বাঘশাল, বাঘজাল আৰু মানুহ (উদ্দীপ তালুকদাৰ)

বাঘশাল, বাঘজাল আৰু মানুহ
পূৰবী বৰমুদৈ
বনলতা প্ৰকাশন
প্ৰথম প্ৰকাশ, ২০০০ চন

মই উপন্যাস কমকৈ পঢ়োঁ। নতুনকৈ মাজে মাজে উপন্যাস একোখন পঢ়াৰ অভ্যাস এটা কৰি লৈছোঁ। আগতে নপঢ়া কেইখনমান অসমীয়া উপন্যাস এই চেগতে পঢ়ি পেলালোঁ। এই কেইখনৰ ভিতৰত বিশেষকৈ মনে খোৱা ‘বাঘশাল, বাঘজাল আৰু মানুহ’ নামৰ পূৰবী বৰমুদৈৰ উপন্যাস এখনৰ আলোচনা এটা ৰাইজলৈ আগবঢ়ালোঁ। সাহিত্য.অৰ্গৰ এই মাহৰ ‘থীম’ৰ লগতো উপন্যাসখনৰ কাহিনীৰ বিশেষ সম্পৰ্ক আছে বাবেই আলোচনাটো অলপ খৰখেদাকৈ শেষ কৰিলোঁ। তলত উপন্যাসখনৰ কাহিনীভাগৰ সাৰাংশ আগবঢ়োৱা হৈছে। কিন্তু সেইখিনি সম্পূৰ্ণকৈ পঢ়িলে উপন্যাসৰ ৰসাস্বাদন অলপ কমি যাব পাৰে। যিসকলে কাহিনীটো জানিলে পঢ়িবলৈ বেয়া পায়, তেওঁলোকে চিধাই আলোচনা অংশলৈ যাওক।

কাহিনী সাৰাংশ

উপন্যাসৰ কাহিনীভাগৰ সময় ভাৰতৰ স্বাধীনতা লাভৰ আগৰ সময়চোৱা। নীল গোঁসাইৰ পৰিয়ালত তেখেতৰ মাক, পৰিবাৰ, চাৰিজনী ছোৱালী আৰু পেটমোচা ল’ৰাটো। গোঁসাইৰ পিতাকে আদবয়সৰেপৰাই নিজকে গোঁসাই ঘৰতে বন্দী কৰি ৰাখি সন্যাসী হৈছিল আৰু এদিন শৱদেহ এটা ওলাই আহিছিল। গোঁসাইৰ ককাদেউতাক আৰু মাকেই তেওঁক ডাঙৰ-দীঘল কৰিছিল। ককাদেউতাকেও ঘৰৰ ভিতৰ নোসোমাই নামঘৰতে ৰাতি জঁপিছিল। গাঁৱৰ মানুহে নাম দিছিল বৰাগী গোঁসাই। নীল গোঁসাইৰ ডাঙৰ জীক বিয়া দিছে, মাজুজনী জীয়ৰী কমলাৰ আগ-বিয়া হৈ গৈছে, কিন্তু তোলনি হোৱা নাই বাবে গিৰীয়েকৰ ঘৰলৈ যোৱা নাই। আন দুজনী ছোৱালী সৰু। আগ বিয়া দি থোৱা ছোৱালীজনীলৈ চাই গোঁসায়ে অসহায় অনুভৱ কৰে। সৰু থাকোঁতেই তাই সেইখন ঘৰলৈ গৈ কেনেকৈ বোৱাৰীৰ দায়িত্ব চম্ভালিব, সেইটো লৈ ভয়ত বিতত হয়। গোঁসায়ে সিদ্ধান্ত লয় নিজৰ ল’ৰাটোৰ লগতে সৰু ছোৱালী দুজনীকো পঢ়ুৱাব। গোঁসাইৰ সিদ্ধান্তক মাকে মানি নলয়। গোঁসাইৰ পত্নীৰ যেন সি্দ্ধান্ত লোৱাৰ ইচ্ছাই নাই। গোঁসায়ে নিজৰ মতত অবিচল হৈ থাকি দুয়োজনী ছোৱালীকে পঢ়া-শালিলৈ পঠিয়ায়। ইয়াকে লৈ গোঁসাই আৰু মাক বৰজনা গোঁসানীৰ মাজত এক অদৃশ্য যুদ্ধৰ অৱতাৰণা হয়।

গাঁৱত এটা বাঘ ওলাল। বাঘটোৱে গৰু-ছাগলী নিবলৈ ধৰাত ৰাইজে অতীষ্ঠ হৈ বাঘটো মাৰিবলৈ মনস্থ কৰি বাঘশাল পাতিলে। সেই সময়তে গোঁসাইৰ মাজু জীৰ তোলনি হ’ল। গোঁসাইৰ জীয়েক নীৰৱে স্বামী গৃহলৈ গ’লগৈ। বাঘশালত পৰা বাঘটো ৰাইজে খুচি খুচি মাৰিলে। সময়বোৰ যাবলৈ ধৰিলে। গোঁসাইৰ জীয়েক বিমলাই পঢ়াত বেছ ভাল ফল দেখুৱালে। আনহাতে মাজু জীয়েকে বাৰংবাৰ পোঁৱাতী হৈও জীৱিত সন্তান এটা জন্ম দিব নোৱাৰিলে। তাই সেইখন ঘৰত এলাগী হৈ পৰিবলৈ ধৰিলে। গোঁসায়ে বিমলাক আৰু পঢ়াবলৈ মনস্থ কৰি তাইক চহৰলৈ পঠিওৱাৰ কথা ভাবিলে। গোঁসাইৰ মাকে চৰম আপত্তি তুলিলে যদিও গোঁসায়ে নিজৰ সিদ্ধান্তত অলৰ হৈ থাকিল। ইয়াকে লৈ গোঁসাই আৰু মাকৰ মাজত কথা-বতৰা বন্ধ হ’ল। গোঁসাইৰ বাৰংবাৰ চেষ্টাকো নেওচি মাকে নিজকে দূৰ কৰি ৰাখিলে। আনফালে দুখ আৰু কষ্টত ভূগি ভূগি এদিন গোসাইৰ মাজু জীয়েকে মেলানি মাগিলে। তাইৰ বিয়োগে ঘৰখনৰ আটাইকে কথাবোৰ আকৌ এবাৰ ভাবি চাবলৈ কৈ গ’ল।

সময় বাগৰিল। বিমলাজনীয়ে হাইস্কুলৰ পঢ়াও ভালকৈ শেষ কৰি গ’ল। তাই কবিতা লিখিবলৈ শিকিলে। আনফালে গোঁসাইৰ মাকৰ দেহা পৰি আহিল। তেওঁ পুৰণি কথাবোৰ পাগুলিবলৈ ধৰিলে। দেউতাকেই মৰিয়াই মৰিয়াই পাছত নীচকুলীয়া এজনক দি দিয়া নিজৰ ননদজনীৰ কথা মনত পৰিবলৈ ধৰিলে। স্বামীয়ে গোঁসাই ঘৰতে নিজকে বন্দী কৰি কাক তিল তিলকৈ শেষ কৰিলে, সেই প্ৰশ্নটো আকৌ এবাৰ গুমৰি উঠিল। মনৰ অদম্য জোৰেৰে পৰম্পৰাক ধৰি ৰাখিবলৈ আগবঢ়া তিৰোতাজনীয়ে এদিন নিজেই মাতি পঢ়িবলৈ গৈ চহৰত থকা বিমলাৰ খবৰ সুধিলে। তেনেতে গাঁৱত পোৱালীৰে সৈতে বাঘিনী এজনী ওলাল। গৰু-ছাগলীৰ উপৰিও এদিন তাই মানুহকো টানিলে। গাঁৱৰ ৰাইজে তাইক ধৰিবলৈ বাঘজাল পাতিলে। বাঘজালত বাঘিনী বন্দী হ’ল।

আনফালে গোঁসাইৰ মাকৰ দেহা একেবাৰে নচলা হৈ পৰিল। তেওঁ বিচনাত আশ্ৰয় ল’লে। বোৱাৰীয়েক, পুতেকে যত্নৰে যিমান পাৰি তেওঁক আপডাল কৰিলে। ৰাইজে বাঘজালত বন্দী হৈ থকা বাঘিনীক মাৰিবলৈ দিন থিৰ কৰিলে। এদিন ৰাতিপুৱাই গোঁসাইৰ মাকৰ চকু ঢেলা পৰি গ’ল। সিফালে জালফালি বাঘিনী ওলাই গ’ল।

আলোচনা

উপন্যাসৰ কাহিনীৰ একেবাৰে চমু ৰূপ এটা ওপৰত লিখিছোঁ। কাহিনীৰ প্লটত তেনে নতুনত্ব হয়তো নাই। স্ত্ৰী শিক্ষাৰ বাবে যত্ন কৰা এজন পিতাকৰ দিশৰপৰা কাহিনীটো আগবঢ়োৱা হৈছে। লগতে পৰম্পৰা আৰু জনবিশ্বাসৰ লগত তেখেতৰ সংঘৰ্ষৰ এক গভীৰ মনস্তাত্বিক বৰ্ণনা প্লটৰ নতুনত্ব। উপন্যাসখনত বাঘ, বাঘশাল আৰু বাঘজালৰ ভূমিকা বহুমাত্ৰিক। কাহিনীৰ নেপথ্যত ওলোৱা বাঘ-বাঘিনীয়ে চৰিত্ৰৰ মনস্তত্বৰ বিভিন্ন দিশ আলোকিত কৰে। বাঘৰ মেটাফ’ৰ উপন্যাসখনৰ আটাইতকৈ সফল দিশ। মূল কাহিনীৰ লগতে আগবাঢ়ি যায় ৰূপহী, গোপীকান্ত আৰু গোপীকান্তৰ পত্নীৰ মাজৰ এটা জটিল সম্পৰ্ক। প্ৰথম অৱস্থাত এই উপ-কাহিনীটোৱে বিশেষ দিশ নাপালেও গোপীকান্তৰ মৃত্যুৰ পাছত সি অৰ্থবহ হৈ উঠে। লগতে এই কাহিনীটোৱে প্ৰচলিত বিভিন্ন উপধৰ্মৰ প্ৰতি মানুহৰ আকৰ্ষণৰ কাৰণ আদিৰ প্ৰতিও গভীৰ প্ৰশ্ন তুলি যায়। ঠিক তেনেদৰে বহুতো প্ৰতীকী চৰিত্ৰ উপন্যাসখনত বিৰাজমান। কেইটামান cliche এৰি চলাৰ বাবে লেখিকাৰ প্ৰতি বিশেষ ধন্যবাদ। উদাহৰণ স্বৰূপে পাছৰ প্ৰজন্মৰ সমস্যাসমূহত লেখিকাই জানি বুজিয়েই গুৰুত্ব আৰোপ কৰা নাই। উপন্যাসখনৰ কাহিনীৰ কেন্দ্ৰ গোঁসাইৰ মনোজগত আৰু গোঁসাই আৰু মাকৰ অন্তৰ্দ্বন্দহে। সেয়ে কাহিনীভাগ তেখেতে তাতেই সীমাবদ্ধ ৰাখিছে। বহু প্লট লৈ তেওঁ মূল ঘটনাক অনাৱশ্যক ভাৱে দীঘল কৰা নাই।

পূৰবী বৰমুদৈৰ ভাষাৰ বিষয়ে প্ৰশংসা কৰাৰ ভাষা মোৰ হাতত নাই। সাধাৰণতে উপন্যাসবিলাকত য’তেই হাবি-বননিএ বিৱৰণী আৰম্ভ হয়, সেইটো পেৰেগ্ৰাফ মই এৰি যাওঁ। কিন্তু বাঘশাল, বাঘজালে মোৰ দৰে অধৈৰ্য পাঠককো সেইখিনি পঢ়িবলৈ বাধ্য কৰিছে। সামগ্ৰিক ভাৱে উপন্যাসখন জটিল। কিন্তু সেই জটিলতা পঢ়ি থাকোঁতে অনুভূত নহয়। তেখেতৰ গদ্য প্ৰায় কবিতাৰ দৰে। সূক্ষ্ম ব্যঞ্জনাময় বাক্যৰে তেওঁ পৰিচিত পৰিবেশ একোটাতে নতুনত্ব আৰোপ কৰিবলৈ সক্ষম হয়।

উপন্যাসৰ মূল চৰিত্ৰ কেইটা নিৰ্মাণ কৰাত লেখিকাৰ কুশলতা উল্লেখযোগ্য। উল্লেখনীয় যে মনোজগতৰ বৰ্ণনা দিবলৈ লেখিকাই খুব কমেই বিমূৰ্ত বৰ্ণনা লিখে। তাতকৈ তেখেতে চিনেমাৰ দৰে মণ্টাজ, আৰু দৃশ্য-শ্ৰাৱ্যৰ মাজেৰেই মনোজগতৰ বৰ্ণনা দিয়াত সক্ষম। গভীৰ চিত্ৰকল্প উপন্যাসখনৰ বিশেষ দিশ। পঢ়ি থাকোঁতে চকু দুটা মুদিলেই চলচ্চিত্ৰৰ দৰে দৃশ্যাৱলী ভাঁহি উঠে। বাঘশাল, বাঘজাল আৰু মানুহ এখন সাৰ্থক চলচ্চিত্ৰ হ’ব পাৰে। অসমত স্ত্ৰী শিক্ষা প্ৰসাৰত কাম কৰা কেইগৰাকী মান বৰেণ্য ব্যক্তিকো বৰ ধুনীয়াকৈ লেখিকাই উপস্থাপন কৰিছে। কিন্তু তেওঁলোকে কেতিয়াও কাহিনীৰ কথনত ভাগ লোৱা নাই।

উপন্যাসিকাৰ মতামতৰ লগত মই এটা কথাতে আপত্তি কৰোঁ। উপন্যাসিকাই নাৰী মুক্তিৰ প্ৰধান উপায় হিচাপে শিক্ষা দেখুৱাইছে। প্ৰথম অৱস্থাত স্ত্ৰী শিক্ষাই নাৰী মু্ক্তিৰ ক্ষেত্ৰত কি বৃহৎ ভূমিকা লৈছিল তাত দ্বিমত নাই। কিন্তু আজি প্ৰায় আধা শতিকা পাছত আমাৰ উপলব্ধিয়ে আনুষ্ঠানিক শিক্ষাই নাৰীৰ অধিকাৰ পোৱাত কেনেকুৱা ভূমিকা লয়, তাক দোদুল্যমান কৰি ৰাখিছে। বৰ্তমানৰ পাঠক হিচাপে আমি সেইখিনিৰ কিছু উল্লেখ পালে আৰু ভাল পালোঁহেঁতেন। এই কথাখিনিক উপজীৱ্য হিচাপে লৈ বাঘশাল, বাঘজালৰ দ্বিতীয় খণ্ড এটা আশা কৰিব পাৰি।

ছপা বন্ধাৰ কাম যথাযথ। অৱশ্য ডিটিপি কৰা ছপা বন্ধা নহয়। কিছু বানানৰ ভুল আছে। কিন্তু সিমান বেছি নহয়। অৱশ্যে লেখিকাৰ নামটোৰ বানানতে পূৰৱী/পূৰবী দুয়োটাই লিখিছে। এনেবোৰ কথালৈ লক্ষ্য ৰাখিব লাগে। বেটুপাত অৰ্থবহ যদিও appealing নালাগিল। অৱশ্যে এইটো অতিমাত্ৰা ব্যক্তিগত পছন্দ অপছন্দৰ কথা।

অসমীয়া উপন্যাস সম্পৰ্কে মাজে মাজে একোটা buzz সৃষ্টি হয়। তেনেকুৱা buzz এইখন উপন্যাসৰ ক্ষেত্ৰত হোৱা নাই। এইখন উপন্যাস পঢ়া খুৱ বেছি মানূহ মই লগো পোৱা নাই। সেয়ে মোৰ বাধেৰে এইখন উপন্যাসে যিটো গুৰুত্ব পাব লাগিছিল সেইটো পোৱা নাই। ৰাইজে এবাৰ হাতত তুলি ল’ব পাৰে। মই প্ৰায় নিশ্চিতি দি ক’ব পাৰোঁ, সহজে এৰিব নোৱাৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments