বাঘৰ গাখীৰ – মুল: বুদ্ধদেৱ গুহ (অনুবাদ: পম্পা বসাক)

-শাণ্টু, সোঁফালে ক’ত ওলাইছ? লাতেহাৰৰ পথটো এইফালে নেকি?
-অ’ এইফালেই৷

এক দৃষ্টিৰে গাড়ী চলাই থাকিয়েই শাণ্টুৱে উত্তৰ দিলে৷ কাষতে বহি থকা নিৰ্মলবাবুয়ে স্বগতোক্তি কৰিলে,
-তহঁতৰ ডালটনগঞ্জ চহৰৰ ৰূপান্তৰ বিগত পঁচিছ বছৰত এনেধৰণে হৈছে যে এতিয়া আৰু কোনো বস্তু চিনি পাওঁ বুলি মনেই নধৰে৷

শাণ্টুয়ে মৌন হৈ গাড়ীখনৰ ছেকেণ্ড গিয়েৰটো লগাই লেভেল ক্ৰচিঙটো পাৰ কৰি নিলে৷
– হেৰা! বাঁওফালৰ এই ঘৰকেইটা কেতিয়া হ’ল? এইবোৰো নিশ্চয় চুৰট ব্যৱসায়ী গুজৰাটীসকলৰেই?

শাণ্টুৱে একো উত্তৰ নিদিলে৷ মহাদেউক বেলেগ গাড়ী এখনত বহাবলৈ চেষ্টা বহুতেই কৰিছিল৷ কিন্তু শাণ্টু হ’ল মহাদেউৰ অতি মৰমৰ৷ সেয়েহে তেওঁ এইখন গাড়ীতেই জবৰদস্তি উঠিলে৷ ইপিনে সি বহু সময় ধৰি চিগাৰেট খাবলৈ পোৱা নাই আৰু খাব যে পাৰিব তাৰো আশা একো দেখা নাই৷ এই কথাটো ভাবিয়েই খঙত তাৰ মূৰ ফাটি গৈছে৷ যতঃ সব বুঢ়া পাৰ্টি! মোহনদাৰ বিয়াৰ ভোজ সামৰি নতুন কন্যাৰ সৈতে সিহঁতে গাড়ী চাৰিখন লৈ মোহন বিশ্বাসৰ ছিপাদোহৰৰ শিবিৰ অভিমুখে যাত্ৰা কৰিছিল ৷ তাত হেনো আজি মুনলাইট পিকনিক হব৷

হু হু কৈ গাড়ীখনলৈ বতাহ সোমাই আহিছিল৷ ফেব্ৰুৱাৰীৰ মাজৰ সময়৷ মিঠা মিঠা ঠাণ্ডা৷ এতিয়াও কোমল মমৰ দৰেই ৰ’দজাক আছে৷ শীতৰ শেষৰ অৱসৰৰ এই ৰ’দজাক আবেলি সময়ত খুবেই আৰামদায়ক৷

নিৰ্মলবাবুয়ে মুখ মেলি হাঁওফাঁও পৰিপূৰ্ণ কৰি অক্সিজেন লৈছিল৷ কলিকতাত মুখ মেলিলেই ডিজেলৰ ধোঁৱা নতুবা প্ৰদূষিত বতাহ! গতিকেই ইয়াতেই যিমান পাৰি স্বাস্থ্য ভাল কৰি লোৱা য’ক৷

নিৰ্মলবাবুয়ে এসময়ত এইখন ডালটনগঞ্জতে বহুদিন অতিবাহিত কৰিছিল৷ কেতিয়াবা চহৰত আৰু কেতিয়াবা কাষৰীয়া হাবিত৷ তেতিয়া তেওঁৰ জ্যেষ্ঠ ভিনদেউ জীৱিত আছিল৷ মোহন বিশ্বাসৰ দেউতা মুকুন্দ বিশ্বাসো খুব জনাজাত ব্যক্তি আছিল৷ ইয়ালৈ আহি কোনো বঙালীয়ে তেওঁৰ আতিথ্য নোপোৱাকৈ উভটি যাব নোৱাৰিছিল৷ পৰিধানত ধুতিৰ ওপৰত বগা ৰেচমৰ হাত দীঘল চাৰ্ট৷ কলাৰ সদায় ওপৰমুৱা আৰু বুকুৰ বুটাম খোলা৷ বুকুৰ পকেটত ৰুমাল গোলাকৃতি কৰি ভৰাই থৈছিল৷ নাদৰ পানীত আইৰণ থকা হেতু ভিনদেউৰ দাঁতবোৰ গোটেই ক’লা পৰি গৈছিল৷ ইয়াৰোপৰি অনবৰত চিগাৰেট আৰু পাণ সেৱন!

আহঃ! সেই দিনবোৰ!

লাতেহাৰৰ পথ এৰি গাড়ী সোঁফালে সোমাল৷ নিৰ্মলবাবুয়ে আকৌ ক’লে,
– হেৰা শাণ্টু? এয়া দেখিছো পকা ৰাস্তা! কেতিয়া পকা হ’ল অ’?

শাণ্টুৱে বিৰক্তিৰ সুৰত ক’লে,
– মইতো ইয়াত অহাৰ পৰাই দেখিছো৷
– তোৰ ইয়াত কিমানদিন ধৰি আছ ?
– কম দিন নহয়, পোন্ধৰ বছৰ হ’ব৷
– হুঃ পোন্ধৰ বছৰ৷ মই আকৌ চল্লিছ বছৰ আগৰ কথা কৈছো৷ কিমান পৃথক আছিল আটাইখিনি৷
– হয়৷

শাণ্টু সংক্ষিপ্তভাৱে ক’লে৷
– শুনিছো কূটকুৰত হেনো ডেম এটা হৈ আছে?
– অ’৷

শাণ্টুৱে ক’লে৷
– বেতলাত বোলে প্ৰকাণ্ড টুৰিষ্ট লজ হৈছে?
– অ’৷

শাণ্টুৱে আকৌ ক’লে৷

শাণ্টুৱে তেওঁক বিশেষ মনোযোগ নিদিয়া জানিও নিৰ্মলবাবু অকণো দুখী নহ’ল৷ তেওঁ বৰ সৎ, আপোন পাহৰা মানুহ৷ ডালটনগঞ্জ এৰি সৰু খুলশালীৰ কোম্পানীৰ কামত উৰিষ্যাৰ চম্বলপুৰ, ঝাড়চুগুদা, বামৰা এইবোৰ ঠাইত বহুকেইবছৰ কটাইছে৷ তেওঁ পাছলৈ কলিকতা চহৰত সৰু ঘৰ এটা সাজি থিতাপি লৈছে৷ দীৰ্ঘদিনৰ মুৰত মোহনৰ বিয়া উপলক্ষে ডালটনগঞ্জ আহি পুৰণি ঘটনা, পুৰণি কথা, উভটি অহা চৰাইৰ দৰেই বেগেৰে উভতি আহিছে আকৌ তেওঁৰ স্মৃতিৰ গৰ্ভত৷ নিৰ্মলবাবুৰ মনত খুব ভাল লাগিছিল৷ আকৌ কেতিয়াবা বৰকৈ বেয়াও অনুভৱ কৰিছিল ৷

কিয় যে ভাল লগা আকৌ কিয় যে বেয়া লগা; সেইটো তেওঁৱে জানে৷ নিজে অকলেই বুজিব পাৰিছে৷ এক মিশ্ৰ অনুভূতিৰে সমৃদ্ধ হৈ আছে তেওঁ৷ কিন্তু এই অনুভূতিৰ অংশীদাৰ কাকো কৰিব পৰা নাই৷ তেওঁৰ সমসাময়িক কোনো আৰু নাই এতিয়া ইয়াত৷ দিব বিচাৰিলেও লোৱা মানুহ কোনো নাই৷

এইবাৰ তেওঁ উভতি চাই পিছফালৰ ছিটত বহা ছোৱালীবোৰক ক’লে, তোমালোক হয়তো বিশ্বাস নকৰিবা, এসময়ত এই বেতলাতেই হয়তো মিলিটেৰী জীপ নহলে পেট্ৰ’লেৰে চলা সৰু ফৰ্ড ট্ৰাকত উঠি আহিছো৷ গোটেই বাটটো কেচাঁ আছিল, ৰঙা ধূলিৰে ধূলিময় গোটেইখন৷ দুইফালে ঘন হাবি আছিল৷ শাল, চেগুণ, আঁহত, গমাৰী, পাইন আৰু বাঁহৰ সমাহাৰেৰে ভৰপূৰ৷ ট্ৰাকৰ ওপৰত বাঁহৰ আগলিলে অনবৰত চুই গৈছিল৷ বনৰীয়া হাতী আৰু বাইচনৰ সংখ্যাও কম নাছিল৷ আৰু বাঘ? নাহৰফুটুকী ওলাইছিল আখৈ ফুটাৰ দৰে৷ বাঘো ঢেৰ আছিল৷ তেতিয়া কাগজ কোম্পানীৰ বব ৰাইট আৰু এন ৰাইট বছৰি তিনিবাৰকৈ চিকাৰ কৰিবলৈ আহিছিল৷ কলিকতাৰ পৰা গুহ চাহাবসকলো আহিছিল৷

তাৰপিছত অলপ মৌন হৈ ছোৱালীবোৰৰ মন্তব্যৰ অপেক্ষা কৰিলে, আটাইয়ে নীৰৱে থকাত, আকৌ ক’লে,
– আচ্ছা, তোমালোকৰ কোনোবাই বাঘৰ গাখীৰ দেখিছা?
– বাঘৰ গাখীৰ?

ছোৱালীবোৰে সমস্বৰত হাঁহি উঠিলে৷

শাণ্টুৱে ক’লে,
– এইবাৰ মহাদেউৱে কিছু এটা এৰিলে দেই!
– আৰে? সঁচাকৈয়ে কৈছোঁ৷

নিৰ্মলবাবু উত্তেজিত হৈ উঠিল৷
– শুনা তেতিয়াহ’লে৷

গোপাই ক’লে, মহাদেউ, ছিপাদোহৰ গৈয়েই বাঘৰ গাখীৰৰ গল্পটো ক’ব! আটাইবোৰে একগোট হৈ নুশুনিলে জমিব জানো৷ নতুন বোৱাৰীয়েও এনেকুৱা এটি অদ্ভুত গল্প শুনিব!

নিৰ্মলবাবুয়ে ক’লে,
– হ’ব বাৰু৷ মনে সজা নে সত্য, তেতিয়াই শুনিবা৷

গাড়ীখন ঔৰঙ্গাৰ দলং হৈ, মোড়োৱাই বাৰোৱাড়ী কূটকুৰৰ পথ সোঁফালে এৰি বাঁওফালে বেতলা অভিমুখে গতি কৰিলে৷ এই ডেকা-চামৰ সৈতে বেছি কথা নোকোৱাটোৱে সমীচীন, এই কথাকে ভাবি নিৰ্মলবাবুয়ে একান্ত মনে বাঁওফালে অৰণ্যৰ শোভা প্ৰত্যক্ষ কৰি গৈ থাকিল৷ অত দিনৰ পিছত শীতৰ শেষৰ মিঠা গোন্ধ নাকত লৈ বৰ আনন্দ পালে৷

বেতলাত গাড়ীবোৰ ৰখালে৷ নিৰ্মলবাবুয়ে হঠাৎ চিঞৰি উঠিল৷

-আৰে এইখনেই সেই ঠাইডোখৰ! পালামৌ ফোৰ্টলৈ যোৱা এই যে বাঁওফালে পথটো ওলাই গৈছে, সেই মূৰটোতেই এডাল প্ৰকাণ্ড শিমলু গছ নাছিল নেকি? প্ৰকাণ্ড গছ, বুজিছ’৷ এদিন ঠিক এই সময়তে, সন্ধিয়াৰ সময়ত দেখো যে বিৰাট দঁতাল হাতী এটাই আমাৰ পথ বন্ধ কৰি থিয় হৈ আছে৷ কি বিপজ্জনক! কি কৰো ভাবি আছো, এনেতে…..

– মহাদেউ পাণ্ খাব নেকি?
ৰতনে সন্মুখৰ গাড়ীৰ ড্ৰাইভিং ছিটৰপৰা নামি আহি সুধিলে৷

– লৈ আহ এটা৷ মহাদেউ ক’লে৷ কাৰো ওচৰত জৰ্দা নাই নেকি?
– নাই৷
– ধেৎ!
নিৰ্মলবাবুৱে ক’লে৷
– জৰ্দা নহলে পাণৰ সোৱাদে নুঠে৷

পাপীয়াৰ কেচুৱাক বেবীয়ে এইখন গাড়ীলৈ স্থানান্তৰ কৰিলে৷ তাৰপিছত আকৌ আৰম্ভ যাত্ৰা৷

এতিয়া এন্ধাৰ নামি আহিছে৷ খিৰিকীৰ কাঁচ মুকলি থলে চেঁচা বতাহ সোমাই আহে৷ হেড-লাইটৰ পোহৰ ৰাস্তাৰ কাষে-কাষে ছিটিকি পৰিছে৷ এই ক’লা বহল পথটোৱে এতিয়া যেন সৰ্পিল গতিৰে গতি কৰিছে৷ কোনে ক’ব, একেই সেই পথ৷ ইমান সুন্দৰ হৈ উঠিছে যেন অকস্মাত বয়স কমি গ’ল৷ ছিপাদোহৰ পাওঁতেই মনত পৰিল ৰসগোল্লা আৰু নিমকিৰ কথা৷

নিৰ্মলবাবু ক’লে,
-ৰতন চাই আহ, এতিয়াও পোৱা যায় নে নাই?

-আনিয়ে থৈছোঁ মহাদেউ,
মোহনে মাত দিলে৷

ৰসগোল্লা খাই মহাদেউৱে আকৌ ক’লে,
-উঃ! এইবোৰ৷ আমাৰ সময়ৰ সোৱাদেই বেলেগ৷ আগৰ দিনৰ দৰে গৰুৰ গাখীৰ আছে নেকি এতিয়া?

এইবাৰ আকৌ ভাইটিয়ে মহাদেউক পালে৷ ক’লে,
– গৰুৰ গাখীৰৰ কথা এৰক এতিয়া ৷ আমি বাঘৰ গাখীৰৰ কথা শুনিব বিচাৰো৷
– বাঘৰ গাখীৰ?

অবিশ্বাসৰ সুৰত সকলোৱে একেলগে কিৰিলি মাৰিলে৷ তাৰপিছত মহাদেউৰ কাষতে সকলোৱে চকী পাৰি গোলাকাৰ হৈ শিবিৰৰ মুখত বহি ল’লে৷

আকাশৰ তৰাবোৰে আজি জোনৰ বাবে লাজত মুখ আৱৰি ৰাখিছে৷ বানপানীৰ দৰে চাৰিওফালে জোনাকৰ পোহৰ তিৰবিৰাইছে৷ হাবি-বননিত, মাৰ্ছিডিজ ট্ৰাক আৰু গাড়ীবোৰৰ শিৰে শিৰে পাতল নিয়ৰৰ টোপাল৷ নিৰ্মলবাবুৰ দুচকুৱেদি জোনাকৰ পোহৰ সোমাই মগজুলৈ চুই গৈছে৷ তেওঁ আৰম্ভ কৰিলে:

-সেইদিনা বতৰ বৰ ঠাণ্ডা আছিল, বুজিছা৷ মনত থকালৈকে ডিচেম্বৰ মাহ, মই তেতিয়া হুলক পাহাৰৰ শিবিৰত……

॥ ২॥
নিতৌ ৰাতিপুৱাই উঠাৰ অভ্যাস৷ সাৰ পায়েই মনটো বৰ বেয়া লাগি আছিল৷ কাৰণ আগদিনা ৰাতি তেওঁৰ বাঘৰ গাখীৰৰ গল্পটোক লৈ সকলোৱে খুব হাঁহি-তামাচা কৰিছিল৷ ইয়াত এতিয়া তেওঁৰ গল্প চিৰিয়াছলি শুনাৰ মানুহ এজনো নাই ৷

বেলোৱাটিকাৰ ফালৰ পৰা এবাৰ ইতিমধ্যে খোজকাঢ়ি আহিছে৷ তেওঁৰ সময়ত ঘন হাবি আছিল তাত৷ এতিয়া আধুনিক ডিজাইনৰ ঘৰেৰে পৰিপূৰ্ণ৷ চৰ্দাৰজীসকল জপটিয়াই বহিছে৷ মানুহবোৰৰ সাহস আছে৷ ভাৰতবৰ্ষৰ কথাই নাই, পৃথিৱীৰ সমগ্ৰ দেশলৈ চৰ্দাৰজীসকল গৈছে৷ সকলোৱে পুৰণি কথাবোৰ পাহৰি গ’ল৷ বঙালীয়েহে নোৱাৰিলে৷ এয়াই দোষ বঙালীৰ৷ বহুত দোষ!

সমগ্ৰ চহৰখনেই কেনেকুৱা নতুন হৈ উঠিছে৷ যেন ৰঙ সলাইছে৷ মনত পৰে, কাছাৰীৰ সন্মুখত বৃহৎ বৃহৎ চেগুণ গছেৰে সমৃদ্ধ পথটোত গধূলি অকলে খোজ কাঢ়িবলৈ ভয়ে লাগিছিল সেই সময়ত৷ এতিয়াৰ ৰূপ কেনেকুৱা কোনে জানে? ভাবিলে, এবাৰ গৈ আহিব সেইফালে৷

ঘৰত উভতি লুচি-চব্জীৰে জলপান সামৰি চাহ একাপ খাই ৰিক্সা এখন লৈ চহৰখন ভালকৈ ফুৰি চাবলৈ নিৰ্মলবাবুৱে ওলাই গ’ল৷ কাছাৰীৰ মূৰত বৃহৎ দাপোণ লগোৱা পাণৰ দোকান যিখন আছিল তাৰ ওচৰতে ৰিক্সাখন ৰখালে৷ পাণ দোকানখনৰ মালিকৰ লগত তেওঁৰ বিশেষ হৃদয়তা আছিল৷ নামি চালে সেই মানুহজন নাই, কিন্তু অবিকল তেওঁৰ দৰেই এজন যুৱক৷ বয়স ত্ৰিশ-বত্ৰিশ হ’ব৷ ট্ৰানজিষ্টৰত হিন্দী চিনেমাৰ গান শুনি শুনি তলমুৰ হৈ পাণ বনাই আছিল৷

নিৰ্মলবাবু আন্তৰিকতাৰ সুৰত ক’লে,
– পিতাজী কেচে হ্যা?
– গুজৰ গ্যয়া৷

যুৱকজনে নৈৰ্ব্যক্তিক সুৰত ক’লে৷

তাৰপিছত তেওঁৰ ফালে নোচোৱাকে ক’লে,
– আপকৗ ক্যা দুঁ?
নিৰ্মলবাবুৱে অলপ আঘাত পালে৷ মৃত দেউতাকৰ পৰিচিত লোকৰ সৈতেও ল’ৰাটোৰ কথা কোৱাৰ সময় নাই৷ সময় নাই, সময় নষ্ট কৰাৰ৷ ব্যক্তিগত সম্পৰ্কৰ বাবে সময় নাই এই চহৰখনৰ৷ সময় নাই, অপ্ৰয়োজনীয় কথা কোৱাৰ৷ সকলো ভীষণ ব্যস্ত উপাৰ্জনৰ তাগিদাত৷ উপাৰ্জনটোৱেই যেন দৰকাৰী, আৰু বাকী সমস্তই তুচ্ছ৷ ঘন ঘন ট্ৰাক, গাড়ী আৰু ৰিক্সাৰ বিচিত্ৰ সুৰৰ হৰ্ণৰ শব্দৰে মুখৰিত বাট-পথ৷ সকলোৱে পৰিৱৰ্তন হৈছে, একমাত্ৰ তেওঁৰ বাহিৰে৷

ল’ৰাটো আকৌ তলমূৰ হৈ সুধিলে,
– ক্যা দুঁ?
নিৰ্মলবাবু ক’লে,
– মঘাই৷ গিলা সুপাৰি৷ ইলাইচি৷ কালা-পিলা পাত্তি৷

নিৰ্মলবাবু ভাবিলে, তোমাৰ দেউতাৰ সৈতে …..৷ তাৰপিছত আকৌ ভাবিলে, উঃ কি লাভ?

দোকানত লগোৱা বৃহৎ দাপোনখনত চকু পৰিল৷ নিৰ্মলবাবুৱে চল্লিছ বছৰ পূৰ্বে ঠিক যিখিনি ঠাইত থিয় হৈ নিজৰ সেউজীয়া অৰ্জুন বৃক্ষৰ দৰে ঋজু মুখখন স্তুতিৰ চকুত চাইছিল, আজি তেওঁৰ অজানিতে সেই একে ঠাইতে তেওঁ৷
কোন? এই মানুহজন কোন, ছিঃ!

স্তব্ধ হৈ গ’ল নিৰ্মলবাবু৷ দাড়ি পকিছে৷ মূৰৰ সন্মুখ ভাগ তপা৷ পাতল হৈ আহিছে চুলি৷ কমি গৈছে চকুৰ দৃষ্টি৷ মুখৰ ছাল নিমজ৷ কপালত বলিৰেখা৷ এই মানুহজনক তেওঁ চিনি পাইনে? বিগত পঁচিশ বছৰত হেজাৰ বাৰ দাড়ি খুৰুওৱাইছে, লাখ বাৰ নিজকে দাপোনৰ সন্মুখত থিয় কৰোৱাইছে৷ কিন্তু কেতিয়াও কি নিজক দেখা নাছিল? নে চাবলৈ বিচৰা নাই?

দোকানীজনে পাণখন দিলে৷ চকু তলমুৱা কৰিয়ে ক’লে, ত্ৰিশ পইচা৷ তেওঁ যন্ত্ৰৰ দৰে পাণ ল’লে আৰু যন্ত্ৰৰ দৰেই পইচা দিলে৷ তাৰপিছত ৰিক্সাত উঠি বহিল৷ অকস্মাৎ এবাৰ সেপ ঢুকি তেওঁ বুকুৰ মাজত বৰকৈ যন্ত্ৰণা অনুভৱ কৰিলে৷ ভয়ানক জৰ্দা! অথচ এসময়ত এই দোকানৰে জৰ্দা মুঠি ভৰি খাইছিল৷ বাৰে বাৰে পিক পেলালে৷ কিন্তু বুকুৰ যন্ত্ৰণা ক্ৰমশঃ বাঢ়ি উঠিল৷

নিৰ্মলবাবুৱে উচপ খাই উঠিলে৷ বুজিলে, কেৱল একমাত্ৰ মানুহ, যি খুব শীঘ্ৰেই ক্ষয় হয়, শেষ হৈ যায়৷ বিগত চল্লিছ বছৰত বাট -পথ, হাবি -বননি, গাঁও-চহৰ সমগ্ৰই এক নতুন জীৱন পাইছে অথবা সেই একে জীৱনতে নতুনকৈ উজলি উঠিছে৷ তেওঁ নিজেই মাথোঁ….

কাছাৰীৰ মূৰৰ এই পাণ দোকানৰ বেলজিয়াম দাপোনখন একেই আছে৷ তাত প্ৰতিবিম্বিত হোৱা মানুহবোৰ মাথো গুচি গৈছে, নহ’লে বহুত পৰিৱৰ্তন হৈছে৷ কিন্তু একমাত্ৰ নিৰ্মলবাবুই জানে, আজিৰ দাপোনত অপ্ৰতিবিম্বিত, হেৰাই যোৱা তেওঁৰ যৌৱন অথবা বাঘৰ গাখীৰৰ গল্প, দুয়োটাই, কিমান সত্য আছিল৷

এদিন প্ৰতিটো সত্য কোনো বিশেষ সময়ৰ ব্যৱধানত কিমান সহজতে মিছা হৈ যায়৷ তেওঁ নিজ চকুৰে দেখা, লাতেহাৰৰ হাবিত শীতৰ ৰাতিপুৱা ক’লা শিলৰ ওপৰত শুই থকা বাঘিণীৰ গাখীৰৰ দৰেই৷ এদিন সকলো সত্য আছিল৷

তেখেতো এসময়ত সত্য আছিল৷ আজি তেওঁ, তেওঁৰ অনুষঙ্গ সকলো নিৰৰ্থক৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments