মুহূৰ্তত বা তাৰ আগেপিছে চিঞৰ শুনিছিলিনে?

  • ক’তা নাইটো! হলেও মই অন্তত নাই শুনা। কিন্ত কিয়?
    -আচ্ছা দুৰ্ঘটনা ঘটাৰ পিছত যেতিয়া পৰ্দা পেলাই দিয়া হৈছিল তেতিয়া কি ঘণ্টা বজোৱা হৈছিল?
    -সেইটো এটা মজাৰ কাহিনী হৈছিল। যিজনৰ হাতত ঘণ্টা বজোৱাৰ ভাৰ দিয়া হৈছিল, তেওঁ আগতেই ঘণ্টা বজাই দিছিল।

-ইউৰেকা! পাইছোঁ।
কিৰীটিয়ে চিঞৰি উঠিল। বিস্ময় চকুৰে কিৰীটিলৈ কামিনীয় চাই সুধিলে
-কি পালি?
-শব্দ! Just a sound.
-Just a sound?
কামিনীয়ে অঁকৰাৰ দৰে কিৰীটিলৈ চাই থাকিল।
সৰুতে ল’ৰাছোৱালীক ভোলাবলৈ কোৱা সাঁথৰ এটা মনত পৰিল-”বনৰ পৰা ওলাল টিয়া, সোণাৰ টোপ মাথাই দিয়া” কচোন সাঁথৰৰ উত্তৰ কি?
হঠাৎ কিৰীটিয়ে প্ৰশ্ন কৰিলে।
কামিনীয়ে কিৰীটিলৈ মাথোঁ চাই থাকিল।
-কব নোৱাৰিলিটো! মই জানো নোৱাৰ বুলি। থাকক দে। ব’ল ঘূৰি যাওঁ।
পিচৰদিনা আবেলি কিৰীটিয়ে কামিনীক ক’লে
-ব’ল দীনেশ বাবুৰ লগত চিনাকি হম।
মহীতোষৰ পিতৃ দীনেশ বাবু খুব অমায়িক মানুহ। কিৰীটিৰ প্ৰকৃত পৰিচয় পাই তেওঁ অতিশয় সুখী হ’ল। বহু সময় দুয়ো বহিলৈ আলোচনা কৰিলে। কিৰীটিয়ে জানিব পাৰিলে মৃত বিনয় বাবুৰ একমাত্ৰ পুত্ৰ খগেনেই আছিল ঘোষ পৰিয়ালৰ সমস্ত সম্পত্তিৰ উত্তৰাধিকাৰী। এই কথা দীনেশ বাবুৰ বাদে দ্বিতীয় এজনে গম পোৱা নাছিল। প্ৰকৃততে যিমান টকাৰ কথা ৰটনা হৈছিল, সিমান টকা নাছিল। অন্তত লাখ টকা মুঠেই নাছিল। তেওঁ আৰু কৈছিল
-ত্ৰিশ হাজাৰ টকা বেংকত আছে। আৰু দহ হেজাৰ টকা কিছুদিনৰ পৰা কেঁচামালৰ ব্যৱসায়ত লগোৱা হৈছে তাকো ছবিশ বছৰত পঞ্চাশ হাজাৰ মান হৈছেগৈ।
সকলো কথা শুনি কামিনীয়ে ক’লে
-তেনেহলে জেঠু, বিনয় বাবুৰ নগদ লাখ টকা থকা বুলি শুনা কথাটো?
-লাখ টকা কি ইমান সহজ বাবা? থাকক দিয়া সেইবোৰ কথা। বিনুৰ গচ্ছিত ধন শেষ পৰ্যন্ত ৰক্ষা কৰিব নোৱাৰিলোঁ, সেই দুখে মহীৰ দুৰ্নামতকৈয়ো কষ্ট দিয়ে।
-মহী বাবু আৰু খগেন বাবুৰ কোঠালি কেইটা এবাৰ চাব পাৰিম নে দীনেশ বাবু?
-নিশ্চয় ব’লক।
ইয়াৰ পিছত খগেন আৰু মহীৰ কোঠিলিৰ কাগজপত্ৰবোৰ ইফালসিফাল কৰি চাই কিৰীটিয়ে বিদায় মাগিলে।
তেনেকৈ এসপ্তাহ পাৰ হ’ল।
যামিনী বাবুৰ ঘৰৰ বাহিৰৰ বাৰাণ্ডাত বহি কিৰীটি, যামিনী আৰু কামিনীয়ে কথা পাতি আছিল।
কিৰীটিয়ে মাজতে আৰম্ভ কৰিলে
-মহীতোষ বাবু একেবাৰেই নিৰ্দোষ। তেওঁৰ ডিঙিত সমস্ত হত্যাৰ অপৰাধ অত্যন্ত কৌশলেৰে জাপি দিয়া হৈছে।
-কেনেকৈ? আপুনি তেনে ধৰিব পাৰিছে নেকি খগেনৰ আচল হত্যাকাৰী কোন কিৰীটি বাবু?
যামিনীয়ে সুধিলে
-হয়।
ঘৰৰ ভিতৰত যেন বজ্ৰপাত পৰিল।
বিস্ময় ও বিমূঢ় হৈ পৰিল যামিনী বাবু। তেতিয়া কিৰীটিয়ে পকেটৰ পৰা সৰু কাগজৰ টোপোলা এটা খুলি দেখুৱালে।
-চাওঁকচোন যামিনী বাবু এইটো কি?
-শাড়ীৰ ৰঙা পাৰি যেন লাগিছে। কিন্ত?
-হয় আৰু অলপ ভালকৈ পাৰিটো পৰীক্ষা কৰি চাওক। যি শাড়ীৰ পৰা পাৰিটো চিঙি অনা হৈছে সেইয়া সাধাৰণ মিলৰ পাৰি নহয়। দামী শান্তিপুৰী শাড়ীৰ পাৰি। চাওক পাৰিৰ তলত গুণাৰ নক্সা আছে। আৰু দুৰ্ভাগ্যই কওক বা সৌভাগ্য পাৰিটো এনেদৰে কটা হৈছে যে তাত ধোবাৰ চিহ্নটোও ৰৈ গৈছে। হত্যাকাৰী যে বুদ্ধিমান তাত দ্বিমত নাই। কিন্ত ভগৱানে যে তেওঁৰ প্ৰতি বিৰূপ মনোভাৱ লৈ আছে।
-আপুনি কি ৰব বিচাৰিছে খুলি কওক কিৰীটি বাবু। এইবোৰৰ অৰ্থ কি?
হঠাৎ দেৱাল ঘড়ীত নটাৰ ঘণ্টা পৰিল। কিৰীটি উচাপ খাই উঠিল।
-উঃ! ৰাতি নটা হ’ল। এতিয়াই নুঠিলে নটা বিশৰ ট্ৰেইন ধৰিব নোৱাৰিম।
-আচ্ছা ভাই কামিনী উঠোঁ। অ! যামিনী বাবু হত্যাকাৰীক মই ধৰিব পাৰিছোঁ। সমস্ত কথা বিশদভাবে জনাই দুখন চিঠিৰ এখন দাৰোগা ইউচুফক আৰু আনখন দীনেশ বাবুক দি পঠিয়াইছোঁ ইতিমধ্যে। কালি ৰাতিপুৱাৰ ভিতৰত সকলো নিৰ্ণয় হৈ যাব। আচ্ছা! আহোঁ! নমস্কাৰ!
কৈ কৈ দুই ককাই ভাইক একো কবলৈ সুবিধা নিদি দ্ৰুত খোজেৰে ঘৰৰ পৰা কিৰীটি ওলাই আহিল।
ইউচুফ দাৰোগাই অপৰিচিত হাতেৰে লেখা চিঠিখন পঢ়ি গ’ল। তেতিয়া ৰাতি দহটা বাজিছে।
সন্মুখত থকা টেবুল লেম্পৰ চাৰিওপিনে এসোপামান পোক ঘূৰি ফুৰিছে। দেৱালৰ জেঠীটোৱেও যেন পৰি পৰি বাট চাই আছে।

দাৰোগা চাহাব
আপোনাক বিৰক্ত কৰিব লগা হোৱাৰ বাবে মই সঁচাই লজ্জিত। চিঠিৰ শেষত নাম দিব নিবিচৰাৰ পৰা বুজিছে নিশ্চয়। মই আত্মপৰিচয় দিবলৈ প্ৰস্তুত নহয়। খগেন ঘোষৰ মৃত্যু সম্পৰ্কে মই কেইটামান কথা কৈ যাব বিচাৰোঁ। খগেন ঘোষৰ হত্যাকাৰী মহীতোষ নহয়! সম্পূৰ্ণ আন এজন লোকহে। নাম পিছত কম -আগেয়ে খুলি কওঁ-অভিনয়ৰ ৰাতিৰ বহুত আগৰে পৰা হত্যাকাৰীয়ে খগেনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। অথাৎ হত্যাকাৰীৰ কামৰ প্লেন আগৰ পৰাই ঠিক কৰা আছিল। বাঁহৰ কামি ডালেৰে ধনু বনাই কাঁড়ৰ আগত তীব্ৰ বিষ লগাই লয় আৰু সেই বিষাক্ত কাঁড় বৃদ্ধ কৰি হত্যাকাৰীয়ে খগেনক হত্যা কৰে। ষ্টেজৰ ওচৰত যি জোপা কামিনী গছ আছে তাতে বহি হত্যাকাৰীয়ে বিষাক্ত কাঁড় নিক্ষেপ কৰে। তেওঁৰ লক্ষ্য অব্যৰ্থ। কবলৈ গলে সব্যসাচীৰ দৰেই লক্ষ্যভেদ কৰাত ওস্তাদ। আটাইতকৈ হত্যাকাৰীয়ে বুদ্ধিয়কৰ কাম কি কৰিছিল জানেনে? শিৱাজী ৰূপী মহীতোষে তাক বাঘনখেৰে আঘাত কৰাৰ পাচত যেতিয়া খগেনে অভিনয় কৰি ধৰাশায়ী হৈছিল ঠিক সেই মুহূৰ্ততে কাঁড় নিক্ষেপ কৰা হৈছিল। অভিনয়ত সকলো এনেদৰে মছগুল হৈ আছিল যে দৰ্শকৰ উপৰিও মহীতোষে পৰ্যন্ত কাঁড়ডালৰ কথাটো লক্ষ্য কৰা নাছিল। কাঁড় বিদ্ধ হোৱাৰ পিছত খগেনৰ চিঞৰ কোনেও অস্বাভাৱিক বুলি নাভাবিলে সেইয়া অভিনয়ৰ এটা অংশ বুলিয়েই ভাবিলে সকলোৱে। ঠিক সেই সময়ত ঘণ্টা বজোৱা হয়। অৱশ্যে কাষতে থকা মহীতোষে বুজি পোৱা উচিত আছিল। মহীতোষে বুজি নাপালে কাৰণ মহীতোষে অভিনয়ত এনে দৰে মত্ত হৈ থাকিল যে খগেনে সঁচাই অভিনয় কৰিছে বুলিয়েই ভাবি থাকিল। হত্যাকাৰীয়ে কাঁড় নিক্ষেপ কৰিয়েই সাজঘৰত মহীতোষ নথকাৰ সুযোগত বাঘনখটো আঁতৰাই পেলায়। খৰধৰৰ কোবত হত্যাকাৰীয়ে ধনুৰ দৰে ব্যৱহাৰ কৰা বাঁহডাল গছতেই উলমাই থৈ আহে। খগেনৰ সৈতে ব্যস্ত হৈ থাকোঁতেই হত্যাকাৰীয়ে ষ্টেজৰ ওপৰৰ কাঁড়ডাল আঁতৰাই পেলাই সকলোৰে অলক্ষিতে। এতিয়া নিশ্চয় বুজিছে খগেনৰ বাঘনখৰ বাবে মৃত্যু হোৱা নাই। আগৰ পৰা গুৰিলৈকে মহীতোষক হত্যাকাৰী সজাবলৈ চেষ্টা কৰা হ’ল। মহীতোষ সম্পূৰ্ণ নিৰ্দোষ।
ইউচুফে চিঠিৰ শেষ অংশলৈ আগবঢ়ে।

আনফালে দীনেশ বাবুৱেও একো উৱাদিহ নাপাই চিঠিখন পঢ়িবলৈ আৰম্ভ কৰে।

তেনেহলে এতিয়া হত্যাকাৰী কোন? সেই কথা কোৱাৰ আগতে অলপ ভণিতা কৰিব বিচাৰিছো। সৰু এটা পাতনি-আপুনি হয়তো নাজানে আপোনাৰ অজ্ঞাতে আপোনাৰ ভতিজা ল’ৰা খগেনে এজনৰ সৈতে মিলি চোৰাং ব্যৱসায় কৰে, আপুনি দিয়া টকাৰে। উচাপ খাই নুঠিব যোগ্য পিতৃৰ যোগ্য পুত্ৰ খগেন। এতিয়াটো আপুনি বুজি পাইছে -চোৰাং কাৰবাৰ কৰিয়েই গোপনে বিনয় বাবুৱে অৰ্থ জমা কৰিছিল। আৰু তেওঁৰ পুত্ৰই তেওঁ যোৱাৰ পথেৰেই ধাবমান হৈছিল। এই কথা খগেন বাবুৰ ড্ৰয়াৰটোত পোৱা এখন ডায়েৰীৰ পৰা জানিব পাৰিলোঁ। সেইখন সংগোপনে আপোনালোকৰ অলক্ষিতে মই লৈ গৈছিলোঁ। আপুনি যে কৈছিল উইলৰ কথা আপোনাৰ বাদে আন কোনেও নাজানে, সেইয়া আপোনাৰ ভুল। খগেনে কথাটো জানিছিল আৰু তেওঁৰ পৰা তেওঁৰ সহযোগীয়ে গম পাইছিল সেইবাবেই সহযোগীজনে খগেনক ৰাস্তাৰ পৰা আঁতৰাব বিচাৰিছিল। হত্যাকাৰী বা খগেনৰ অংশীদাৰ আৰু খগেনৰ মাজত এক চুক্তি হৈছিল। খগেনে তাৰ সমস্ত সম্পত্তি আৰু অংশীদাৰৰৰ অংশ মিলাই দুয়ো ব্যৱসায়ত খটাব। অথাৎ ব্যৱসায়ত দুইজনৰ টকা লগোৱা হব। গতিকে বুজিছেই চাগে, তাৰে এজনৰ মৃত্যু হলে আনজনে সকলোবোৰৰ মালিক হব। এই কথাও চুক্তিনামাত আছিল। যাৰ এটা কপি খগেনৰ ড্ৰয়াৰটোত পোৱা গ’ল। সেইখন মামলাৰ প্ৰমাণ হিচাপে দাৰোগাৰ ওচৰলৈ পঠিয়াই দিয়া হৈছে।

ইউচুফ দাৰোগাই চিঠিখনৰ শেষ অংশ পঢ়ি গ’ল

এতিয়া চাওঁক সেই দলিল। দলিলৰ তলত যি দুজনৰ নাম আছে তাৰে এজন খগেন আনজন হত্যাকাৰী। আৰু প্ৰমাণ দিম, চিঠিৰ মাজত যি টুকুৰা শাড়ীৰ পাৰি পঠিয়াইছো তাত থকা ধোবাৰ চিহ্নৰ পৰা গম পালোঁ সেইয়া মধু ধোবাৰ তাত ধুৱা কাপোৰ। মধুৰ পৰা গম পাব সেইয়া কাৰ ঘৰৰ কাপোৰ। সেইয়া খগেনৰ অংশীদাৰৰ স্ত্ৰীৰ পুৰণা শাড়ীৰ পাৰি। মই মধুক সুধি গম পালোঁ হত্যাকাৰী কোন! কিন্ত হত্যাৰ কাৰণ বুজি পোৱা নাছিলোঁ। শেষত খগেনৰ ডায়েৰীৰ পৰা সকলো পালোঁ। সেইয়াও পাব।
এতিয়া নিশ্চয় মহীতোষ বাবুক মুক্তি দি আচল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আপোনাৰ কোনো আপত্তি নাথাকিব। হত্যাকাৰীয়ে এতিয়াও সন্দেহ কৰা নাই যে আমি সকলো কথা জানিব পাৰিছোঁ। হত্যাকাৰী তেৱেঁই কামিনী চৌধুৰী! নমস্কাৰ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments